আকৌ ডিক্ৰং (আদিত্য ৰঞ্জন দত্ত)
আকৌ ডিক্ৰং
বহু হাজাৰ ভ’ল্টৰ চাকৰি এৰি
আজিও তোমাৰ এবেটেৰীয়া টৰ্চৰ
বাল্বটো হ’বলৈ ৰৈ আছোঁহি মই !
দহিকতৰাজনী হৈ কান্দি থাকে
শনিবৰীয়া আবেলিটোৱে।
তেতিয়াই ডিক্ৰঙৰ বুকুৱেদি উজাই আহে
মোৰ হাজাৰটা হুমুনিয়াহৰ
এটা সৰু উচুপনি !