ক্ষমা-প্ৰাৰ্থনা (মোৰ প্ৰেৰণালৈ),মূল: এলান দুগান

অনুবাদ :যশোৱবন্ত নিপুণ

মোৰ চাৰিওফালে কি চলি আছে

মই তাৰ প্ৰতি ইমানেই অসচেতন যে

মই চৰাইৰ চুটি জীৱনবোৰ লক্ষ্য 

কৰি ভাল পাওঁ: শস্যৰ গুটি এটা লোৱাৰ

আগতে সিহঁতে ইফালে-সিফালে চায়

কাৰণ সিহঁত সদায় বৰ্তমানত থাকে,

সিহঁতৰ শংকা, ক্ষুধা আৰু সিহঁতৰ 

নিয়মৰ প্ৰয়োজনবোৰ সকলোতে 

নিজৰ ওচৰত দায়বদ্ধ, অথচ মই 

ওচৰ চাপি অহা গাড়ীবোৰ নেদেখোঁ

নিশাৰ আহাৰ আৰু মোৰ ঠিকনা পাহৰোঁ

আৰু তোমাৰ সুন্দৰতাৰ উপলব্ধি কৰোঁ

তেতিয়াহে যেতিয়া তুমি কিবা এটা ইংগিত 

দিছিলা আৰু “বাৰু, হ’ব।” বুলি গুচি গৈছিলা।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments