ভাগ্য
লেখক- ৰমেশ চন্দ্ৰ ৰায়
চহৰখনৰ সিটো মূৰৰ য’ত শিৱ মন্দিৰটো আছে তাৰ কাষেৰে অলপ আগুৱাই গ’লেই নানুৰ মাকৰ দোকানখন পোৱা গৈছিল। দিনত ৰুটি তৰকাৰী আৰু সন্ধিয়া আলুৰ ছ’প আৰু দাইলৰ ব’ৰ বিক্ৰী কৰিছিল নানুৰ মাকে। শিৱ মন্দিৰ এলেকাৰ সকলোৱে চিনি পাইছিল নানুৰ মাকৰ দোকানখন। এতিয়া সেই দোকানখন নাই। শিৱ মন্দিৰটোক বাদ দি গোটেই বস্তি অঞ্চলটো উচ্ছেদ কৰি এতিয়া তাত এখন ডাঙৰ উদ্যান সজা হৈছে।
ত্ৰিশ বছৰমান আগতে হৰি চৰকাৰ নামৰ মানুহজনে দিলীপ মাহাতো নামৰ লোক এজনৰপৰা ঘৰটো ভাড়াত লৈছিল। হৰি চৰকাৰৰ এখন ৰিক্সা আছিল। পাপৰিক বিয়া কৰোৱাৰ আগলৈকে সি ৰিক্সা চলাইছিল যদিও বিয়াৰ পাছতেই সি স্কুলভান এখন চলাবলৈ লয়। দুবছৰমান পাছতেই নানু সিহঁতৰ সংসাৰলৈ আহে। দিলীপ মাহাতো ৰে’লত চাকৰি কৰিছিল, চাকৰি কালতেই পাট্টাহীন মাটিডৰা কিনিছিল সি। অৱসৰৰ পাছত সি বিহাৰলৈ গুচি যায়। কাগজ-পত্ৰ নথকাৰ বাবে আৰু মাজে-সময়ে উচ্ছেদৰ বাতৰি পাই থকাৰ বাবেই হয়তো হৰি চৰকাৰক কম দামতেই ঘৰ-মাটি বিক্ৰী কৰি দেশলৈ গুচি যায়। নানুৰ জন্মৰ পাছতেই ঘৰ-মাটি নিজৰ হোৱাত সিহঁতে নানুক সৌভাগ্যশালী বুলি গণ্য কৰিছিল। ওচৰ-চুবুৰীয়ায়ো নানুক ভাগ্যৱতী বুলি কৈছিল আৰু এদিন বস্তিৰ এই টিনৰ চালিৰ ঘৰৰপৰা মাক-দেউতাকক নানুৱেই চহৰৰ ভাল ঠাইলৈ ভাল ঘৰ সাজি উলিয়াই লৈ যাব পাৰিব বুলি ভৱিষৎ-বাণী কৰিছিল।
নানু লাহে লাহে ডাঙৰ হৈ আহিল, নানুৰ মাকে হৰিক কৈ নানুক স্কুলত নাম লগাই দিলে। বস্তিৰ চুবুৰীয়া ল’ৰা-ছোৱালীবোৰৰ বেছিভাগেই স্কুললৈ নগৈছিল. দিনৰ দিনটো সিহঁতে ইফালে-সিফালে ঘূৰি ফুৰিছিল। কিছুমানে বেয়া সংগৰ লগ লৈ ৰে’ল ষ্টেচনৰফালে গৈ নিষিদ্ধ বস্তুৰ সোৱাদ লৈছিল। উচ্ছৃঙ্খল ল’ৰা-ছোৱালীবোৰৰ মাজত নানুৱে যে স্কুললৈ যোৱা কৰিলে সেই কাৰণে নানু গোটেই চুবুৰিটোৰে আদৰৰ হৈ উঠিল। গোটেই চুবুৰিটোৰ মানুহে নানুক নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিবলৈ ধৰিলে। কেৱল সেয়াই নহয়, কোনেও যাতে নানুক বেয়া দৃষ্টিৰে চাব নোৱাৰে তাৰ বাবেও সদা-সতৰ্ক থাকিল। নানুক দেখি দুই-এজন ল’ৰা-ছোৱালী স্কুললৈও যাবলৈ ধৰিলে। এনেদৰেই নানু জনপ্ৰিয় হৈ উঠিল আৰু পাপৰিৰ নামটো নানুৰ মাক হৈ পৰিল।
বজৰংগী বেছি ভাগ সময়তেই মাতাল হৈ থাকে। সি কোনোবা মাৰোৱাৰী গুদামৰ মাল-বস্তু ট্ৰাকত উঠোৱা নমোৱা কৰে। সি সিদিনা নানুৰ মাকক কৈ আহিল, “নানুৰ মাক, নানু আমাৰো ছোৱালী। তাইৰ স্কুল-কলেজ বন্ধ যাতে নহয়, ঠিক মতে চকু ৰাখিবা। কিবা অসুবিধা পালে আমাক ক’বা।” শিৱ মন্দিৰৰ পূজাৰী নিমাই শৰ্মাই প্ৰায়েই হৰি চৰকাৰক শিৱ মন্দিৰৰ চালিৰ ভিতৰলৈ মাতি নানুৰ বাবে নিৰ্মালি আৰু প্ৰসাদ দি পঠিয়ায়। “হৰিজী, দুনীয়াত মানুহেই মানুহ, কিন্তু সকলোৱে মানুহৰ কাম কৰিব নোৱাৰে। নানুক এনেকুৱা পৰিৱেশৰ মাজৰপৰা স্কুলত দি তুমি এজন সঁচা মানুহৰ কাম কৰিছা, বাবাই তোমালোকৰ মংগল কৰিব।” নানু যেতিয়া ডাঙৰ হৈ আহিল স্কুললৈ যোৱাৰ বাটত ৰৈ থকা ডেকাবোৰক দেখি নানুৰ শংকা উপজিবলৈ ধৰিলে। এই কথাটো ডেকা ল’ৰাবোৰেও মন কৰিলে। এদিন কেবাজনো ডেকা নানুহঁতৰ ঘৰত উপস্থিত হ’ল। নানুৰ মাকে কথাটো কি ধৰিব নোৱাৰিলে। সিহঁতেই ৰহস্য ভেদ কৰিলে, “আমি মিঠাই আনিছোঁ, মিঠাই খাম। আৰু এয়া চোৱা, আমি ৰাখী লৈ আহিছোঁ। নানুই আমাক সকলোকে ৰাখী বান্ধিব।” সিদিনা ৰাখীবন্ধনৰ দিন আছিল। সিদিনাৰপৰা নানুই কেতিয়াও সিহঁতক ভয় কৰা নাই। প্ৰতিটো ৰাখীবন্ধনৰ দিনত তাই সিহঁতক ৰাখী বান্ধি আহিছে।
নানুই সঁচা অৰ্থত এখন নিজৰ চুবুৰি পাইছিল। বস্তি অঞ্চলত বিচিত্ৰ মানুহ থাকে। চোৰ, ডকাইত, মদপী, নিচাসক্ত, অসামাজিক ইত্যাদি নানান ধৰণৰ লোক বস্তি অঞ্চলত সোমাই পৰে বুলিয়েই সকলো মানুহ তেনেকুৱা নহয়। এই অঞ্চলতেই কিন্তু এখন সুন্দৰ সমাজৰ স্বপ্ন দেখা মানুহো থাকে। আৰ্থিক দৈন্য, অসহায়তাৰ মাজতো তেওঁলোকে এখন ভাল সুন্দৰ সমাজ গঢ়াৰ চেষ্টা অব্যাহত ৰাখে। নানুক লৈ তেনে এটি স্বপ্নই গঢ় লৈ উঠিছে।
হৰি চৰকাৰ ৰাতিপুৱা ওলাই যায় স্কুল ভেনখন লৈ। সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ লগত থাকি থাকি সি জীৱনৰ এটা বেলেগ ৰস লাভ কৰিছিল। নতুন ল’ৰা-ছোৱালীবোৰৰ কিছুমানে তাৰ বাকচৰ দৰে ভেনখনত উঠিবলৈ ভয় খাইছিল, কিছুমানে আকৌ তাতেই উঠিবলৈ উত্ৰাৱল হৈছিল। মাকবোৰৰো কোনোবাই তেওঁৰ ভানত ল’ৰা-ছোৱালী উঠাই দি নিচিন্ত হৈছিল, কোনোবাই আকৌ কোনোমতেই তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিব পৰা নাছিল আৰু ল’ৰা বা ছোৱালী উঠাই দি ৰিক্সা লৈ পিছে পিছে গৈ স্কুল ওলাইছিলগৈ। হৰিয়ে এটা কথা সদায় লক্ষ্য কৰিছিল যাতে অতিৰিক্ত শিশু ভেনখনত উঠিব লগা নহয়। বহুতে কিন্তু অতিৰিক্ত শিশু উঠায় আৰু শিশুহঁতৰ জীৱনৰ প্ৰথম খোজটোৱেই দুৰ্বিষহ কৰি তোলে। দিনক দিনে চহৰখনত যান-বাহন ইমান বাঢ়িছে যে ভেন চলোৱা অসম্ভৱ যেন হৈ পৰিছে। তেওঁৰ ভয় হয় মানুহে চলোৱা ভেনবোৰ অতি সোনকালেই লুপ্ত হৈ পৰিব। তথাপি যিমান দিন পাৰে সিমান দিনলৈ হৰি চৰকাৰে নিষ্ঠাসহকাৰে ভেন চলাব বুলিয়েই ভাবিছে।
পূজাৰ দিন ওচৰ চাপি আহিছে। চহৰত যান-জোঁট বাঢ়িছে। ইফালে-সিফালে ৰঙীন বেলুন, পুতলা, চৰাই লৈ কিছুমান ভ্ৰাম্যমাণ দোকানী ঘূৰি ফুৰিছে। তাকে দেখি তেওঁৰ ভেনখনৰ ভিতৰৰপৰা ল’ৰা-ছোৱালীবোৰে একোবাৰ স্ফূৰ্তিত চিঞৰি উঠিছে। ভেনৰ দুৱাৰ ভালদৰে বন্ধ আছে নে নাই তেওঁ ভালদৰে চাই লৈছে। অৱশেষত চহৰৰ যান-জোঁট ভাঙি ভাঙি তেওঁ স্কুলৰ গেট পালে। স্কুল গেটখনৰফালেদি তেওঁ ভেনৰ দুৱাৰখন খুলি দিলে আৰু ল’ৰা-ছোৱালীকেইটাক নমাই স্কুলৰ চোতালত থৈ আহিল। কিন্তু অকস্মাৎ ঘটিল ঘটনাটো। চোতাললৈ থৈ অহা ছোৱালী এজনী ক’ব নোৱাৰাকৈ দৌৰি ওলাই আহিল আৰু ৰাস্তাৰফালে দৌৰিবলৈ ধৰিলে। বোধহয় ৰাস্তাৰ সিটো পাৰত ৰৈ থকা বেলুনৰ দোকানখনলৈ যাবলৈকে তাই দৌৰ দিছিল। তেনে সময়তে আহিল দ্ৰুতবেগত কাৰ এখন। হৰি চৰকাৰে অতৰ্কিত ঘটনাটোত কি কৰিব কি নকৰিব হৈ ছোৱালীজনীক বচাবলৈ হাত মেলি দৌৰি গ’ল। থাপ মাৰি ছোৱালীজনীক তেওঁ আঁতৰাই পঠিয়ালে। ছোৱালীজনী বাচিল। কিন্তু …। হৰি চৰকাৰ কাৰৰ তলত পৰিল আৰু বেয়াকৈ আঘাত প্ৰাপ্ত হ’ল।
নানুৰ মাকৰ সংসাৰলৈ অমানিশা নামি আহিল। ঘৰৰ উপাৰ্জনৰ মূল মানুহজনেই শয্যাশায়ী হৈ থাকিল। কেবাদিনো হস্পিটেলত থাকি হৰি চৰকাৰ ঘূৰি আহিল সম্পূৰ্ণ সুস্থ নোহোৱাকৈ। তেওঁৰ ভৰি এখন চিৰদিনৰ বাবে হয়তো অকামিলা হৈ যাব; স্কুল ভেন আৰু তেওঁ কেতিয়াও চলাব নোৱাৰিব।
সকলো যেন নীৰৱ হৈ পৰিল। এয়া কি হৈ গ’ল? ভেনখন চলাব নোৱাৰিলে পৰিয়ালটো কেনেদৰে চলিব? কোনে খুৱাব পৰিয়ালটোক? কি হ’ব নানুৰ স্কুল?
“মই আৰু স্কুললৈ নাযাওঁ মা। আমি এতিয়া বাচি থাকিবলৈকে দেখোন কাম কৰিব লাগিব।”
নানুৰ মাকে কি ক’ব নানুক? একো পথ দেখা নাপালে সন্মুখত। এয়াই যেন বস্তিৰ মানুহৰ ভাগ্য। টিনৰ চালিৰ তলত এটা পৰিয়াল। তাৰে এগৰাকী শয্যাশায়ী। এগৰাকী কাম বিচাৰি ওলাই গৈ ঘূৰি ফুৰিব ৰাজপথত। এগৰাকী শিশু শ্ৰমিক। কাৰোবাৰ ঘৰত গালি লাঠি খাই বাচন ধুব লাগিব, কাপোৰ ধুব লাগিব। স্বপ্ন হেৰুওৱাৰ বেদনাৰ বোজা লৈ সকলো পৰিশ্ৰান্ত। নাই নাই। ইয়াতেই শেষ হ’ব নোৱাৰে। নানুৰ মাকে মানি ল’ব বিচৰা নাই সহজে। আৰু এঘড়ী যুঁজিব তাই।
“তই স্কুল এৰিব নোৱাৰ।” কিছুসময় নিৰৱে থাকি মাকে কঁপা কঁপা স্বৰেৰে কয়। “স্কুললৈ তই যাবই লাগিব। ইমানদিনে তোৰ দেউতাৰে যুঁজিলে, এতিয়া মই যুঁজিম। তোৰপৰা মই বহুত কিবাকিবি বিচাৰোঁ।”
“তুমি অকলে কি কৰিবা মা? দেউতাৰ ঔষধ, ঘৰখনৰ খৰচ, তাৰ ওপৰত মোৰ স্কুলৰ খৰচ….”
“তই ভাগি নপৰিবি নানু। ভাগি পৰিলে সকলো শেষ হৈ যাব। তই, মই সকলো হেৰাই যাম ঢৌৰ মাজত। বস্তিৰ মানুহে তোক নানু আৰু মোক নানুৰ মাক বুলি মৰম কৰে। তই স্কুল এৰিলে সেই মৰমৰপৰা আমি বঞ্চিত হৈ যাম। ইয়াৰ অৰ্থ হ’ল বস্তিৰ লোকেও তোৰ ওপৰত কিবা আশা কৰি আছে। নহ’লে আমিও ঢৌৰ মাজত হেৰাই যাম।”
“নাজনো মা, তুমি কেনেদৰে এয়া সম্ভৱ কৰিবা।”
“কাইলৈ মই ওলাই যাম। ক’ৰবাত কাম বিচাৰিম। তই আনদিনাৰ দৰে স্কুললৈ যাবি।”
দীঘল ৰাতিটো আন্ধাৰৰ হাতোৰা মেলি আগুৱাই আহে। এনেদৰে কাৰোবাৰ বোজা হৈ পৰিব বুলি কেতিয়াও ভবা নাছিল হৰি চৰকাৰে। নানুৰ মাকে কেতিয়াও ভবা নাছিল গিৰীয়েকে কেতিয়াবা এনেদৰে তাইৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব বুলি। তাই নিজকে বাৰে বাৰে প্ৰশ্ন কৰিছে পাৰিবনে তাই? এই বিপদত ঘৰখন ধৰি ৰাখিব পাৰিবনে তাই?
অৱশেষত উজাগৰী ৰাতিটো পাৰ হয়। ৰাতিপুৱা নানুক স্কুললৈ উলিয়াই দি গিৰীয়েকক ভাত-পানী আৰু ঔষধ-পাতি খুৱাই নানুৰ মাক বাহিৰলৈ ওলাব খুজিছিলহে মাথোন, এনেতে ক’ৰবাৰপৰা বজৰংগী আহি ওলাল। “নানুৰ মাক, মই প্ৰায় দুবছৰে ইয়াত নাই। মালিকে আমাক শিলিগুৰীলৈ নিছিল কামৰ বাবে। সিফালে গৈছিলোঁ যদিও নানুৰ খবৰ লৈ থাকিছিলোঁ। তাতেই শুনিলোঁ সকলো কথা। মালিকে টকা-পইচা ৰাখি থৈছিল। দিয়োতে পলম কৰিলে। সেইবাবে আহিব পৰা নাছিলোঁ। নানুৰ মাক, তুমি চিন্তা নকৰিবা। নানুক স্কুললৈ গৈ থাকিবলৈ দিবা। হৰিও ভাল হ’ব। নানুক আমি নিজৰ ছোৱালী বুলি কৈছিলোঁ, এতিয়া ছোৱালীৰ প্ৰতি থকা কৰ্তব্য কৰাৰ সময়।”
সিদিনাখনেই শিৱমন্দিৰৰ পূজাৰীজনো আহি ওলাল। সি আহিয়েই হৰিৰ ওচৰলৈ আহিল। “হৰিজী, মই যেতিয়াই নানুৰ বাবে প্ৰসাদ আৰু নিৰ্মালি দি পঠাইছিলোঁ তেতিয়াই তুমি শিৱ বাবাৰ নামত দহ টকা, পাঁচ টকা দি সেৱা কৰিছিলা। মই কেতিয়াবা ভাবিছিলোঁ তোমাক প্ৰসাদ ল’বলৈ মাতিলে তুমি আমনি পোৱা নেকি? ভয় কৰিছিলোঁ শিৱ বাবাৰ নামত টকা উঠোৱাৰ বাবেই মই তোমাক মাতো বুলি মোক ভণ্ড বুলি ভাবা নেকি? কিন্তু নাজানো নানুৰ মংগলৰ বাবে মোৰ মনটো কিয় ইমান উত্ৰাৱল হৈছিল। সেই বাবেই পাৰিলে সদায় যেন নানুলৈ প্ৰসাদ পঠিয়াম এনে মন হৈছিল। শেষত এটা বৰ ডাঙৰ উপায় পালোঁ। মই ভাবিলোঁ তুমি দিয়া টকাবোৰৰ নামমাত্ৰ এটা অংশ শিৱ বাবাৰ নামত খৰচ কৰি বাকীখিনি টকা জমা কৰি যাম আৰু এই টকাখিনি বিপদৰ দিনত নানুৰ স্কুলৰ বাবে খৰচ কৰিবলৈ তোমাক ওভোতাই দিম। এই কথাখিনি ভবাৰ পিছতেই তোমাক মাতিবলৈ মোৰ ভয় নলগা হ’ল। হৰি, এতিয়া বৰ্তমানক স্বীকাৰ কৰা, সেই সময় এতিয়া আমাৰ সন্মুখত, যদিও এই সময় নাহিলেই ভাল আছিল।”
সন্ধিয়া নানুৰ মাকে নানুক সকলো ভাঙি-পাতি ক’লে। বজৰংগী আৰু শিৱ মন্দিৰৰ পূজাৰী আহি টকা দি থৈ যোৱাৰ কথাও ক’লে। নানুৰ সাহস আহিল। তাই মাকক ক’লে, “মা, আমি টকাখিনি এনেয়ে খৰচ নকৰি কাম এটা কৰিলে কেনে হয়? আমি যদি দোকান এখন দিওঁ? বস্তিত বহুত মানুহৰ ভিৰ হয়। আমাৰ ঘৰৰ সুন্মুখৰফালে ৰুটী-চবজীৰ দোকান এখন দিলে নচলিব জানো?”
তাইৰ কথাখিনি মাকৰ বৰ ভাল লাগিল, হৰিয়েও কথাটোত সমৰ্থন কৰিলে। নানুই ৰাখী পিন্ধোৱা ডেকাকেইজনক মাতি আনি দুদিনমানৰ ভিতৰতেই চালি এখন দিয়াই দোকানঘৰ সাজু কৰিলে। নানুৰ মাকৰ দোকান আৰম্ভ হ’ল। নানুৰ মাকে দিনৰ ভাগত ৰুটি-চবজী আৰু সন্ধিয়াৰ ভাগত ব’ৰ আৰু আলুৰ ছ’প বিক্ৰী কৰিবলৈ ধৰিলে। দোকানখন ভালেই চলিল। হৰিৰ চিকিৎসাৰ খৰচ, নানুৰ পঢ়া-শুনাৰ খৰচ, ঘৰখন চলাৰ খৰচ দোকানৰপৰাই ওলাল।
লাহে লাহে হৰি অলপ অলপকৈ খোজকাঢ়িব পৰা হৈছে। নানু কলেজলৈ যাবলৈ লৈছে। বস্তিত বহুতো নতুন মানুহ আহিছে, পুৰণি মানুহ কিছুমান গুচি গৈছে। বজৰংগী আগৰ দৰে নাই, দেহা পৰি আহিছে। সকলোতকৈ ডাঙৰ কথা চৰকাৰী মানুহ বস্তিলৈ আহি কিবা জৰীপ কৰি গৈছে আৰু জাননী দিছে যে এই বস্তিটো খালি কৰা হ’ব।
নানুৰ মাকে জানে, হৰি চৰকাৰেও জানে; এই বস্তিৰ মানুহৰ কাৰো মাটিৰ কাগজ-পত্ৰ নাই। এদিন এনেকুৱা ঘটনা হোৱাৰ শংকা মনৰ মাজত লৈও মানুহবোৰ এই বস্তি অঞ্চলত থিতাপি লৈছিল। তাতেই তেওঁলোকে ঘৰ পাতে, স্বপ্ন ৰচনা কৰে। কোনোবাই তাতেই ৰাজনীতি কৰে। কাৰোবাৰ লাভ হয়, কাৰোবাৰ নহয়। কিছুমানে চৰাইৰ দৰে আহি দুপইচা উপাৰ্জন কৰি গুচি যায়। মানুহবোৰৰ ভৰষা চৰকাৰে আগৰদৰে এইবাৰো এনেয়েই জাননী দিছে। দুই-এটা চালি ভাঙি গুচি যাব তেওঁলোক।
কেবামাহো পাৰ হৈ যায়। লাহে লাহে কথাবোৰ তল পৰে। ঘৰ ভাঙিবলৈ কোনো নাহে। বস্তিৰ জীৱনৰ স্ৰোত বৈ থাকে। দিনবোৰ যায়। নানু স্নাতক হ’ল। শিৱ মন্দিৰৰ পূজাৰীগৰাকী ঢুকাল। কওঁ-নকওঁ কৈ বজৰংগীয়ে এদিন নানুৰ বিয়াৰ কথা উলিয়ালে। চৰকাৰে ঘৰ ভাঙি দিয়াৰ আগতে নানুৰ বিয়াখন হৈ গ’লে সি শান্তি পায়। নানুই কয় আগেয়ে চাকৰি এটাহে লাগে। মাকৰো বয়স হৈ আহিছে। বেছিদিন আৰু দোকানখন কেনেকৈ চলাব?
দেহা পৰি অহাৰ ল’গে ল’গে মনৰ অদম্য সাহস হেৰুৱাই পেলাইছে বজৰংগীয়ে। তেওঁ এতিয়া মদ খাবলৈকো এৰি দিছে। আগৰ দৰে জোৰ দিয়া কামবোৰ কৰিব নোৱাৰে সি। বাচি বাচি মালিকৰপৰা পাতল কামবোৰ লয়। সিদিনা কামৰ মাজতেই কোনোবাই কয় চৰকাৰে অতি সোনকালে বস্তিত উচ্ছেদ চলাব। উচ্ছেদ কৰি তাতে হেনো ডাঙৰ পাৰ্ক সাজিব। কথাটো শুনি তেওঁ অস্থিৰ অনুভৱ কৰিলে। কিয় জানো তেওঁৰ মনত এটা ভয় সোমাল-বস্তিটো বেছিদিন আৰু থাকিবলৈ নিদিব। ক’লৈ যাব ইয়াৰ মানুহবোৰ, ক’লৈ যাব সি, ক’লৈ যাব নানুৰ মাক আৰু নানু? হৰি চৰকাৰৰ কি হ’ব? জীৱনৰ আধাতকৈ বেছি বয়স সি ইয়াতেই পাৰ কৰি দিছে, কেতিয়াও এইবোৰ ভাব অহা নাছিল তেওঁৰ। চৰকাৰে ভঙাই থৈ গ’লে আমি আকৌ সাজি ল’ম-এয়া আছিল তেওঁৰ মনোভাব। নাছিল কোনো ভয় নাছিল কোনো দুখ। তেওঁ আকৌ নানুৰ মাক আৰু হৰিক লগ ধৰিবলৈ গ’ল। তেওঁ আজি জোৰ কৰি ধৰিব, নানুৰ বিয়াৰ ব্যৱস্থা কৰিবই লাগিব। ঘৰবোৰ ভাঙি দিলে ক’লৈ যাব নানু? কন্যাসম নানু অঘৰী হৈ বাটে-পথে ঘূৰি ফুৰিব–নাই নাই এয়া হ’ব নোৱাৰে, এয়া হ’ব নোৱাৰে।
নানুৰ মাকৰ দোকান আজি বন্ধ। ঘৰত কিছু হুলুস্থূল। ফূৰ্তি। বজৰংগী আচৰিত হ’ল। কি হ’ল-কেবাজনো লোক, সকলোৱে আনন্দ স্ফূৰ্তি কৰিছে। লেঙেৰাই লেঙেৰাই হৰি আহি বজৰংগীক সাৱটি ধৰিছে, “ভাই আজি আমাৰ আনন্দৰ দিন। নানু চাকৰি পাইছে। তাই আজিয়েই চাকৰিত যোগদান কৰিবলৈ ওলাই গৈছে।”
বজৰংগী আনন্দত উচুপি উঠিল। আৱেগতে তেওঁ ক’বলৈ ধৰিলে, “মই জানিছিলোঁ, আমাৰ ছোৱালীয়ে এনেকুৱা কিবা এটা ডাঙৰ কাম কৰি দেখুৱাবই দেখুৱাব। চোৱা নানুৰ মাক, চোৱা হৰি, আজি আমি কিমান আনন্দ লাভ কৰিছোঁ। আজি আমাৰ গোটেই বস্তিটোৰেই আনন্দৰ দিন।”
ইয়াৰ কেইদিনমান পাছতেই নানুৰ বিয়াৰ কথা উলিয়ায় বজৰংগীয়ে। চাকৰিত যোগ দিয়াৰ পাছত নানুৱেও এইবাৰ আপত্তি নকৰিলে। দৰাও ওলাল। বিয়াৰ দিন-বাৰ ঠিক হ’ল। গোটেই চুবুৰিটোতেই বিয়াৰ বাবে আনন্দৰ লহৰ বৈ গ’ল।
চাৰিআলিত এনেয়েই আড্ডা দি থকা ডেকাবোৰৰ অৱশ্যে বেছিভাগেই নোহোৱা হ’ল। সকলোৱে নিজা নিজা কামত কৰবালৈ গুচি গৈছে। তথাপি নানুই সিহঁতৰ খবৰ কৰি দুই-চাৰিজন পাইছে। এই ভাই কেইজন নহ’লে নানুৰ বিয়াৰ আনন্দ কেনেকৈনো হ’ব? এই বিয়াত পূজাৰী দেউ থাকিলে আৰু কিমান যে আনন্দ হ’লহেঁতেন। ইফালে বজৰংগী এইকেইদিন ঘৰলৈকে যোৱা নাই। বয়সে নামানিলেও বিয়াৰ সকলো কামতেই মূল মানুহজনৰ দৰে হৈছে। দৰা আদৰাৰ বাবে ৰভা সজোৱাৰ তদাৰক কৰা, নিমন্ত্ৰিত অতিথিৰ ভোজৰ বাবে ঠাই উলিয়াই ৰভা দিয়া, বজাৰ কৰা সকলো কৰিছে তেওঁ। হৰিতো বেছি চলা-ফুৰা কৰিব নোৱাৰে, বজৰংগীয়ে সেই অভাৱ দূৰ কৰিছে।
নিমন্ত্ৰিত অতিথি আহিল, ভাগে ভাগে তেওঁলোকক খোৱা-বোৱা কৰোৱা হ’ল, নানুৰ মাক আজি কইনাৰ মাক হৈ সকলোকে মাত দিলে; হৰিয়েও যিখিনি পাৰে কৰিলে। বজৰংগীয়ে কিন্তু সকলোকে কৈ ফুৰিলে, “চোৱা আমাৰ ছোৱালী পঢ়ি-শুনি চাকৰি কৰিলে, আজি তাইৰ ভাল এখন ঘৰলৈ বিয়া হৈ যাব। এয়া আমাৰ বস্তিৰ গৌৰৱ, আজি বস্তিৰ আনন্দৰ দিন।”
দৰা আহিল, যথাবিহিত আপ্যায়নৰ পিছত পুৰোহিতে বিয়াৰ পৱিত্ৰ মন্ত্ৰোচ্ছাৰণ কৰি, হোমৰ জুইৰ কাষত দৰা-কইনাক বহুৱাই, ৰাইজক সাক্ষী কৰি বিয়া আৰম্ভ কৰিলে। এনে সময়তে নানুৰ ভাইহঁতৰ কোনোবাই বজৰংগীক এফালে মাতি নি কাণে কাণে কিবা কয়। বজৰংগী চিন্তিত হয়, কিন্তু তৎমুহূৰ্ততে তেওঁ নিজক চম্ভালি লয় আৰু সিহঁতক কয়, “এই মুহূৰ্তত তোমালোকে কোনেও হুলুস্থূল নকৰিবা। দৰা-কইনা নোযোৱালৈকে বিয়াঘৰৰ কোনেও যাতে কথাটো গম নাপায়, চকু ৰাখিবা।” বিয়া শেষ হ’ল। কান্দি কান্দি নানুৱে সকলোৰেপৰা বিদায় ল’লে। বজৰংগীক আজি তাইৰ দেউতা বুলিবৰ মন গ’ল। “খুৰা, নাজানো কি ভাগ্যৰ বলত তোমাৰ নিচিনা মানুহ আমি পাইছোঁ। আজি মোৰ তোমাক দেউতা বুলিবলৈ মন গৈছে। মোক অনুমতি দিবানে?”
বুকুৰ মাজলৈ চপাই আনি বজৰংগীয়ে কয়, “হেজাৰ বাৰ দিম মা; হেজাৰ বাৰ দিম; মাতা মা, মোক দেউতা বুলি মাতা।”
“দেউতা, দেউতা, মোৰ যে কিমান ভাগ্য, মোৰ দুগৰাকী দেউতা।”
কান্দি-কাতি নানুক পিতৃগৃহৰপৰা বিদায় দিয়া হ’ল। ফুলেৰে সজোৱা দৰা-কইনাৰ গাড়ীখনত উঠি দৰা-কইনা আৰু বেলেগ এখন গাড়ীৰে দৰা-ঘৰীয়া কইনাঘৰ শুদা কৰি আঁতৰি গ’ল। তেতিয়াও নিশা শেষ হোৱা নাই। মানুহবোৰ আঁতৰি যোৱাৰ পাছত ৰভাখন শূন্য হৈ পৰিল। ৰভাৰ এটা কোণত হৰি চৰকাৰ বহি ৰ’ল। আন এটা কোণত বাটৰফালে চাই থিয় হৈ আছে নানুৰ মাক। দুই-এজন আলহী ইফালে-সিফালে চকীতেই হাউলি টোপনি গৈছে। বজৰংগী কিছু অস্থিৰ হৈ আছে; বাটলৈ ওলাই গৈ আকৌ ৰভাতলীলৈ আহিছে। কেবা বাৰো তেনেকুৱা কৰা দেখি নানুৰ মাকে সুধিলে, “তুমি কি কৰিছা বজৰংগী? কি হৈছে?”
“নানুৰ মাক, কথা ডাঙৰেই। এইবাৰ কি হয় ক’ব পৰা নাই। আজি ৰাতিপুৱাৰ লগে লগেই ঘৰবোৰ ভাঙি দিবলৈ চাৰিওফালে সাজু হৈ আহিছে চৰকাৰী মানুহ। বাহিৰত পুলিচেই পুলিচ। জে চি বি, হাতী সকলো লৈ আহিছে তেওঁলোক। লগে-লগে আহিছে পকী দেৱাল সাজিবলৈ মিস্ত্ৰী। গোটেই বস্তি গুচাই ইয়াতে সজাব ডাঙৰ পাৰ্ক। ৰাতিপুৱাইহিয়েই এতিয়া।”
ৰাতিপুৱাৰ লগে লগেই সাজু হৈ থকা চৰকাৰী প্ৰশাসনৰ মাইকত মানুহবোৰক আঁতৰি গৈ চৰকাৰী উচ্ছেদ অভিযানত সহযোগ কৰিবলৈ অনুৰোধ জনাই কৰা ঘোষণাৰ শব্দ স্পষ্টকৈ ভাহি আহিল। লগে লগে চাৰিওফালে হুলুস্থূল আৰ্তনাদ বিয়পি পৰিল।
সন্ত্ৰস্ত চাৱনিৰে হৰি চৰকাৰে লেঙেৰাই লেঙেৰাই বজৰংগীৰফালে আগুৱাই আহিল, কঁপা কঁপা মাতেৰে উচ্চাৰণ কৰিলে, “আমি এতিয়া কি কৰিম ভাই?”
কিছুসময় হৰিৰফালে চাই থাকি সাহস দিবলৈ বজৰংগীয়ে ক’লে, “বস্তিৰ মানুহে এনেদৰে ক’ব নাপায়।”
