এয়েইটো জীৱন ( ৰিমঝিম বৰঠাকুৰ )

 

বাহিৰত চিপচিপকৈ বৰষুণ দিবলৈ ধৰিছে লগত অলপ বতাহো বলি আছে সেয়ে মাজে মাজে বতাহৰ কোবত খুলি থোৱা খিড়িকীখনে বৰষুণৰ চিটিকণি আহি এনিশা বহি থকা কোঠাটোতো পৰিছে৷ আগতে হোৱা হ’লে এনেকুৱা বৰষুণত তিতিবলৈ দৌৰ মাৰিলেহেঁতেন ছয়বছৰীয়া সন্তান ধ্যানকো লগত লৈ লয়৷ এটা সন্তানৰ মাক হৈও কিছুমান সৰু সৰু ভাল লগা স্বভাৱ তাই এতিয়াও এৰিব পৰা নাই, সেই আগৰ দৰে চটফটি এনিয়ে হৈ আছে৷ এনেকে বৰষুণত তিতি থকা দেখিলে জীতৰ বিৰাত খং উঠে, মাকজনী হৈ পুতেকক মানা কৰা সলনি উৎসাহহে দিছে৷ এইবিলাক কথাৰ কাৰণে তাই অকল জীতৰ পৰাই নহয় মাক-দেউতাক, শাহু-শহুৰ সকলোৰে পৰা গালি খায়৷ কিন্তুু সলনি ন’হল এনিশা, এনেকুৱা সৰু ল’ৰা ছোৱালীৰ নিচিনা স্বভাৱৰ কাৰণে পুতেক ধ্যানেও সুবিধা নোলোৱা নহয়৷
’মা, কি তুমি সৰু ছোৱালীৰ নিচিনা কৰি আছা বৰষুণ পৰি আছে গাত আৰু খিড়িকীখন মাৰি দিয়া নাই’ ধ্যানৰ মাততহে এনিশাৰ ধ্যান ভাঙিল৷ লৰালৰিকৈ বতাহে খেলিমেলি কৰি থৈ যোৱা চুলিখিনি ঠিক কৰি খিড়িকীখন মাৰিবলৈ উঠি গ’ল৷
’ব’লা মা আইতাই গাখীৰ গৰমাইছে আমাৰ দুয়োলৈকে, তুমি বোলে আজি একো খোৱা নাই এনেকুৱা কিয় কৰিছা…’ আৰু কিবা কিবি কৈ কৈ মাকক ধ্যানে হাতত ধৰি লৈ গ’ল৷ এই তিনিমাহতে যেন ল’ৰাটো তাই ভবাতকৈ বহুত ডাঙৰ হৈ গ’ল৷ তাই যেন ধ্যানৰ মাক নহয় ভনীয়েকহে তাৰ কথাকেইটা তাইৰ তেনেকুৱাই লাগিল৷ সঁচাকৈয়ে তাক ভনীয়েক ন’হলে ভায়েক এটা লাগে যিটো কথা এনিশাই বুজি পাবলৈ অলপ সময় লৈছিল৷ তাইৰ মতে এটা সন্তানেই যথেষ্ট আজিকালিৰ দিনত, কিন্তুু জীতে কথাটো কোনোপধ্যেই মানি লোৱা নাছিল৷ ধ্যানক এটা লগৰ দৰকাৰ, যাৰ জৰিয়তে মৰম কি, দায়িত্ব কি সি বুজি পাব ভালকৈ৷ শেষত তাই মান্তি হৈছিল দ্বিতীয় সন্তানটিৰ কথা ভাবিবলৈ৷
’আৰে মা তুমি দেখোন গাখীৰখিনি খোৱাই নাই এতিয়াও৷ খোৱা খোৱা দিতামণিয়ে কৈছিল নহয় এতিয়া তুমি ভালকৈ খোৱা বোৱা কৰিব লাগিব৷ ’ ছয়বছৰীয়া সন্তান ধ্যানক কি বুলি ক’ব তাইৰ যে একো কৰিবৰ মন যোৱা নাই৷
তিনিমাহৰ আগতে যিজাক ধুমুহা পাৰ হৈ গ’ল সেইজাকে এনিশাই সযতনে গঢ় দিয়া জুপুৰীটো একেবাৰে ভাঙি থৈ গ’ল৷ পেটত তাইৰ হ’বলগীয়া ছয়মহীয়া সন্তান যিয়ে পৃথিৱীলৈ অহাৰ আগতেই দেউতাকৰ মৰম হেৰুৱালে৷ বুকুখন ধৰফৰাই উঠিল তাইৰ, কি কৰো কি নকৰো কৈ উঠি যাবলৈ ধৰোতেই হাতৰপৰা পৰি গাখীৰৰ গিলাচটো ভাঙিল৷ গাখীৰখিনি খাই পঢ়িবলৈ উঠি যোৱা ধ্যান একেকোবে মাকৰ ওচৰ পালেহি ’মা কি কৰিছা তুমি, এনেকুৱা সময়ত তুমি সাৱধানে থাকিব লাগে৷ দিতামণিয়ে কৈছিল নহয় মোক তোমাৰ গাত লাগি থাকোতে এতিয়া বোলে তোমাক একেবাৰে ভালকৈ ৰাখিব লাগিব য’ত ত’ত দুখ পালে বেয়া৷ ’ ধ্যানৰ কথা শুনি এনিশাৰ এনেকুৱা লাগিছে জীতে কেনেবাকৈ গম পাইছিল নেকি তাৰ কমি অহা আয়ুসৰ কথা, পুতেকক ইমান ডাঙৰ কৰি থৈ গ’ল কথাই বতৰাই৷ তাইৰ সুধিবৰ মন গ’ল দিতামণিয়ে তাক আৰু কি কি শিকাই থৈ গ’ল৷ সেইদিনা এক্সিডেণ্টত পতিত হোৱা জীতৰ গাড়ীখনত সিহঁত তিনিওটা থকা হ’লেই ভাল আছিল এনিশাই কেতিয়াবা ভাৱে৷ আহিবলগীয়াটোৰ সৈতে সিহঁত চাৰিটা হ’লহেঁতেন এখন সুখৰ সংসাৰ কিন্তুু খন্তেকতে সকলো শেষ৷ দিশহাৰা এনিশাই ভাঙি যোৱা জুপুৰীটো আকৌ বান্ধিব কেনেকৈ? ধ্যান আৰু ফুলিবলগীয়া ফুলপাহক মৰহি যাবলৈ দিব নোৱাৰে কিন্তুু জীতৰ অবিহনে তাই কৰিব কি? এইবোৰ কথাই এনিশাজনীক একেবাৰে দহি নিছে৷ ধ্যানৰ লগত এইকেইমাহ তাই অলপো বহিব পৰা নাই সিও আমনি কৰা নাই মাকক আইতাক ককাকৰ লগতে আছে৷
আজি বহুত দিনৰ মূৰত ধ্যানৰ ওচৰত বহিবলৈ আহি দেখিলে আইতাকৰ লগত লুডুখন লৈ খেলি আছে লগতে আইতাকক বুজাই আছে ’ জানা আইতা মা দিতামণিয়ে কৈছিল মই যে এতিয়া দাদা হ’ম সেয়ে চব কাম মইয়ে কৰিব লাগিব মাক দিগদাৰ কৰিলে কষ্ট পাব আৰু এতিয়াটো দিতামণিও নাই মাক মইয়ে চাব লাগিব৷ ’ কথাবিলাক শুনি এনিশাৰ বিশ্বাসেই হোৱা নাই তাইৰ কণমানিটো যে এই তিনিমাহত ইমান ডাঙৰ হ’ল৷ তাই ধৈৰ্য ধৰিব লাগিব দুখৰ চোলাটো সোলোকাই ভাঙি থানবান হোৱা জুপুৰীটো নতুনকৈ গঢ় দিব লাগিব নিজৰ কাৰণে ন’হলেও ধ্যান আৰু আহিবলগীয়া সন্তানৰ বাবে, এয়েইটো জীৱন৷ বৰষুণজাক দিয়েই আছে এতিয়াও, তাই ধ্যানক লৈ ওলাই গ’ল বৰষুণৰ পানীত দুখবোৰ ধুই পেলাবলৈ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!