ফাকুৱা আৰু আধ্যাত্মিকতা
লেখক- - হেমন্ত কিশোৰ পাঠক
ৰঙৰ উৎসৱ ফাকুৱাক হোলী, ফল্গূৎসৱ, দৌলোৎসৱ, দেউল, ফাগুৱা, দৌলপূর্ণিমা, মদনোৎসৱ, ৰংগপঞ্চমী, মেডুৰু হোলী, হোলা মহল্লা, ধুলেতি, দৌলযাত্রা, কুমাঅ’নী হোলী, ৰয়েল হোলী, লাথমাৰ হোলী, হোলী মিলন আদি বিভিন্ন নামেৰে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত স্বকীয় পৰম্পৰাৰে পালন কৰা হয়। ভাৰতবৰ্ষত পালন কৰা উৎসৱসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় ৰঙৰ উৎসৱ হ’ল ফাকুৱা বা হোলী। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্রীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত ধর্মীয় আৰু লৌকিক পৰম্পৰাৰে এই উৎসৱ পালন কৰা হয়।
ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ দৰে অসমতো এই উৎসৱ ধর্মীয় নীতি-নিয়মেৰে উলহ-মালহেৰে পালন কৰা হয়।
ধর্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ উৎপত্তিৰ লগত বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।
একাংশৰ মতে, বসন্ত কালত শ্রীকৃষ্ণ আৰু ৰাধাই প্রথম ফাকু খেলিছিল আৰু তেতিয়াৰ পৰাই ফাকুৱা উৎসৱ পালন কৰা হয়। গুৰুজনাৰ বিৰচিত “কীৰ্ত্তন ঘোষা”ৰ “উৰেষা বৰ্ণন” নামৰ পৰিশিষ্ট অধ্যায়ৰ ২০ সংখ্যক ঘোষাত নৰৰূপী ভগৱান শ্রীকৃষ্ণই ফাকু খেলাৰ বিষয়ে জানিব পৰা যায়-
“ৰঙ্গে ফাকু খেলে চৈতন্য বনমালী।
দুহাতে ফল্গু গুড়া সিঞ্চন্ত মুৰাৰি।। ২০।।”
আন একাংশৰ মতে-ভক্ত প্রহ্লাদে ভগৱান নাৰায়ণক পূজা কৰিছিল বাবে তেওঁৰ পিতৃ হিৰণ্যকশিপুৱে যিকোনো প্ৰকাৰে পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ বিচাৰিছিল। শেষত হিৰণ্যকশিপুৱে প্ৰহ্লাদক মাৰিবৰ বাবে ভনীয়েক হোলিকাক দায়িত্ব দিলে। হোলিকাই এটা বৰ লাভ কৰিছিল যে- জুইয়ে তাইক পুৰিব বা জ্বলাই মাৰিব নোৱাৰে। এই বৰৰ সুবিধা লৈ তাই কোলাত কণমানি প্রহ্লাদক লৈ একুৰা দপদপকৈ জ্বলি থকা জুইৰ মাজত সোমায় পৰিল। কিন্তু “ৰাখে হৰি মাৰে কোনে?” হৰিৰ কৃপাত প্ৰহ্লাদ ৰক্ষা হ’ল আৰু হোলিকা জ্বলি ছাই হৈ গ’ল। শেষত ভক্ত প্রহ্লাদৰ প্ৰাণৰক্ষাৰ বাবে স্বয়ং বিষ্ণুৱে নৰসিংহ অৱতাৰেৰে প্রকটহৈ হিৰণ্যকশিপুক বধ কৰে। এনেদৰে দুষ্টক দমন আৰু সন্তক পালনৰ এই দিনটোৰ ইতিহাস সোঁৱৰিয়েই ভাৰতবৰ্ষ আৰু নেপালত হোলী উদযাপনৰ পৰম্পৰা চলি আহিছে। এইটো আছিল ইগ’ৰ ওপৰত ঈশ্বৰ প্ৰেমৰ জয়। যিজনে ভগৱানত শৰণ লয় তেওঁক ভগৱানেই ৰক্ষা কৰে। যিজনক ভগৱানে ৰক্ষা কৰে তেওঁক কোনেও ক্ষতি কৰিব নোৱাৰে। এই আখ্যানে বেয়াৰ ওপৰত ভালৰ জয়ৰ কথা কয়। এই কাহিনীয়ে আমাক অভ্যন্তৰীণ আন্ধাৰ আৰু পোহৰৰ মাজত চলি থকা অহৰহ সংঘাতৰ কথা মনত পেলাই দিয়ে।
ফাকুৱাৰ আধ্যাত্মিক গুৰুত্ব-
১. ঐক্য, সম্প্রীতি আৰু সমতা : ৰঙৰ উৎসৱ হোলীত ইজনে সিজনক যেতিয়া ৰং সানে বা ছটিয়াই তেতিয়া কোনেও কাকো চিনিব নোৱৰা হয়, সকলোকে একে দেখা যায় অর্থাৎ সকলোৱেই সমান হৈ পৰে। ই হ’ল সামাজিক বাধা আৰু পক্ষপাতিত্বক অতিক্ৰম কৰি এক হৈ পৰাৰ প্ৰতীক। সকলোৱেই হাঁহি আৰু আনন্দৰ ভাগ-বতৰা কৰি ঐক্য আৰু সম্প্ৰীতিৰে বান্ধখায় পৰে। ব্যক্তিগত পৰিচয়ক অতিক্রম কৰি সম্প্রদায় আৰু সামূহিকভাৱে জীৱন উদযাপনৰ ভাৱনাক আগুৱাই নিয়ে। বিহু বা আন উৎসৱসমূহৰ দৰে হোলীয়েও আমাৰ জীৱনলৈ প্রেম, উৎসাহ আৰু একতা কঢ়িয়াই আনে।
২. পবিত্রতা : হোলী (Holi) মানে পবিত্র বা বিশুদ্ধ। হোলীয়ে সকলোৰে উকা আৰু উৰুঙা মনবোৰ ৰঙীন আৰু জীপাল কৰি পবিত্ৰ কৰি তোলে। আনহাতে এই উৎসৱত মনৰ সকলোবোৰ চিন্তা-ভাৱনা আঁতৰাই অতি উৎসাহেৰে সমস্বৰে “হোলী হেই, হোলী হেই” বুলি চিঞৰি উঠে তাৰ অৰ্থ হ’ল আমি সকলোৱেই ঈশ্বৰৰ সৈতে এক হৈ পৰিছোঁ। আমি সকলো এক। এই সময়ত জাতি-ধর্ম,উচ্চ-নীচ, ডেকা-বুঢ়া, ধনী-দুখীয়া আদিৰ পাৰ্থক্য পাহৰি সকলোৱেই এক হৈ পৰে। মনত কোনো ভেদভাৱ নাথাকে। এটি শিশুৰ দৰেই মন পবিত্ৰ হৈ পৰে।
৩. বৈচিত্র্যক আঁকোৱালি লোৱা : ফাকুৱাত ব্যৱহাৰ কৰা ভিন্ন ৰঙে ভিন্ন সংস্কৃতি, ভিন্ন দৃষ্টিভংগীৰ সৌন্দর্য আৰু সমৃদ্ধি প্রতিফলিত কৰে। সেয়েহে বৈচিত্ৰতাক আঁকোৱালি ল’বলৈ আৰু গ্ৰহণ কৰিবলৈ ফাকুৱাই সকলোকে উৎসাহিত কৰে।
৪. ইগ’ আৰু নেতিবাচক দৃষ্টিভংগীৰ নির্মূলকৰণ : ৰঙৰ উৎসৱত “হোলিকা দহনে” আমাৰ অন্তৰত থকা ইগ’ আৰু নেতিবাচক দৃষ্টিভংগীক দাহিত কৰাৰ প্ৰতীক বহন কৰে, যিয়ে আমাৰ আধ্যাত্মিক বুদ্ধিমত্তাক বাধা দিয়া অহমিকা আৰু ইচ্ছাক প্রতিনিধিত্ব কৰে। “হোলিকা দাহন”ত অংশগ্ৰহণ কৰা লোকসকলে বছৰটোৰ ভিতৰত জমা হোৱা নিজৰ বেয়া অভ্যাসবোৰ “জ্বলাই” দি ভগৱানৰ ওপৰত বিশ্বাস নবীকৰণ কৰাৰ সুবিধা লাভ কৰে। আনহাতে “হোলিকা দহনে” আমাক ধার্মিক আৰু দয়াৰ পথ বাছি ল’বলৈও আহ্বান জনায়।
৫. ক্ষমা আহৰণ : ফাকুৱাত ৰঙৰ ছিটিকনি বা ৰঙ গ্ৰহণ কৰাৰ অৰ্থ হ’ল কেৱল আনৰ বাবেই নহয়, নিজৰ বাবেও ক্ষমা গ্ৰহণ কৰা।
৬. নতুন সম্ভাৱনাক আদৰি লোৱা : ফাকুৱাত নিক্ষেপ কৰা ৰঙে নেতিবাচক আৱেগক সীমিত কৰি, নতুন দৃষ্টিভংগী আৰু ইতিবাচক পৰিৱৰ্তনৰ পথ মুকলি কৰে। ফাকুৱাত আচাৰ-ব্যৱহাৰৰ দ্বাৰা ঘৰ-দুৱাৰ, মন্দিৰ-নামঘৰ আদি পৰিষ্কাৰ কৰা আৰু ভালদৰে গা ধুই নতুন কাপোৰ পিন্ধাটোৱেই পুৰণি অভ্যাস এৰি নতুন সম্ভাৱনাক আঁকোৱালি লোৱাক প্রতিনিধিত্ব কৰে। “হোলিকা দহন” আমাৰ সকলো নেতিবাচকতাক জুই জ্বলাই দিয়াৰ প্ৰতীক। আমি সেইবোৰক ছাই কৰি জ্বলাই দিয়াৰ পাছতহে আনন্দ কৰিব পাৰো যাতে সিহঁত কেতিয়াও ঘূৰি নাহে। ইয়াৰ অৰ্থ হৈছে পুৰণি জগতৰ দুষ্টতাক জুই জ্বলোৱা, বিশুদ্ধতা আৰু গুণৰ নতুন জগত আৰম্ভ কৰা।
৭. ভগৱানৰ প্ৰতি বিশ্বাস আৰু ভক্তি : অগ্নিপিণ্ডৰ মাজতো প্রভুভক্ত প্রহ্লাদে হাঁহি হাঁহি মৃত্যুজয় কৰিবলৈ সক্ষম হোৱাটোৱে সকলোকেই ভগৱানৰ প্ৰতি বিশ্বাস আৰু ভক্তিভাৱ ৰাখিবৰ বাবে উদ্বুদ্ধ কৰে।
৮. উদ্দেশ্য বা লক্ষ্য নির্ধাৰণ : ফাকুৱাই বসন্তৰ বতৰা কঢ়িয়াই আনে। বসন্তৰ আগমনৰ বতৰাত সকলোৰে মন উছাহত ভৰি পৰে। এই সময়তেই সকলোৱে নতুন লক্ষ্য বা উদ্দেশ্য নির্ধাৰণ কৰি নিজ আকাংক্ষাৰ লগত জীৱনক আগুৱাই নিয়াৰ পৰিকল্পনাত ব্রতী হয়। ভগৱান শ্রীকৃষ্ণই বসন্ত কালত ৰাধাৰ লগত ফাকু খেলোতে ব্যৱহাৰ কৰা ৰংবোৰ তেওঁলোকৰ চঞ্চল আদান-প্রদান আৰু প্ৰেমৰ ফুলনিৰ প্ৰতীক। ই জীৱনৰ আনন্দক ত্যাগৰ সৈতে উদযাপন কৰা আৰু অর্থপূর্ণ সংযোগক লালন-পালন কৰাৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে।
বৰ্তমান ৰঙৰ উৎসৱ এক সার্বজনীন উৎসৱত পৰিণত হৈছে। প্রায় সকলো ভাৰতীয় মানুহে ইয়াত সমানে ভাগলৈ আনন্দ কৰে, পৰস্পৰে পৰস্পৰক ৰঙ সানি ভাতৃভাৱেৰে সাৱটি ধৰে। ভাৰতৰ ভিন্ন জাতিৰ মাজত থকা হিংসা, দ্বেষ, কপটতা প্রভৃতি কু-আৱৰ্জনাবোৰ নাইকিয়া হৈ যায়। আমি উপলব্ধি কৰোঁ, আমি যেন সকলো এক। আমাৰ কামনা-ৰঙৰ উৎসৱে সকলোৰে মনবোৰ ৰঙীন কৰি তোলক, সকলোৰে জীৱনলৈ কঢ়িয়াই আনক শান্তি-সম্প্রীতি, সুখ-সমৃদ্ধি, কল্যাণ আৰু সমন্বয়ৰ বতৰা।
