এই ব’হাগে কি আনিলে

লেখক- ৱাহিদ আহমেদ

তুমি নভবা ৰাতিটোত

মই সাৰে আছিলোঁ

কিমান বাৰ বাহিৰলৈ চাইছিলোঁ,

সূৰ্য উদয় হোৱাৰ বাবে

বহুত দেৰি আছিল…

বুকুখন বিষাইছিল

অচিনাকি ঘাতকবোৰৰ বাবে

সেইদিনা আনন্দৰ দিন আছিল

ৰাতিবোৰে মোক শুবলৈ কৈছিল

মই শুব নোৱাৰাকৈয়ে 

দিনৰ পোহৰে 

আকৌ এন্ধাৰ নমাই আনিছিল,

চকুৰ পানীৰে তিতি থকা

গাৰুটোৰ কাষত 

শব্দবোৰ বাজি আছিল,

যাৰ বুকুত ব’হাগবোৰে

উচুপি উচুপি কান্দিছে

আগতে ব’হাগৰ দিনা মই 

ৰঙালীবোৰ বুকুতে লওঁ,

ব’হাগৰ ফুলবোৰৰ কাষত গৈ

ৰঙৰ সুবাস বিচাৰি ফুৰোঁ,

এই ৰাতিটোত মই নিজকে বিচাৰি

কিমানবাৰ আহত হৈছোঁ,

কলিজাৰ আঘাতবোৰ 

বেঙেনাবুলীয়া ৰঙেৰে দীপ্ত

উশাহ লৈছোঁ যদিও 

জীৱনটো এৰা খাব যেন 

অনুভৱে মোক হেঁচা মাৰিছে…

কেকোঁজেকো কৰা জীৱনটোলৈ

ব’হাগবোৰ ব’হাগ হৈ নাহিল

এই ব’হাগে 

উদং কৰি গ’ল মোৰ বুকুৰ ৰঙ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments