চৈধ্য ফেব্ৰুৱাৰী

লেখক- মৌচুমী বৰকটকী

ৰাতিপুৱা ল’ৰা- অফিচলৈ যোৱাৰ পাছত চাহ দুকাপ লৈ গিৰীয়েক ৰমেশৰ কাষত বহি টিভি একেলগে চোৱাৰ অভ্যাস এটা যোৱা দহদিনমান ধৰি সাময়িকভাৱে গঢ়ি উঠিছে সত্তৰবছৰীয়া ৰেণু বৰুৱাৰ মাজত। যোৱা প্ৰায় দুমাহ ধৰি গিৰীয়েক হাঁপানী সদৃশ সমস্যাত ভুগি হস্পিতালৰপৰা ঘূৰি আহিব লগা হ’ল। অলপ সকাহ পাইছে যদিও খৰধৰকৈ খোজ কাঢ়ি লে বা সৰু-সুৰা কাম-বন কৰিলেও কাহ এটাই হেঁচা মাৰি ধৰে। আশী বছৰ গৰকা ৰমেশ মণ্ডল প্ৰায় নিজৰ কোঠাতেই থকা কৰিছে। সেয়েহে পুৱাৰ এই সময়খিনি ৰেণু বৰুৱাই চাহ দুকাপ লৈ ৰমেশ মণ্ডল ৰ কাষত বহেহি। এইকেইদিন যে ল’ৰা-বোৱাৰীহালে চৌধ্য ফেব্ৰুৱাৰীৰ বিষয়ে আলোচনা কৰি থকা শুনিছে তাকেই ক’লেহি গিৰীয়েকক।নতুন বিয়া হোৱা তেওঁৰ ল’ৰা-বোৱাৰী। সিহঁতৰ আনন্দৰ ভাগ ৰমেশ আৰু ৰেণু বৰুৱা দুয়ো পাই আহিছে। বোৱাৰীজনীৰপৰাই সত্তৰবছৰীয়া ৰেণু বৰুৱাই চৌধ্য ফেব্ৰুৱাৰীৰ বিশেষত্ব কি বুজি পাইছে। এইবাৰ যিহেতু ৰবিবাৰ হ’ব ৰেণু বৰুৱাই নিজেই সিহঁতহালক ফুৰিবলৈ যাবলৈ কৈ আছে। ৰেণু বৰুৱা আৰু ৰমেশ মণ্ডল ৰ সংসাৰখন এটি মধ্যবিত্ত শ্ৰেণীৰ। আজিলৈকে সৰু সৰু ঘটনা, পৰিঘটনাৰ মাজতেই সীমাবদ্ধ ৰাখিছে সুখৰ সংজ্ঞা। কিন্তু ৰমেশ মণ্ডল ৰ অসুস্থতাই কিছু দুখী কৰিছে গোটেই পৰিয়ালটোক।কাৰণ ৰমেশ মণ্ডলৰ শেষৰ এক্সৰেখনত টিউমাৰ থকাৰ কথা সন্দেহ কৰিছে ডাক্টৰে।আন এটা খৰচী পৰীক্ষা কৰাৰ উপদেশ দিছে যদিও টকাৰ সমস্যাৰ বাবে তৎক্ষণাত কৰা হোৱা নাই। সেয়েহে ল’ৰা-বোৱাৰীহালো দুখী হৈ পৰিছে। ৰেণু বৰুৱাই বুজি পাইছে সিহঁতৰ মনোকষ্ট। অলপ আনন্দ কৰি আহক বুলিয়েই ৰেণু বৰুৱাই চৌধ্য ফেব্ৰুৱাৰী ক’ৰবাত ফুৰি আহিবলৈ কৈ আছে।

চৌধ্য ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ল’ৰা-বোৱাৰীহাল ফুৰিবলৈ ওলাই যোৱাৰ পিছত সাপ্তাহিক বজাৰখনৰ বাবে ওলাই গল ৰেণু বৰুৱা। ৰাজধানীৰ হাই-উৰুমিৰপৰা কিছু নিলগৰ ৰেণু বৰুৱাৰ ঘৰখনৰ কাষতেই সাপ্তাহিক বজাৰখন। মেলা সদৃশ পৰিস্থিতিৰ মাজত ৰেণু বৰুৱাক ৰংচঙীয়া চুৱেটাৰ টুপী ওলোমাই ভূটানী মহিলা এজনীৰ সৰু দোকানখনে আকৰ্ষণ কৰিলে। তেওঁ এটা বিভিন্ন ৰঙৰ উণ সূতাৰে বোৱা বান্দৰ টুপী লগতে এখন সেউজীয়া মাফলাৰ কিনিলে। সেইদিনা তেওঁ নিজৰ বাবে লগতে ঘৰখনৰ বাবেও একো নিকিনিলে।

তেতিয়া দুপৰীয়া দুই মান বাজিছে। গাধোৱা ঘৰৰপৰা ৰমেশৰ কাহৰ শব্দ শুনা গৈছে, বুকুৰ ঘেৰঘৰনি এটাই ৰমেশৰ লগ নেৰা হৈছে। ৰেণু বৰুৱাৰ দুখ লাগিল মানুহটোৱে কষ্ট পাইছে। আজিকালি টিভি ৰুমত ৰমেশে দুপৰীয়াৰ আহাৰ কৰিবলৈ লৈছে। । দুপৰীয়াৰ কাম-বন বৰ শেষ কৰি শুৱনি কোঠালৈ ৰেণু বৰুৱা সোমাই আহিল। ৰমেশ মণ্ডল বিছনাৰ কাষৰ আৰামী-চকীখনত বহি আছে। মানুহজনৰ ভাগৰটো বাঢ়িছে। বহি থকা গিৰীয়েকলৈ ৰেণু বৰুৱাৰ মৰম এটা ওপজিল। “সেই সময়ৰ কথা মনত পৰিছেনে?” ৰেণু বৰুৱাই গিৰীয়েক ৰমেশক সুধিলে। ৰমেশে কিবা নকওঁতেই বজাৰৰপৰা কিনি অনা বান্দৰ টুপীটো মূৰত পিন্ধাই দিলে।

ৰমেশ মণ্ডল আচৰিত হল, হাৰে মই কি ৰজা! টুপীৰে সৈতে!! ৰেণু বৰুৱাই প্ৰায় চিঞৰি কলে হয় হয়। তুমিয়েই ৰজা মোৰ। মনত পৰেনে পাৰ্কত বহুতে বান্দৰবোৰ দেখিলে তুমি কি আনন্দ পাইছিলা, আমাৰ প্ৰেমৰ দিন কিমান কঠিন আছিল। তুমি বঙালী আৰু মই অসমীয়া। সাহসী আছিলা তুমি।সেই দিনবোৰ মনত পেলাই তুমি আকৌ সাহসী হৈ পৰা। সেয়েহে এই টুপী উপহাৰ । সেউজীয়া মাফলাৰখন ডিঙিত মেৰিয়াই দি ৰেণু বৰুৱাই আকৌ কলে মোৰ মৰম তোমাৰ বাবে এই মাফলাৰখনৰ দৰেই সেউজীয়া। বয়স পাহৰি যোৱা।তোমাৰ শৰীৰ সুস্থ হোৱাৰ বাবেই তুমি মানসিকভাৱে সাহসী হোৱা,সেই ডেকা কালৰ মানুহজন।

ৰমেশ আচৰিতেই নহয়,আৱেগিক হৈ পৰিল। চকীখনৰ পৰা উঠি থিয় হৈ ৰেণু বৰুৱাক আঁকোৱালি ধৰিলে। বুকুৰ ঘেৰঘেৰানি ঠেলি ওলাই অহা মাত টোৰে ৰমেশ মণ্ডলে কৈ পেলালে ৰেণু তোমাৰ মনত মোক এটা বান্দৰ হিচাপেই ৰাখি থোৱা, কিৰিলি পাৰি ইফালৰপৰা সিফালে জঁপিয়াই ফুৰা সজীৱ সক্ৰিয় প্ৰাণ।

ৰেণু বৰুৱাৰ চকুত চকুলো। কেতিয়াবা ৰমেশৰ বুকুৰ ঘেৰঘেৰণি,কাহ ৰেণু বৰুৱাক বিৰক্ত কৰিছিল। কিন্তু আঁকোৱালি ধৰোঁতে কাণত পৰা বুকুৰ সেই কফ গোটখাই থাকি সৃষ্টি কৰা শব্দত জীৱনৰ ছন্দ হে যেন আছে কিয়নো তাত সংপৃক্ত হৈ আছিল বুকুৰ ধপধপনি ৰমেশৰ। সেই মুহূৰ্তত ৰেণু বৰুৱাই তেনেকৈ অনুভব কৰিলে। বান্দৰ এটা,ডাঙৰ গছ এজোপাত জাঁপ মাৰি উঠোঁতে যি শব্দৰে চাৰিওকাষ কম্পিত হৈ উঠে তেনে দৰেই থাকক ৰেণু বৰুৱাৰ মনৰ মাজত ৰমেশ মণ্ডল।

পিছৰ তিনিটামান বছৰৰ চৌধ্য ফেব্ৰুৱাৰী এই দৰেই মজা থকা উপহাৰ ৰমেশ মণ্ডলক দিয়াৰ ক্ষেত্ৰত ল’ৰা-বোৱাৰী,আনকি নাতি এটাও চামিল হ’ল। চতুৰ্থ বছৰৰ চৌধ্য ফেব্ৰুৱাৰী এযোৰ ডাঙৰ চাইজৰ ছানগ্লাছ ৰেণু বৰুৱাৰ দিয়া নহ’ল। ৰমেশ মণ্ডল নামৰ মানুহজন ঢুকাই থাকিল ।

চৌধ্য ফেব্ৰুৱাৰীৰ বাতৰি কাকতত সৰুকৈ প্ৰকাশ হল এজন ডিটিপি অপাৰেটৰৰ মৃত্যু বাতৰি। সেয়া আছিল ৰমেশ মণ্ডল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments