এটি শীতৰ সন্ধিয়া আৰু বলেনী বাঈ (ৰঞ্জু শৰ্মা)
এই যে এটিৰ পিছত এটিকৈ ঋতু আহে, ঋতু যায় ,তাৰ লগে লগে প্রকৃতিয়ে নিজৰ আভৰণ সলায় এনে লাগে যেন ইসাজৰ পিছত সিসাজ সাজ পিন্ধি পাহাৰীয়া জুৰিৰ দাপোনত নিজৰ প্রতিবিম্ব চাই চাই বিভোৰ হোৱা এগৰাকী চঞ্চল গাভৰু। প্রত্যেকটো ঋতুৰে এক সুকীয়া মাদকতা থাকে , থাকে একো একোটি পৃথক সুৰভি আৰু তাৰ লগে লগে জড়িত হৈ থাকে কিছুমান আলসুৱা স্মৃতি। মোৰ মনৰ সফুৰাতো আছে সপোন সপোন লগা তেনে এজাক ৰঙীণ স্মৃতি। উৰণীয়া পখিলা খেদি খেদি মতলীয়া হোৱা বয়সত অজানিতে আহি মনত বাহ লোৱা স্মৃতিৰ সেই ৰঙীন পখিলাজাক সুবিধা পালেই যেন পাখি মেলি উৰি আহিব খোজে আজিও। যেন মোৰ চৌদিশে বিয়পাই থৈ যায় সেই সময়ৰ অলপ নিয়ৰসনা শীত, কেতিয়াবা অলপ শৰতৰ শেৱালী নতুবা কেতিয়াবা গ্রীষ্মৰ এটি নীৰৱ দুপৰীয়া।…..কিয় জানো শৈশৱতে লগ পোৱা কিছুমান মানুহৰ কিছুমান কথা মনৰ সাচত ৰৈ যায় চিৰদিন, আৰু কোনো উপলক্ষ্য নোহোৱাকৈয়ে এতিয়াও আহি থাকে মনলৈ একমাত্র পৰিস্থিতিৰ সাদৃশ্যতাৰ বাবে।
মাঘ বিহুৰ আগে আগে আমি প্রায়েই আমাৰ ককাৰ ঘৰলৈ গৈছিলো… সৰুৰে পৰাই গাওৰ শান্ত শীতল পৰিবেশ , ঘোপ মৰা বাহনী বাৰীবোৰ, বতাহত অনবৰতে ভাহি থকা বনৰীয়া সুগন্ধি, এইবোৰে মোক একেবাৰে মোহাছন্ন কৰি ৰাখিছিল। বিশেষকৈ শীতকালিৰ দিনকেইটা যেন ককাৰ ঘৰখন মোৰ বাবে একপ্রকাৰ উৎসৱস্থলীয়েই হৈ পৰিছিল। ককাৰ ঘৰত সৰুৰে পৰা দেখি অহা বলেনী বাঈ ও মোৰ বাবে ৰৈ ৰৈ আহি থকা তেনে এটি স্মৃতি। কিয় নাজানো কিন্তু শীতৰ আগমণে বলেনী বাঈৰ চেহেৰাটোৰ লগতে পুৰণি কালৰ সেই এজাক স্মৃতি যেন উৰুৱাই লৈ আহে মোৰ মনলে।… বয়সে মাথো পঞ্চাছ মানৰ দেওনাহে গৰকিছিল যদিও বলেনী বাঈ তেতিয়াই প্রায় অবশ, যেন ৰোগ আৰু পুষ্টিহীনতাই জুঢ়ুলা কৰা এটি মাথো দুর্বল কুজা শৰীৰ…। মাৰ বাবে তেও বলেনী বাঈ আছিল বাবে মইও সেই নামেদিয়ে মতা কৰিছিলো। ….
ডাঙৰ ডাঙৰ আম, কঠাল, জামু, লেটেকু আৰু ঘোপ মৰা বাহনীৰে ঠাহ খাই থকা গাওবোৰত শীতকালি সন্ধিয়াবোৰো যেন সোনকালে আহে। ….তেনেকুৱা শীতৰ সন্ধিয়াবোৰতে বলেনী বাঈ আহে মামীৰ ওচৰলৈ। চোতালৰ পৰাই মামীক মাত লগাই…
“ন’ছোৱালী ঔ জুই অকন দেচোন.. এই ফুট গধূলীতে ইমান কুৱলী বোলাইছে ,বাটেই দেখিবলৈ টান।”
….হাতত চীয়াহী দোৱাতৰ সাফৰখন ফুটাই সাজি লোৱা কেৰাচিনৰ চাকি এগছি লৈ ঠান্ডাত কপি কপি কুজা হৈ বলেণী বাঈ আহে জুই খুজিবলৈ। মামীৰ জুহালত তেতিয়া চাহৰ কেটলী উঠি থাকেই। তাৰ পৰাই জ্বলি থকা খৰি এদাল উলিয়াই আনি মামীয়ে চাকিটো জ্বলাই দিয়ে। লগতে প্রায় খালী হৈ থকা চাকিটোত এচাকি তেল, একাপ চাহ আৰু ৰাতিটোৰ বাবে কেইটিমান কেচা পাচলি। কাহৰ বাতিত দিয়া গৰম গৰম চাহ আৰু গুৰৰ জুতি লৈ লৈ বলেনী বাইয়ে নানা কথাৰ মহলা মেলে।…কেতিয়াবা ৰামায়নৰ সাধু, কেতিয়াবা কেতিয়াও নাম নুশুনা কোনোবা অপেশ্বৰীৰ সাধু, কেতিয়াবা শকুন্তলাৰ সাধু, নহলে বেছিভাগেই তেওলোকৰ সৰুকালৰ কাহিনী।…তাৰ ভিতৰত তেওলোকৰ সৰু কালৰ কথাবোৰে মোক আটাইতকৈ বেছি আমোদ দিছিল, সচা কথাবোৰো সাধু সাধু লাগিছিল। বলেনী বাইয়ে কৈ গৈছিল কেনেকৈ তেও পুস্পিতা নহওতে বিয়া হৈছিল, বিয়াৰ পিছতেই অকণমানি কইনাজনীক কেনেকৈ শাহুৱেকে মৰম কৰি ভাত খুৱাই দিছিল আনকি কেতিয়াবা গা ধুৱাই পর্য্যন্ত দিব লগা হৈছিল। প্রথমতে বলেনী বাঈয়ে হেনো থুলন্তৰ চেহেৰাৰ গিৰিয়েকক দেখি শাহুৱেকৰ আচলৰ পিছত লুকাই ফুৰিছিল, পিছত যেতিয়া পুষ্পিতা হোৱাৰ পিছত পুণৰবাৰ তেও শহুৰেকৰ ঘৰলৈ আহিছিল তেতিয়াহে লাহে লাহে সংসাৰৰ আও ভাওবোৰ বুজি পোৱা হৈছিল আৰু তাৰ ঠিক পাচবছৰমানৰ পিছতেই এমা দিমা দুটি ল’ৰাৰ সতে বলেনী বাঈক এৰি থৈ ভাল নোহোৱা অচিন বেমাৰ এটাত পৰি এদিন বলেনী বাঈৰ গিৰীয়েক ধুকাই থাকিছিল।……জুহালৰ কাষতে বহি থকা মাৰ গাত লিপিট খাই খামুছি ধৰি মই বলেনী বাঈৰ সাধু কথাবোৰ শুণি যাও।
এতিয়াও মোৰ মনত আছে শৈশৱ মনৰ কৌতুহল দমাম নোৱাৰি এদিন সুধি পেলাও “ বাঈ তোমাৰ ঘৰত জুই নাই নেকি?….জুই ও কিবা বেলেগৰ ঘৰৰ পৰা নিয়া বস্তু নে?”…. উত্তৰটিৰ লগতে বলেনী বাঈৰ শেতা মুখখনৰ পৰা এটি গধুৰ হুমুনিয়াহও ওলাই আহে।
“ আই আমাৰ ঘৰৰ জুইবোৰ আমাৰ পেটতে সোমাই থাকে…সেয়েহে চাকি জ্বলাই পোহৰ কৰিবলৈ জুই অকন মামীয়েৰৰ পৰাই লৈ যাও অ’ বুজিছ….”। বলেনী বাঈৰ উত্তৰটিৰ গুঢ়ার্থ বুজাৰ বয়স সেই সময়ত মোৰ নাছিল। সেয়ে হয়তো মই একো নুবুজা হাহি এটা মাৰিছিলো…। মুঠতে মামীৰ ওচৰলৈ প্রটিতো সন্ধিয়া বলেনী বাঈৰ জুই খুজিব অহাটো এটা নির্ঘাট প্রক্রিয়া হৈ পৰিছিল। এতিয়া মাজে মাজে ভাৱবোৰ আহিলে মনটোৰ কোনোবাখিনিত বিষ এটা উঠি আহে।…
মনত পৰে বলেনী বাঈৰ জুপুৰিটোলে…মোৰ ককাৰ বিশাল বাৰীখনৰ গাতে লাগি আছিল বলেনী বাঈৰ জুপুৰিটো..গোৱৰৰ লেপ দি থোৱা কেচা মাটিৰ বেৰ আৰু পচা খেৰৰ চালখনৰ পৰা এটি আমেজলগা গোন্ধ আহিছিল।…কিয় জানো সেই গোন্ধটো মোৰ বৰ ভাল লাগিছিল…সেয়ে সুবিধা পালেই মই বলেনী বাঈৰ জুপুৰিটোলৈ দৌৰি গৈছিলো। গোটেই ঘৰখনত থকা বস্তুবোৰৰ ভিতৰত উল্লেখযোগ্য বুলিবলৈ এখন বাহঁৰ চাঙ,,,তাৰ ওপৰত এজাপ খেৰ আৰু এখন কেথা পাৰি থোৱা থাকে। সেইয়া ই আছিল মাক পুতেকৰ শোৱা বিচনা….ঠান্ডাৰ সময়খিনিত সেই চাঙখনৰ ওপৰত এখন শেতেলীয়ে ঠাই পাইছিল।….এদিন দেখিছিলো দুপৰীয়া ৰ’দত বহি বলেনী বাঈয়ে উৱলী গৈ অ’ত ত’ত লাৰু বন্ধা শেতেলীখন থাপি থুপি চিলাই আছে।….শৈশৱৰ মোৰ অবোধ মনে আকৌ বলেনী বাঈক সোধে
…..“ তোমাৰ শেতেলীখনৰ ফুটাবোৰেৰে বতাহ নোসোমায় নেকি বলেনী বাঈ? .. মামীৰ পৰা এখন নতুন শেতেলী লৈ ল’বা ।”
…..খুকখুকাই হাহি বলেনী বাঈয়ে উত্তৰ দিয়ে “..নালাগে অ’ আই.. আমাৰ ডাঙৰ বাপা পঢ়াত খুৱ ভাল …বি.এ টো পাছ কৰিলেই চাকৰি পাবই খাটাং..। তেতিয়া চাবি এখন নহয় দুখন শেতেলী কিনিম আৰু লগতে চাংখনত পাৰিবলৈ তুলি এখনো ….।”
বলেনী বাঈৰ উত্তৰ পুৰা হোৱালৈ সেই সময়ত মই বা তেওৰ ওচৰত ৰৈ আছিলো নে নাই ভালকৈ মনত নাই কিন্তু কথাবোৰ বুজা হোৱাত গম পাইছিলো বলেনী বাঈৰ দুয়োটি পুতেকেই মাকক নতুন শেতেলী কিনি দিব পৰা হৈছিল, বাহৰ চাঙ আতৰাই কাঠৰ পালেঙত তুলিৰ ওপৰত শোৱাব পৰাৰ জোখেৰে আত্মনির্ভৰশীল ও হৈ উঠিছিল।….বেৰবোৰ কেচা হলেও খেৰৰ চালিৰ ঠাইত টিনপাতে ঠাই পাইছিল । ..পিছে বয়সে অলপ বেছি কুজা কৰাৰ বাদে বলেনী বাঈ তেতিয়াও একেধৰণেই আছিল…
সেই সময়ত মই উচ্চতৰ মাধ্যমিক শ্রেণীত পঢ়ি আছো।.. আনকালিৰ নিচিনাকৈ.সেইবেলি মাঘবিহুৰ সময়তো মই মামাৰ ঘৰত আছোগৈ…ঠিক সন্ধিয়া নামি আহিছে মাথো, কুজা হৈ কপি কপি বলেনী বাঈ আহিল.L…হাতত আগৰ দৰে একেই এটি চিয়াহী দোৱাতৰ চাকি… আহিয়েই মামীক জুই অকণ খুজিলে। মামীয়েও আঠে বেথে বহাই চাহ পানী খুৱাই যাবৰ সময়ত চাকিটোত জুই অকণ দি দিলে। মনলৈ উচপিচাই সোমাই অহা খু দুৱণিটো ৰখাব নোৱাৰি মই আকৌ সুধিলো “.বাঈ এতিয়াটো তোমাৰ ঘৰত লাইটৰ ব্যৱস্থাও আছে., এতিয়াও তুমি মামীৰ পৰা জুইকন কিয় লৈ যোৱা?..”
“…আই তহতৰ পদুলীৰ পৰা আমাৰটোলৈ এই বাটকণ বৰ এন্ধাৰ অ’…জুইকণ নহলে খুপি খুপি যাবলৈকে দিগদাৰ..তাতে বুঢ়া চকু…” কথাখিনি কৈ বলেনী বাঈ আৰু মামী দুয়ো হাহে।…আৰু মই আজিওবিচাৰি ফুৰো সেই হাহিৰ অর্থ….।বলেনী বাঈয়ে বাৰু সচাকৈয়ে কেৱল বাটৰ আন্ধকাৰ আতৰাবলৈকে মামীৰ ঘৰৰ পৰা জুইকণ নিছিলনে?….