আজিও দেহা চমেচমাই মোৰ (-নিতুল বৰা)

আজিও দেহা চমেচমাই মোৰ

 

নিতুল বৰা

 

কেইদিনমানৰ আগতে পুৰণি ট্ৰাঙ্ক এটা খুচৰি থাকোঁতে বহু দিনৰ আগতে লিখা কেইখনমান পুৰণি চিঠি পালো, চিঠি কেইখন একে উশাহতে কেইবাবাৰো পঢ়িলোঁ, আকৌ সেই দিনবোৰলৈ মনত পৰি গল। এহঃ এসময়ত কমখন চিঠি নিলিখিছিলোনে বাৰু..? ক’ৰবাৰ পৰা ক’ব নোৱাৰাকৈ লাজ ভাব এটা জুমুৰি ধৰিলেহি । ইফালে সিফালে চালো কোনোবাই দেখিছে নেকি বাৰু..?

 

বাই মৰা ভিনিহি,

চোতালৰ আগৰ জাবৰ,

বেৰৰ ফাঁকৰ ফটাকানি

তাত কিহৰ আদৰ।

………………………….ওহো মনটোৱে নামানিলে, আকৌ মনত পেলালোঁ।

 

তেতিয়া মই সপ্তম মানত আছিলোঁ । গৰমৰ বন্ধত গাঁৱৰ স্কুলখনত সমূহীয়া বিনামূলীয়া পাঠদান হৈছিল, তালৈ আমিও গৈছিলোঁ ।  দীপলিপ ছোৱালী এজনিও আহিছিল । আৰু বহিছিল ঠিক মোৰ পোনে পোনে । ক’ব নোৱাৰাকৈয়ে আঁৰ চকুৰে শিক্ষকৰ চকুত ধুলি মাৰি তাইলৈ চাইছিলোঁ । সঁচাই বৰ ধুনীয়া । সেয়াই আছিল আৰম্ভণি । ল’ৰাবোৰৰ মাজত যেন এক প্ৰতিযোগিতাহে চলিছিল, কোনে, কেনেকৈ তাইৰ লগত দুই এটা কথা পাতি মনৰ বুজ ল’ব পাৰে। মই কিন্তু নিৰৱে আছিলোঁ ।  লুকাই চুৰকৈ চাইছিলোঁ । তেওঁও যে চাইছিল সেয়া নুবুজাকৈ থকা নাছিলোঁ ।

এমাহ যোৰা পাঠদান চাই থাকোঁতেই শেষেই হ’ব হ’ল। একো নোকোৱাকৈয়ে এৰা-এৰি হ’বলৈ মন নাছিল, সেয়ে এদিন ঘৰলৈ আহি কোঠাৰ দুৱাৰখন বন্ধ কৰি লৈ বাহিৰা বহী খনৰ পাতত জীৱনৰ প্ৰথমখন চিঠি লিখাৰ আখৰা চলালোঁ ।  লিখোঁ হে লিখোঁ, কিবা নহয় কিবা এটা ভুল হয়েই । পাতবোৰ মোহাৰি দলিয়াই দিছিলোঁ। কাগজৰ লাডুৰে মজিয়া একাকাৰ। এনেকৈ পিচদিনা কিতাপৰ মাজত চিঠিখন লৈ গৈছিলোঁ । এপাকত দেখিলো তেওঁ বাহিৰলৈ পানী খাবলৈ গৈছে ।  সাউৎ কৰে ময়ো সৰুপানী চুবলৈ বুলি কৈ বাহিৰলৈ সুহুৰি মাৰি মাৰি ওলাই আহিলোঁ। দূৰৈৰ পৰাই মোক দেখি তেওঁ মিচিকিয়ালে ।  চল পাই অকণো সুযোগৰ সত ব্যৱহাৰ কৰো বুলি পকেটৰ পৰা চিঠিখন উলিয়াই কাষেদি পাৰহৈ যাওঁতেই বাহুত ইচ্ছা কৰিয়েই খুন্দা এটা মাৰিলোঁ । অহ দুখ পালা নেকি..? বুলি কৈ ওচৰলৈ গৈ হাতৰ টিপাতে চিঠিখন দিলোঁ।সেই মুহূৰ্তত মোৰ শৰীৰেদি ৪৪০ ভল্ট পাৰহৈ গৈছিল । বুকুখন ধান বনাদি বানিছিল । ক’ত আৰু সৰুপানী চুবলৈ যোৱা হয় । কেই মুহূৰ্ত মানৰ পিছতেই উভতিলোঁ। শ্ৰেণীত বহু সময়লৈকে সহজ হ’ব পৰা নাছিলোঁ। পিচৰ দিনাৰ পাৰ আমাৰ পাঠদান সমাপ্ত। জীৱনৰ প্ৰথম চিঠিৰ অধ্যায় এনেকৈয়ে যৱনিকা পৰিল।

 

গ’ল কথা গুচিল। নৱম মান পালোগৈ । প্ৰৱেশিকা পৰীক্ষালৈ হাতত মাথো দুটা বছৰ । আমাৰ দিনত আকৌ অষ্টম, নৱম, দশম মানৰ তিনিবছৰৰ পাঠ্যক্ৰমৰ পৰা প্ৰশ্নকাকত কটা হৈছিল প্ৰৱেশিকা পৰীক্ষাত। সেয়ে সেই কেইবছৰত বাহিৰা কিতাপ সমূলি পঢ়া মানা আছিল। এই অধমো জানো কম আছিলোঁ, লুকাই চুৰকৈ হ’লেও তেতিয়া সকলোৰে প্ৰিয় আলোচনী ৰঙা ৰঙা আখৰৰ বিস্ময়খন পঢ়িছিলোঁ। যোগাযোগৰ মাধ্যম বুলিবলৈ তেতিয়াৰ দিনত আছিল মাত্ৰ চিঠি। ৰাশিফল আৰু পত্ৰবন্ধুৰ শিতানটো মোৰ প্ৰিয় আছিল,  পচন্দৰ বন্ধু-বান্ধৱীৰ নাম,বয়স,ঠিকনা বিচৰি পিট-পিটাই ফুৰিছিলোঁ । এনেকৈয়ে সুন্দৰ নামৰ কোনোবা অচিন বান্ধৱীলৈ লিখি পঠিয়াইছিলোঁ । লানি নিছিগা চিঠি। বহুতৰে পৰা উত্তৰো আহিছিল। স্কুলৰ পৰা ঘুৰি আহি যেতিয়া পঢ়া টেবুলৰ ওপৰত পাতল সেউজীয়া নীলা ৰঙৰ ইনলেণ্ড লেটাৰ বা লেফাফা পৰি থকা দেখিছিলোঁ, কাপোৰ-কানি নসলোৱাকৈ খৰধৰকৈ ফালিছিলোঁ আৰু একে উশাহে দুবাৰ তিনিবাৰমান পঢ়িছিলোঁ। চিঠি সামৰি থৈ কিবা এটা খাই আহিয়েই উত্তৰ লিখাত ব্যস্ত হৈ পৰো। পিচদিনা স্কুললৈ যাওঁতে ডাকঘৰত ২ টকাৰ টিকত লগাই পঠিয়াই দিছিলোঁ বান্ধৱীলৈ। পিচলৈ বহুত চিঠি লিখা হৈছিলোঁ বাবেই ৭৫ পইচা দামৰ ইনলেণ্ডলেটাৰ এসোপামান কিনি আনি টেবুল কাপোৰৰ তলত লুকুৱাই থৈছিলোঁ । সেয়ে চাৰিটা ভাজৰ ইনলেণ্ডলেটাৰ খন সিদিনা ট্ৰাংকৰ পৰা উলিয়াই নিজেই নষ্টালজিক হৈ পৰিলোঁ। কেইবাজনীও উজনিৰ গাভৰুৰ লগত ঘনিষ্ঠতা ও ভাল বন্ধুত্বৰ সম্পৰ্ক এটা গঢ় লৈ উঠিছিল। এতিয়াও মনত আছে ডিব্ৰুগড়ৰ ইটাখোলা নামৰ গাঁৱৰ সেই দীপিকা ভূঞাৰ চিঠি বোৰৰ কথা। এটা সময়ততো ডাকোৱালে নাম দেখিলেই মোক চিনি পোৱা হৈ গৈছিলগৈ। তাৰ পিচত তাঁৰ থকা ফোন আহিল । কম সময়তে দূৰ-দূৰণিলৈ বুটাম টিপিয়েই কথা পাতিব পৰা হোৱাত, চিঠি লিখাৰ অভ্যাসটো লাহে লাহে কমি আহিবলৈ ধৰিলে । অৱশ্যে জিলাৰ বাহিৰলৈ ফোন কৰিবলৈ হ’লে তেতিয়া অপাৰেটৰক কৈ বুকিং কৰি ট্ৰাংক ক’ল কৰিব লাগিছিল, যিবোৰক এচ.টি.ডি বুলি ধৰা হৈছিল। অভাৱনীয় বিজ্ঞানৰ ফলপ্ৰসূ সৃষ্টিৰ হাতত এদিন চিঠিয়ে হাৰ মানিলে।

 

এনে চিঠিৰ আলমতেই ৰিদিপ দত্তই লিখা সেই গীতটোলৈ আজি বৰকৈ মনত পৰিছে…………

 

তোলৈ চিঠি লিখোঁতে….. লিখোঁতে,

আঙুলি বিষালে…….বিষালে,

ডাকোৱালে চিঠি আনিব……..আনিব,

বুলি ভাবি থাকোঁতে থাকোঁতে…

অহ হ হ………….

 

উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰমক এতিয়া আই.এ. বা পি.উ বুলি কলে হয়তো আজিৰ দিনৰ ছাত্ৰ-ছাত্ৰীয়ে বুজিয়েই নাপাব। মই তেতিয়া উচ্চতৰ মাধ্যমিক বিজ্ঞানৰ ছাত্ৰ আছিলোঁ । বায়ল’জি বিভাগৰ ধুনীয়া শিক্ষয়িত্ৰী গৰাকীয়ে উদ্ভিদ বিদ্যাৰ পাঠদান কৰাৰ সময়ত হাতত কিতাপখন লৈ একেবাৰে সন্মুখৰ ডেক্সখনৰ কাষতে থিয় দি পঢ়ুৱাইছিল । মই প্ৰথম বেঞ্চতে বহিছিলোঁ , সেই বাবেই নে অন্য কোনো কাৰণতে (যিটো মোৰ বাবে সাঁথৰ আছিল)নাজনো, প্ৰতিটো পেৰেগ্ৰাফৰ অন্তত মোলৈ চাই সেই ভুৱন-ভুলোৱা হাঁহিটো মাৰি কৈছিল…..বুজি পাইছা..? মই কেৱল মূৰ দুপিয়াইছিলোঁ। এইটোকেলৈ লগৰ সমনীয়া মখাই কমখন জোকাইছিলনে । দুটামানেতো মোৰ পৰা জোৰকৈ পইচা কেইটামান সৰকাইছিলোঁ । দুটামানৰ আকৌ এইকথা লৈ ঈৰ্ষাও হৈছিল । সেইবাবেই মই বেঞ্চ সলনি কৰি চাৰিখনমানৰ পিচৰ বেঞ্চত বহিছিলোঁগৈ যদিও বাইদেউৰ দৃষ্টিৰ পৰা সাৰিব পৰা নাছিলোঁ।

 

তাৰ পিছত মহাবিদ্যালয়ৰ ডেওনা পাৰহৈ এদিন বিশ্ববিদ্যালয়ৰ দুৱাৰ খটখটাইছিলোঁগৈ। তেতিয়া অলপ ছিৰিয়াচ হ’লো,  আগতকৈ অভিজ্ঞতাও বাঢ়িল । এইবোৰত লাগি থাকিবলৈ সময় তেনেকৈ নোপোৱা হ’লো যদিও তাৰ মাজতে দুই এগৰাকীয়ে যে পাঠ্যক্ৰমৰ বিভিন্ন বিষয় শিকাৰ কৃত্ৰিম আগ্ৰহেৰে মোৰ কাষ চাপিব খুজিছিল, সেইকথা মোৰ চকুত ধৰা পৰিছিল, কিন্তু আগবাঢ়িবলৈ বেছি সুবিধা পোৱা নাছিল । চলে বুদ্ধিৰে দুজনীমানে যে মোৰ কাষত বহাৰ বিভিন্ন অজুহাত দেখুৱাইছিল সেয়া বুজিছিলোঁ। কেতিয়াবা কোনোবাজনীয়ে কিতাপৰ মাজত ৰঙা ফুল সুমুৱাই দিছিল, বুজিও সেই কথা নুবুজাৰ ভাওত আছিলোঁ। সময়ৰ লগে লগে সকলো নিজ নিজ পথত অগ্ৰসৰ হৈছিল, ময়ো নিজে বাটে বাট বুলিছিলোঁ।

 

চিঠি লিখাৰ অভ্যাসটো আছিল বুলি বন্ধুমহলত জানিছিল বাবেই, দুজন বন্ধুক মাজে সময়ে সিহঁতৰ প্ৰেমিকালৈ ময়েই চিঠি লিখি দিব লগা হৈছিল। প্ৰথম অৱস্থাত সিহঁতক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে—আনৰ চিঠি আনে লিখিবলৈ বহুত অসুবিধা, তহঁতৰ মনৰ কথা তহঁতেহে জানিবি বুলি। কিন্তু মোৰ সকলো চেষ্টা বিফল কৰিছিল সিহঁতৰ আঁকোৰগোজ স্বভাৱটোৱে, উপায়ন্তৰ হৈ এদিন আনৰ প্ৰেমিকৰ ভাওত পক্সি মাৰিবলৈ বাধ্য হৈছিলোঁ। আৰম্ভ কৰিছিলোঁ কান-সমনীয়া এটাৰ প্ৰথম প্ৰেমৰ প্ৰথম চিঠিৰে………সি কৈ গৈছিল, মই হুবহু লিখি গৈছিলোঁ।………….

 

“মৰমৰ”

নয়নমনি,

 

মৰম ল’বা। আশা কৰো তুমি ভালেই আছা। তোমালৈ বুলি এইখন মোৰ প্ৰথম চিঠি। এনেকৈ হঠাতে তোমালৈ চিঠিৰে এটা জৰুৰী কথা ক’বলগা হোৱা বাবে যাতে তুমি মোক ভুল নুবুজা, সেই আশাৰে……………কিন্তু মনৰ কথাটো কেনেকৈ ক’ৰ পৰা আৰম্ভ কৰো ভাবিবই পৰা নাইচোন।

জানা, নয়নি……….মোৰ জীৱনত বহুত মানুহকেই লগ পাইছোঁ। সেইসকলৰ মাজৰ কিছুমান কেৱল ভাললগাই নহয়, বহুত আপোন যেন লাগে আৰু কিছুমানক অকাৰণতে ভাল নালাগে, দেখিলেই মনৰ মাজত এটা বিৰক্তিৰ ভাবহে জাগে। আৰু সেই ভাল লগা, আপোন যেন লগা সকলৰ মাজত যদি তুমিও বিশেষ এগৰাকী হোৱা তেনেহ’লে বাৰু তুমিয়েই কোৱা কি সতেৰেনো মই তোমাক পাহৰিব পাৰোঁ। মোৰ কথাবোৰৰ মাজত তুমি বিচাৰিব জানিব বহুত কিবাকিবি পাবা বুলি আশা কৰিলোঁ। প্ৰথম চিঠিতেই বহলাই নাথাকোঁ, তোমাৰ উত্তৰ পালে পুনৰ লিখিম বুলি আশাৰে ৰ’লো।

 

ইতি,

প্ৰশান্ত,

১১/০৯/১৯৯৬

 

পিচলৈ মোৰ সেই কান-সমনীয়া বন্ধুৰ প্ৰেমৰ গুটিয়েই গজালি হ’ল,ঠাল-ঠেঙুলি মেলি লহপহকৈ বাঢ়িল। সংসাৰৰ মায়াজালত এসময়ত চিঠিৰ পাণ্ডুলিপি লিখা সেই কথাবোৰ পাহৰিলেগৈ।

 

(চিঠিখনৰ কিছু অংশহে মনত আছিল বাবে তাকেই আগবঢ়ালোঁ, আৰু কিছু আছিল যদিও এই মুহূৰ্তত মনলৈ অহা নাই।)

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!