ৰহঘৰা (৪) সৰু সৰু মানুহৰ দুখ !!!(-জ্যোতিৰ্ময় শৰ্মা )


ট্ৰেফিক পুলিচ: লাইচেন্স দেখুৱাওঁক !
শৰ্মা: নাই !
ট্ৰেফিক পুলিচ: কিয় ? আপুনি লাইচেন্সৰ বাবে আবেদন কৰা নাই নেকি ?
শৰ্মা: নাই !
ট্ৰেফিক পুলিচ: কিয় ?
শৰ্মা: মই গৈছিলো পৰিবহন বিভাগৰ অফিচলৈ ! তেওঁলোকক আকৌ পৰিচয় পত্ৰ লাগে ! মোৰ সেইখন নাই !
ট্ৰেফিক পুলিচ: আপুনি ভোটাৰ পৰিচয় পত্ৰ এখন বনাই লওঁক |
শৰ্মা: মই গৈছিলো ! কিন্তু তেওঁলোকক আকৌ ৰেচন কাৰ্ড লাগে ! মোৰ সেইখন নাই !
ট্ৰেফিক পুলিচ: তেন্তে ৰেচন কাৰ্ড এখন বনাই লওঁক !
শৰ্মা : মই যোগান বিভাগৰ অফিচলৈ গৈছিলো ! তেওঁলোকক আকৌ বেংকৰ পাচবুক লাগে ! যিখন মোৰ নাই !
ট্ৰেফিক পুলিচ: হে প্ৰভু ! বেংকত পাচবুক এখন খুলি লওঁক !
শৰ্মা: মই বেংকলৈ গৈছিলো পাচবুক খুলিবলৈ ! তেওঁলোকক আকৌ ড্ৰাইভিং লাইচেন্স লাগে ! ! !

হেভ এ নাইচ উইক ! ( ইংৰাজীত নকলে কিবা ভালেই নালাগে !)

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!