ই-আলোচনী আৰু আজিৰ প্ৰজন্মৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা

লেখক- বিচিত্ৰ কুমাৰ নাথ

আজিৰ সময় হৈছে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সময়। সময়ৰ লগত খোজ মিলাবলৈ গৈ দৈনন্দিন জীৱনত আমি ইমানেই ব্যস্ত হৈ পৰিছোঁ যে নিজৰ বাবেই সময় দিবলৈ অপাৰগ হৈ পৰো। এটা সময় আছিল, যেতিয়া আমি স্কুললৈ যাবলৈ ওলাইছিলো, তেতিয়া চাইকেলেৰে অহা হ’কাৰজনে বাতৰিকাকতখন চোতাললৈ দলিয়াই থৈ গৈছিল। ঘৰৰ সকলোৰে মাজত এক অঘোষিত যুঁজ হৈছিল যে বাতৰি কাকতখন কোনে আগত পঢ়িব পাৰে? কিন্তু আজি এই দৃশ্য দেখিবলৈ পোৱা নাযায়, বৰঞ্চ সেয়া শুনিবলৈহে পোৱা যায়। বিশ্বায়ন আৰু গোলকীয়কৰণে আমাক আধুনিকতাৰ উচ্চ শিখৰলৈ নি এইবোৰ লাহে লাহে নোহোৱা কৰি আনিছে। সেয়েহে আধুনিকতাৰ লগত খাপ খাবলৈ গৈ আজিৰ প্ৰজন্মই বাতৰি কাকত বা আলোচনী বা অন্যান্য গ্ৰন্থসমূহো মোবাইল বা ইণ্টাৰনেটৰ জৰিয়তে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছে।
আমাক সৰুতে শোৱাবলৈ মা বা আইতাই এখনি সুন্দৰ মন ভৰা ছবি দাঙি ধৰি ধুনীয়া সাধু কথা কৈছিল। তাৰপাছতো যদি আমি টোপনি যোৱা নাছিলোঁ, তেতিয়া আমাক ভূতৰ সাধু কৈছিল। এই ভূতৰ সাধুত ভূতৰ ছবিখন এনেকৈ দাঙি ধৰিছিল যে সঁচাকৈ ভূতৰ ছবিখন আমাৰ চকুৰ সন্মুখত ভাহি আহি “আইতা টোপনি যাম আৰু সাধু নক’বা” বুলি মুখেৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল। সেই ভূতৰ ছবিখন দাঙি ধৰাৰ লগে লগে মনটোত কল্পনাপ্ৰসুত ভাৱ জাগি উঠাৰ বাবে মগজুত ক্ৰিয়া কৰিছিল, কিন্তু আজিকালি ল’ৰা-ছোৱালীয়ে মোবাইলটো লৈ তাত সাধু বা অন্যান্য কাৰ্টুন চোৱাৰ বাবে সিহঁতৰ কল্পনাপ্ৰসুত মনটোক জাগ্ৰত কৰাৰ পৰা বঞ্চিত হৈ পৰে। আজিকালি আইতাৰ মুখৰ সাধু মোবাইল বা ইণ্টাৰনেটে লৈ গ’ল। আইতাৰ মুখৰ সাধু নাতি-নাতিনীবোৰে শুনিবলৈ নোপোৱা হ’ল বা এই সাধু কৈ থাকিবলৈ মানুহৰ সময়ো নোহোৱা হ’ল। সেয়ে মোবাইলটো ল’ৰা-ছোৱালীৰ হাতত দি সিহঁতক বিজ্ঞান প্ৰযুক্তিৰ প্ৰতিযোগিতাৰ দৌৰত নমাই যন্ত্ৰৰ ৰূপ দি আজিৰ সময়ৰ সোৱাদ লবলৈ শিক্ষা দিয়া হ’ল।
এটা সময় আছিল, এজনে আন এজনৰ লগত খবৰ বা যোগাযোগ কৰিবৰ বাবে বহু কষ্টৰ বিনিময়ত মাহৰ পাছত মাহ অপেক্ষা কৰাৰ প্ৰয়োজন হৈছিল। কিন্তু আজি গোটেই পৃথিৱীখন মানুহৰ হাতৰ মুঠিতেই উপলব্ধ। এতিয়াই যদি আমি আমেৰিকাৰ কোনো এটুকুৰা ঠাই বা সেই ঠাইৰ মানুহৰ বিষয়ে জানিব বিচাৰোঁ, একো নাজানিলেও সেই ঠাই ডোখৰৰ নাম লিখি গুগলত অনুসন্ধান কৰি সেই ঠাইৰ বা মানুহৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰোঁ। সেয়ে আজিকালি মানুহে সময় নষ্ট নকৰি ইণ্টাৰনেট বা মোবাইলৰ জৰিয়তেই প্ৰায়বোৰ কাম কৰে।
গোলকীয়কৰণৰ জৰিয়তে আধুনিক হোৱা আজিৰ প্ৰজন্ম যিমান আধুনিক হৈছে, কিন্তু সমান্তৰাল ভাবে ধ্বংস হোৱাও দেখা যায়। ইণ্টাৰনেট বা মোবাইলত ভাল বেয়া সকলোবোৰ সহজেই পোৱা যায়। মানুহৰ এটা সহজাত প্ৰবৃত্তি আছে, আমি ভালবোৰতকৈ বেয়াবোৰৰ প্ৰতিহে সোনকালে আকৰ্ষিত হওঁ। যেনেকৈ আজিৰ ল’ৰা-ছোৱালীবোৰে মোবাইলত প্ৰকৃতি নিহিত হৈ থকা ছবিবোৰৰ প্ৰতি আকৰ্ষিত নহয়। কেৱল সিহঁতক লাগে বিভিন্ন খেল বা বিভিন্ন কাৰ্টুনবোৰ। এইবোৰেই সিহঁতৰ মনত বিৰূপ প্ৰতিক্ৰিয়া ঘটাই আৰু মনবোৰক যান্ত্ৰিক কৰি তোলে। যাৰ ফলস্বৰূপে সিহঁতে সহজে লাভ কৰা কল্পনাৰ যান্ত্ৰিক সপোনৰ সাগৰত বিভোৰ হৈ ধৈৰ্য বোলা গুণবিধ নোহোৱা হৈ পৰে। পৰৱৰ্তী সময়ত যি কোনো কথাতে টিঙিৰিটোলা হৈ বিভিন্নধৰণৰ কুকৰ্ম কৰিবলৈকো কুণ্ঠাবোধ নকৰা হয়গৈ।
আজিৰ যুগ কম্পিউটাৰৰ যুগ। এই কম্পিউটাৰ যুগত কম্পিউটাৰ ইমানেই বিকশিত হৈছে যে কম্পিউটাৰে মানুহৰ দৰে চিন্তা কৰিব আৰু বুজিব পাৰে, এনে পৰিস্থিতিত আজিৰ সময়ত এটা নতুন শব্দ বহুত আলোচনাৰ বিষয় হৈ পৰিছে, যাক আমি কৃত্ৰিম বুদ্ধিমত্তা বুলি কওঁ। আজিৰ তাৰিখত ইয়াক বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়। কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ, য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয়। এই কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি অপৰাধ অনুসন্ধান কৰাত সুবিধাজনক হয়। কিন্তু আজিৰ প্ৰজন্মই ইয়াক ধনাত্মক অৰ্থত ব্যৱহাৰ নকৰি ঋণাত্মক অৰ্থতহে ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান প্ৰায়ে চৰ্চিত হৈ আছে যে এজনী ছোৱালীৰ অৱয়ব ব্যৱহাৰ কৰি তাইৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰি উত্তেজক প্ৰতিচ্ছবি বনায় বা উত্তেজক শব্দ মুখত দি সামাজিক মাধ্যমত প্ৰচাৰ কৰি তোলপাৰ লগাই গোটেই গোলকীকৰণ জগতখনকে ক্ষন্তেক সময়ৰ বাবে স্তম্ভিত কৰি মানুহক হতবাক হ’বলৈ বাধ্য কৰালে। তাৰ সমান্তৰালভাৱে আঁৰৰ ব্যক্তিসকলে অৰ্থ উপাৰ্জন কৰিবলৈও সক্ষম হ’ল।
যিহেতু মানৱ সমাজ হিচাপে আমি বহু আগুৱাই গৈছোঁ, সেয়েহে আমি বিজ্ঞান প্ৰযুক্তিৰ ঢৌত নিজকে খাপ খুৱাই উটি নোযোৱাকৈ ভাৰসাম্য ৰক্ষা কৰি গোলকীয়কৰণ পৃথিৱীখনত জীয়াই থাকিব জানিব লাগিব। বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দিশসমূহক সমাজ সংস্কাৰ বা সমাজ হিতৰ বাবে ব্যৱহাৰ কৰিব লাগিব। যিহেতু মানৱ সমাজ হিচাপে আমি বহু আগুৱাই গৈছোঁ, সেয়েহে আমি বিজ্ঞান প্ৰযুক্তিৰ ঢৌত নিজকে খাপ খুৱাই উটি নোযোৱাকৈ ভাৰসাম্য ৰক্ষা কৰি পৃথিৱীখনত জীয়াই থাকিব জানিব লাগিব। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিশসমূহক সমাজ সংস্কাৰ বা সমাজ হিতৰ বাবে ব্যৱহাৰ কৰিব লাগিব।
যেনেকৈ কোৱা হয়, “হংসৈ যথা খীৰম ইব অম্বু মধ্যাত।” অৰ্থাৎ হাঁহে যেনেকৈ গাখীৰ আৰু পানীৰ মাজৰ পৰা অকল পানীখিনিহে গ্ৰহণ কৰে। সমাজখনত ভাল বেয়া সকলোবোৰ থাকিব, সেয়ে আমি হাঁহে পানী আৰু গাখীৰৰ মাজৰপৰা পানীখিনি গ্ৰহণ কৰাৰ দৰেই সকলো বস্তুৰে ভাল খিনিহে গ্ৰহণ কৰা উচিত। ঠিক তেনেদৰেই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এটি সু দিশ হৈছে ই-আলোচনী।
মই আৰম্ভণিতেও কৈছোঁ, আজিৰ মানুহৰ সময়ৰ নাটনি হৈছে। আজিকালি আমাৰ সকলো কাম-কাজ মোবাইল বা ইণ্টাৰনেটৰ ওপৰতেই নিৰ্ভৰশীল। আগৰ দৰে পিয়নে চিঠি দিয়া ছবিখন সমাজৰপৰা বিলুপ্ত হোৱাৰ পথত। হোৱাটচ এপ নাইবা মেইলৰ জৰিয়তেই অফিচৰ বিভিন্ন চিঠি পত্ৰ বা এজনে আন এজনক বিভিন্ন নথি-পত্ৰ পঠোৱাৰ ছবিখন এতিয়া সুলভ হ’ল। বিভিন্ন পৰিস্থিতিৰ তাগিদাত আমি আলোচনী বা ছপা গ্ৰন্থসমূহ অধ্যয়ন কৰিবলৈ সময় নোপোৱা হ’লো বাবে আমি আমাৰ হাতত থকা মোবাইলটোতেই সেইবোৰ পঢ়িব বিচাৰোঁ। বৈদ্যুতিন মাধ্যমে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ব্লগ, ই-বুক, ই-আলোচনীসমূহৰ জৰিয়তে বৰ্তমান এই মাধ্যমত বিভিন্নজনে সাহিত্য চৰ্চা কৰি থকা দেখা গৈছে।
বৈদ্যুতিন মাধ্যমত উপলব্ধ ই-আলোচনীসমূহৰ যোগেদি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা লোকৰপৰা সামাজিক মাধ্যমৰ জৰিয়তেই সমল সংগ্ৰহ কৰি এই মাধ্যমৰ জৰিয়তেই উঠি অহা প্ৰজন্মক কিতাপ পঢ়াৰ আনন্দ দিবলৈ পাৰোঁ। ইয়াৰ বাবে আমি ই-আলোচনীসমূহ আসোঁৱাহমুক্ত কৰি প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে যত্ন কৰা উচিত। তেতিয়াহে পঢ়ুৱৈৰ চিত্তাকৰ্ষক হৈ উঠিব

এই সংখ্যাটোৰ আঁৰত-

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়কঃ-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments