এটা শিঙৰা মাছৰ কথা

লেখক- ইলি তালুকদাৰ

(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ ৰচিত” বুঢ়ী আইৰ সাধু”ৰ ‘এটা শিঙৰা মাছৰ কথা’ নামৰ সাধুকথাৰ পদ্য ৰূপ।)

এটা শিঙৰা মাছৰ কথা।
এদিন এজন দুখীয়া মানুহে
দিনটো জকাই বালে,
দিনৰ দিনটো জকাই বাই
শিঙৰা এটাহে পালে।
ঘৰলৈ আনি খাবৰ মনেৰে
বহিল মাছটো বাছিবলৈ,
শিঙৰাই ক’লে, ‘নাখাবি মোক
গৰু নিম চৰাবলৈ।’
শিঙৰাৰ কথাত মানুহজনে তাক
নাখাই থৈ দিলে,
পিচদিনা দুপৰীয়া খুৱাই-বুৱাই
গৰুটো চৰাবলৈ পঠিয়ালে।
মুখৰ কাঁইটেৰে খুচি শিঙৰাই
গৰু নিলে পথাৰলৈ,
টিকাত উঠি শিঙৰাই আৰামত
ধৰিলে গৰু চৰাবলৈ।
এদিন শিঙৰাই গৰু চৰাবলৈ
গ’ল অৰণ্যৰ ফালে,
মুখ মেলি পৰি থকা
এটা ৰাক্ষস দেখা পালে।
গৰুটো দেখি ৰাক্ষসে আনন্দেৰে
উঠি ধৰিবলৈ গ’ল,
শিঙৰাই ক’লে, ‘মোৰ সৈতে আগতে
জুখি ল তোৰ বল।’
ৰাক্ষসে শিঙৰাৰ দেখি মটমটনি
গ’ল তাৰ ওচৰলৈ,
কণমানি শিঙৰাক ধৰিলে ৰাক্ষসে
হাতেৰে মোহাৰি মাৰিবলৈ।
হাতেৰে ধৰোঁতে শিঙৰাই ৰাক্ষসক
বিহ কাঁইটেৰে বিন্ধিলে,
চেংচেঙনি, ভকভকনি নোৱাৰি সহিবলৈ
ৰাক্ষসে চিঞৰিবলৈ ধৰিলে।
শিঙৰাক ক’লে, ‘শিঙৰা তই
মোক এৰি দে,
যিহকে লাগে তাকে দিম
তেও মোক এৰি দে।’
শিঙৰায়ো তেতিয়া ক’লে ৰাক্ষসক
‘এৰি দিম তোক,
যি দিবলৈ বিচাৰিছ তই
আগতেই দে মোক।’
পেটৰ পৰা সোণৰ আঙুঠি
উলিয়াই ৰাক্ষসে ক’লে,
‘ঘৰ দুৱাৰ সোণৰ হৈ পৰিব
আঙুঠিক সেৱা কৰিলে।’
ৰাক্ষসৰ কথা শুনি শিঙৰাই
তাক বিন্ধিবলৈ এৰিলে,
আঙুঠি আৰু গৰুটো লই
ঘৰ আহি পালে।
শিঙৰাৰ কথা শুনি গিৰিহঁতৰ
মনত ৰং লাগিল,
কলপাত এখনত আঙুঠিটো থই
সেৱা-শুশ্ৰূষাত লাগিল।
সোণ ৰূপেৰে উপচিল ঘৰ
ৰাক্ষসৰ আঙঠিৰ গুণত,
গিৰিহঁতে আনন্দতে জীয়েকৰ বিয়া
পাতিলে শিঙৰাৰ লগত।
মোট সলাই ধুইছিল গা
এদিনাখন শিঙৰাই নৈত,
মোটটো দেখি ঘৈণীয়েকে আনি
পুৰি পেলালে জুইত।
মোট নাইকিয়া শিঙৰা হ’ল
থুলন্তৰ পুৰুষৰ দৰে,
সকলোৱে মিলি মহা আনন্দেৰে
থাকিল ৰজাৰ দৰে।

চালত পৰিল ফেঁচা।
মোৰ সাধুকথা মিছা।
তামোলে পেলালে ডাবি।
কোন ক’লৈ যাবি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!