সামাজিক আচাৰৰ অত্যাচাৰ – ঋতুপৰ্ণ বৰুৱা

এক ব্যক্তিগত অনুভৱ উপস্থাপন কৰিছোঁ৷ আজি মাত্ৰ কেইটামান দিন পূৰ্বে মোৰ এজন বন্ধুৰ বিবাহ অনুষ্ঠান উপলক্ষে উপস্থিত হ’লোগৈ৷ বিবাহ অনুষ্ঠানৰ প্ৰথম পৰ্য্যায়ত কইনা অনাৰ এদিন পিছত আপ্যায়নৰ ব্যৱস্থা আছিল৷ এইখিনিতে আৰু এটা কথা উনুকিয়াই যোৱাৰ প্ৰয়োজন যে দৰা হ’ল সামাজিক আৰু ধৰ্মীয় শ্ৰেণী বিভাজন অনুসৰি উচ্চ বৰ্ণৰ অসমীয়া হিন্দু আনহাতে কইনা অসমীয়া জন-জাতীয় হিন্দু৷ দুয়োজনৰ প্ৰেমৰ সম্পৰ্কৰ পৰিণতিত বিবাহ৷ দৰা ঘৰৰ গাঁওৰ অৱস্থা আৰ্থিক, শৈক্ষিক দিশৰ পৰা আধুনিক৷ আনহাতে বহু ব্যক্তি ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত সচেতন (!) ব্যক্তি৷ বিবাহৰ সময়ত, নীচ কূলৰ এজনী ছোৱালীক উচ্চ বৰ্ণই গ্ৰহণ কৰা ক্ষেত্ৰত সামাজিক বাধা থকাৰ কথা সমাজৰ আগশাৰীৰ ব্যক্তিসকলে জনাই দিলে৷ বহু আলোচনাৰ অন্তত এই কথা স্থিৰ হ’ল যে কইনা গ্ৰহণ কৰিবৰ বাবে দৰাই মিতিৰ-কটুম্ব, বন্ধু-বান্ধৱসকলৰ সৈতে যাব৷ যিহেতু কইনা ঘৰত জন-জাতীয় ধৰ্মীয় নিয়ম কৰিব আৰু আপ্যায়ন কৰিব, সেই আপ্যায়ন দৰা ঘৰৰ উচ্চ বৰ্ণৰ মানুহে গ্ৰহণ কৰিব নোৱাৰে৷ তেনেদৰেই কইনা সম্প্ৰদান আৰু গ্ৰহণ সম্পূৰ্ণ হ’ল৷ পৰৱৰ্তী পৰ্য্যায়ত দৰা কইনা যেতিয়া দৰা ঘৰ আহি পালে, তেওঁলোকক গোবৰ পানী চতিয়াই শুদ্ধি কৰা হ’ল৷ দুয়োকে সমাজে ২০,০০০ (বিশ হাজাৰ) জৰিমনা বিহিলে৷ সকলোখিনি হৈ যোৱাৰ পিছত ভকতসকলে আশীৰ্বাদ দি ক’লে যে আজি নৰকৰ কন্যা দেৱত উদ্ধাৰ কৰা হ’ল৷ এই কথাতো মই জানিব বিচৰাত এজন ধৰ্মীয়ভাৱে  অগ্ৰণী ব্যক্তিয়ে কলে যে শংকৰদেৱ নামৰ ধৰ্মীয় গুৰু জনে তেখেতৰ কীৰ্তন পুথিত আহোমকে আদি কৰি এওঁলোকক ম্লেছ বা নৰকৰ বাসিন্দা বুলি উল্লেখ কৰিছে৷ এই বিষয়ত মোৰ জ্ঞান সীমিত থকাৰ বাবে তেখেতৰ লগত আৰু কথা পতা নহ’ল৷ সামৰণিত, আধুনিক বিশ্ব এক হোৱাৰ পথত যাত্ৰা কৰাৰ সময়তো,পৰম্পৰাৰ নামত চলোৱা এনে সামাজিক অত্যাচাৰৰ বাবে জাতি জনগোষ্ঠীসমূহৰ মাজত এক ব্যৱধান আজিও প্ৰৱাহিত হৈ আছে৷এনেকৈয়ে আৰু বা কিমানদিন? (ঘটনাতো উপস্থাপন কৰোঁতে অনুমোদন নোলোৱাৰ বাবে বন্ধু আৰু বন্ধু-পত্নীৰ ওচৰত ক্ষমা খুজিলোঁ৷)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!