আশা (উজ্জ্বল ফুকন)
মই খাই থকা বিস্কুটটোৰ আধা সিও পাব
সেইটো সি জানে
কিন্তু তাৰ আশা সি গোটেইটো খাব।
তাৰ ফালে দলিয়াই দিয়া আধা টুকুৰাটো যেন শূন্যতে হেৰায়
আকৌ জিভা মেলি মোলৈ এনেকৈ চাই
যেন যোৱা তিনি দিন তাৰ পেটলৈ একো যোৱাই নাই।
আশাবোৰ হয়তো দেউতাৰ চশমাৰ পাৱাৰ
বা মাৰ পকা চুলিবোৰৰ দৰে
যি সময়ৰ লগে লগে বাঢ়ি যায়।
নেজডাল জোকাৰি এইবাৰ সি মোৰ কাষত জিৰায়
তাৰ কৰুণ দৃষ্টি কোনোবা ট্রেজিক হিৰ’ৰ লগত মিলে
সি যেন কুকুৰৰ নাছীৰ ভাই।
মনে মনে সি ভাবে
‘আনে অভিনয় কৰি ৰাষ্ট্রীয় পুৰস্কাৰ পায়
আৰু তাৰ কপালত এখন বিস্কুটো নাই।
মানুহৰ বাচ্ছা চব।’ মনৰ ভিতৰতে তাৰ এটা গালি ওলাই যায়।
দূৰৰ তিনিআলিত শ্বাৱনাই নেজডাল জোকাৰি
এটা মিহি ইঙ্গিত দি যায়।
সিও শ্বাম্মী কাপুৰ ষ্টাইলত য়াহু বুলি সঁহাৰি জনায়।
ভোক পিয়াহ এতিয়া কেনিবা হেৰায়।
বিয়া ঘৰৰ চুৱাপাটনিত লগ পাম বুলি
তাই এটা ফ্লায়িং কিচ দি যায়।
সিও শূণ্যতে কেচ ধৰি কয়
ডাৰ্লিঙ তোমাৰ বাহিৰে মোৰ কোনো নাই।
দুৰত মদন গুণ্ডাই সিহঁতৰ পীৰিতি দেখা পায়
শুকান হাড় টুকুৰা চোবাই
সি মনে মনে ভাবে
মানুহৰ বাচ্ছা জগ্গু
যোৱা মাহৰ হাফ্টা আজিলৈ দিয়া নাই।
শ্বাৱনাক এৰাতি পাবলৈ তাৰো মন যায়
চুৱাপাটনিৰ পীৰিতি
এমএমএচ বনাম
ৰাইজক দেখুৱাম
তাৰো আশা ব্লেকমেইলৰ মাজেদি কিজানি দুদিনৰ আহাৰ ওলায়।
আশাই জীৱন
আৰু সুবিধা পালেই সকলো মদন।