প্ৰেম অনিয়ন্ত্ৰিত
লেখক- -প্ৰণবেন্দ্ৰ শৰ্মা
প্ৰেমত পৰিব বিচাৰিছিলোঁ,
তোমাৰ,
তোমাৰ অলিন্দত থিয় হৈ
টুকুৰিয়াইছিলোঁ
বন্ধ খিৰিকীত,
কৈছিলা তুমি,
অনিমন্ত্ৰিতৰ প্ৰৱেশ নিষেধ
প্ৰেমৰ পৃথিৱীত।
হয় জানোঁ?
প্ৰেমে জানো কৰে অপেক্ষা
নিমন্ত্ৰণৰ?
ফুল ফুলিলে জানো নোলায়
সুবাস?
হাঁহিছিলা তুমি,
ফুল ফুলিলে ভোমোৰা আহিবই,
মৌ চুহি যাব আঁতৰি,
এৰি থৈ
মৰহি যোৱা ফুলপাহি।
ভোমোৰা?
মইতো নুফুৰোঁ উৰি,
ফুলে ফুলে পৰি
মৌ চুহিবলৈ,
তোমাৰ মায়াত আৱদ্ধ হৈ
এৰি থৈ লেটা,
নোৱাৰিলোঁ হ’ব পখিলা
মই।
উৰণীয়া সময়,
চুলিত ৰূপালী ৰহণ,
দৃষ্টিও ধূসৰ,
তথাপিও ছবিখন তোমাৰ
কলিজাত মোৰ,
জীৱনৰ শীতকালত,
উজ্জ্বল, উমাল পোহৰ
মধ্যাহ্নৰ ৰ’দৰ।
এয়া জানো প্ৰেমত পৰাৰ
বয়স,
বয়সে কোমলোৱা
হৃদয়ত তোমাৰ,
অনুকম্পাৰ উৎকণ্ঠা,
কণ্ঠত সংশয়,
সমাজৰ ভয়?
প্ৰেমত পৰাৰ
থাকে জানো কিবা
বয়স?
বন্ধ খিৰিকীখন আজি
উন্মুক্ত,
কিয় আছা ৰৈ,
সুধিলা তুমি,
মৰহি যোৱা ফুলপাহিত
আছে জানো আজি
সুবাস প্ৰেমৰ?
অলিখিত, অনিমন্ত্ৰণৰ
চিঠিখনত তোমাৰ,
নাছিল যে কোনো
উকলি যোৱা তাৰিখ
সময়ৰ,
অপেক্ষাৰ বাহিৰে
আছিল জানো কোনো
উপায় মোৰ?
কিবা এটা ক’ব খুজিও
ৰৈ গ’লা,
আস্ মৰণ,
প্ৰেমত বাৰু কিয়
ইমান জ্বলন?
কি দিম উত্তৰ তোমাক,
নিহিত নাথাকে জানো কেতিয়াবা ,
অপ্ৰাপ্তিতে আনন্দ
মধুৰ প্ৰাপ্তিৰ!
অসীমৰ সীমাৰ সিপাৰে
আছে যদি অবিনশ্বৰ,
হয়তো পাবা বিচাৰি
তোমাৰ প্ৰশ্নৰ
উত্তৰ।
