আকৌ জয় হ’ল টেষ্ট ক্ৰিকেটৰ...
লেখক- যুগললোচন দাস
টেষ্ট। পৰীক্ষা…। ক্ৰিকেটৰ আচল পৰীক্ষা। ২২ গজ দূৰত্বত ২২গৰাকী যোদ্ধাৰ শক্তি পৰীক্ষা। পাঁচ দিনৰ এক নিৰৱচ্ছিন্ন পৰীক্ষা। ইমান সহজ নাছিল আৰু এতিয়াও সহজ নহয়। এই টেষ্ট মেচবোৰ আগত ৬দিনীয়া আছিল। প্ৰথম তিনিদিন যোৱাৰ পাছত এদিন জিৰণি দিয়া হৈছিল। পৰবৰ্তী দুটা দিনত পুনৰ খেল চলিছিল। ৮০ দশকৰ কথা। প্ৰথম তিনিদিনত যদি খেলখনে এটা আকৰ্ষণীয় পৰ্যায় পাইছিল, চতুৰ্থ দিনৰ বিৰতিয়ে আমাৰ উৎকণ্ঠা বঢ়াইছিল। পঞ্চমদিনলৈ অপেক্ষা কৰালৈ ধৈৰ্যৰ বান্ধ ছিগি গৈছিল। এতিয়া সেই মাজত বিৰতিৰ দিনটো নাই। পাঁচ দিনতে খেল শেষ। টি-২০ আৰু এদিনীয়া খেল যিমানেই আকৰ্ষক নহওক কিয়, টেষ্ট ক্ৰিকেটৰ শিহৰণ, উৎকণ্ঠা, উন্মাদনা, নাটকীয়তা আৰু আবেগ চিৰন্তন সেউজ, তুলনা নাই। আজি আকৌ এবাৰ প্ৰমাণিত হ’ল ইংলেণ্ডৰ অ’ভেল গ্ৰাউণ্ডত।
এটা সম্পূৰ্ণ দিন। ভাৰতক ৪ উইকেট আৰু ইংলেণ্ডক মাত্ৰ ৩৫ ৰানৰ প্ৰয়োজন। যিকোনো এটা দলৰেই এই লক্ষ্যপ্ৰাপ্তিৰ সুযোগ। কিন্তু কোনেও কাকো এৰিও নিদিয়ে। ভাৰত জয়ী হ’লে ২-২ত শৃংখলাৰ সন্মানজনক সমাপ্ত। আনহাতে ইংলেণ্ড জয়ী হ’লে ৩-১ত শৃংখলা জয়। এক দুৰ্দান্ত শক্তি পৰীক্ষা। লগতে দুই অধিনায়কৰ স্নায়ুযুঁজ। ৰুট আৰু হেৰী ব্ৰুকে শতৰান কৰি লক্ষ্যৰ প্ৰায় কাষ চপালেও যেন আশ্বস্ত নাছিল ইংলেণ্ড। পুৱাই যিকোনো অঘটন ঘটি যাব পাৰে। কাৰ্যত সেয়াই ঘটিল। ৰঙা বলটোক অতি বিশ্বস্ত কৰি লোৱা ছিৰাজ আৰু প্ৰসিদ্ধই অংগীকাৰ কৰিছিল- ইংলেণ্ডৰ ঘাতক হৈ অৱতীৰ্ণ হ’ব দুয়ো। শৃংখলাত সমতা স্থাপনৰ দুৰন্ত স্পৃহাত টলমল মনোবল। ৩৫ ৰানৰ লক্ষ্য মৰীচিকা হৈ পৰিল। কাষ চাপিও মৰূদ্যান ঢুকি নোপোৱাকৈ স্তব্ধ কৰি ৰাখি থ’লে ছিৰাজ- প্ৰসিদ্ধ যুটিয়ে। তৃষ্ণাতুৰ হৈয়েই ৰ’ল অন্তিম যোদ্ধাদুজন…।
টেষ্ট ক্ৰিকেটৰ পৰীক্ষাত উত্তীৰ্ণ ছিৰাজ- প্ৰসিদ্ধ। প্ৰতিটো চমৎকাৰী বলেৰে ক্ৰিকেটৰ ৰসত বুৰাই পেলালে ক্ৰিকেটপ্ৰেমীক। খেলক কোনে কিমান চমৎকাৰিত্ব, নান্দনিকতা, ধ্ৰুপদী শিল্প দিব পাৰে, সেইটোহে চাবলগীয়া। ধন্য শুভমন গিল আৰু টীম ইণ্ডিয়া। এনেকৈয়ে নতুন যুৱ অধিনায়কৰ হাতত সুৰক্ষিত হৈ আগবাঢ়ক নতুন শক্তিৰে উজ্জীৱিত যুৱ যোদ্ধাসকল।
