ষ্টেচু অব ইউনিটি চাই আহিলো

লেখক- ৰূপলেখা দেৱী

বহুত দিনৰ পৰা মনত এক হাবিয়াস আছিল যে গুজৰাটৰ একতা নগৰত স্থাপিত পৃথিৱীৰ সৰ্বোচ্চ মূৰ্তি হিচাপে স্বীকৃত লৌহ মানব চৰ্দাৰ বল্লভভাই পেটেলৰ একতা মূৰ্তিটো(ষ্টেচু অব ইউনিটি) এবাৰ দৰ্শন কৰো। অৱশেষত জুলাই মাহৰ ওঠৰ তাৰিখে নেদেখা জনৰ কৃপাত আমাৰ সেই আশা পূৰ্ণ হ’ল। মই আৰু মোৰ স্বামীয়ে আহমেদাবাদত থকা আমাৰ দাদা বৌ(স্বামীৰ দাদা)ৰ ঘৰৰ পৰা জুলাইৰ ওঠৰ তাৰিখে পুৱা ৬: ৩০ বজাত ভাৰা গাড়ী এখনেৰে একতা নগৰত স্থাপিত চৰ্দাৰ বল্লভভাই পেটেলৰ একতা মূৰ্তি অভিমুখে ৰাওনা হ’লোঁ। আহমেদাবাদৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় দুশ কিলোমিটাৰ আৰু বৰোদাৰ পৰা প্ৰায় এশ কিলোমিটাৰ। গুজৰাট ৰাজ্যখন যিহেতু ভাৰতৰ একেবাৰে পশ্চিমত অৱস্থিত সেয়েহে তাত অসমৰ নিচিনা পুৱা সোনকালে পোহৰ নহয়। গৰমকালি পুৱা পোহৰ হওঁতে ৬টা মান আৰু ৰাতি হওঁতে প্ৰায় আঠ মান বাজে। সেয়েহে আমি গাড়ীৰে যাত্ৰা আৰম্ভ কৰোঁতে বেলি ওলাইছিলহে মাত্ৰ। ৰাস্তাত মানুহ দুনুহ বৰ বেছি নাছিল বাবে গাড়ীৰ গতি যথেষ্ট তীব্ৰ কৰিব পৰা গৈছিল। তাতে আকৌ আহমেদাবাদৰ পৰা বৰোদালৈ ছয় লেন যুক্ত এক্সপ্ৰেছ হাইৱেৰে যোৱাত আমি ডেৰ ঘণ্টা মানতে বৰোদাত উপস্থিত হ’লোঁ। বৰোদাৰ এখন নিৰামিষ হোটেলত আমি অলপ পুৱাৰ আহাৰ কৰি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বাহিৰত চিপ চিপীয়া বৰষুণ দি থকাৰ বাবে বতৰটো বৰ সুন্দৰ হৈ আছিল। এনেকুৱা লাগিছিল তাত যেন অসমতকৈ বতৰ কিছু ঠাণ্ডাহে।
এনেদৰে গৈ গৈ আমি ১০-১৫ মান বজাত ষ্টেচু অৱ ইউনিটিলৈ যোৱাৰ বাবে নিজে লৈ যোৱা গাড়ী আদি পাৰ্কিং কৰিবলৈ থোৱা নিৰ্দিষ্ট ঠাইখিনি পালোঁ। ষ্টেচু অব ইউনিটি চাবলৈ পাৰ্কিঙৰ ওচৰতে টিকট কাউণ্টাৰটো আছে। আমি পিছে অনলাইন যোগে আগদিনাখনেই টিকট কৰি থৈছিলোঁ। ইয়াত টিকটৰ মূল্য ভিন ভিন দৰ্শন আৰু সুবিধাৰ বাবে বেলেগে বেলেগে যদিও আমি গায়ে প্ৰতি ৩৮০ টকাৰ টিকট কিনিছিলোঁ।

চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ অন্যতম প্ৰতিষ্ঠাপক ব্যক্তি আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। পিছলৈ তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী উপ-প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত তেওঁ বৃহত্তৰ ভাৰত গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে তেখেতে কঠোৰ পদক্ষেপ লোৱাত অগ্ৰণী ভূমিকা পালন কৰিছিল, সেয়েহে তেওঁক লৌহ মানৱ আখ্যা দিয়া হয়। ১৮৭৫ চনৰ ৩১ অক্টোবৰ তাৰিখে গুজৰাটৰ কৰমচান্দ নামৰ এখন গাঁৱত তেওঁৰ জন্ম হৈছিল। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী পঢ়িবলৈ যায়। এই কলেজৰ পৰা তেওঁ ৰোমান আইন বিষয়ত পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ পৰা আইন বিষয়ত ডিগ্ৰী লাভ কৰি চৰ্দাৰ পেটেল গুজৰাটলৈ ওকালতি কৰিবলৈ উভতি আহে। পিছলৈ তেওঁ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ভাৰত স্বাধীন কৰিবলৈ সক্ষম হয়। চৰ্দাৰ বল্লভভাই পেটেল সকলোৰে মাজত চৰ্দাৰ উপাধিৰে জনাজাত, যাৰ অৰ্থ হিন্দী আৰু উৰ্দু ভাষাত দলপতি। তদুপৰি তেওঁক ভাৰতৰ লৌহ পুৰুষ হিচাপে অভিহিত কৰা হয়। ১৯৫০ চনৰ ১৫ ডিচেম্বৰত বোম্বাইত তেখেতৰ পৰলোক প্ৰাপ্তি ঘটে। ১৯৯১ চনত মৰণোত্তৰভাৱে তেখেতক ভাৰত ৰত্ন বঁটাৰে বিভূষিত কৰা হয়।
চৰ্দাৰ বল্লভভাই পেটেল এগৰাকী ব্যতিক্ৰমী নেতাৰ উপৰিও তেওঁৰ জীৱন আৰু কৰ্মই ঐক্য, সততা আৰু নিস্বাৰ্থ সেৱাৰ আদৰ্শ দাঙি ধৰে। ভাৰতক একত্ৰিত কৰি স্বাধীনতাৰ পিছত ভাৰতবাসীৰ ভাগ্য গঢ় দিয়াত তেওঁৰ অৱদান‌ ‌ভাৰতীয় ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়।

বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা কালত ২০১৩ চনৰ ৭ অক্টোবৰৰ দিনা তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ দহ বছৰীয়া বাৰ্ষিকী উপলক্ষে চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি এটা স্থাপন কৰাৰ কথা ঘোষণা কৰে। সেয়েহে সেই চনৰে ৩১ অক্টোবৰৰ দিনা এই মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হয় আৰু ২০১৮ চনৰ ৩১ অক্টোবৰ তাৰিখে বল্লভভাই পেটেলৰ জন্ম তিথিত ইয়াৰ নিৰ্মাণ কাৰ্য্য সমাপ্ত হোৱাৰ পিছত একতাৰ মূৰ্তি ( statue of unity) হিচাপে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। এইখিনিতে উল্লেখযোগ্য কথাটো এই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত মন্ত্ৰী পৰিষদে ২০১৪ চনৰ ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিনটোত ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰা বৰ্তমানলৈকে এই দিনটো চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে একতা দিৱস ৰূপে পালন কৰি অহা হৈছে।

গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত ১৮২ মিটাৰ(৫৯৭ ফুট) উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ উচ্চতম মূৰ্তিটোৱে হ’ল চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি। এই মূৰ্তিটো একতাৰ মূৰ্তি বা ষ্টেচু অব ইউনিটি নামে জনাজাত। এইটো গুজৰাটৰ নৰ্মদা নদীৰ পাৰত অৱস্থিত। এই মূৰ্তিটো কেৱেদিয়া কলনীত চৰ্দাৰ সৰোবৰ বান্ধৰ ফালে মুখ কৰি থকাকৈ নিৰ্মাণ কৰা হৈছে। এই ঠাইখিনি আজিকালি একতা নগৰ নামেৰে জনা যায়। এইটো বৰোদাৰ পৰা ১০০ কিলোমিটাৰ (৬২ মাইল) দূৰৰ দক্ষিণ পূৱ কোণত স্থাপন কৰা হৈছে। আহমেদাবাদৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় দুশ কিলোমিটাৰ। ভাস্কৰ্য্যটো ২০, ০০০ বৰ্গ মিটাৰৰো বেছি এলেকা জুৰি বিস্তৃত। মূৰ্তিটো থকা একতা নগৰলৈ বাছ, ৰেল আৰু গাড়ীৰে যোৱাৰ সু-ব্যৱস্থা আছে।

গাড়ী পাৰ্কিং কৰা ঠাইখিনিৰ পৰা ষ্টেচু অৱ ইউনিটি থকা একতা নগৰলৈ চৰকাৰৰ ফালৰ পৰা সকলো দৰ্শনাৰ্থীক শীত তাপ নিয়ন্ত্ৰিত বাছেৰে লৈ যোৱাৰ ব্যৱস্থা আছে। অহৰহ এই বাছ চলাচল কৰি থাকে। ইয়াৰ বাবে বেলেগে প‌ইছা দিব নালাগে, ষ্টেচু দৰ্শনৰ টিকটৰ লগত একেলগে লোৱা থাকে। পাৰ্কিং কৰা ঠাইত বহুতো মহিলাই চলোৱা গুলপীয়া ৰঙৰ বেটাৰী চালিত অট’ৰ ব্যৱস্থা আছে। অৱশ্যে ইয়াৰ বাবে বেলেগকৈ প‌ইছা দিব লাগিব।

তাতেই আমি দুয়ো ৰৈ থকা বাছত এখনত উঠি দিলো। বাছখন ভৰ্তি হোৱাৰ লগে লগে যাত্ৰা আৰম্ভ হ’ল। সুন্দৰ মসৃণ চাৰি লেন যুক্ত ৰাস্তাৰে পাচঁ কিলোমিটাৰ দূৰত্বত অৱস্থিত একতা মূৰ্তিটোৰ ওচৰলৈ গাড়ী আগবাঢ়িল। ৰাস্তাৰ মাজৰ ডিভাইদাৰত শাৰী শাৰী ফুলৰ গছে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। তাতে আকৌ বাহিৰত কিনকিনীয়া এজাক বৰষুণে এক মায়াময় দৃশ্যৰ সমাহাৰ ঘটাইছে।

সম্পূৰ্ণ এলেকাটো সুন্দৰ সৰু ডাঙৰ নানা গছ গছনিৰে আবৃত। বাছখনে একতা মূৰ্তিটোৰ কিছু নিলগত আমাক নমাই দিলে। গাড়ীৰ পৰা নামি একতাৰ মূৰ্তিটো দেখি এক বুজাব নোৱাৰা শিহৰণ অনুভৱ কৰিলোঁ। বিশ্বৰ আটাইতকৈ ওখ মূৰ্তিটোৰ ওচৰত কেইখনমান ফটো উঠি মূৰ্তিটোৰ ওচৰলৈ যাবলৈ সাজু হ’লোঁ।

মূৰ্তিটোৰ ওচৰলৈ যাবলৈ হ’লে লগত নিয়া বেগবোৰ স্কেন কৰা হয়। নিয়মানুযায়ী পুৰুষ মহিলাৰ বেলেগ বেলেগ শাৰীত আমিও বেগ বোৰ স্কেন কৰালোঁ। তাত মূৰ্তিটোৰ বেদীৰ ওচৰলৈ যাবলৈ কেইবাখনো বিনামূলীয়া ইলেকট্ৰিক গ’ল্ফ কাৰ্ট বাগী (Electric golf cart buggy) ৰখাই থোৱা আছে, আমি দুয়ো তাৰে এখনত উঠি বেদীৰ ওচৰত গৈ নামিলোঁ। ইয়াৰোপৰি খোজ কাঢ়ি যাবলৈ ৱাকিং এক্সেলেটৰৰো সুন্দৰ ব্যৱস্থা আছে। মুঠতে মূৰ্তিটো চাবলৈ বয়সস্থ মানুহৰ বাবে হুইল চেয়াৰকে আদি কৰি আন সকলো ব্যৱস্থা আছে। বেদীৰ চোতালৰ পৰা চতুৰ্থ মহলালৈ উঠা নমা কৰিবলৈ প্ৰত্যেক মহলাতে চিৰিৰ লগতে চাৰিখন মানকৈ এক্সেলেটৰৰ ব্যৱস্থা আছে। আমি এক্সেলেটৰেৰে উঠি চতুৰ্থ মহলালৈ গৈ ওচৰৰ পৰা নৰ্দমা নদীৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰিলোঁ। নাতি দূৰত থকা চৰ্দাৰ সৰোবৰ বান্ধটোও দেখা পালোঁ। আমি কেইবাখনো ফটো উঠি পুনৰ ভূমি মহলালৈ নামি আহোঁ। ভূমি মহলাত গেলাৰী আৰু মিউজিয়াম অৱস্থিত। ইয়াৰ কেইবাটাও গেলাৰীত বল্লভভাই পেটেলৰ জীৱন ভিত্তিক চিনেমা প্ৰদৰ্শিত হৈ আছে। আমি কিছু সময় বহি তাত চিনেমা উপভোগ কৰিলোঁ। ইয়াত বল্লভভাই পেটেলৰ অকল মুখমণ্ডল আৰু এটা সম্পূৰ্ণ মূৰ্তি স্থাপন কৰা আছে। ভূমি মহলাৰ ভিতৰৰ পৰা দৰ্শনাৰ্থীসকলক লিফ্টেৰে মূৰ্তিটোৰ ভিতৰৰ বুকুৰ অংশলৈ লৈ যায়। ওপৰত লিফ্টৰ পৰা নামি পদপথেৰে (পেচেজ) আমি নৰ্মদা নদী আৰু বাহিৰৰ সম্পূৰ্ণ চৌহদৰ মনোমোহা দৃশ্য উপভোগ কৰি পুনৰ লিফ্টেৰে নামি আহো। ভূমি মহলাত বিশুদ্ধ খোৱা পানী আৰু টয়লেটৰ সুন্দৰ ব্যৱস্থা আছে। খোৱাৰ বাবেও কেইবাখনো ভাল ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে।

মূৰ্তিটো দৰ্শন কৰাৰ উপৰিও তাত আন কেইবাটাও দৰ্শনীয় স্থান আছে। একতা মূৰ্তি দৰ্শন কৰাৰ পিছত আমি পুনৰ বিনামূলীয়া এ চি বাছেৰে জাংগল চাফাৰী আৰু আন দৰ্শনীয় স্থানবোৰ চাবলৈ বাছত উঠিলোঁ। জাংগল চাফাৰীৰ সন্মুখত গাড়ী ৰখাই ইচ্ছুক যাত্ৰীসকলক নামি যাবলৈ ক’লে। আমি কিন্তু তালৈ নোযোৱাৰ সিদ্ধান্ত ললোঁ। ইয়াৰ বাবে বেলেগকৈ টিকট কাটিব লাগে। একোখন টিকটৰ মূল্য ২০০ টকা। এইখন আচলতে এখন চিৰিয়াখানাহে। ইয়াৰ ভিতৰতো ইলেকট্ৰিক গ’ল্ফ বাগীত উঠাৰ সুবিধা আছে। বাছখনে আমাক নি ভেলী অব ফ্লাৱাৰছ আৰু নৰ্মদা নদীত স্থাপন কৰা চৰ্দাৰ সৰোবৰ বান্ধৰ ওচৰত নমাই দিলে। আমি প্ৰথমে বিভিন্ন ফুলেৰে জকমকাই থকা ভেলী অব ফ্লাৱাৰছখন ঘূৰি পকি চাই ওচৰতে থকা চৰ্দাৰ সৰোবৰ বান্ধটো দৰ্শন কৰিলোঁ। এই নদী বান্ধটো ভাৰতৰ তৃতীয় বৃহৎ নদীবান্ধ। একতাৰ মূৰ্তিটো এই বান্ধটোৰ মুখামুখিকৈ আছে। ইয়াত সৰু ল’ৰা ছোৱালীৰ বাবে এখন ইউনিটি গ্লোবেল গাৰ্ডেন নামে পাৰ্ক এখন আৰু ভুলভুলেয়া পাৰ্ক এখনো আছে। ইয়াৰ বাবে বেলেগকৈ টিকট কাটিব লাগে। আমাৰ ইমান সময় ঘূৰি ঘূৰি ভাগৰ লগাত এই দুখন পাৰ্ক দৰ্শন কৰা নহ’ল।
তাৰ পৰা পুনৰ বাছেৰে আমি একতা মূৰ্তিৰ গেটৰ ওচৰলৈ আহো। ইয়াৰ পৰা আমাৰ গাড়ী পাৰ্কিঙলৈ যাবলৈ বেলেগ বাছ ধৰিব লাগিব। আমাৰ অলপ ভোক লগাত তাতে থকা সৰু ৰেষ্টুৰেণ্ট এখনত মেগী আৰু কোল্ড ড্ৰিকছ খালোঁ।

একতা মূৰ্তিৰ ওচৰৰ পৰা চৰ্দাৰ সৰোবৰত সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ ৰিভাৰ ক্ৰুজৰ ব্যৱস্থা আছে। লগতে ৰিভাৰ ৰাফটিঙৰো সুবিধা আছে। সন্ধিয়া ছয় বজালৈ তেতিয়াও প্ৰায় চাৰি ঘণ্টা মান সময় থকাত ইমান সময় এনেয়ে ৰৈ নাথাকি ক্ৰুজত নুঠাৰ সিদ্ধান্ত ল’লোঁ। কিছু সময় জিৰণিলৈ আমি পুনৰ বিনামূলীয়া বাছেৰে উভতি আহি আমাৰ গাড়ী থোৱা পাৰ্কিঙলৈ আহোঁ। বহুত দিনৰ হেঁপাহ এটি পূৰণ হোৱাত মনতে ভগৱানক ধন্যবাদ জনাই আহমেদালৈ উভতি আহোঁ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments