সন্ত্ৰাসবাদী – অভিজিৎ মেধি
ভয়ে ভয়ে এপাৰ্টমেণ্টটোৰ প্ৰবেশ দুৱাৰখনত খুব সাৱধানে চাবিপাত সুমুৱাইছোঁ৷ দুমাহমান আগতে চাবিপাত মোৰ পত্নী মিনুৱে এদিন জোৰ কৰি মানিবেগত ভৰাই দিছিল৷
: তোমাৰ অফিচৰ পৰা ঘৰ অহা সময়ৰ একো ঠিক নাথাকে, চাবিপাত লগত থাকিলে অন্ততঃ কলিংবেল নবজোৱাকৈ ঘৰ সোমাব পাৰিবা৷ মই খিলি নিদিয়াকৈ ভিতৰৰ পৰা ল’ক কৰি থ’ম, তুমি বাহিৰৰ পৰা খুলি সোমাই আহিব পাৰিবা৷
পুৰণি দিনবোৰো যে, সময়-অসময়ে মনটোক দোলা দি যায়হি৷ ঘৰটোৰ ভিতৰ সোমোৱাৰ লগে লগে স্মৃতিবোৰেও সাৰপাই উঠিল৷ এটা সময়ত এই ঘৰটো কেৱল মোৰ আৰু মিনুৰ আছিল, হেঁপাহেৰে সজাবলৈ লোৱা এটা ঘৰ! বিয়াৰ পাছত মিনুৱে চাকৰি আৰু ঘৰ সমানেই চম্ভালি লৈছিল৷ এই মাহত টিভি ইউনিটটো, পিছৰ মাহত ফটো ফ্ৰেমবোৰ, তাৰ পিছৰ মাহত টি-টেবুলখন…এটা এটাকৈ যোগাৰ কৰা প্ৰতিটো বস্তুৱেই নিজৰ নিৰ্দিষ্ট ঠাই বিচাৰি লৈ ঘৰটো পৰিপাটি আৰু শুৱনি হৈ উঠিছিল৷ কিন্তু এতিয়া সকলো চেদেলি-ভেদেলি, যেন এইমাত্ৰ এজাক ধুমুহাৰ সৈতে মুখামুখি হৈ গ’ল ঘৰটোৰ৷
মোৰ দেহাটো ভাগৰুৱা লাগিছে, চকুপতাত টোপনিহীন যোৱাটো নিশাই চটফটাই খচখচনিৰ সৃষ্টি কৰিছে৷ চ’ৰাঘৰৰ চোফাখনত গাটো এৰি দি চৌদিশে এবাৰ চকু ফুৰালোঁ৷ টিভি ইউনিটটোৰ ড্ৰয়াৰবোৰ আধা খোলা, কোনোবাই দৌৰাদৌৰিকৈ কিবা খুচৰি চাইছিল নিশ্চয়৷ পুৰণি মোবাইল, টিভিৰ ৰিম’ট, মিনুৰ পুৰণি ডায়েৰীখন লাং খাই মজিয়াত পৰি আছে, কোনোবাই ড্ৰয়াৰৰ পৰা উলিয়াই সিহঁতক মজিয়াত থেকেচি থৈছে৷ মিনু আৰু মোৰ উটিত উঠা ফটোখন এটা চুকত পৰি ৰৈছে৷ বিয়াৰ ঠিক পিছতেই উটি ফুৰিবলৈ গৈছিলোঁ আমি৷ নতুনত্বৰ হাতত ধৰি উটি-ভাঁহি ফুৰা দিন এটাৰ ফটো৷ মোৰ মন নথকা সত্বেও মিনুৰ দাবীত হ্ৰদটোৰ আশে-পাশে ঘূৰি থকা কেমেৰামেন এজনক পইচা দি ফটোখন উঠোৱা হৈছিল৷ উটিৰ পৰা আহিয়েই মিনুৱে ফ্ৰেমটোত বন্ধাই ল’লে সেইখন৷ ফটোখন হাতত তুলি ললোঁ, ফ্ৰেমটোৰ আইনাখনত অকণ ফাট মেলিছে, ৰঙা দাগবোৰে মিনুৰ মুখৰ হাঁহিটো আধা ঢাকি পেলাইছে৷ নখেৰে ঘঁহি গুচাবলৈ চালোঁ, ভালকৈ নাযায়েই দেখোন৷ একেই দাগ কাৰ্পেটখনটো বিয়পি আছে৷ মোৰ অনুসন্ধিৎসু চকুৱে নিৰীক্ষণ কৰাত লাগিল৷ কাৰ্পেটত লাগি উঠাৰ পাছত দাগবোৰ যেন প্ৰথম শোৱনিকোঠাটোলৈ ধাৱমান হৈছে৷ টোপাল টোপাল ৰঙা দাগবোৰৰ পিছে পিছে সন্তৰ্পণে খোজ ললোঁ৷ দাগবোৰ ক্ৰমান্বয়ে বিছনাতলিৰ দিশ লৈছে, মুৰটো হলাই বিছনাতলিত চকু ফুৰাব খুজিছিলোঁ, ঠিক তেনেতে…“ধাৰাম্…“; চাৰ্টৰ পকেটত থৈ দিয়া মোবাইলটো মজিয়াত কৰ্ফাল খাই ঘৰটোৰ নিঃশব্দতাক ভেঙুচালি কৰি উঠিল৷
“ই..ই…ওৱা ওৱা….৷”
মোবাইলটো পৰাৰ পাছতেই মুখ্য শোৱনিকোঠাৰ পৰা চিনাকি সুৰ এটা ভাঁহি অহা যেন লাগিল৷ মই ঠিকেই শুনিছোঁ নে? এই ধ্বনিটো মোৰ অতিকৈ চিনাকি, ভুল হোৱাৰ প্ৰশ্নই নুঠে! তাৰমানে…? শংকিত খোজেৰে মূল শোৱনিকোঠালৈ গ’লোঁ, কোঠাটোৰ একমাত্ৰ বিছনাখনৰ পৰা মিনুৱে ঘোপা চাৱনিৰে মোলৈ এবাৰ চাই উঠি পুনৰ কান্দি উঠা কেঁচুৱাটোক শুৱাই থোৱাৰ যতনত লাগিল৷ মিনুৰ বুকুত লিপিত খাই লাগি আছে মোৰ আৰু মিনুৰ যুগ্মজীৱনৰ মৰমৰ টোপোলাটো, আমাৰ তেৰ মহীয়া সন্তান, মাকক সাৱটিলৈ এমা-দিমাটো আকৌ শুই যাবলৈ ধৰিছে৷ তাৰমানে মোৰ মোবাইল পৰা শব্দত আমাৰ অসুৰটো জাপ মাৰি কন্দা আৰম্ভ কৰিছিল যদিও মিনুৱে কথমপি তাক আকৌ শুৱাই থ’লে৷ বাচিলোঁ, নহ’লে মিনুৱে মোক আজি সুদাই নেৰিলেহেঁতেন৷
: কিমানবাৰ কৈছোঁ তোমাক, গধূলি অফিচৰ পৰা অলপ সাৱধানে ঘৰ সোমাবা, ই দিনটো উৎপাত কৰি শুব লওঁতেহে তোমাৰ হাল্লাবোৰ আৰম্ভ কৰিবৰ হয়৷
সাৱধানবাণীৰ পুনৰোক্তি, হায় কপাল, নিজৰ ঘৰতেই চোৰৰ দৰে সোমাব লাগে! অফিচৰ লেপটপ বেগটো কণমানিটোৱে ঢুকি নোপোৱাকৈ আলমাৰীত লুকুৱাই উঠি মুখ-হাত ধুই আহিলোঁ৷ মিনুৰ কাষত বহি কণমানিটোৰ চুলিত হাত বুলাই দিনটোৰ খতিয়ান লোৱা সময় এতিয়া৷
: হেৰা, গোটেই ঘৰটোত দেখোন এই বান্দৰটোৱে টমেট’ ছচ ঢালি থৈছে, ড্ৰয়িং ৰুমৰ কাৰ্পেটৰ পৰা সিটো ৰুমৰ বিচনাৰ তলিলৈ৷ আমাৰ ফটোখনো তলত পৰি আছে৷
অলপ আগতে মই কৰিবলৈ লোৱা ভয়ংকৰ দোষটোৰ কথা মিনুৱে পাহৰক বুলিয়েই অন্য কথাৰ পাতনি মেলিলোঁ৷
: সেয়াই নে? ঘৰৰ সমস্ত ড্ৰয়াৰবোৰ, পাকঘৰৰ বাচনবোৰ তল-ওপৰ কৰিছে গোটেইখন৷ তাৰপিছত বেলকনিত গৈ ফুলৰ টাবকেইটা বৰবাদ কৰিছে আজি৷ ঘৰটোৰ অৱস্থা দেখিছানে? মোৰ মুৰটো ঘূৰাই যায়৷ এইটো দিনক দিনে সন্ত্ৰাসবাদী হৈ পৰিছে!
: কৰিবই দিয়া, সিয়েই ঘৰৰ মালিক এতিয়া৷
মিচিকিয়া হাঁহিৰে সন্ত্ৰাসবাদীৰ মুখলৈ চালোঁ, ব্যস্ত দিনটোৰ অৱসাদ দূৰ কৰিবলৈ শান্তিৰ নিদ্ৰাত মগ্ন হৈ আছে৷ মুখেৰে বৈ অহা লেলাৱটিয়ে বিছনা চাদৰত দুইফুট পৰিধিৰ বৃত্তাকাৰ চিহ্ন এটা বনাইছে৷ সপোনত কিবা এটা ধূৰ্ত্তালি কৰিবলৈ লৈছে হ’বলা, বান্দৰটোৰ ওঁঠ দুটাত দুষ্ট হাঁহিৰ মৃদু আভাস এটা ফুটি উঠিছে৷ ইমান মৰমলগা সন্ত্ৰাসবাদী এইটো, ভাষাৰে বুজাব নোৱাৰাবিধৰ! ইয়াৰ সন্ত্ৰাসবাদে আমাৰ জীৱনটোক এনেকৈয়ে সদায় জীপাল কৰি ৰাখক; নিঃশব্দ প্ৰাৰ্থনাৰ পাছত সন্ত্ৰাসবাদীটোৰ চুলিত হাত ফুৰাই তাৰ গাতে গা লগাই শুই দিলোঁ অলপ৷■■
অতি সুন্দৰ অভিজিত। আজিকালি আমাৰ চাৰিফালে ইমান ভয়ংকৰ ঘটনা ঘটিবলৈ লৈছে মনটো অনবৰতে শংকাৰে ভৰি থাকে। সেইবাবে মনটো সদায় বেয়াৰ ফালেই ঢাল খাই। পঢ়ি উঠি শেষত স্বস্তিৰ নিশ্বাস পেলালোঁ। খুব ভাল লাগিল।