এ বাটাৰফ্লাই উইল ষ্টিল বী বিউটিফুল; মূল: ৰাস্কিন বণ্ড।
অনুবাদ: পংকজ কুমাৰ নেওগ।
বাৰবছৰীয়া ল’ৰা এটাৰ বাবে সেইবছৰৰ শীতকালটো আছিল অতি নিঃসংগ। দু-বছৰৰ পূৰ্বে ঘটা দেউতাৰ অকালমৃত্যুৰ শোক মই তেতিয়াও পাহৰিব পৰা নাছিলো আৰু পুৰণি গাড়ী বেচা-কিনা কৰা সেই পাঞ্জাৱী ভদ্ৰলোকজনৰ সৈতে মা দ্বিতীয় বিবাহত সোমোৱা কথাটোও মই অন্তৰেৰে গ্ৰহণ কৰিব পৰা নাছিলো। তিনিমাহৰ শীতকালীন বিৰতিৰ অন্তত চিমলাৰ ব’ৰ্ডিং স্কুললৈ উভতি যাবলৈ সময় হোৱাত মই একপ্ৰকাৰ সুখী হৈ পৰিলোঁ। এসময়ত কিপলিঙে তেওঁৰ লেখাবোৰত চিমলা নামৰ পাহাৰীয়া চহৰখনৰ গুণগান কৰিছিল যদিও অতি সোনকালে ই ভাৰতত বৃটিছৰাজৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে নিজৰ মৰ্যাদা হেৰুৱাই পেলাইছিল।
স্কুলত মোৰ যে বহুতো বন্ধু-বান্ধৱ আছিল তেনে নহয়। মই আছিলো লাজকুৰীয়া, স্বল্পভাষী আৰু অকলশৰীয়াকৈ থাকি ভাল পোৱা স্বভাৱৰ। কেৱল দেউতাই ছুটীৰ দিনকেইটাত লগ ধৰিবলৈ অহা দিনবোৰলৈ বাট চাইছিলো আৰু দিল্লী আৰু কৰাচীৰ উপকণ্ঠত তেওঁৰ সৈতে তম্বু নতুবা বিমান বাহিনীৰ বেৰেকছত সময় কটাবলৈ ভাল পাইছিলো। কিছু অনিয়মীয়া হ’লেও সেই আনন্দৰ দিনবোৰ এতিয়া আৰু উভতি নাহে। মোৰ এজন বন্ধুৰ প্ৰয়োজন আছিল; কিন্তু ক্লাছৰ বেঞ্চত নিজৰ নাম খোদাই কৰা, শ্ৰেণী শিক্ষকৰ চকীত চ্যুয়িং গাম লগাই ৰং চোৱা চতুৰ্থ শ্ৰেণীৰ এদল হুলস্থূলীয়া, টটাটিঙা ল’ৰাৰ মাজত এজন বন্ধু বিচাৰি পোৱা মুঠেই সহজ নাছিল। অইন ল’ৰা-ছোৱালীৰ সৈতে খেলি-ধূলি ডাঙৰ হোৱাহেঁতেন হয়তো ময়ো স্কুলীয়া উৎপাত বা বদমাচিবোৰ উপভোগ কৰিলোহেঁতেন, কিন্তু মাৰ সৈতে হোৱা বিবাহ বিচ্ছেদৰ পাছত দেউতাৰ নিঃসংগতাৰ ভাগ ল’বলৈ গৈ মই অকালতে এজন প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰিত হৈছিলো। মিশ্ৰিত বা বিভিন্ন বিষয়ৰ যেনে ডিকেন্স, ৰিচমাল ক্ৰম্পটন, ৰবি ঠাকুৰ আৰু চেম্পিয়ন আৰু ফিল্ম ফান কমিকছ ইত্যাদি পঢ়ি ভালপোৱা মোৰ স্বভাৱটোৱে হয়তো মোৰ জীৱনৰ বিভ্ৰান্ত অৱস্থাটোকে প্ৰতিফলিত কৰিছিল। সেই প্ৰাক-ইলেক্ট্ৰনিক যুগতো কিতাপ পঢ়া লোকৰ সংখ্যা আছিল বিৰল। বৰষুণৰ দিনত বেছিভাগ ল’ৰাই তাচ বা মন’পলি খেলিছিল বা কমন ৰুমত গ্ৰাম’ফোনত আৰ্টি শ্বৰ সংগীত শুনিছিল।
চতুৰ্থ শ্ৰেণীত এমাহমান সময় পাৰ কৰাৰ পাছত ওমৰ নামৰ এজন নতুন ল’ৰাৰ ওপৰত মোৰ চকু পৰিল। ওমৰ মোৰ চকুত পৰাৰ একমাত্ৰ কাৰণ আছিল যে সি আছিল অত্যন্ত শান্ত আৰু স্বল্পভাষী। শ্ৰেণীৰ বাকীবোৰে যেতিয়া চাৰ্কাচৰ ‘মাৰ্ক্স ব্ৰাদাৰ্ছ’ক অনুকৰণ কৰিবলৈ শ্ৰেণীকোঠাত উন্মত্ত প্ৰচেষ্টা চলাইছিল, ওমৰ নিশ্চুপ হৈ সেই প্ৰচেষ্টাৰপৰা বিৰত থাকিছিল। শ্ৰেণীৰ হুলস্থূলীয়া পৰিৱেশৰ প্ৰতি সি কোনো বিৰক্তি প্ৰকাশ কৰা নাছিল বা উদ্ভণ্ডালিবোৰত অংশ গ্ৰহণো নকৰিছিল। এবাৰ সি মোক তাৰফালে চাই থকা দেখা পাই এটা বিষাদপূৰ্ণ, সহনশীল হাঁহিৰে প্ৰত্যুত্তৰ দিছিল। শ্ৰেণীকোঠাত তেনেহ’লে মই আৰু এজন প্ৰাপ্তবয়স্কৰ উপস্থিতিৰ উমান পাইছিলো নেকি? হয়তো নিজৰ বয়সৰ তুলনাত অলপ বেছিয়েই পৰিপক্ব?
আমি ইজনে সিজনৰ সৈতে কথা-বতৰা হোৱাৰ পূৰ্বেই দুয়োজনৰ মাজত এটা বুজা-পৰাৰ সৃষ্টি হৈছিল আৰু শ্ৰেণীকোঠাৰ কৰিডৰ, ডাইনিং হল বা ডৰমিটৰিৰ আশে-পাশে দেখা হ’লে আমি মূৰ দুপিয়াই শ্ৰদ্ধাপূৰ্বক অভিবাদন জনাইছিলো। আমি অৱশ্যে একেটা হাউছৰ নাছিলো। হাউছ ব্যৱস্থাটোৱে একপ্ৰকাৰৰ বৰ্ণবৈষম্যৰহে সৃষ্টি কৰিছিল যাৰ ফলত, উদাহৰণ স্বৰূপে, কাৰ্জন হাউছৰ কোনো সদস্যক ৰিভাজ বা লেফ্ৰয় হাউছৰ সদস্যসকলৰ সৈতে মিলা-মিছা কৰা আশা কৰা নগৈছিল। সেই পাবলিক স্কুলবোৰে মানুহক বিভিন্ন স্তৰত আৱদ্ধ কৰি ৰাখিবলৈ ভালকৈয়ে জানিছিল। অৱশ্যে ওমৰ আৰু মই যেতিয়া স্কুলৰ ক’ল্টছ হকী টীমত নিৰ্বাচিত হ’লোঁ, আমাৰ মাজৰ সকলোবোৰ বাধা আঁতৰিল। ওমৰ ফুলবেক হিচাপে আৰু মই গলকীপাৰৰূপে নিৰ্বাচিত হ’লোঁ।
মই ভাৱোঁ যে স্বাভাবিকতে এটা ৰক্ষণাত্মক অৱস্থান বা ‘ডিফেন্সিভ পজিছন’ মোৰ বাবে আছিল উপযুক্ত। অলপো অহংকাৰ নকৰাকৈ মই ক’ব পাৰোঁ যে হকী আৰু ফুটবল—উভয় খেলতেই মই আছিলো এজন দক্ষ গ’লৰক্ষক। চাওঁতে চাওঁতে বহুকেইটা দশক পাৰ হৈ গ’ল আৰু আজিও মই গ’লৰক্ষকৰ ভূমিকাই পালন কৰি আহিছো। সেই সময়ত মই দায়িত্ব পালন কৰিছিলো গ’লপষ্টৰ মাজত থিয় হৈ আৰু এতিয়া পালন কৰিছো খেলপথাৰৰ বাহিৰত – পৰিয়াল এটাক সুৰক্ষা প্ৰদানেৰে নতুবা এজন লেখক হিচাপে নিজৰ স্বাধীনতা বজাই ৰাখি…! স্বল্পভাষী ওমৰে মোৰ সৈতে কথা পতা আৰম্ভ কৰিছিল আৰু খেলপথাৰত আমাৰ বুজা-পৰাও আছিল চমৎকাৰ। এজন গ’লৰক্ষক আৰু এজন ফুল-বেকৰ মাজত পাৰস্পৰিক বুজা-পৰা অত্যন্ত জৰুৰী। আমাৰ চিন্তাধাৰাও আছিল একে তৰংগৰ! মই তাৰ প্ৰতিটো পদক্ষেপ আগতেই অনুমান কৰিব পাৰিছিলো আৰু সিও মোৰ গতি-বিধিবোৰৰ উমান লাভ কৰিছিল। বহু বছৰৰ পাছত কনৰাডে লিখা ‘দ্য চিক্ৰেট শ্বেয়াৰাৰ’ (The Secret Sharer) উপন্যাসখন পঢ়োঁতে মোৰ ওমৰৰ কথাই মনত পৰিছিল।
স্কুল, শ্ৰেণীকোঠা আৰু ডাইনিং হলৰ গণ্ডীৰ বাহিৰতহে আমাৰ বন্ধুত্ব প্ৰকৃতাৰ্থত ঠন ধৰি উঠিছিল। আমাৰ হকী দলটো কাষৰে পৰ্বতমালাত অৱস্থিত ছানাৱাৰলৈ গৈ পুৰণি প্ৰতিদ্বন্দ্বী—‘লৰেঞ্চ ৰয়েল মিলিটেৰী স্কুল’ৰ বিপক্ষে কেইখনমান মেছ খেলাৰ কথা আছিল। সেইখন আছিল দেউতাই পঢ়া পুৰণি স্কুল। অৱশ্যে তেওঁৰ সময়ত প্ৰতিষ্ঠানখন এখন সামৰিক অনাথ আশ্ৰম হিচাপেও ব্যৱহাৰ হোৱা কথাটো মই জনা নাছিলো। মোৰ ককা আছিল এজন সাধাৰণ পদাতিক সৈনিক আৰু মাত্ৰ সোতৰ বছৰ বয়সত (কিপলিঙৰ গল্পৰ ‘মুলভানি’, ‘আদাৰিছ’আৰু ‘লিৰয়েড’ৰ দৰে) ঘৰ-বাৰী এৰি ‘স্কটিছ ৰাইফলছ’ বাহিনীত যোগ দিছিল। ককাৰ সন্তানকেইটা নিচেই সৰু হৈ থাকোঁতে তেওঁ পৰলোকগমন কৰে; কিন্তু মোৰ দেউতাৰ শিক্ষাৰ ভিত্তি আছিল সুসংহত আৰু বহুমুখী আৰু তাৰ সুবাদতে তেওঁ পৰৱৰ্তীসময়ত এজন সামৰিক বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। ছানাৱাৰলৈ যোৱাৰ সময়ত ওমৰ আৰু মই ইজনে সিজনৰ সান্নিধ্যলৈ আহিবলৈ সুযোগ পাইছিলো; আজৰি সময়ত আমি অতিথিৰূপে থকা স্কুলখনৰ চৌহদত নিশ্চিন্ত মনে ঘূৰি ফুৰোঁতে আমি ইজনে সিজনৰ জীৱন বৃত্তান্ত আৰু অন্যান্য ব্যক্তিগত গোপন কথাবোৰ আদান-প্ৰদান কৰিছিলোঁ। ওমৰেও নিজৰ দেউতাকক ইতিমধ্যে হেৰুৱাইছিল। ওমৰৰ প্ৰকৃত ঘৰ আছিল পেছৱাৰৰ সিটো পাৰে আইনহীন ভূখণ্ডত আৰু সীমান্ত অঞ্চলৰ কোনো এক উপজাতীয় সংঘৰ্ষত গুলিবিদ্ধ হৈ দেউতাকে মৃত্যু বৰণ কৰিছিল। ওমৰৰ শিক্ষাৰ ভাৰ বহন কৰিছিল তাৰ এজন বিত্তবান খুৰাকে আৰু মোৰ শিক্ষাৰ দায়িত্ব লৈছিল ৰয়েল এয়াৰ ফ’ৰ্চে (RAF)।
আমি অলপ ঘুৰা-ফিৰা কৰি স্কুলৰ সৰু গীৰ্জাঘৰটোত সোমালো। তাত স্কুলৰ ‘ৰ’ল অফ অনাৰ’ বা সম্মান ফলকত দেউতাৰ নামটো দেখা পালোঁ। তেখেতৰ নাম আছিল এ, এ বণ্ড। সন্মান ফলকখনত অকল দেউতাৰে নহয় যিসকল প্ৰাক্তন ছাত্ৰই বিশ্বযুদ্ধদুখনত কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰিছিল সকলোৰে নাম খোদাই কৰা আছিল।
“তেখেতৰ নামৰ আদ্যক্ষৰবোৰৰ সম্পূৰ্ণৰূপ কী আছিল বাৰু?” ওমৰে জানিব বিচাৰিলে।
: অব্ৰি আলেকজেণ্ডাৰ।
: আচহুৱা নাম—ঠিক তোমাৰ নামটোৰ দৰেই। তোমাৰ দেউতা-মাই তোমাৰ নাম ‘ৰাস্কিন’ কিয় ৰাখিছিল?
: সঠিককৈ ক’ব নোৱাৰোঁ। মই অনুমান কৰিছো শিল্পকলা আৰু স্থাপত্যৰ দৰে গুৰুগম্ভীৰ বিষয়বোৰৰ ওপৰত লিখা জন ৰাস্কিনৰ ৰচনাবোৰ তেওঁ ভাল পাইছিল। মই নাভাৱোঁ যে আনুহে এতিয়া তেওঁৰ ৰচনা বা লেখাবোৰ পঢ়ে, অৱশ্যে মোৰ লেখাসমূহ সকলোৱে পঢ়িব!”
মই সেই সময়ত মোৰ প্ৰথম লেখা আৰম্ভ কৰিছিলোঁ। কিতাপখনৰ নাম আছিল ‘নাইন মান্থছ’ (নামটো স্কুলৰ শিক্ষাবৰ্ষৰ সময়খিনি বুজাবলৈহে, কোনো গৰ্ভাৱস্থা নহয়); কিতাপখনত স্কুলৰ নানা ঘটনাপ্ৰবাহৰ বৰ্ণনা আছিল আৰু আমাৰ কেইগৰাকীমান শিক্ষকক ব্যংগ-বিদ্ৰূপো কৰা হৈছিল। মোৰ এই অপৰিপক্ব সাহিত্য-প্ৰকল্পটো শেষ কৰিবলৈ তিনিখন সৰু বহীৰ আৱশ্যক হৈছিল আৰু ওমৰক সকলোখিনি পঢ়িবলৈ দিছিলো। সম্ভৱতঃ সিয়েই আছিল মোৰ প্ৰথম পাঠক আৰু সমালোচক। “লেখাবোৰ বেছ আমোদজনক হৈছে” সি মন্তব্য কৰিলে, “কিন্তু কোনোবাই, বিশেষকৈ মিষ্টাৰ অলিভাৰে এইবোৰ কাহিনী পঢ়িলে তুমি কিন্তু বিপদত পৰিবা”-এই বুলি ওমৰে মোৰ লেখাটোৰপৰা এটা আপত্তিজনক পদ্য গাই শুনালে —“Olly, Olly, Olly, with his balls on a trolley, And his arse all painted green!”
স্বীকাৰ কৰিব লাগিব যে মোৰ প্ৰথম লেখা কোনো মহৎ সাহিত্যকৰ্ম নাছিল। হকী আৰু ফুটবলতহে মই বেছি ভাল আছিলো। কেইটামান গ’ল মই দৰ্শনীয়ভাৱে বচাইছিলো আৰু ছানাৱাৰৰ বিৰুদ্ধে মেছবোৰত আমি বিজয়ী হৈছিলো। চিমলালৈ উভতি অহাৰ পাছত আমি দুই-এদিনৰ বাবে স্কুলৰ হিৰ’ হৈ পৰিলো। প্ৰাথমিক জড়তাখিনি আঁতৰাৰ পাছত আমি আনবোৰ ল’ৰাৰ সৈতেও বেছ সহজ হৈ পৰিছিলো। সেই সময়তে এদিন হাউছমাষ্টাৰ মিষ্টাৰ ফিছাৰে মোৰ বিছনাৰ তুলিৰ তলত মোৰ সাহিত্যকৰ্ম ‘নাইন মান্থছ’ বিচাৰি পাই লৈ গ’ল আৰু আৰম্ভণিৰপৰা অন্তলৈ গোটেইখিনি পঢ়িলে (তেখেতে পিছত মোক কোৱামতে)। সেই সময়ত স্কুলত শাৰীৰিক শাস্তিৰ প্ৰচলন আছিল আৰু মই মোৰ সাহিত্যকৰ্মৰ বাবে মালাক্কা বেতৰ চেকনিৰে ছয় বেত খাব লগা হ’ল। মোৰ পাণ্ডুলিপিটো মিঃ ফিছাৰে ছিঙি-মোহাৰি নিজৰ ডাষ্টবিনত দলিয়াই পেলালে। এই সাহিত্য প্ৰচেষ্টাৰ ফলস্বৰূপে মোৰ পশ্চাৎভাগত বেতৰ কোবৰ ক’লা দাগকেইটাৰ বাহিৰে বাকী একো নাছিল। আগ্ৰহী বন্ধু-বান্ধৱকেইজনক সগৰ্বে সেই দাগবোৰ প্ৰদৰ্শন কৰি মই আৰু কেইদিনমানৰ বাবে নায়ক হৈ পৰিলোঁ।
“ব্ৰিটিছসকলে ভাৰত এৰি গ’লে তুমিও উভতি যাবা নেকি?” ওমৰে এদিন মোক প্ৰশ্ন কৰিলে।
“নাই, উভতি যাম বুলি নাভাৱোঁ”-মই উত্তৰ দিলোঁ। “মোৰ এতিয়াৰ দেউতাজন ভাৰতীয়।”
“মানুহে কোৱা-মেলা কৰিছে আমাৰ নেতা আৰু বৃটিছসকলে মিলি দেশখনক দুভাগত ভাগ কৰিব। চিমলা ভাৰতৰ ভাগত আৰু পেছৱাৰ পাকিস্তানৰ ভাগত পৰিব!”
“ধেৎ, সেইবোৰ একো নহয়,” মই বিশেষ একো নভবাকৈ উত্তৰ দিলোঁ। “ইমান ডাঙৰ দেশএখনক কেনেকৈ সিহঁতে ভাগ কৰিব?” কিন্তু আমি যি সময়ত এই সম্ভাৱনাৰ কথা লৈ তৰ্কা-তৰ্কি কৰিছিলো, ঠিক সেই মুহূৰ্ততেই নেহৰু, জিন্নাহ, মাউণ্টবেটেন আৰু সেই সময়ৰ প্ৰভাৱশালী ব্যক্তিসকলে এটা বৃহৎ ‘শল্যচিকিৎসা’ৰ বাবে নিজৰ অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰিছিল।
তেওঁলোকৰ সেই সিদ্ধান্তই আমাৰ আৰু সকলোৰে জীৱনত প্ৰভাৱ পেলোৱাৰ আগতেই আমি আমাৰ নিজৰ বাবে অকণি স্বাধীনতাৰ সন্ধান পাইছিলো-তৃতীয় ফ্লেটটোৰ তলত আৱিষ্কৃত এটা ভূগৰ্ভস্থ সুৰংগৰ ভিতৰত। দৰাচলতে সুৰংগটো আছিল পুৰণা আৰু পৰিত্যক্ত নৰ্দমা ব্যৱস্থাৰেই অংশ; ওমৰ আৰু মই যেতিয়া সুৰংগটো পৰীক্ষা কৰিবলৈ ল’লোঁ তেতিয়া ই কিমান দূৰলৈকে বিস্তৃত আমাৰ অলপো ধাৰণা নাছিল। পেট আৰু কিলাকুটিত ভৰ দি বিশফুট মান লাহে লাহে চুঁচৰি যোৱাৰ পাছত আমাক সম্পূ্ৰ্ণ অন্ধকাৰে গ্ৰাস কৰিলে। ওমৰৰ লগত এটা সৰু পেঞ্চিল টৰ্চ আছিল; সেইটোৰ পোহৰতে আমি নিজৰ শৰীৰ সাপৰ দৰে ভাঁজ লগাই সন্মুখলৈ গৈ থাকিলো। (পিছলৈ উভতি যোৱা তেতিয়া একেবাৰে অসম্ভৱ আছিল)। এইদৰে চুঁচৰি-বাগৰি আগবাঢ়ি অৱশেষত সুৰংগৰ সিটো মূৰৰপৰা অহা পোহৰ আমাৰ চকুত পৰিল। ধূলি-বালিত পোত গৈ, দুৰ্গন্ধযুক্ত শৰীৰ আৰু অত্যন্ত জৰাজীৰ্ণ অৱস্থাত আমি অৱশেষত স্কুলৰ চৌহদৰ কিছু বাহিৰত সেউজীয়া ঘাঁহেৰে আৱৰা এটা টিলাত গৈ উপনীত হ’লোঁ।
প্ৰাপ্তবয়স্কসকলে যি সীমাৰেখা টানে সেই সীমা অতিক্ৰম কৰি বাহিৰলৈ যোৱাত একপ্ৰকাৰ ৰোমাঞ্চ আছে। আমি সেইদিনা স্কুলৰ চৌহদৰ বাহিৰৰ সম্পূৰ্ণ অচিনাকি ঠাই এডোখৰত গৈ উপনীত হৈছিলো। পাছপ’ৰ্ট অবিহনে দেশ-দেশান্তৰে ঘূৰি ফুৰিব পৰা ক্ষমতা- সেয়েই হ’ব মানুহৰ স্বাধীনতাৰ চৰম ৰূপ!
কিন্তু আৰু বহুতো পাছপ’ৰ্ট আৰু বাধা আমাৰফালে আহিবলৈ উদ্যত হৈ আছিল।
তৎকালীন ভাইছৰয় আৰু অদূৰ ভৱিষ্যতৰ গভৰ্নৰ-জেনেৰেল লৰ্ড মাউণ্টবেটেন আমাৰ ‘প্ৰতিষ্ঠা দিৱস’ (Founder’s Day) অনুষ্ঠানলৈ আহিছিল আৰু বঁটা বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰিছিল। মই কিবা নহয় কিবা বিষয়ত পুৰস্কাৰ পাইছিলো আৰু পিনষ্ট্ৰাইপ চুট পৰিহিত সেই দীৰ্ঘদেহী আৰু সুদৰ্শন লোকজনৰপৰা পুৰস্কাৰৰ কিতাপ গ্ৰহণ কৰিবলৈ মঞ্চত উঠিছিলো। সেই সময়ত ‘বিছপ কটন স্কুল’ আছিল ভাৰতৰ অন্যতম শীৰ্ষস্থানীয় শিক্ষাপ্ৰতিষ্ঠান আৰু ই ‘প্ৰাচ্যৰ ইটন’ (Eton of the East)ৰূপে জনাজাত আছিল। স্বয়ং ভাইছৰয় আৰু বিভিন্ন প্ৰদেশৰ গভৰ্নৰসকলে এই স্কুলৰ বিভিন্ন অনুষ্ঠানত উপস্থিত থাকি সেইবোৰৰ শোভা আৰু মৰ্যাদা বঢ়াইছিল। এইখন স্কুলৰ কেইবাজনো প্ৰাক্তন ছাত্ৰই পৰৱৰ্তীসময়ত চিভিল চাৰ্ভিছ আৰু সশস্ত্ৰ বাহিনীৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অসামান্য সফলতা আৰু খ্যাতি অৰ্জন কৰিছিল। অৱশ্যে এনে এজন ‘প্ৰাক্তন ছাত্ৰ’ আছিল যাৰ প্ৰসংগ উত্থাপন হ’লেই স্কুল কৰ্তৃপক্ষই সদায় নীৰৱতা অৱলম্বন কৰিছিল। সেই প্ৰাক্তন ছাত্ৰজন আছিল অমৃতসৰৰ নৃশংস হত্যাকাণ্ডৰ নিৰ্দেশকাৰী জেনেৰেল ডায়াৰ; এইজন জেনেৰলৰ বাবেই ব্ৰিটেইন আৰু ভাৰতৰ মানুহৰ মাজত গঢ় লৈ উঠা আস্থা চিৰদিনলৈ ধ্বংস হৈছিল।
সেইবাৰ মাউণ্টবেটেনে আমাৰ চৌপাশে ঘটা যুগান্তকাৰী ঘটনাবোৰৰ কথা কৈছিল। বিশ্বযুদ্ধ শেষ হৈছিলহে মাত্ৰ; ৰাষ্ট্ৰসংঘই এনে এক প্ৰতিশ্ৰুতি দিছিল য’ত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিব আৰু ভাৰত বৃটেইনৰ সমান অংশীদাৰ হিচাপে বিশ্বৰ মহান জাতিসমূহৰ মাজত স্থান ল’ব …! ইয়াৰ কেইসপ্তাহমানৰ পাছতেই বংগ আৰু পাঞ্জাৱ প্ৰদেশক দ্বিখণ্ডিত কৰা হ’ল। সমগ্ৰ উত্তৰ ভাৰতত গণ্ডগোল বিয়পি পৰিল; পাকিস্তান আৰু ভাৰতৰ নতুনকৈ নিৰ্ধাৰিত সীমান্ত পাৰ হৈ জাক জাক লোক পলায়ন কৰিবলৈ ধৰিলে। আৰম্ভ হ’ল এক ব্যাপক দেশত্যাগ। ঘৰ-দুৱাৰ ধ্বংস হোৱাৰ লগতে হাজাৰ হাজাৰ মানুহে প্ৰাণ হেৰুৱালে।
কমন-ৰুমৰ ৰেডিঅ’ আৰু মাজে মাজে আমাৰ হাতলৈ অহা বাতৰি কাকতখনে আমাক বাহিৰৰ জগতখনৰ বিষয়ে অৱগত কৰি ৰাখিছিল। অৱশ্যে আমাৰ গোপন সুৰংগটোত ওমৰ আৰু মই বাহিৰত ঘটি থকা লুট-পাত, হত্যা আৰু প্ৰতিশোধ সকলোবোৰৰপৰা মুক্ত অনুভৱ কৰিছিলোঁ। সুৰংগৰ বাহিৰত পাইন গছজোপাৰ তলত থকা টিলাটোত আছিল কোনেও খোজ নিদিয়া সতেজ সেউজীয়া ঘাঁহ আৰু তাত পৰি ৰোৱা ক্ল’ভাৰ আৰু ডেইজি ফুল। সেই ঠাইত শুনিবলৈ পোৱা শব্দৰ ভিতৰত আছিল মাথোন বাঢ়ৈটোকা চৰাইৰ গছত টুকুৰিওৱাৰ শব্দ আৰু দূৰৰপৰা ভাহি অহা হিমালয়ান বাৰবেট চৰাইৰ অবিৰাম চিঞৰ। আমাক স্পৰ্শ কৰাৰ কাৰ সাধ্য আছিল?”আৰু যেতিয়া সকলোবোৰ যুদ্ধ শেষ হ’ব”-মই ক’লোঁ-“তেতিয়াও পখিলাবোৰ ঠিক আজিৰ দৰেই সুন্দৰ হৈ ৰ’ৱ।”
: এই ধুনীয়া কথাষাৰ তুমি ক’ত পঢ়িছা?
: ক’তো নাই পঢ়া। কথাষাৰ এনেই মনলৈ আহিল।
: তুমি এতিয়াই এজন ভাল লেখক হৈ পৰিছা।
: লেখক নহয়, ভাৰতৰ হৈ মই হকী খেলিব বিচাৰোঁ নতুবা আৰ্ছেনেলৰ হৈ ফুটবল। কেৱল বিজয়ী দলবোৰতে খেলিম।
: খেলত তুমি চিৰকাল বিজয়ী হ’ব নোৱাৰা। তাতকৈ লেখক হোৱাই ভাল।
বাৰিষাৰ বৰষুণ আহি পোৱাৰ লগে লগে আমাৰ গোপন সুৰংগটো পানীত ডুব গ’ল; নলাটো জাবৰ-জোঁথৰৰে ভৰি পৰিল। আমাক চিনেমা দেখুৱাবলৈ হললৈ লৈ যোৱা হৈছিল। লৰেন্স অলিভিয়াৰৰ হেমলেট ছবিখনে এটা সেমেকা আৰু ম্লান দুপৰীয়া আমাৰ উৎসাহ বৰ্ধনত একোৱেই কৰা নাছিল কিন্তু সেই বছৰৰ সেইখনেই আছিল আমাৰ শেষ ছবি কাৰণ চিমলাৰ নামনি অঞ্চলত হঠাতে সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছিল। কিপলিঙৰ বৰ্ণনাৰ সৈতে অঞ্চলটোৰ সেই সময়তো হুবহু মিল আছিল। কিপলিঙে লিখিছিল- “যিজন মানুহে সেইখিনি অঞ্চলত নিজৰ পথ-ঘাট চিনি পায়, তেওঁ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানীৰ সমগ্ৰ পুলিচবাহিনীকেই বুঢ়া আঙুলি দেখুৱাব পাৰে।” সেই সাম্প্ৰদায়িক গণ্ডগোলৰ পাছত আমাক অনিৰ্দিষ্টকালৰ বাবে স্কুলৰ চাৰিদেৱালৰ মাজত আৱদ্ধ কৰি ৰখা হ’ল।
এদিন-ৰাতিপুৱা গীৰ্জাৰ প্ৰাৰ্থনাসভাৰ পাছত প্ৰধান শিক্ষকগৰাকীয়ে ঘোষণা কৰিলে যে যিসকল মুছলমান ছাত্ৰৰ ঘৰ নতুনকৈ সীমা নিৰ্দেশ কৰা পাকিস্তানত পৰিছে সেইসকল ছাত্ৰই সশস্ত্ৰ পহৰা লৈ সীমান্তৰ সিপাৰে নিজৰ ঘৰলৈ উভতিব লাগিব। সেই গোপন সুৰংগপথটোৰে আমাৰ পলাবৰ আৰু কোনো উপায় নাথাকিল। বজাৰলৈ যোৱাও নিষিদ্ধ হৈ পৰিল। জলমগ্ন খেলপথাৰখন জনশূন্য হৈ পৰি ৰ’ল। ওমৰ আৰু মই এখন সেমেকা কাঠৰ বেঞ্চত বহি ভৱিষ্যতৰ কথা আলোচনা কৰিবলৈ ধৰিলো—আমাৰ কথাৰ সুৰ আছিল অস্পষ্টভাৱে আশাব্যঞ্জক; কিন্তু সেই আলোচনাৰদ্বাৰা আমাৰ কোনো সমস্যাৰেই সমাধান নহ’ল। সকলো সমস্যাৰ সমাধানৰ ভাৰ তেতিয়া মাউণ্টবেটেন, নেহৰু আৰু জিন্নাহৰ ওপৰত আছিল।
অতি সোনকালে ওমৰৰ যোৱাৰ সময় হৈ আহিল। লাহোৰ, পিণ্ডি আৰু পেছৱাৰৰপৰা অহা প্ৰায় ৫০ জন ল’ৰাৰ সৈতে সিও ৰাওনা হ’ল। আমি বাকী হিন্দু, খ্ৰীষ্টান আৰু পাৰ্চীসকলে সিহঁতৰ মালপত্ৰ ৰৈ থকা ট্ৰাকবোৰত তুলিবলৈ সহায় কৰিলোঁ। দুই-এজন ল’ৰা কান্দোনত ভাঙি পৰিল। আমাৰ বিদায়ী স্কুল কেপ্টেইনজনেও কান্দি পেলালে—সি আছিল এজন পাঠান আৰু তাৰ অবিচল আৰু ভাবলেশহীন আচৰণৰ বাবেই সি পৰিচিত আছিল। ওমৰে হাঁহিমুখে মোৰফালে চাই হাত জোকাৰিলে আৰু ময়ো প্ৰত্যুত্তৰত হাত জোকাৰিলো। আমি ইজনে সিজনক প্ৰতিজ্ঞা কৰিছিলো যে আমি কোনোবাদিনা আকৌ লগ হ’ম। সেই কনভয়টো মোটামুটি নিৰাপদে গন্তব্যস্থল পালেগৈ; কেৱল এটা প্ৰাণহানিৰ ঘটনা ঘটিছিল আৰু সি আছিল স্কুলৰ ৰান্ধনিজন। বেচেৰাই পাহাৰতলিত অৱস্থিত কালকা চহৰৰ এটা নিষিদ্ধ এলেকাত ভুলবশতঃ প্ৰৱেশ কৰিছিল আৰু এদল উন্মত্ত জনতাৰ আক্ৰমণৰ চিকাৰ হৈছিল। ৰান্ধনিজনক আৰু কেতিয়াও দেখা নগ’ল।
শিক্ষাবৰ্ষৰ একেবাৰে শেষৰফালে বন্ধৰ ছুটীত যোৱাৰ পূৰ্বে ওমৰৰপৰা এখন চিঠি পাইছিলো। সি মোক তাৰ নতুন স্কুলখনৰ বিষয়ে কিছু কথা জনাইছিল আৰু লিখিছিল যে সি মোৰ সংগ, খেলা-ধূলাবোৰ আৰু আমাৰ সেই ‘স্বাধীনতাৰ সুৰংগ’টো বৰকৈ ‘মিচ’ কৰিছিল। মই চিঠিৰ উত্তৰ দি আমাৰ ঘৰৰ ঠিকনা জনাইছিলো কিন্তু তাৰপৰা আৰু কোনো খবৰ নাহিল। গোটেই দেশখন দুই ভাগত বিভক্ত হৈছিল যদিও আকাৰত তেতিয়াও আছিল বিশাল আৰু আমিবোৰ আছিলো তেনেই নগণ্য। প্ৰায় ১৭ বা ১৮ বছৰৰ পাছত ওমৰৰ খবৰ পাইছিলো — কিন্তু সম্পূৰ্ণ ভিন্ন এক প্ৰেক্ষাপটত। ভাৰত আৰু পাকিস্তানৰ মাজত তেতিয়া যুদ্ধ আৰম্ভ হৈছিল; চিমলাৰপৰা নাতিদূৰ আম্বালাৰ ওপৰত এটা বোমাবৰ্ষণ অভিযানত এখন পাকিস্তানী বিমান ভূপতিত হৈছিল আৰু বিধ্বস্তু বিমানখনৰ আটাইকেইজনন ক্ৰু নিহত হৈছিল। পিছত মই গম পাইছিলো যে সেই নিহত কেইজনৰ ভিতৰত এজন আছিল ওমৰ। মই কেতিয়াবা ভাৱোঁ, শৈশৱত আমি খেলা-ধূলা কৰা খেলপথাৰবোৰ ওমৰে আকাশৰপৰা দেখা বা চিনি পাইছিলনে? হয়তো পাহাৰৰ কাষেৰে উৰি যোৱাৰ সময়ত স্কুলীয়া জীৱনৰ স্মৃতিবোৰে তাৰ মনত তোলপাৰ লগাইছিল। হয়তো তাৰ মনত পৰিছিল সেই সুৰংগটোৰ কথা যাৰ মাজেৰে আমি নিজস্ব স্বাধীনতাৰ বাট বিচাৰি পাইছিলো।
কিন্তু আকাশত যে কোনো সুৰংগ নাই!
(ৰাস্কিন বণ্ডৰ ‘অল টাইম ফেভৰিট ফ্ৰেণ্ডশ্বিপ ষ্ট’ৰীজ’ৰ পৰা)
