বিষাদ পালন
লেখক- মধুস্মিতা চমুৱা বৰুৱা
চিনাকি মাতষাৰ ৰিণি ৰিণি শুনি থাকো
গন্ধ এটি ঠিক বকুলৰ দৰে
উৰি থাকে বতাহত
দুলি থাকো নিজৰ অজানিতে মায়াময় আবেশ এটাত
ৰিণি ৰিণি মাতষাৰ নুশুনা হৈ আহে
বকুল বা তগৰ একোৰে গন্ধ নিবিয়পে
উচপিচাই উচপিচাই উচুপনি এটা সাৰ পাব খুজে
ভেকাহি মাৰি উঠো নিজক
‘উচুপাৰ ইমানেই হেঁপাহ যদি ব’লা নিজক বধ কৰি আহোঁ’
এৰা !
বিষাদ পালনৰ দুৰ্বাৰ আকাংক্ষাত
কিয়বা বাৰে বাৰে বধ কৰোঁ নিজক !
####
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
