অজুহাত (ন’ মৰ চুইচাইড নোটছ প্লিজ) – বিচিত্ৰ বৰদলৈ

মৃত্যুনো কি
অজুহাত হে এটা!
যাওঁ বুলিয়েই যাব পাৰি
মাধ্যাকৰ্ষণৰ সকলো মোহ সামৰি সুতৰি
তেজাল অভিমান এটাৰ পাহোৱাল হাত খামুচি।

অথচ জীয়াই থাকো
জীয়াই থকাৰ কাৰণ যে অলেখ!

এই যে বেলকনিখনৰ লোভনীয় উচ্চতা
ইয়ো মৃত্যুৰ সুন্দৰ কাৰণ এটা হব পাৰে
এই যে মুৰৰ ওপৰত ঘুৰি থকা চিলিং ফেনখন
ইয়ো মৃত্যুৰ স্থায়ী ঠিকনাটি জানিব পাৰে।
বাথৰুমত থকা ডেটলৰ বটলটো
অথবা কিচেনৰ ধাৰাল ছুৰি-কটাৰীবোৰ
এটা মাত্ৰ সোনালী সুযোগৰ অপেক্ষাত
ইহতেওতো ৰৈ থাকিব পাৰে!

মৃত্যুনো কি
অজুহাত হে এটা!
যাওঁ বুলিয়েই যাব পাৰি
কাৰোবাৰ ওপৰত এবুকু অভিমান কৰি
গুলপীয়া কাগজ এখনত
চাইৰঙী চুইচাইড নোট এটা লিখি

অথচ , জীয়াই থাকো
এদিন দুদিন প্ৰতিদিন

জীয়াই থাকো মাৰ মুখত খৰিকাজাই হাঁহিটো সদায় ওলোমাই ৰখাৰ বাবে
জীয়াই থাকো দেউতাৰ প্ৰতিটোপাল ঘামত সৰি পৰা যন্ত্ৰনাবোৰক দুহাত পাতি ধৰাৰ বাবে
জীয়াই থাকো দাদাৰ আধৰুৱা সপোন বোৰৰ সহযোদ্ধা হোৱাৰ বাবে

জীয়াই থাকো বন্ধুবোৰৰ বাবে
হেলনীয়া আকাশৰ হেঙুলীয়া বেলি
অথবা অৰন্যৰ কিচিৰ মিচিৰ চৰাই জাকৰ বাবে
জীয়াই থাকো ঘাহনিবোৰৰ সেউজীয়া খিনিৰ বাবে
দোখাই পৰা আঘোনৰ ধাননি বোৰৰ বাবে
বসন্তৰ প্ৰথমজাক বৰষুণৰ মায়াবী স্পৰ্শ
নতুবা বুকু ৰিঙ ৰিঙাই যোৱা সংগীত এসোতাৰ বাবে

জীয়াই থাকো মৰমৰ মাত বোৰৰ বাবে
জীয়াই থাকো দীৰ্ঘায়ু হ বুলি মুৰত থোৱা কম্পিত হাতবোৰৰ বাবে
জীয়াই থাকো অসহায় চাৱনীবোৰৰ বাবে
জীয়াই থাকো মুগ্ধ সময় আৰু সোঁৱৰণী বোৰৰ বাবে

জীয়াই থাকো পৰাজিত হোৱাৰ গ্লানি মচি পেলোৱাৰ বাবে
সম্ভাৱনা এটাই উজলাই ৰখা আপোন চিকুন মুখ বোৰৰ বাবে
জীয়াই থাকো জীৱনৰ ওচৰত কৃতজ্ঞ বাবে
আজিলৈ মোৰ মৃত্যু হোৱা নাই
জীয়াই থাকো
সেই কাৰনে।

মৃত্যুনো কি
অজুহাত হে এটা!
যাওঁ বুলিয়েই যাব পাৰি
কাৰোবাৰ ওপৰত এবুকু অভিমান কৰি
গুলপীয়া কাগজ এখনত
চাইৰঙী চুইচাইড নোট এটা লিখি

অথচ জীয়াই থাকো
এদিন দুদিন প্ৰতিদিন

এই জীয়াই থকাৰ
এই জীয়াই থকাৰ কাৰণ অলেখ
মই আস্বস্ত।
মৰিবলৈ নো কি
এটা কাৰণেই যথেষ্ট।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!