অহং(ইগ’)

লেখক- ডাঃ সুৰজিত গিৰি

“গিৰি। ছোৱালীজনী নাবাচিব চাগে!”

 

ৰাতিপুৱাতে ফ’নটো পাই মনটো সেমেকি গৈছিল। আকৌ এটা নিৰ্ঘাত মৃত্যু?

 

সোমবাৰৰ ৰাতি ১ মান বজাৰ কথা। ওদালগুৰি জিলাৰ চিলবৰি গাঁৱৰ ৮ বছৰীয়া মুস্কান বেগম আইতাক আৰু ভায়েকৰ লগত আঁঠুৱা তৰি শুই আছিল। তেওঁলোক বস্তি এলেকাত থাকে। সম্ভৱ আঁঠুৱাটো কোনোবা অংশত ভালকৈ গোঁজা হোৱা নাছিল। সেই সময়তে মুস্কানহঁতৰ দেহৰপৰা ওলোৱা উষ্ণতাৰ উম লৈ এডাল ক’লা ৰঙৰ সৰ্পইও জিৰাই আছিল। কোনোবা সময়ত সাপডাল ভালকৈ নোগোঁজা উন্মুক্ত অংশইদি বিছনাত উঠে। মনত ৰাখিব সৰ্পই বিন্ধা, সুৰুঙা আদি দেখা পালে তাত সদায় প্ৰৱেশ কৰিব বিচাৰে। কাৰণ তেনে ঠাইবোৰত সিহঁতে লুকাই থাকি ভাল পায়। 

মুস্কানে টোপনিৰ জালতে বাগৰ মাৰোতে বাওঁ হাতখন সাপডালৰ ওপৰত পৰে। সাপডালে কিবা বিপদ বুলি ভাবি তাইৰ বাওঁ হাতৰ কিলাকুটিত দংশন কৰে। মুস্কানে হাতত ঠাণ্ডা অনুভৱ কৰাত সাৰ পাই যায়। সন্মুখত সাপডাল দেখি তাই চিঞৰি দিছিল। মুস্কানৰ চিঞৰত আইতাকও সাৰ পাই যায়। আইতাকেও ক’লা ৰঙৰ সাপ এডাল বিছনাত প্ৰত্যক্ষ কৰে। সাপডালেও ভয়তে পলাবলৈ লওঁতে বিছনাৰপৰা পৰি তলত ৰাখি থোৱা মাছৰ জালত ফচি যায়। আইতাক আৰু মুস্কানৰ চিঞৰ-বাখৰত বস্তিৰ সকলো মানুহ সাৰ পাই‌ যায়। ওচৰৰে গাড়ী এখন লৈ তেওঁলোক প্ৰায় ১:৩০ মান বজাত মঙ্গলদৈ জিলা চিকিৎসালয়ত উপস্থিত হয়। ভাগ্য ভাল যে মুস্কানে সাপডাল দেখা পাইছিল। নহ’লে সাপডালে কামোৰি গ’লহেঁতেন আৰু ৰাতিপুৱা মুস্কানৰ অস্বাভাৱিক লক্ষণবোৰ পৰিয়ালবৰ্গ আৰু আমাৰ স্বাস্থ্যকৰ্মী সকলৰ বাবে এক সাঁথৰ হ’লহেঁতেন।

মুস্কানৰ মাক গুৱাহাটীৰ কোনোবা ঘৰত দিন হাজিৰা কৰে। যিখিনি উপাৰ্জন হয়, সেইখিনিৰে তেওঁলোকৰ চাৰিজনীয়া সংসাৰ কেনেবাকৈ চলি আছিল। মুস্কানৰ দেউতাক নাই। মুস্কান, তাইৰ ভায়েক আৰু আইতাক এক বস্তিত থাকে। অলপ কিছু অস্বাস্থ্যকৰ পৰিৱেশ। কিন্তু উপায় নাই। একো লক্ষণ নথকাত মুস্কানক মঙ্গলদৈ জিলা চিকিৎসালয়ত পৰ্যৱেক্ষণত ৰখা হয়। কিন্তু ৰাতিপুৱা ৬: ৩০ মান বজাৰপৰা মুস্কানে কথা কব নোৱাৰা হয়। ক্ৰমশ: তাই জঠৰ হৈ গৈ আছিল। তাই কথাবোৰ শুনি আছিল। কিন্তু একো উত্তৰ দিব পৰা নাছিল। বিষাক্ত শংখচূড় সাপৰ দংশনৰ লক্ষণবোৰ লাহে লাহে পৰিস্ফুট হ’বলৈ আৰম্ভ কৰিছিল। তৎক্ষণাৎ শিশুৰোগ বিশেষজ্ঞ ডাঃ গৌতম বৰাই মুস্কানক পৰীক্ষা কৰি এণ্টীভেনম বেজী প্ৰয়োগ কৰি মোলৈ ফ’ন কৰে। ডাঃ গৌতম বৰা মোৰ অগ্ৰজ আৰু একালত আমি দুয়ো অসম চিকিৎসা মহাবিদ্যালয়ৰ দুই নং পুৰণি হোষ্টেলৰ ৰূমমেট আছিলো। হোষ্টেল আৰু চিকিৎসা বিজ্ঞানৰ অ-আ-ক-খ তেওঁৰ পৰাই মই শিকিছিলো। 

ৰাতিপুৱা ৭ বজাত গৌতম দাই মোক ফ’ন কৰে –

“গিৰি। ছোৱালীজনী নাবাচিব চাগে! এণ্টীভেনম বেজীকেইটা দিয়াৰ পাছতো স্বাস্থ্যৰ বিশেষ একো উন্নতি হোৱা নাই।” 

সকলোখিনি শুনি মই গৌতম দাক কৈছিলোঁ –

“গৌতম দা, মুস্কানক ক’লা শংখচূড় সাপে দংশন কৰিছে। কেইঘণ্টামানৰ বাবে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা কৰিলে তাই সম্পূৰ্ণৰূপে আৰোগ্য হব।” 

“আমাৰ ইয়াত সেই সুবিধা নাই নহয়। গুৱাহাটী মেডিকেল কলেজলৈ পঠাব লাগিব। ডেৰ ঘণ্টামানত পায় যাব লাগে।” গৌতম দাই বৰ দুখ মনেৰে কথাখিনি ক’লে। 

“সিমান সময়লৈকে তাইৰ মৃত্যু হ’ব। কিবা এটা তাতে কৰিব লাগিব।” 

মই বৰ চিন্তিত ভাবে উত্তৰ দিছিলো। 

কিন্তু কি কৰিব? কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা হাস্পতালখনত নাই। আমাৰ দৃঢ় বিশ্বাস আছিল মুস্কান সুস্থ হ’বই। কিন্তু কেনেকৈ? 

ৰাতিপুৱা শিৱসাগৰ জিলাৰ নিজৰ ঘৰৰ বাৰাণ্ডাতে বহি চকু মুদি ভাবি আছিলোঁ। কি কৰা যায়? 

শান্তভাবে ভাবি থাকোঁতে ঘপহকৰে কথা এটা মনত পৰি গ’ল। 

ডাঃ ৰূপম মহন্ত। 

তেওঁ মঙ্গলদৈত অৱস্থিত JNSM নাৰ্ছিং হ’মৰ স্বত্বাধিকাৰীৰ লগতে এজন সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসক। যোৱা বছৰ তেওঁ মঙ্গলদৈত সৰ্প দংশনৰ এখন সজাগতা সভা অনুষ্ঠিত কৰিছিল। ময়ো উপস্থিত আছিলো। তেওঁ মোক কৈছিল, “সৰ্প দংশনৰ ৰোগীৰ চিকিৎসা বিনামূল্যে কৰিম,তই চিন্তা নকৰিবি।”

ঘড়ীটোলৈ চালোঁ। ৰাতিপুৱাৰ সাত বাজিছে। ৰূপম দা চাগে শুই আছে। কিন্তু তেওঁৰ সদায় সহায় কৰা মনোভাৱৰ বাবে মই বিনা-দ্বিধাই তেওঁক ফ’ন কৰোঁ। 

“ৰূপম দা। শংখচূড় সাপৰ দংশন হৈছে। ছোৱালীজনী বাচি যাব। কিন্তু এদিন বা দুদিন কৃত্ৰিম শ্বাস-প্ৰশ্বাসত ৰাখিব লাগিব। সকলো দৰৱ মঙ্গলদৈ জিলা চিকিৎসালয়ত দিয়া হৈছে। কিন্তু দাদা তেওঁলোকৰ আৰ্থিক অৱস্থা তথৈবচ। আপুনি কম খৰচত চিকিৎসা কৰিব লাগিব।” 

“ধেইত! তই চিন্তা নকৰিবি। মই তোক কৈছিলোঁ নহয়। সৰ্প দংশনৰ চিকিৎসা বিনামূল্যে কৰিম। তই পঠাই দিব ক। নহ’লে মই আমাৰ এম্বুলেন্স পঠাই দিম। গৌতমক মই ফ’ন কৰি আছোঁ ৰ!” 

টোপনিৰ জালতে ৰূপম দাই কথাখিনি কৈ যায়। 

ইফালে মঙ্গলদৈ জিলা চিকিৎসালয়ত গৌতম দাই মুস্কানক সুস্থ কৰিবলৈ অশেষ চেষ্টা কৰি আছিল। তেওঁ এক মুহূৰ্তও মুস্কানক অকলে এৰি দিয়া নাছিল। গৌতম দাই আনুসংগিক বেজী আদি দি ব্যক্তিগত JNSM হাস্পতাললৈ স্থানান্তৰিত কৰিবলৈ সাজু হৈ আছিল। কিছু সময়ৰ পাছত এম্বুলেন্স আহি পোৱাত অতি তড়িৎ গতিত মুস্কানক JNSM হাস্পতাললৈ গৌতম দাই স্থানান্তৰিত কৰে। 

JNSM হাস্পাতালত মুস্কান উপস্থিত হয় মানে তাইৰ শেষ নিশ্বাসহে আছিল। JNSM হাস্পতাল আৰু মঙ্গলদৈ জিলা চিকিৎসালয়ৰ দূৰত্ব মাত্ৰ ১০মিনিটৰ। এইখিনি কম সময়তে তাইৰ শেষ নিশ্বাসহে আছিল। ৯০ মিনিটৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পাও মানে মুস্কান দস্তুৰমত মৃত হ’লহেঁতেন। 

ইতিমধ্যে সাজু হৈ থকা ডাঃ ৰূপম আৰু তেওঁৰ দলে মুস্কানৰ শ্বাসনলীকাত পাইপ এডাল ভৰাই কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা কৰে। যদিও ৰূপম দা মোতকৈ অগ্ৰজ, এনেকুৱা ৰোগীৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লগে সকলোবোৰ মোৰপৰা জানি লৈছিল। 

“তই চিন্তা নকৰিবি। মই সৰ্বোচ্চ উজাৰি দিম। কিবা দিগদাৰ পালে তোক ফ’ন কৰিম!” ৰূপম দাই অতি প্ৰত্যয়ৰে কথাখিনি কৈ যায়। 

আমি এইটো কোৱা নাই আমি সকলো জানো। কিন্তু এই বিষয়ৰ ওপৰত ১৮ বছৰে কাম কৰি থকা কাৰণে কিছু অভিজ্ঞতা হৈছে। এই অভিজ্ঞতা আমি ৰাইজৰপৰা আহৰণ কৰিছোঁ। সেয়েহে অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আমি ২৪×৭ আমাৰ ডাক্তৰ সকলক বিলাই দিবলৈ সদায় প্ৰস্তুত। কাৰণ আমাৰ লক্ষ্য শূন্য মৃত্যু। আমাৰ ডাক্তৰ সকলৰ এটা ফ’ন ক’লে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে। কিন্তু তাৰ বাবে গৌতম দা বা ৰূপম দাৰ দৰে অহং ভাৱ(Ego) পৰিহাৰ কৰিব লাগিব। 

ডা: গৌতমে এণ্টীভেনম বেজী কেইটা দি গুৱাহাটী মেডিকেল পঠাই দিব পাৰিলেহেঁতেন। তেনে কৰাহেঁতেন তেওঁক কোনেও একো নুসুধিলহেঁতেন! বিভাগীয় কৰ্তৃপক্ষৰ পৰাও তেওঁ ক্লিন চিট পালেহেঁতেন। কিন্তু সেয়া তেওঁ নকৰি এঘড়ী যুঁজ দিয়াৰ সিদ্ধান্ত লয়। 

ডাঃ ৰূপম মহন্তৰ দৰে আমাৰ অসমৰ নাৰ্চিং হ’মৰ স্বত্বাধিকাৰীসকল এনেদৰে আগবাঢ়ি আহিলে আমি এনেকুৱা কিমান মানুহৰ মৃত্যুবোৰ বাধা দিব পাৰিম ভাবিলেই ভাল লাগি যায়। 

হয়, এই মুহূৰ্তত আমাৰ ডাক্তৰৰ সংখ্যা কম। সকলো জিলা চিকিৎসালয়ত ICU আছে যদিও ডাক্তৰ অভাৱত ICUবোৰ ঠন ধৰি উঠা নাই। ডাক্তৰ এজনক কোনেও থাউকতে বুটাম টিপি বনাব নোৱাৰে। কেইদিনমান আগতে স্বাস্থ্যমন্ত্ৰী মহোদয়ে একে কথাখিনিয়েই কৈছিল। 

অসমৰ জিলা চিকিৎসালয়বোৰৰ ICUবোৰ ঠন ধৰি উঠিবলৈ আমাক ৫-৬ বছৰমান লাগি যাব পাৰে। কি তেতিয়ালৈকে আমাৰ এনে ৰোগীবোৰৰ বেলেগ হাস্পতাললৈ স্থানান্তৰিত অৱস্থাত মৃত্যু হৈয়েই থাকিব নেকি? নিশ্চয় নহয়। কিছু বছৰলৈ আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব। 

ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ ৩৩০০ জন ৰোগীৰ ভিতৰত মাত্ৰ ৪ জনক ৰোগীকহে ব্যক্তিগত হাস্পতাললৈ কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থাৰ বাবে স্থানান্তৰিত কৰা হৈছে। আমাৰ অনুৰোধত তেওঁলোকে ন্যূনতম বিলত ৰোগীক সেৱা আগবঢ়াইছে। যেতিয়ালৈকে আমাৰ অসমৰ সকলোবোৰ জিলা চিকিৎসালয়ত পূৰ্ণভাবে ICU আৰম্ভ নহয়, তেতিয়ালৈকে আমি আমাৰ ডিমৌ হাস্পতালৰ মডেলৰ দৰেই আগবাঢ়িব লাগিব। ওচৰৰ ব্যক্তিগত হাস্পতালৰ সেৱা এদিন বা দুদিনলৈ লব লাগিব। এনে ৰোগীক এদিন বা দুদিন ভেণ্টীলেচন(কৃত্ৰিম শ্বাস-প্ৰশ্বাস)দিলে ৰোগী আৰোগ্য হোৱাৰ অৱকাশ ৯৯.৯৯%। 

সোমবাৰৰ ৰাতি বিছনালৈ যোৱাৰ আগতে ৰূপম দাক ফ’ন কৰোঁ-

“ৰূপম দা, আমি যিকোনো প্ৰকাৰে তাইক সুস্থ কৰিব লাগিব। বস্তি এলেকাত থকা দুখীয়া মানুহ হ’ব পাৰে, কিন্তু বেজ-বেজালি, কবিৰাজ আদিক বুঢ়া আঙুলি দেখুৱাই তেওঁলোক তৎক্ষণাৎ হাস্পতাললৈ আহিছে। তাইৰ মৃত্যু হ’লে তেওঁলোকৰ বস্তিৰ মানুহৰ মেডিকেল চিকিৎসা ব্যৱস্থাত বিশ্বাস হেৰুৱাই পেলাব। আমি যেনেকৈ হ’লেও সফল হ’বই লাগিব।” 

“তই চিন্তা নকৰিবি। মই ১০০% দিম, আৰু টকা পইছাৰ কাৰণে তই চিন্তা কৰিব নালাগে। মই বিনামূল্যে চিকিৎসা কৰিম।” 

ৰূপম দাৰ কথাখিনি শুনি মন ভৰি গৈছিল। এনেকৈ যদি প্ৰতিখন জিলাৰপৰা অন্ততঃ এখনকৈ ব্যক্তিগত হাস্পতাল আগবাঢ়ি অহাহেঁতেন? আমি সকলোৱে মনত ৰখা উচিত যে সৰ্প দংশনৰ চিকিৎসাত ICU আদিৰ প্ৰয়োজন নাই। কিন্তু কেতিয়াবা কিছুমান কাৰণত প্ৰয়োজন হ’বও পাৰে। আমাৰ তথ্যমতে সৰ্প দংশনৰ মাত্ৰ ০.১২% ৰোগীকহে কেতিয়াবা ICU লাগিব পাৰে। ডাঃ গৌতম বৰা, ডাঃ ৰূপম মহন্ত প্ৰকৃতাৰ্থত আমাৰ ভেনম আৰ্মী। নাই কোনো চিনিয়ৰ, জুনিয়ৰৰ অভিমান, নাই কোনো টকা পইছাৰ অভিমান। লক্ষ্য এটাই এঘড়ী যুঁজ দিয়া। চলে বলে কৌশলে। এইবোৰ ভাবি ভাবি কেতিয়া টোপনি গ’লো মই গমেই নাপালোঁ। 

মংগলবাৰে ৰাতিপুৱা শুই উঠিয়েই ৰূপম দাৰপৰা হোৱাটছ এপ মেচেজ এটা পাই বুকুখন কঁপি গৈছিল! 

: ৰাতি তিনি বজাত ভেণ্টিলেটৰ আঁতৰালো। মুস্কানে কথা পাতিছে আৰু পানী খাইছে। আজি মোৰ বৰ ভাল লাগিছে অ’। জীৱনৰ প্ৰকৃত সুখ পাইছোঁ। মোৰ প্ৰথম সৰ্প দংশনৰ চিকিৎসা। তাকো এই মৰম লগা ছোৱালীজনী। মাকৰ বুকুখন উদং হ’ব নিদিলো। তোক বহুত ধন্যবাদ। 

মেচেজটো পঢ়ি মই বৰ আৱেগিক হৈ পৰিলো। মই কেনে অনুভৱ কৰিছিলো সেয়া মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। বহুত দেৰিলৈকে বাৰাণ্ডাৰ চকীখনত বহি থাকিলো। আমি সকলোৱে আমাৰ (ego) অহংকাৰক অগ্ৰাধিকাৰ নিদি ৰাইজ আৰু সমাজৰ বৃহত্তৰ স্বাৰ্থত এখোজ আগবাঢ়ি আহিলে আমাৰ অসমখন কিমান সুন্দৰ হৈ থাকিব, ভাবিলেই কিবা ভাল লাগি যায়। কিন্তু সকলোৰে ক্ষেত্ৰত জানো সেয়া সম্ভৱ? আমি আমাৰ ‘অহং’ক ৰাইজৰ স্বাৰ্থত জলাঞ্জলি দিব পাৰিম নে? 

অসমত ডাঃ গৌতম বৰা বা ডাঃ ৰূপম মহন্তৰ দৰে ভেনম আৰ্মীৰ সন্ধানত আকৌ নামি পৰো——

 

বি: দ্ৰ: মুস্কানৰ মাকৰ লিখিত সন্মতি সাপেক্ষে প্ৰকাশিত।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments