এদিন হঠাৎ – কবি : গুলজাৰ – অনুবাদ : হিমাংশু ভাগৱতী

এদিন জীৱন অকস্মাতে আহি
মুখামুখিকৈ বহিল৷
সুধিলে,
দুখ কি?
কিয় হয়? ?
কোনখিনিত হয় সেয়া জানো গম পাওঁ!
নিসংগতানো কি আচলতে?
চাৰিওফালে ইমান মানুহ,
তথাপি তুমি নিসংগ কিয়?
নিৰুত্তৰ!
মোৰ চেহেৰা দেখি জীৱনেই ক’লে,
অভিমান নকৰিবা মোৰ সতে
মই তোমাৰেই যমজ৷■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!