ককা আৰু নাতিনী

লেখক- ইলি তালুকদাৰ

: ককা, ব’লা অলপ ফুৰি আহোঁ। চহৰৰ পৰা গাঁৱলৈ আহিলো অকণমান ফুৰোঁ বুলি। তুমি দেখোন কেৱল ইটো সিটো কাম লৈয়েই ব্যস্ত?

: ঠিক আছে তেনেহলে, ওলোৱা । পাছে  তুমি ভবাৰ দৰে এতিয়া আৰু গাঁওবোৰ গাঁও হৈ থকা নাই। ছয় বছৰ আগতে তুমি দেখি যোৱা গাঁৱখন আগৰ দৰে নাপাবা।

: উৱা এইখিনিতে দেখোন বহু ডাঙৰ ডাঙৰ গছ আছিল? কোনে কাটিলে? আগতে দূৰৈত থকা বেকী নদীখন দেখোন ইয়াৰ পৰাই দেখা পোৱা হ’ল।

: নক’বা আৰু। চৰকাৰে ৰাস্তাটো আহল-বহলকৈ বনাব বুলি কৈ গোটেই গছবোৰ কাটি তহিলং কৰিলে।

: ইস ককা, চহৰৰ দৰে গাঁৱখনো  দেখোন শুকান শুকান লাগিছে।

: গছ নথকা ঠাইত পানী কেনেকৈ থাকিব? পানী নাথাকিলে শুকান লাগিবই। গছ-গছনি নাথাকিলে মাটিয়ে পানী ধৰি ৰাখিব নোৱাৰে নহয় আইজনী।

: গছ-গছনি কাটি পেলোৱাটো কিমান অন্যায় নহয় ককা ?

: অ, কথাটো সঁচা। তুমি জানানে মানুহ এজনক দৈনিক কিমান  অম্লজানৰ দৰকাৰ?

: কোৱাচোন ককা।

: এজন প্ৰাপ্তবয়স্ক লোকক দিনে গড়ে ৫/৬কিলোগ্ৰাম অম্লজান লাগে। আমি এই অম্লজান পাওঁ কেৱল সেউজীয়া গছ-গছনিৰ পৰা। এজোপা ডাঙৰ গছে কেৱল চাৰিজন লোকৰহে প্ৰয়োজন পূৰণ কৰিব পাৰে।  গছে নিৰ্মল অম্লজান প্ৰদান কৰাৰ উপৰিও বাটৰুৱাক দিয়ে ছাঁ, চৰাই-চিৰিকটিক দিয়ে আহাৰ আৰু বাসস্থান । তোমালোক নৱপ্ৰজন্মই আমাৰ মাটি, পানী, বায়ু, অৰণ্যক ভালদৰে জানিব লাগিব আৰু  তাক সুৰক্ষা দিব লাগিব। কিন্তু দুখৰ কথা এয়ে যে ভোগবাদ আৰু আধুনিক অৰ্থনীতিৰ প্ৰলোভন ব্যৱস্থাত প্ৰকৃতি নিজেই ভোগবাদৰ আহিলা স্বৰূপ হৈ পৰিছে । এখন ছবি কল্পনা কৰাচোন আইজনী। তিনি বা চাৰি দশকৰ পিচত পৃথিৱীত মানুহ নাই, জীৱ-জন্তু নাই, আছে কেৱল সুউচ্চ অট্টালিকা, মানুহে সজা সুউচ্চ কীৰ্তিস্তম্ভবোৰ। নদী, জলাশয়, পাহাৰ দখল কৰা মানৱসৃষ্ট প্ৰযুক্তিৰ চাকনৈয়াত পৰি বিলুপ্ত হৈছে জীৱশ্ৰেষ্ঠ মানৱ আৰু সমস্ত জীৱকুল।

এই ভয়ংকৰ ছবিখন কোনে প্ৰস্তুত কৰিছিল জানানে তুমি?

: নাজানো ককা । কোৱাচোন তুমি।

: বিশ্বৰ কেইগৰাকীমান সচেতন বিজ্ঞানী, সমাজ বিজ্ঞানী, অভিযন্তাই ৰাষ্ট্ৰসংঘৰ বাবে আজি কেইবছৰমান আগতে এখন চুটি ছবি প্ৰস্তুত কৰিছিল। বিশ্বৰ একাৱন্নখন দেশৰ এশ পঞ্চলিছ গৰাকী বিশেষজ্ঞই পঞ্চাশ বছৰ পিছত পৃথিৱী কেনেকুৱা হ’ব তাৰ এক ৰিপৰ্ট দাখিল কৰিছিল ৰাষ্ট্ৰসংঘক য’ত আছিল জীৱশ্ৰেষ্ঠ মানৱৰ মূৰ্খামী আৰু অমানৱীয়তাৰ ফলত বিশ্বৰ জীৱকুল ধ্বংস হোৱাৰ ভয়ানক ছবি।

: ককা, কি কৈ আছা তুমি? মোৰ চোন শুনিয়েই ভয় লাগিছে।

: আইজনী তোমালোক য’ত থাকা মানে মই গুৱাহাটীৰ কথা ক’ব খুজিছোঁ। তুমি জানানে, বিশ্বৰ সৰ্বাধিক প্ৰদূষিত  চহৰবোৰৰ ভিতৰত গুৱাহাটী  ৯৫ সংখ্যক স্থানত আছে? শুনিবলৈ ভয় লগা কথা নহয়নে? গুৱাহাটী উদ্যোগ প্ৰধান ঠাই নহয় অথচ যানবাহনৰ পৰা নিৰ্গত ধোঁৱা, পথ, দলং, ফ্লাই অভাৰ নিৰ্মাণৰ নামত য’তে ত’তে খনন,  নলা-নৰ্দমা চাফা কৰাৰ নামত তাত থকা বোকা পানী  সঠিক ঠাইত নেপেলোৱা বাবে চাৰিওফালে ধূলি-ধোঁৱাৰ প্ৰকোপত বায়ুমণ্ডল প্ৰায় ৯০% প্ৰদূষিত হৈছে । তুমি জানানে দুমাহ আগতে মই পশ্চিম ভাৰ্জিনিয়াৰ হাৰ্পাৰ্চ ফেৰী নামৰ ঐতিহাসিক চহৰখনলৈ  গৈছিলোঁ। সেই ঠাইৰ এ কিউ আই মাত্ৰ ২৫ বা তাতকৈও কম। সেই ঠাইৰ নাগৰিক পৰিবেশ সম্পর্কে সদায় সচেতন। অথচ গুৱাহাটীত এ কিউ আই ৩০০ বা তাৰো ওপৰলৈকে বৃদ্ধি পাইছে । এনে ভয়াৱহ বায়ু প্ৰদূষণে মানৱ জীৱনলৈ অশনি সংকেত নমাই আনিছে। প্ৰদূষণৰ ভয়াৱহতাৰ বাবে  আমি বিভিন্ন ৰোগৰ চিকাৰ হৈছোঁ।  শ্বাস-প্ৰশ্বাসজনিত ৰোগ, মূৰৰ বিষ, কফ, ব্ৰংকাইটিছ, হিম’গ্লবিন কমি যোৱা, অকাল মৃত্যু ইত্যাদি প্ৰদূষণৰ ভয়াৱহ কুপ্ৰভাৱ। ইয়াতকৈও ভয়ংকৰ কথাটো হৈছে বায়ু প্ৰদূষণৰ ফলত গৰ্ভাৱস্থাত জটিলতাৰ সৃষ্টি কৰাৰ উপৰিও গৰ্ভৱতী মহিলা আৰু সন্তান উভয়ৰে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

: ককা, কি সাংঘাতিক কথা! এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিবনো?

: আইজনী, আচল কথাটো হ’ল  পৃথিৱীত প্ৰকৃতি সচেতন নাগৰিকৰ সংখ্যা বাঢ়িলেহে প্ৰকৃতিক এইবোৰৰ পৰা ৰক্ষা কৰা সম্ভৱ হ’ব। প্ৰকৃতিক সুৰক্ষিত ৰাখিব পৰা পৰিবেশ শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। প্ৰকৃতিক সুৰক্ষিত ৰাখিহে উন্নয়নৰ চিন্তা কৰিব লাগিব। অন্যথা তিনি বা চাৰি দশকৰ পিচত সঁচাকৈয়ে নৱপ্ৰজন্মই নিৰ্মল অম্লজান আৰু পানীৰ অভাৱত ছটফটাই থাকিব লাগিব। সেইবাবে আইজনী আমাৰ চাৰিওফালৰ পৰিবেশ ভালে ৰাখিবলৈ এজোপা গছ কাটিলে আন দহজোপা গছ ৰুব লাগিব । তেতিয়াহে আমি চাৰিওফালৰ পৰিবেশ ভালে ৰাখিব পাৰিম । তদুপৰি যিমান দূৰ সম্ভৱ যানবাহনসমূহত পেট্ৰল, ডিজেলৰ দৰে ইন্ধন ব্যৱহাৰৰ পৰিৱৰ্তে চি এন জি (কমপ্ৰেছড নেচাৰেল গেছ) ব্যৱহাৰ কৰি পূৰামাত্ৰাই প্ৰদূষণ ৰোধ কৰিব নোৱাৰিলেও কিছু পৰিমাণে হ’লেও প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। কাৰণ দেখা গৈছে পেট্ৰ’ল, ডিজেল, কয়লা আদি ইন্ধনৰ ব্যৱহাৰৰ ফলত উদ্ভৱ হোৱা প্ৰদূষণতকৈ চি এন জিৰ পৰা উদ্ভৱ হোৱা প্ৰদূষণৰ মাত্ৰা বহুত কম। তদুপৰি  দুৰণিবটীয়া ভ্ৰমনলৈ গ’লে যিমান পাৰি ব্যক্তিগত যানবাহন ব্যৱহাৰ নকৰাই ভাল। আকৌ ওচৰে-পাঁজৰে  ফুৰিবলৈ বা যাবলৈ হ’লে চাইকেলখনতকৈ ভাল যানবাহন নাই। ই পৰিবেশ প্ৰদূষিত নকৰে আৰু চাইকেল চলোৱা মানেই নিজৰ শৰীৰ  সুস্থ ৰাখিব পৰা এটা সহজ উপায়।

: আজি তোমাৰ পৰা বহু কথা জানিলোঁ। ব’লা, এতিয়া ঘৰলৈ উভতি যাওঁ। নৈৰ পাৰলৈ যাবলৈ বৰ মন আছিল । পিছে গধূলিয়ে হ’ল। কাইলৈ আকৌ আহিম দেই ককা।

: ঠিক আছে বাৰু । তোমাৰ আকৌ যিহে মায়েৰাজনী ।  ককাক আৰু নাতিনীয়েক ক’লৈ বা গ’ল বুলি অযথা চিন্তা কৰি মূৰটো গৰম কৰিব।  তোমাক পিচে  প্ৰদূষণৰ বিষয়ে ক’বলৈ  আৰু বহু কথা ৰৈ গ’ল। তুমি জানানে প্ৰকৃততে যিকোনো বস্তুৰ দ্বাৰা পৰিবেশৰ ভাৰসাম্যতাৰ হানি-বিঘিনি ঘটিলেই পৰিবেশ প্ৰদূষিত হোৱা বুলি কয়। পৰিবেশ প্ৰদূষণ বুলিলে আমি ইমান দিনে বায়ু, মাটি, পানী আৰু শব্দ প্ৰদূষণৰ কথাকেই জানিছিলোঁ। পিচে তোমাৰ শুনি আচৰিত লাগিব এইবোৰৰ লগত নতুনকৈ সংযোজিত হৈছে পোহৰ প্ৰদূষণ। পিচত সময় উলিয়াই এই পোহৰ প্ৰদূষণৰ বিষয়ে তোমাক ক’ম বাৰু । তোমালোক নৱ প্ৰজন্মক ইয়াৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ আৰু আমি ৰাইজ একত্ৰিত হৈ কিছু কাম কৰিব লাগিব। সময় থাকোঁতেই আমি সচেতন নহ’লে আমাৰ বিপদ অৱশ্যম্ভাৱী।

: ককা, বায়ু, মাটি, পানী আৰু শব্দ প্ৰদূষণৰ বিষয়ে শুনি আহিছোঁ । কিন্তু  সূর্যৰ পোহৰ আৰু শক্তিয়েই  দেখোন পৃথিৱীৰ সমস্ত জীৱজগতৰ শক্তিৰ মূল উৎস। এই পোহৰো প্ৰদূষক হৈ পৰিল নেকি? কেতিয়া এই পোহৰে প্ৰদূষকৰ কাম কৰেনো?

: আইজনী, একেবাৰে সহজ ভাষাত ক’বলৈ গ’লে পোহৰ আমাক লাগিবই কিন্তু  প্ৰয়োজনাধিক পোহৰে প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে। তোমাক পিছত বহলাই ক’ম বাৰু।

: ককা তোমাৰ কথাবোৰ শুনি মোৰ সঁচাকৈ ভয় লাগিছে। আমি সচেতন হ’বৰ হ’ল। বায়ু প্ৰদূষণমুক্ত কৰিবলৈ বেয়া কামবোৰৰ পৰা আমি বিৰত থাকিব লাগিব। আমাৰ চিন্তা, সজাগতা আৰু একাগ্ৰতাই নিশ্চয় সুফল দিব। ককা, এতিয়া কথা এটা কওঁনে?

: কি, কোৱা আকৌ।

: তোমালোকৰে ভাল ককা । মন গ’লেই এই ধুনীয়া পৰিবেশত ফুৰিব পাৰা। আমাৰ চহৰত কেৱল গাড়ী মটৰৰ শব্দ, ধূলি আৰু যান জঁট। কেতিয়াকৈ যে সুস্থ পৰিবেশ এটাৰ মাজত সকলোৱে জীয়াই থাকিব পাৰিম!

: আইজনী,ইমান সময়ে মই এই বিষয়েইতো ক’লোঁ। জোঁৰ পুৰি হাত পালেহি। এতিয়া আৰু পিচলৈ কিবা এটা হ’ব বুলি ভাবি থাকিলে নহ’ব। আমি হাতে কামে লাগিবৰ হ’ল। বাৰু ব’লা এতিয়া ঘৰলৈ উভতি যাওঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!