জাপানীজ এনেকেফেলাইটিছ নহয়—জাপানীজ এনচেফেলাইটিছহে

লেখক- মৃদুল কুমাৰ শৰ্মা

কিউলেক্স (Culex) মহে কামোৰাৰ ফলত হোৱা মগজুৰ ভাইৰাছজনিত সংক্ৰমণ এবিধক জাপানীজ এনচেফেলাইটিছ বুলি কোৱা হয়। এই ভাইৰাছবিধৰ মূল বাহক হ’ল গাহৰি আৰু কিছুমান বগলীজাতীয় চৰাই। 

নব্বৈৰ দশকত অসমত এই বেমাৰটোৰ বিষয়ে গুৰুত্ব লাভ কৰে আৰু সেই সময়ত বাতৰিকাকতত ইয়াক ‘জাপানীজ এনকেফেলাইটিছ’ বুলি লিখিছিল আৰু ই এইভাৱে কুখ্যাত হৈ পৰিল। পিছে আচল উচ্চাৰণটোত ক (K) নাই; চ (C) হে আছে। অৰ্থাৎ এনকেফেলাইটিছ নহয়— এনচেফেলাইটিছহে! 

এই এনচেফেলাইটিছ শব্দটি আহিছে গ্ৰীক Enkephalos (এনকেফালোছ) শব্দটিৰপৰা যাৰ অৰ্থ হ’ল মগজু বা মূৰৰ ভিতৰত থকা বস্তু। (en মানে ভিতৰত থকা, আৰু Kephale মানে মূৰ। itis মানে আকৌ প্ৰদাহ, যেনে— টনছিলাইটিছ, ছাইনুছাইটিছ, এপেণ্ডিছাইটিছ, গেষ্ট্ৰাইটিছ ইত্যাদি।) গতিকে Enkephalos + itis মানে মূৰৰ ভিতৰত থকা বস্তুৰ (অৰ্থাৎ মগজুৰ) প্ৰদাহ। 

পৰৱৰ্তী যুগত ৰোমানসকলে লেটিন ভাষাত গ্ৰীক শব্দবোৰ ব্যৱহাৰ কৰিছিল যদিও গ্ৰীকসকলে মতা ‘ক’টোক তেওঁলোকে ‘চ’ মাতিছিল। গতিকে Enkephalos গৈ Encephalus হৈ পৰে। 

কেইবা শতিকা পাছত, লেটিন ভাষাৰ পৰা উদ্ভৱ হোৱা ফৰাচী ভাষাত এটা নিয়ম আছিল যে— ‘ই’ জাতীয় কোমল স্বৰধ্বনিৰ পাছত থকা ‘ক’ ধ্বনিৰ উচ্চাৰণ ‘চ’ হ’ব। অৰ্থাৎ, Enkephalitis-> এন’ke’ফেলাইটিছ-> এন’ce’ফেলাইটিছ। 

আধুনিক যুগত ইংৰাজী ভাষাত চিকিৎসাবিজ্ঞানৰ পৰিভাষাবোৰ ফৰাচী ভাষাৰপৰা উদ্ভৱ বা অনুপ্ৰাণিত হোৱা। গতিকে ইংৰাজীতো ‘এনচেফেলাটিছ’ বুলিহে উচ্চাৰণ কৰা হয়। 

গ্ৰীক-> Enkephalos -> লেটিন-> encephalus -> ফৰাচী -> encephalus -> ইংৰাজী-> encephalus

গতিকে চাবলৈ গ’লে আমিও এনচেফেলাইটিছ বুলিয়ে মাতিব লাগে; পিছে সকলোৱে কিয় এনকেফেলাইটিছ বুলি মাতে? Encephalogram ক কিন্তু কোনেও এনকেফেলোগ্ৰাাম বুলি নামাতে; এনচেফেলোগ্ৰাম বুলিয়ে মাতে। ইয়াৰ কাৰণ হ’ল মানুহে প্ৰথমে দেখা বা শুনা শব্দটোকে গ্ৰহণ কৰে সহজে। তাতে যেতিয়া ই গ্ৰহণযোগ্য মাধ্যমৰ পৰা আহে। বাতৰিকাকতে এনকেফেলাইটিছ বুলি লিখাৰ বাবে ৰাইজেও এনকেফেলাইটিছকে শুদ্ধ বুলি ভাবি মাতিব ধৰিলে। পিছে এয়া যুক্তিসংগতনে? 

ভাষাবিজ্ঞানত আৰ্ষপ্ৰয়োগ বুলি এটা কথা আছে। যেতিয়া কোনো শব্দ কোনো বিখ্যাত মনীষীয়ে ভুলকৈও উচ্চাৰণ কৰে, কালক্ৰমত সি গ্ৰহণযোগ্য হৈ পৰে। উদাহৰণস্বৰূপে, ভূপেনদাই ‘বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা….’ গানটিত মৌনতা বুলি মতা শব্দটি আচলতে বৈয়াকৰণভাৱে শুদ্ধ নহয়। কিন্তু, ইয়াক এতিয়া শুদ্ধ বুলিয়ে গণ্য কৰা হয়। ঠিক তেনেকৈ ‘সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে’ বা ‘বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰ চিঞৰে’— ইয়াত অহোৰাত্ৰ হ’ব লাগিছিল ‘অহোৰাত্ৰ’হে যাৰ অৰ্থ সম্পূৰ্ণ এটা দিন আৰু ৰাতি। পিছে, আৰ্ষ প্ৰয়োগৰ বাবে অহোৰাত্ৰৰ ঠাইত অহোৰাত্ৰও এতিয়া গ্ৰহণযোগ্য হৈ পৰিল। 

গতিকে এই যুক্তিত এনচেফেলাইটিছকো আমি এনকেফেলাইটিছ বুলি মাতিম নেকি? 

বিচাৰ আপোনাৰ হাতত। 

 

বিঃ দ্ৰঃ

 

জাপান কেনেকৈ সোমাল এই ব্যাধিৰ নামটোত—

১৮৭১ চনত জাপানত প্ৰথমে এই বেমাৰটো ধৰা পৰিছিল। ১৯২৪ চনত ই মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। ১৯৩৫ চনত জাপানৰ ৰাজধানী টকিওত এই ভাইৰাছবিধক চিনাক্ত কৰা হৈছ। 




শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments