ৰোগ নিৰাময়ত মিউজিক থেৰাপি
লেখক- যুতিকা সভাপণ্ডিত
সংগীত চিকিৎসা এটা প্ৰাকৃতিক সহজ আৰু ফলপ্ৰসূ চিকিৎসা—পদ্ধতি। আধুনিক চিকিৎসাৰ সৈতে মিলি ই মানুহৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংগীতৰ সঠিক ব্যৱহাৰে মানুহৰ জীৱন অধিক সুখী আৰু সুস্থ কৰি তুলিব পাৰে।
সংগীত কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই মানৱ জীৱনৰ এক শক্তিশালী চিকিৎসা উপায়।
সংগীত এক উপাসনা, প্ৰেৰণা, শান্তি, অনুভূতি আৰু সাধনা। মানসিকভাবে যেতিয়া আমি ক্লান্ত হৈ পৰোঁ, তেতিয়াই আমি সংগীতৰ প্ৰয়োজন অনুভৱ কৰোঁ। মানৱ মনৰ অযথা উদ্বেগৰ অৱসান ঘটাই জীৱনলৈ এটি নিৰৱচ্ছিন্ন আনন্দৰ সোত বোৱাই আনে। সংগীতে যে শ্ৰৱণেন্দ্ৰিয়কে তৃপ্তি প্ৰদান কৰে এনে নহয়, সকলো চিন্তা ভাৱনা দূৰ কৰি মানৱ মনক সতেজ আৰু প্ৰফুল্ল কৰি তোলাৰ ক্ষেত্ৰতো সংগীতৰ ভূমিকা যথেষ্ট তাৎপৰ্য্যপূৰ্ণ।
সংগীত মাথোঁ আনন্দ উপভোগৰ বাবে নহয়, সংগীত চিকিৎসা মানে হৈছে সংগীত ব্যৱহাৰ কৰি মানুহৰ শাৰীৰিক মানসিক আৰু অনুভৱগত সমস্যা উন্নত কৰা এটা চিকিৎসা পদ্ধতি। এই পদ্ধতিত গান শুনোৱা, গান গোৱা, বাদ্যযন্ত্ৰ বজোৱা বা সংগীতৰ সৈতে সহজ কাৰ্য্যকলাপ কৰোৱাই মানুহৰ মানসিক চাপ কমোৱা, মন শান্ত কৰা আৰু স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
সংগীতৰ যাদুকৰী শক্তিয়ে মানৱ হৃদয়ত আৰু মগজুত অজানিতে বিশেষ ধৰণে ক্ৰিয়া কৰিবলৈ সক্ষম হয়। যাৰ ফলত মানৱ মগজুৱে অনুভৱ কৰিব পাৰে সংগীতৰ অবিহনে আৰু সংগীতৰ মাজেৰে সৃষ্টি হোৱা প্ৰতিক্ৰিয়া। সংগীতৰ মাজেৰে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তাৰ দ্বাৰা মানৱ সমাজে প্ৰচুৰ মানসিক শান্তি লাভ কৰিব পাৰে। ঘটনা পৰিক্ৰমাত সকলোৰে মাজত সংগীতৰ প্ৰতি ধাৰণা তথা আগ্ৰহ বৃদ্ধি পোৱা দেখা গৈছে। ফলস্বৰূপে আৰম্ভ হৈছে ইয়াৰ প্ৰণালীবদ্ধ বিশ্লেষণ আৰু গৱেষণাৰ। এই গৱেষণাৰ মাধ্যমেৰে উদ্ভাৱন হোৱা চিকিৎসা পদ্ধতি অৰ্থাৎ সংগীত চিকিৎসা পদ্ধতিয়ে বৰ্তমান জনমানসত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
সংগীত চিকিৎসা হৈছে এটা বৈজ্ঞানিক চিকিৎসাগত পদ্ধতি য’ত প্ৰশিক্ষিত সংগীত চিকিৎসকে সংগীত ব্যৱহাৰ কৰি মানুহৰ শাৰীৰিক আৰু অনুভৱগত সমস্যা দূৰ কৰে। ১৯৯৯ চনত আৰম্ভ হোৱা এই পদ্ধতিৰ দ্বাৰা মগজুৰ ষ্ট্ৰ’ক, আঘাতপ্ৰাপ্ত মগজুৰ অৱস্থা, এলজাইমাৰ, এপিলেপছি, অটিজিম আদিৰ চিকিৎসা প্ৰদান কৰা হয়। এই চিকিৎসা অকলশৰীয়া বা দল হিচাপেও কৰা হয়।
সংগীত মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ। প্ৰাচীন কালৰ পৰা সংগীত কেৱল মনোৰঞ্জনৰ বাবে নহয়, মানৱ জীৱনৰ মানসিক আৰু আত্মিক উন্নতিতো ব্যৱহৃত হৈ আহিছে। আধুনিক যুগত সংগীতৰ এই গুণক বৈজ্ঞানিক ভাৱে ব্যৱহাৰ কৰি যি চিকিৎসা পদ্ধতি গ্ৰহ লৈ উঠিছে তাকেই সংগীত চিকিৎসা বোলা হয়। সংগীত চিকিৎসা হৈছে এক সুসংগঠিত আৰু বিজ্ঞান সন্মত চিকিৎসা পদ্ধতি য’ত প্ৰশিক্ষিত সংগীত চিকিৎসকে সংগীত ব্যৱহাৰ কৰি মানুহৰ শাৰীৰিক, মানসিক আৰু অনুভৱগত সমস্যা সমাধান কৰাত সহায় কৰে। এই চিকিৎসা কেৱল আনন্দৰ বাবে নহয়, ই এটা লক্ষ্যভিতিক আৰু পৰিকল্পিত চিকিৎসা-পদ্ধতি।
প্ৰাচীন সভ্যতাত সংগীতক চিকিৎসাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। ভাৰতীয় সংগীত শাস্ত্ৰত ৰাগ-ৰাগিনীৰে বিভিন্ন ৰোগ আৰোগ্য কৰাৰ কথা উল্লেখ আছে। স্নায়ু পদ্ধতিৰ সৈতে জড়িত বিভিন্ন ৰোগ নিৰাময়ৰ বাবে শাস্ত্ৰীয় সঙ্গীতৰ বিভিন্ন ৰাগ তথা লয় প্ৰয়োগ কৰা হয়। সংগীতৰ লয়ৰ সৈতে মগজুৰ ‘ঢৌ’ ৰ পোনপটীয়া সম্পৰ্ক আছে। দ্ৰুত লয়ে যেনেদৰে মানসিক একাগ্ৰতা বঢ়ায় ঠিক একেদৰে বিলম্বিত লয়ে এটা শান্ত সমাহিত অৱস্থা প্ৰদান কৰে। প্ৰতিটো ৰাগৰ সৈতে জড়িত হৈ আছে আমাৰ মানসিক অৱস্থা। গ্ৰীক সভ্যতাতো সংগীতক মানসিক শান্তিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আধুনিক সংগীত চিকিৎসা বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিকাশ লাভ কৰে, যেতিয়া আঘাতপ্ৰাপ্ত সৈনিক সকলৰ চিকিৎসাত সংগীত ব্যৱহাৰ কৰা হৈছিল। তাৰ পিছৰেপৰা বিশ্ববিদ্যালয় সমূহতো সংগীত চিকিৎসা পাঠ্যক্ৰম হিচাপে আৰম্ভ হয় আৰু ই এক স্বীকৃত চিকিৎসা পদ্ধতি হিচাপে গঢ় লৈ উঠে।
সংগীত চিকিৎসাৰ লাভ বহুমুখী। ই কেৱল মানসিক ক্ষেত্ৰতেই নহয় শাৰীৰিক স্বাস্থ্যতো ইতিবাচক প্ৰভাৱ পেলায় সংগীত শুনিলে মগজুৰ স্নায়ুতন্ত্ৰ সক্ৰিয় হয় আৰু আনন্দদায়ক হৰমোন নি:সৰণ হয়। ইয়াৰ ফলত মন শান্ত হয় আৰু দু:চিন্তা কমে। সংগীত চিকিৎসাই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে, হৃদস্পন্দন স্বাভাৱিক কৰে আৰু নিদ্ৰাৰ সমস্যা কমাবলৈ সহায় কৰে। মানসিক ভাৱে ই আত্মবিশ্বাস বৃদ্ধি কৰে, হতাশা দূৰ কৰে আৰু জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলে। সামাজিকভাৱে সংগীত চিকিৎসাই মানুহক আনৰ সৈতে মিলা-মিছা কৰিবলৈ উৎসাহিত কৰে। মানসিক অৱসাদ বৰ্তমান আমাৰ জীৱনৰ সবাতোকৈ ডাঙৰ সমস্যা। কৰ্মব্যস্ততাৰ চাপ, সম্পৰ্কক লৈ বিভিন্ন সমস্যা, আৰ্থিক চিন্তা আদি বিভিন্ন কাৰণৰ বাবে আমাৰ মানসিক অৱসাদ আহে, দু:শ্চিন্তা হয়। ইয়াৰ বাবে মালিচ, ৰিলেকচেছন আদি বিভিন্ন থেৰাপি জনপ্ৰিয় হৈ পৰিছে যদিও সংগীত চিকিৎসা এইক্ষেত্ৰত অধিক লাভদায়ক।
যদিও সংগীত চিকিৎসা বহু ক্ষেত্ৰত উপকাৰী, তথাপি ইয়াৰ কিছুমান সীমাবদ্ধতা আছে। সকলো ধৰণৰ ৰোগৰ বাবে সংগীত চিকিৎসা একমাত্ৰ সমাধান নহয়। কিছুমান গুৰুতৰ শাৰীৰিক ৰোগত ই কেৱল সহায়ক পদ্ধতি হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি সকলো মানুহৰ সংগীতৰ প্ৰতি একেধৰণৰ অনুভৱ নাথাকে, সেয়েহে চিকিৎসকে ৰোগীৰ ৰুচি আৰু অৱস্থা বুজি সংগীত বাছনি কৰিব লাগে।
সংগীত চিকিৎসা এটা প্ৰাকৃতিক সহজ আৰু ফলপ্ৰসূ চিকিৎসা-পদ্ধতি। আধুনিক চিকিৎসাৰ সৈতে মিলি ই মানুহৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংগীতৰ সঠিক ব্যৱহাৰে মানুহৰ জীৱন অধিক সুখী আৰু সুস্থ কৰি তুলিব পাৰে।
সেয়েহে কব পাৰি যে সংগীত কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই মানৱ জীৱনৰ এক শক্তিশালী চিকিৎসা উপায়। প্ৰতি বছৰে ১ মাৰ্চ তাৰিখটো গোটেই বিশ্বতে ‘সংগীত চিকিৎসা দিৱস’ হিচাপে পালন কৰা হয়। সংগীত চিকিৎসা দিৱসৰ উদ্দেশ্য হৈছে যে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা। যাতে সৰ্বসাধাৰণ মানুহে উপলব্ধি কৰিব পাৰে যে সংগীতেৰে কিদৰে আমাৰ মন-মগজুক নিয়ন্ত্ৰণ কৰিব পৰা যায়। বিশেষকৈ ৰোগীসকলৰ বাবে সংগীতৰ প্ৰয়োজনীয়তা অত্যধিক। বহু ক্ষেত্ৰত ৰোগীৰ বাবে ডাক্তৰৰ ট্ৰিটমেণ্টৰ লগে লগে আন্তৰিক অনুপ্ৰেৰণাৰ, এটা শান্তিময় পৰিবেশৰ খুবেই প্ৰয়োজন। জীৱনীশক্তিৰ দৰে কাম কৰা সংগীতে ৰোগীৰ ৰোগৰ পৰা চিন্তামুক্ত কৰি, মানসিক প্ৰশান্তি প্ৰদান কৰিব পাৰে।
