কাইথেলী অংকৰ যাদুকৰ, লোকসংস্কৃতিৰ সাধক পণ্ডিত দণ্ডীৰাম দত্ত

লেখক- - কৰবী দত্ত

দণ্ডীৰাম দত্ত সম্পৰ্কত মোৰ আতা, মাৰ পিতাক৷ আতাৰ কথা ভাবিলেই মনত পৰে পদুলিমুখৰ মাধৱীলতাজোপাৰ তলত বহি লিখা-পঢ়া কৰি থকা ছবিখন, জাৰকালি দীঘল অ’ভাৰকোট এটা পিন্ধি ঢলপুৱাতে প্ৰাতঃভ্ৰমণলৈ যোৱা ছবিখন, ঢকঢকীয়া বগা ধূতি-পাঞ্জাৱী, ক’লা জোতা হাতত বেতৰ মজবুত লাঠি এডাল লৈ গপগপাই ওলাই যোৱা ছবিখন অথবা কাম কৰা মানুহবোৰে পথাৰত কাম কৰি থকা সময়ত বেতৰ চকী এখনত বহি তদাৰক কৰি থকা ছবিখন৷ আতাৰ চাৰিজনী ছোৱালী (ক্ৰমে চাৰুপ্ৰভা, মনোৰমা, সৰোজিনী আৰু নীলিমা)ৰ ভিতৰত আমাৰ মা আছিল সকলোতকৈ সৰু৷ দেউতা ৰমা দত্ত চাকৰিসূত্ৰে ধিঙত আছিল আৰু আমি মাৰ লগত বেলশৰতে আছিলোঁ৷ অৱসৰৰ পিছত ঘৰত থকা সময়ত আতাই দিনৰ দিনটো পঢ়া-শুনা কৰিয়েই কটাইছিল৷ পণ্ডিত বুলি জনাজাত আতাই তেনেকৈ লেখা-পঢ়া কৰি থাকোঁতে ইমান মনোযোগেৰে কৰিছিল যে সেই সময়ত সংসাৰৰ আন কোনো কথালৈ মন দিয়া নাছিল৷ এবাৰ পদুলিমুখৰ মাধৱীলতাজোপাৰ তলত বহি লেখা-পঢ়া কৰি থাকোঁতেই ভাটিখোলা হাতী এটা হেনো আতাৰ নিচেই কাষেৰে দৌৰি পাৰ হৈ গৈছিল, পাৰ হৈ যোৱাৰ পিছত অইনে চিঞৰ-বাখৰ কৰাতহে আতাই হাতীটো দেখা পাইছিল৷ কিছুদূৰ গৈ সেই হাতীটোৱে ধান মেলি দি থকা মানুহ এগৰাকীক গচকি মাৰিছিল৷

তেওঁৰ লগত আমাৰ বৰ বিশেষ ঘনিষ্ঠতা নাছিল, গহীন-গম্ভীৰ আৰু কঠোৰ আতাৰ পৰা আমি নাতি-নাতিনীবোৰ পৰাপক্ষত আঁতৰতেই থাকিছিলোঁ৷ স্কুললৈ যোৱাৰ আগতেই আতাই মোক তেতেলী গুটিৰ সহায়ত গণনা কৰিবলৈ শিকোৱাৰ চেষ্টা কৰিছিল যদিও অংক আছিল মোৰ আয়ত্বৰ বাহিৰত৷ সেইবাবে প্ৰায়েই ধমকি খাইছিলোঁ৷ আতা আছিল কঠোৰ নিয়মানুৱৰ্তী আৰু সময়ানুৱৰ্তী এজন লোক৷ দুপৰীয়া ঠিক বাৰ বজাত তেওঁ ভাত খাইছিল৷ বাৰ বজা মানে বাৰ বজা, কোনোমতেই বাৰ বাজি পাঁচ মিনিট বা দহ মিনিট হ’ব নোৱাৰে৷ এবাৰ দেউতাৰ ধিং কে বি হায়াৰ চেকেণ্ডাৰী স্কুলৰ সহকৰ্মী স্বপন ভট্ট খুৰা বেলশৰলৈ আহিছিল৷ উভতি যোৱাৰ আগনিশা আতাই ভট্ট খুৰাক সুধিছিল, “ বাপা? পুৱা কেইবজাৰ বাছত যাবা?’’ ভট্ট খুৰাই উত্তৰ দিছিল, “বাবা (দেউতাৰ দৰেই ভট্ট খুৰায়ো আতাক বাবা বুলি মাতিছিল), মই প্ৰথম বাছতে যাম, চাৰে পাঁচ বজাত৷” ৰাতি দেউতাৰ লগত কথা-বতৰা পাতি ভট্ট খুৰা পলমকৈ শুবলৈ গ’ল৷ শুবলৈ যোৱাৰ সময়তে দুয়ো বন্ধুৱে ঠিক কৰিলে, যিহেতু শোৱা পলম হৈছেই, পুৱা অলপ পলমকৈ উঠিহে ভট্ট খুৰা যাব৷ কিন্তু আতাই চাৰি বজাতে তেওঁক জগাই দিলে৷ ভট্ট খুৰাই ৰাতি পলমকৈ শোৱাৰ কথাটো কোৱাত আতাই তেওঁক ভালকৈয়ে এজাউৰি দিলে৷

আতা এজন উদাৰ মনৰ, জাত-পাতৰ ব্যৱধান নমনা লোক আছিল৷ খেতিৰ কামত সহায় কৰা ৰুস্তম কাকা আতাৰ বৰ প্ৰিয় আছিল৷ আতা ঢুকোৱাৰ পিছত তেওঁৰ ভোজৰ বাবে আন বহুতৰে লগত মুছলমা পাৰাৰ ভোলা কাকায়ো পঠা ছাগলী এটা দিছিল৷ পিছত জানিব পাৰিছিলোঁ- এবাৰ ভোলা কাকাৰ পৰীক্ষাৰ ফিজ দুঅনা নে চাৰি অনা আতাই দিছিল৷ বেলশৰৰ ঘৰৰ আলহী থকা কোঠাটোৰ দুৱাৰৰ ওপৰৰ বেৰখনতো সুন্দৰ আখৰেৰে ডাঙৰ ডাঙৰকৈ খোদাই থোৱা ‘ভোলা’ নামটো জিলিকি আছিল৷ ঘৰৰ বেৰা লিপা কামটোত ভোলা কাকায়ো সহায় কৰিছিল হেনো।

খেতিপথাৰত আতাই নিজে কাম কৰা দেখা নাছিলোঁ, কিন্তু খেতিৰ সকলো কামৰ তদাৰক কৰিছিল৷ কলিকতাৰ পৰা উন্নত জাতৰ কবি, মূলাৰ গুটি ডাকযোগে মগাই আনি আতাই কৰা খেতিৰ বৰ বৰ কবি, মূলাবোৰৰ কথা মনত পৰে৷ ঘৰত সকলো ধৰণৰ খেতিয়েই কৰিছিল৷ ধান, মাহ, সৰিয়হ, সকলো ধৰণৰ শাক-পাচলি, আদা-হালধি আনকি গৰুৰ পঘাৰ বাবে দৰকাৰ হোৱা মৰাপাটৰ খেতিও কৰিছিল৷ কলিকতাৰ পৰা গুটি মগাই আনি ঘাঁহৰো খেতি কৰাও দেখিছিলোঁ৷ বেলশৰৰ ঘৰৰ বাৰীত আম, কঠাল, অমৰা, কৰ্দৈ, নেমু, ঔটেঙা, কুঁহিয়াৰ, আনাৰস, মধুৰি, ৰবাব, নানা ধৰণৰ কল, তামোল, নাৰিকল আদিৰ গছ আছিল৷ জাতি, ভলুকা, কটাহ, বিজুলী আদি নানা জাতৰ বাঁহৰ কথা বাদেই, আনকি জাপি সাজিবৰ বাবে প্ৰয়োজন হোৱা টকৌ গছো আতাই বাৰীত ৰুই লৈছিল৷

ঘৰৰ গৰুবোৰ আতাৰ বৰ মৰমৰ আছিল আৰু তেওঁৰ নিৰ্দেশত আমাৰ ঘৰত থকা হালোৱাসকলে গৰুবোৰৰ বৰ যত্ন লৈছিল৷ বুঢ়া হৈ হাল বাব নোৱৰা হোৱা গৰুবোৰ আতাই কেতিয়াও নেবেচিছিল, গোহালিৰ এচুকত বহি লাহে লাহে ঘাঁহ চোবাই থকা বুঢ়া বলদ এটাৰ কথা মোৰ এতিয়াও মনত আছে৷

আতাৰ লগত মই প্ৰায়েই বেলশৰৰ শুকুৰবাৰ আৰু মংগলবাৰে বহা হাটলৈ গৈছিলোঁ৷ নতুন গছৰ পানীলাও বা বেঙেনা কেনেকৈ চিনিব পাৰি, বুকু ৰঙা কাৱৈ আৰু পেট হালধীয়া শ’ল মাছহে যে খাবলৈ ভাল, বজাৰত প্ৰয়োজনীয় শাক-পাচলি বা মাছ দেখিলেই কিনি পেলোৱাৰ সলনি আগতে বজাৰখন ঘূৰি ক’ত ভাল বস্তু ওলাইছে চাই লোৱাটোহে যে ভাল- এইবোৰ কথা আতাৰ পৰাই শিকিছিলোঁ৷ আতাই হোমিওপেথিক চিকিৎসাও কৰিছিল৷ ‘মেটেৰিয়া মেডিকা’, ‘হোমিওপেথিক গৃহ চিকিৎসা’ আদি কিতাপ তেওঁৰ সংগ্ৰহত আছিল আৰু গুৱাহাটীলৈ আহিলে প্ৰয়োজনীয় ঔষধ কিনি নিছিল৷ পনীয়া ঔষধ ভৰাই কাঠৰ বাকচ এটাত লেবেল লগাই থোৱা কাঁচৰ সৰু সৰু বটলবোৰ আমাৰ বাবে বৰ আকৰ্ষণীয় আছিল৷ সুবিধা বুজি মই মাজে-সময়ে দুই-এটা মিঠা বড়ি মুখত দিছিলোঁ, কিন্তু অতি সাৱধানে৷ কাৰণ ধৰা পৰিলে গুৰু দণ্ডৰ ভয় আছিল৷ জ্বৰ, বমি, পেটৰ অসুখৰ কথা বাদেই, গৰ্ভৱতী মহিলাৰ বাবেও আতাই ঔষধ দিয়া দেখিছিলোঁ৷ আজিৰ দিনত এইটো বৰ আচৰিত কথা, কিন্তু সেই সময়ত এল’পেথিক চিকিৎসা বৰ সহজলভ্য নাছিল, বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে হোমিওপেথিক চিকিৎসাৰ আন বিকল্পও নাছিল৷ উল্লেখযোগ্য, আতাই হোমিওপেথিক চিকিৎসাৰ বাবে কোনো ধৰণৰ মাননি লোৱা নাছিল৷

বিপদত পৰি কেতিয়াবা গাঁৱৰ দুই-এজনে আতাৰ ওচৰত কিবা বস্তু বন্ধকী থৈ পইচা বিচাৰিব আহিলে আতাই বৰ খং কৰিছিল আৰু বন্ধকীৰ পৰিবৰ্তে বিনা সূতে ধাৰলৈহে ধন দিছিল৷ কিন্তু এখন কাকতত ধনৰ পৰিমাণ লিখি ধাৰলৈ লোৱাজনৰ চহী বা টিপচহী লৈছিল৷ ধন ঘূৰাই দিবলগীয়া তাৰিখটোও সেই কাগজত লিখি ৰাখিছিল৷ কোনোবাই সময়মতে ধন ওভোটাই নিদিলে আতাই বৰকৈ ধমকি দিয়া দেখিছিলোঁ৷ আতাক সমীহ কৰিয়েই হওক বা ভয় কৰিয়েই হওক, প্ৰায়বোৰ লোকে সময়মতেই ধন ওভোটাই দিছিল কাৰণ এই ক্ষেত্ৰত আতা বৰ কঠোৰ আছিল৷ এই একেজন লোকেই পিছে ১৯৩৪ চনত ভাৰত-নেপাল সীমান্তত হোৱা বৃহৎ ভূমিকম্পৰ সময়ত ভাইচৰয়ৰ ভূমিকম্প সাহায্য পুজিলৈ ১৮ টকা দান কৰিছিল৷ সেই সময়ত ১৮ টকাৰ মূল্য বৰ কম নাছিল৷

আতাই বিয়া কৰাইছিল গুৱাহাটীৰ পানবজাৰৰ বৰপেটীয়াপাৰাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ কন্যা চিত্ৰবালা দত্তক৷ গুৱাহাটীৰ আদালতৰ পেস্কৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী এজন বিদ্যোৎসাহী ব্যক্তি আছিল আৰু নিজেও কেইবাখনো কিতাপ লিখিছিল৷ অধ্যয়নপিপাসু হোৱা বাবেই জোঁৱায়েক দণ্ডী ৰাম দত্ত তেওঁৰ বৰ প্ৰিয় আছিল৷ আবুৰ ডাঙৰ ভায়েক স্বনামধন্য শিল্পী কমল নাৰায়ণ চৌধুৰীৰ সৈতেও আতাৰ বৰ ঘনিষ্ঠতা আছিল৷ এই ঘনিষ্ঠতাৰ সূত্ৰেই বিষ্ণু ৰাভা কেইবাবাৰো বেলশৰৰ ঘৰলৈ গৈছিল৷ আতা-আবুৰ সম্পৰ্কটো বৰ সৰল আছিল৷ বয়সৰ ব্যৱধানৰ বাবেই হয়তো, আতাই আবুক সৰু ছোৱালীৰ দৰেই গণ্য কৰিছিল৷ দুয়োৰে মাজত হাই-কাজিয়া কোনো দিনেই শুনা নাছিলো৷ কেতিয়াবা আতাই সামান্য টানকৈ ক’লে আবুৰ মাতটো থোকাথুকি হৈছিল৷ কিন্তু সেয়া আছিল ক্ষন্তেকীয়াহে৷ আবুৱে আতাক কিবা ক’বলগীয়া হ’লে পৰোক্ষভাবেহে কৈছিল; যেনে- “আতাকক ভাত দিছো”, “পিতাৰাই সোনকালে বজাৰখিনি আনি দিয়ক নহ’লে…৷” আতা আছিল বৰ ওখ-পাখ, ধুনীয়া চেহেৰাৰ, আবুও খুব ধুনীয়া আছিল, কিন্তু আতাৰ তুলনাত বৰ চাপৰ আছিল৷ কিন্তু শেষ বয়সত আতা বিচনাত পৰি থাকোঁতে আতাক শৌচ-পেচাব কৰোৱা, গা ধুওৱা, খুওৱা আদি সকলো কাম আবুৱে নিজে কৰিছিল, আন কাকো কৰিবলৈ নিদিছিল৷ পিছলৈ আতা বিচনাৰ পৰা উঠিব পৰা হৈছিল আৰু আনৰ সহায় লৈ খোজ কাঢ়িব পৰাও হৈছিল৷ সৰুফুটীয়া আবুৱে আতাক ধৰি ধৰি লৈ ফুৰাইছিল৷ কেতিয়াবা আতাই “তোমাৰ বৰ কষ্ট হৈছে” বুলি ক’লে আবেগে হেঁচা মাৰি ধৰা আবুৱে একোৱেই ক’ব পৰা নাছিল, মাথো তেওঁৰ দুচকুৰে চকুপানী বৈ আহিছিল৷

আতাৰ কেইবাগৰাকীও ভনীয়েকৰ ভিতৰত দুগৰাকী ভনীয়েকে নিচেই কম বয়সতে তেওঁলোকৰ জীৱনসংগী হেৰুৱাইছিল৷ এগৰাকীয়ে বিয়াৰ এবছৰমানৰ ভিতৰত, আন গৰাকীয়ে আগবিয়াৰ পিছতেই (সেই সময়ত ছোৱালী পুষ্পিতা হোৱাৰ আগতেই আগবিয়া দিয়া হৈছিল, পুষ্পিতা হোৱাৰ পিছত পাছবিয়া দি শহুৰেকৰ ঘৰলৈ পঠিওৱা হৈছিল)৷ দুয়োগৰাকী নিঃসন্তান ভনীয়েকৰ সকলো দায়িত্ব আতাই লৈছিল৷ সৰু ভনীয়েকগৰাকীৰ আতাতকৈ আগতে মৃত্যু হৈছিল৷ মৃত্যুৰ দুই-তিনি মিনিট আগতে দেউতাৰ হাতখনত ধৰি, অস্পষ্ট মাতেৰে আতাই ডাঙৰ ভনীয়েকৰ নাম লৈ কৈছিল- “উত্তমক … ৷” দেউতাই উত্তৰ দিছিল -“ডাঙৰ পেহীক মই চাম বাবা৷ আপুনি চিন্তা নকৰিব৷” তাৰ পিছ মুহূৰ্ততে আতাই শেষ নিশ্বাস ত্যাগ কৰিছিল৷

এইজন দণ্ডীৰাম দত্ত, আমাৰ আতা আছিল এখন ভৰপূৰ সংসাৰৰ গৰাকী, দায়িত্বশীল ককায়েক, মৰমিয়াল জীৱনসংগী৷ জীৱনৰ শেষৰ বছৰকেইটা একাংগী (paralysis)ৰোগত আক্ৰান্ত হৈ থকা সময়ছোৱাত আতাই শাৰীৰিক কষ্টতকৈও মানসিক কষ্ট বেছিকৈ পাইছিল যেন লাগে, কিয়নো আমি বুজা হোৱাৰ পৰা নিয়মীয়াকৈ লিখা-পঢ়া কৰি থকা আতাই অসুস্থতাৰ বাবে পঢ়া-শুনা কৰিব নোৱাৰা হৈছিল৷ ষাঠিখনতকৈও অধিক কিতাপ ৰচনা কৰা আতাই শেষ কিতাপখন অসুস্থ অৱস্থাতেই, অস্পষ্ট মাতেৰে শ্ৰুতলিপি দি বিভিন্নজনৰ হতুৱাই লিখাইছিল আৰু কিতাপৰ পাণ্ডুলিপিটো প্ৰস্তুত কৰাৰ কিছুদিন পিছতেই, তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল৷ মই তেতিয়া নিচেই সৰু, অংকৰ যাদুকৰ হিচাপে প্ৰখ্যাত আতাৰ বহুমুখী ব্যক্তিত্বৰ কথা বুজিবই নোৱাৰিলোঁ৷ সেই কথাই আজিও বেজাৰ দিয়ে৷

আতা দণ্ডীৰাম দত্তৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ নলবাৰীৰ বেলশৰ গাঁৱত ১৮৯৭ চনত৷ তেওঁৰ পিতাকৰ নাম আছিল সভাৰাম দত্ত আৰু মাক আছিল জল্টিপ্ৰিয়া দত্ত৷ দণ্ডীৰাম দত্তই বেলশৰতেই পঢ়া-শুনা কৰি পাছলৈ নলবাৰীৰ পৰা মাইনৰ পাছ কৰে আৰু যোৰহাট নৰ্মাল স্কুলৰ পৰা প্ৰশিক্ষণ লয়। পাছলৈ বিভিন্ন এম ভি স্কুলত শিক্ষকতাৰ কাম কৰে৷ কৃষ্ণকান্ত সন্দিকৈয়ে তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক আৰু প্ৰাচীন পুথি অধ্যয়নকাৰী হিচাপে নিযুক্তি দিয়ে৷ সেই সময়ত চাকৰি আৰু গৱেষণাৰ বাবে তেওঁ অসমৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবলগীয়া হয়৷ সেই সময়তেই অসমৰ বিভিন্ন স্থানত কাইথেলী অংক নামৰ এবিধ বিশেষ অংকৰ চৰ্চা চলি থকা বুলি তেওঁ জানিব পাৰি সেই সম্পৰ্কে অধ্যয়ন কৰিবলৈ লয়৷ শহুৰেক প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ পৰা মাখিবাহা অঞ্চলতো কাইথেলী অংকৰ চৰ্চা হৈ থকাৰ কথা দণ্ডীৰাম দত্তই জানিব পাৰে আৰু মাখিবাহালৈ গৈ এই অংক চৰ্চা কৰা পাৰদৰ্শী লোকসকলক সাক্ষাৎ কৰে৷ মাখিবাহাৰ স্বৰ্গীয় বুদ্ধি নাৰায়ণ চৌধুৰীয়ে দত্তক কাইথেলী অংক সম্পৰ্কে যথেষ্ট তথ্যৰ যোগান ধৰে৷ স্বৰ্গীয় বুদ্ধি নাৰায়ণ চৌধুৰীৰ উপৰিও দত্তক এই কাইথেলী অংক সম্পৰ্কে তথ্যৰ যোগান ধৰে মাখিবাহাৰ চন্দ্ৰকান্ত শৰ্মা, সৰ্থেবাৰীৰ দেউৰাজ মহন্ত, পাটবাউসীৰ স্বৰ্গীয় ঘনকান্ত অধিকাৰী আদিয়ে৷ উল্লেখযোগ্য, মাটিৰ জোখমাখ, শস্য ভাণ্ডাৰত সংৰক্ষণ কৰি ৰখা শস্যৰ হিচাপ, ঘৰ নিৰ্মাণৰ প্ৰয়োজনীয় জোখমাখ, বাঁহ-বেতৰ হিচাপ, ৰাজকীয় সম্পদৰ হিচাপ-নিকাচ আদি কৰিবলৈ প্ৰাচীন কামৰূপত কাইথেলী অংকৰ ব্যৱহাৰ হৈছিল৷

কাইথেলী অংকই দণ্ডীৰাম দত্তক বিশেষভাৱে আকৰ্ষণ কৰিছিল আৰু এই বিষয়ৰ ওপৰত ভিত্তি কৰি ‘কাইথেলী অংক’, কৌতুক’, ‘কৌতুক আৰু কাইথেলী অংক’ আদিকে ধৰি কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছিল৷ ‘আৱাহন’, ‘অসম সাহিত্য-সভা-পত্ৰিকা’, ‘অসম বাণী’, ‘সৃষ্টি’ আদি বিভিন্ন কাকত-আলোচনীত ‘প্ৰাচীন অংক জ্যোতিষ শাস্ত্ৰ’, ‘কৌতুক আৰু কাইথেলী অংক’,“কাইথেলী অংক অনুসন্ধান’, ‘অংকৰ ইতিহাস’ আদি প্ৰবন্ধ লিখি তেওঁ কাইথেলী অংকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল৷ কাইথেলী অংক সম্পৰ্কীয় গ্ৰন্থসমূহে বিদ্বানসকলৰ সমাদৰ লাভ কৰাৰ পিছত তেওঁ এই অংকৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰে আৰু কাইথেলী অংকক সমগ্ৰ ভাৰতবৰ্ষত জনপ্ৰিয় কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ হাতত লয়৷ সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙলৈ গৈ সেই সময়ৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱৰ আগত কাইথেলী অংক সম্পৰ্কে তেওঁ ভালেমান তথ্যৰ যোগান ধৰে৷ অসমৰ উপৰিও কলিকতা আৰু অন্যান্য বিভিন্ন ঠাইত দত্তই কাইথেলী অংক সম্পৰ্কে বিভিন্নজন অনুসন্ধিৎসু ব্যক্তিক তথ্যৰ যোগান ধৰি কাইথেলী অংকক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা চলায়৷

উল্লেখযোগ্য, দণ্ডীৰাম দত্তই ১৯৫৪ চনৰ জানুৱাৰী মাহত কল্যাণীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অধিবেশনতো কাইথেলী অংক সম্পৰ্কে এক ভাষণ প্ৰদান কৰি ইয়াক জনপ্ৰিয় কৰি তোলে৷ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু উপস্থিত থকা এই অধিবেশনত দত্তই প্ৰদৰ্শন কৰা কাইথেলী অংকই বহুল প্ৰচাৰ লাভ কৰে৷ জৱাহৰলাল নেহৰুৰ বিয়োগৰ দুদিনমান পিছতেই তেওঁ ততাতৈয়াকৈ “বিশ্বমানব জৱাহৰলালৰ মহাপ্ৰয়াণ” নামৰ সৰু পুথি এখন লিখি উলিয়াইছিল (১৯৬৪ চনৰ ২৭ মে’ তাৰিখে জৱাহৰলাল নেহৰুৰ পৰলোকপ্ৰাপ্তি ঘটিছিল, পুথিখনৰ হাতৰ কপিত ২৯.৫.৬৪ তাৰিখে প্ৰথমবাৰ প্ৰকাশ হোৱা বুলি উল্লেখ কৰা আছে৷) এই পুথিৰ শেষৰ পৃষ্ঠাত লেখকে “আমাৰ শ্ৰদ্ধাঞ্জলি” শীৰ্ষক লেখাত কল্যাণী কংগ্ৰেছত তেওঁ জৱাহৰলাল নেহৰুৰ আশীৰ্বাদ লাভ কৰাৰ কথা উল্লেখ কৰিছে৷ উক্ত লেখাতে ১৫.১২.৫৩ তাৰিখে ‘যুগান্তৰ’ কাকতত প্ৰকাশিত বাতৰি এটাৰো উদ্ধৃতি দি দণ্ডীৰাম দত্তৰ প্ৰচেষ্টা আৰু উদ্যমে নেহৰুক মুগ্ধ কৰাৰ কথা উল্লেখ কৰা হৈছে৷ সেই বাতৰিত প্ৰকাশ পোৱা মতে, “… আসামেৰ জনৈক যুৱক অংক কষাৰ একটি মন্ত্ৰ আৱিস্কাৰ কৰিয়াছেন, যাহা পৃথিবীৰ কোথাও নাই৷ এই মন্ত্ৰেৰ সাহায্যে দ্ৰুত অংক গণনা চলে৷ যে অংক গণনায় ঘন্টাৰ পৰ ঘন্টা কাটিয়া যাইত তাহা এখন ঐ মন্ত্ৰে ২/৪ মিনিটে কৰা সম্ভব৷ এই প্ৰচেষ্টা ও উদ্যম তাহাকে মুগ্ধ কৰিয়াছে৷”

কাইথেলী অংকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দণ্ডীৰাম দত্তই পুৰণি পুথি আৰু সাঁচিপতীয়া পুথি সংগ্ৰহ কৰিও অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়াই গৈছে৷ বিভিন্ন ঠাইত শিক্ষক হিচাবে কৰ্মৰত দত্তই সেই ঠাইসমূহত সাঁচিপাতৰ প্ৰাচীন পুথিসমূহ থকা বুলি জানিব পাৰি এইসমূহ পুথি সংৰক্ষণ কৰিবলৈ মন মেলে৷ পিছলৈতেওঁ অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ তথা বিদ্বানসকলক সাক্ষাৎ কৰি উক্ত পুথিসমূহৰ ভালেসংখ্যক সংৰক্ষণৰ অৰ্থে সংগ্ৰহ কৰে৷ ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে পুৰণি পুথি সংগ্ৰহৰ এক বিশেষ প্ৰকল্প আৰম্ভ কৰে৷ প্ৰাচীন আৰু সাঁচিপাতৰ পুথি সংগ্ৰহ কৰাৰ সম্পূৰ্ণ দায়িত্ব ন্যস্ত কৰা হয় সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগত গৱেষকৰূপে কাম কৰি থকা দণ্ডীৰাম দত্তৰ হাতত৷ দণ্ডীৰাম দত্তই এই কাম হাতত লৈ সমগ্ৰ অসম পৰিভ্ৰমণ কৰি প্ৰায় ছয় হাজাৰখন পুৰণি পুথি সংগ্ৰহ কৰে৷ উল্লেখযোগ্য, অসমৰ প্ৰাচীন পুথি তথা লোকসংস্কৃতিৰ অনুসন্ধানত ব্ৰতী হোৱা দত্তই অসম সাহিত্য সভা আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰো প্ৰাচীন পুথি অনুসন্ধানকাৰী হিচাবে কাম কৰিছিল৷ ১৯৭৩ চনৰ ২৮ জানুৱাৰী তাৰিখে সু-সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ সভাপতিত্বত নলবাৰী সাহিত্য সমাজে তেওঁৰ সম্বৰ্ধনা জনায়৷ নলবাৰী সাহিত্য সমাজৰ হৈ শশী শৰ্মা স্বাক্ষৰিত অভিনন্দনপত্ৰখনত দণ্ডীৰাম দত্তৰ বিভিন্ন কাম-কাজ সম্পৰ্কে উল্লেখ আছিল৷ তেওঁ ৰচনা কৰা ‘ইন্দিৰা পতনৰ পৰিণতি’ গ্ৰন্থত সন্নিবিষ্ট উক্ত অভিনন্দন পত্ৰখনৰ একাংশ তলত উদ্ধৃত কৰা হ’লঃ

“ … বিশ্ববিদ্যালয়ৰ ওখ উপাধিবিহীন যি কেইজনা মুষ্টিমেয় বিশিষ্ট অসমীয়া পণ্ডিত আছে, আপুনি সেইসকলৰ ভিতৰত আগশাৰীৰ এজন৷ শিক্ষকতাকে জীৱিকা হিচাবে গ্ৰহণ কৰিও আপুনি গা-মন ঢালি দিলে সাহিত্য-চৰ্চা, পুৰাতাত্বিক অনুসন্ধান আৰু গৱেষণাত৷ অসমীয়া লোক-সাহিত্যৰ সংকলক-সম্পাদক হিচাপে আপোনাৰ অৰিহণা অতুলনীয়৷ …পুৰাতত্বৰ প্ৰতি জন্মগত প্ৰীতি থকা হেতুকেহে আপুনি জীৱনৰ আবেলি বেলাতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক-সংগ্ৰাহক ৰূপে নিযুক্ত হৈ অশেষ কায়ক্লেশ আৰু জীয়াতু ভুগিও অসমৰ চুকে-কোণে ধোঁৱা-চাঙত মলঙি থকা চাৰি হেজাৰ পুথি উদ্ধাৰ কৰা সম্ভৱপৰ হ’ল৷ অসম চৰকাৰ, অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি নানা সাংস্কৃতিক অনুষ্ঠান, সংগঠন আপোনাৰ কৰ্মনিষ্ঠাৰ গুণত মুগ্ধ৷ বিধৱা বিবাহ প্ৰচলন, অস্পৃশ্যতা বৰ্জন আৰু গাঁও সংগঠন আদিৰ দৰে আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিও আপুনি সদৌ ৰাইজৰ শ্ৰদ্ধাভাজন হৈছে৷…”

কাইথেলী অংকৰ পণ্ডিত আৰু সাঁচিপতীয়া পুথি সংগ্ৰহকাৰী দণ্ডীৰাম দত্তই ভালেমান গ্ৰন্থও ৰচনা কৰি থৈ গৈছে৷ তাৰে ভিতৰত ‘সাঁথৰ, ফকৰা-যোজনা’ কিতাপখনে কটন কলেজৰ এ এছ এল ক্লাৱৰ সাঁথৰ সংগ্ৰহ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল৷ এই প্ৰতিযোগিতাৰ ফলাফল জনাই এ এচ এ ক্লাৱৰ সম্পাদক মহেশ্বৰ নেওগে ৯.৮.১৯৩৭ তাৰিখে দণ্ডীৰাম দত্তলৈ লিখিছিলঃ

“… আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে গুৱাহাটী কটন কলেজৰ এ এছ এল ক্লাৱৰ জৰিয়তে হোৱা অধ্যক্ষ এছ চি ৰায় সাথৰ সংগ্ৰহ প্ৰতিযোগিতাত আপুনি কৃতকাৰ্য্য হৈছে৷ প্ৰতিযোগিতাৰ বিচাৰকঅধ্যাপক শ্ৰীযুক্ত উমাকান্ত গোস্বামী এম এ বি এল আৰু শ্ৰীযুক্ত দিবাকৰ গোস্বামী এম এ বি এল ডাঙৰীয়াৰ অভিমত তলত উল্লেখ কৰি দিলোঁঃ

” We consider the collection of Sathar (riddles) made by Srijut Dandi Ram Datta to be the best. He has collected also many ‘Fakaras’ and ‘Jojanas’ etc, and has arranged them seperately.

There is no doubt that the publication of the collection with proper classification will enrich our literature. …’’ উল্লেখযোগ্য, এ এচ এল ক্লাৱৰ বছৰেকীয়া সভাত দত্তৰ উদ্যমৰ প্ৰশংসা পত্ৰ পাঠ কৰা হয় আৰু ক্লাৱৰ সম্পাদকে (মহেশ্বৰ নেওগ) সেই বাতৰি বাতৰি কাকতত প্ৰকাশ কৰিছিল৷ ‘সাঁথৰ, ফকৰা-যোজনা’ গ্ৰন্থখন উচ্চখাপৰ সাহিত্য বুলি বিবেচনা কৰি অসম চৰকাৰেও দণ্ডীৰাম দত্তলৈ এহেজাৰ টকাৰ সাহায্য আগবঢ়াইছিল৷ ১৯৭৩ চনত প্ৰকাশিত এই গ্ৰন্থৰ ভুমিকাত সেই সময়ৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ সঞ্চালক উমাকান্ত গোস্বামীয়ে লিখিছিল, “…সাঁথৰ, ফকৰা-যোজনাৰ কিতাপখনি তেখেতৰ এটি মহৎ চেষ্টাৰ ফল৷ এই ধৰণৰ কিতাপ এতিয়ালৈকে দুই-এখনিহে প্ৰকাশ পাইছে৷ আৰু সেই আটাইখিনিৰ ভিতৰত এইখনিয়ে বোধকৰোঁ প্ৰধান৷” একেখন গ্ৰন্থৰ পাতনিত দণ্ডীৰাম দত্তই উল্লেখ কৰা মতে, ১৯২০ চনৰ ২০ ডিচেম্বৰত নলবাৰীৰ মজলীয়া স্কুলৰ পৰা উত্তীৰ্ণ হৈ সেই তাৰিখেই একেখন স্কুলতে শিক্ষকতা কৰিবলৈ লয়৷ তেতিয়াৰে পৰা ১৯৭১ চন পৰ্যন্ত ১৮৬৫ টা সাঁথৰ, বিভিন্ন গীত-পদ, ডাকৰ বচন, কাইথেলী অংকৰ সাঁচিপতীয়া পুথি ৪০ খন আৰু চাৰি হাজাৰ আন বিষয়ৰ সাঁচিপতীয়া পুথি সংগ্ৰহ কৰিছিল৷ ভয়ানক জংঘল অতিক্ৰম কৰি, বাঘ-ভালুক, নাও ডুবা আদি নানা বিপদৰ সন্মুখীন হৈ ৯০ মাইল পৰ্যন্ত খোজ কাঢ়ি সেই সময়লৈকে তেওঁ মুঠ ৯৬ বাৰ ভ্ৰমণ কৰি প্ৰায় ১৫ হেজাৰ সাঁচিপতীয়া পুথিৰ সম্ভেদ লাভ কৰিছিল৷ ‘সাঁথৰ, ফকৰা-যোজনা’ গ্ৰন্থত সন্নিবিষ্ট “মন্তব্য, উৎসাহ, উপদেশ আৰু প্ৰেৰণা’’ শীৰ্ষক শিতানত ভালেকেইজন বিশিষ্ট পণ্ডিতৰ শুভেচ্ছাবাণী তথা মন্তব্য সন্নিবিষ্ট কৰা হৈছে৷ তাৰে ভিতৰত ড॰ সূৰ্য্যকুমাৰ ভূঞাই তেওঁৰ ১৯.৮.২৩ তাৰিখৰ চিঠিত লিখিছে, “ …অসমীয়া গাঁৱলীয়া সাঁথৰ গোটোৱা শুনি বৰ ৰং পালোঁ৷ অনুগ্ৰহ কৰি পুথিখন যদি ভালকৈ পঠিয়াই দিয়ে বৰ ৰং পাম৷ পুথিখন পঢ়িবও পাৰিম আৰু প্ৰকাশৰ কিবা উপায় থাকিলে চেষ্টাও কৰিব পাৰিম৷” ড॰ ভূঞাই তেওঁৰ আন এখন চিঠিত লিখিছে,“…অৰ্ঘা ছপাখানাৰ মালিক শ্ৰীসিংহদত্ত দেৱগোস্বামীক এই কিতাপখনি দেখুৱাইছিলোঁ৷ তেওঁৰ ছপা কৰি উলিয়াবৰ মন আছে৷ কিতাপখনি উপযোগী হৈছে৷ ল’ৰা-ছোৱালীয়ে ৰং মনেৰে পঢ়িব বুলি আশা কৰোঁ৷” অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ২.১০.৫৯ তাৰিখে অন্যান্য কথাৰ লগতে লিখিছিল, “ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুৰণি পুথি অনুসন্ধান আৰু সংগ্ৰহকাৰী, পুৰণি অসমৰ গৌৰৱ কাইথেলী অংকবিদ শ্ৰীমান দণ্ডীৰাম দত্তৰ এই বিষয়ক অদম্য উদ্যমশীল ৰূপটো অসমীয়াৰ জাতীয় ঐতিহ্যৰ গৌৰৱবাহী গুৰুত্বপূৰ্ণ ৰূপৰেখাৰ প্ৰতি ঔৎসুকশীল উন্নত মানসিকতাৰ নিশ্চয় লোভনীয় বস্তু৷’’ ড॰ প্ৰফুল্ল দত্ত গোস্বামীয়ে ২১.৩.৬৯ তাৰিখে লিখিছিল, “ শ্ৰীদণ্ডীৰাম দত্তৰ সাঁথৰ এখনি উল্লেখযোগ্য গ্ৰন্থ৷ অসমীয়া সাঁথৰ এতিয়ালৈকে ভালকৈ সংগ্ৰহ হোৱা নাই৷ এনে স্থলত দত্তৰ প্ৰচেষ্টাৰ মূল্য আছে৷ …এই পুথিখনে পাঠকক আমোদ, জ্ঞান আৰু সমাজতাত্ত্বিক চিন্তাৰ সামগ্ৰী নিদিয়াকৈ নাথাকে৷” ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাই আমেৰিকা যুক্তৰাষ্ট˜ৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তে চিঠি লিখি জনাইছিল, “…মই আহোঁতে আপোনাৰ পৰা অনা সাঁথৰ আৰু কৌতুক অংক দেখি-শুনি কেবাজনো গণিতজ্ঞই ওখ ভাবৰ মন্তব্য প্ৰকাশ কৰিছে৷ আমেৰিকা আৰু বিশেষকৈ আফ্ৰিকাৰ কেবাজনো অধ্যাপকে শলাগিছে৷ আপোনাৰ এই বয়সৰ ফটো আৰু চমু পৰিচয় লাগে বুলিও কৈছে৷ আপুনি ৩০ টা সাঁথৰ, ৩০ টা কৌতুক ভালদৰে লিখি ৰাখিব৷ মই গৈ পঠাবৰ ব্যৱস্থা কৰিম৷” সেই মৰ্মে আৰ্য্য বিদ্যাপীঠ কলেজৰ অধ্যাপক ৰামকৃষ্ণ চক্ৰৱৰ্তীৰ হতুৱাই ড॰ বৰুৱাই ৩০ টা সাঁথৰ আৰু ৩০ টা কৌতুক ইংৰাজীলৈ ভাঙনি কৰাইছিল যদিও ড॰ বৰুৱাৰ অকাল বিয়োগ ঘটাত সেই দিশত আগবাঢ়িব পৰা নহ’ল৷ উল্লেখযোগ্য, ‘কৌতুক’ কিতাপখন কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক তাৰিণীকান্ত ভট্টাচাৰ্য্যই ইংৰাজীলৈ অনুবাদ কৰিছিল৷

দণ্ডীৰাম দত্তই ৰচনা কৰা আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে ১৯৬১ চনত প্ৰকাশিত ‘ডাকৰ বচন’৷ নানা আহুকালৰ মাজেৰে বহুবাৰ অসম ভ্ৰমণ কৰি তেওঁ ডাকৰ বচনসমূহ সংগ্ৰহ কৰিছিল৷ এই গ্ৰন্থৰ ১৯৬৮ চনত প্ৰকাশিত দ্বিতীয় সংস্কৰণৰ শেষৰ ফালে ‘মন্তব্য’ শিতানত বেণুধৰ শৰ্মাৰ চিঠি এখনৰ নিৰ্বাচিত অংশ সন্নিবিষ্ট কৰা হৈছে৷ ২৭. ১১.৬১ তাৰিখৰ সেই চিঠিত বেণুধৰ শমাৰ্ই লিখিছে, “ …আপোনাৰ ‘ডাকৰ বচন’ পুথি পঢ়ি চাই সন্তোষ পালোঁ৷ আপুনি আজীৱন একাগ্ৰভাৱে অংকশাস্ত্ৰ আৰু অন্যান্য শাস্ত্ৰ উদ্ধাৰৰ বাবে ব্ৰতী হৈ আছে৷ এনে এজন ব্ৰতী পুৰুষ আজিলৈকে ওলোৱা নাই৷ …” ‘ডাকৰ বচন’ৰ বিষয়ে ‘নতুন অসমীয়া’ৰ ১.৪.৬২ তাৰিখৰ সংখ্যাত প্ৰকাশ পোৱা লেখাৰ একাংশ আছিল এনে ধৰণৰ, “… সংগ্ৰহটি শকত হৈছে৷ পুৰণি পুথি সংগ্ৰহত ধৈৰ্য্য আৰু নিষ্ঠাৰ খ্যাতি শ্ৰীদণ্ডীৰাম দত্তৰ আছে৷ আগেয়েও এনে মূল্যবান সংগ্ৰহ তেওঁ প্ৰকাশ কৰিছে; ভৱিষ্যতেও কৰিব বুলি বিশ্বাস আছে৷ শ্ৰীদত্তৰ দৰে আশাশুধীয়া যত্ন হ’লে অসমীয়া বহুতো মূল্যবান সম্পদ পাহৰণিৰ বুকুৰ পৰা উদ্ধাৰ হ’ব৷ শ্ৰীদত্তই আনকো উৎসাহিত কৰিব বুলি আশা কৰিলোঁ৷” ২৬.১.১৯৬২ তাৰিখৰ ‘অসমবাণী’তো কিতাপখন “কেবাফালৰ পৰা উৎকৃষ্ট” হোৱা বুলি উল্লেখ কৰিছে৷

‘গুৰু গুণমালা’ দণ্ডীৰাম দত্তই সম্পাদনা কৰা আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৷ সাঁচিপতীয়া পুথি সংগ্ৰহৰ উদ্দেশ্যে সমগ্ৰ অসমৰ বিভিন্ন ঠাইলৈ অশেষ কষ্টেৰে তেওঁ যাবলগীয়া হৈছিল৷ একে উদ্দেশ্যেৰেই ১৯৫৮ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে তেওঁ গৈ লক্ষ্মীমপুৰৰ বিহপুৰীয়াৰ নাৰায়ণপুৰৰ বাসুদেৱ থানত উপস্থিত হৈছিল৷ ‘গুৰু গুণমালা’ৰ ‘আমাৰ নিবেদন’ শীৰ্ষক আগকথাত তেওঁ লিখা মতে সেই সময়ত সেই স্থান অতি দুৰ্গম আছিল, গৈ পোৱাৰ দিনা সন্ধিয়াতে বাঘৰ গোজৰণি শুনিছিল৷ আচৰিত স্মৃতিশক্তিৰ অধিকাৰী, সেই থানৰ উদাসীন (সংসাৰ-বান্ধোনত নোসোমোৱা) সত্ৰাধিকাৰ কুশ চন্দ্ৰ দেৱ ঠাকুৰৰ (ঘাই ঘৰ কামৰূপৰ ছয়গাঁওৰ ঠাকুৰপাৰাত) অনুৰোধত দণ্ডীৰাম দত্ত তাত দহদিন থাকি মুখে মুখে কৈ যোৱা প্ৰায় তিনিহেজাৰ পদ লিখি ল’লে আৰু পাছত গ্ৰন্থাকাৰে প্ৰকাশ কৰিলে৷ কুশ চন্দ্ৰ দেৱ ঠাকুৰে কোৱা মতে, গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে তেওঁ প্ৰথমে সপোনত দেখিবলৈ পাইছিল আৰু পিছলৈ প্ৰতি নিশাই শুবৰ সময়ত পদবোৰ তেওঁৰ মনলৈ আহিছিল ৷ ‘গুৰু গুণমালা’ৰ পাতনিত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে এইদৰে লিখিছিল, “চাৰি হাজাৰ সাঁচিপতীয়া পুথি সংগ্ৰহ কৰোঁতা, পৃথিৱী বিখ্যাত গণিতজ্ঞ সুপৰিচিত, অসম সাহিত্য সভাৰ প্ৰাচীন পুথিৰ অনুসন্ধানকাৰী, অসম গবৰ্ণমেন্টৰ ৰিচাৰ্চ স্কলাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাচীন পুথিৰ অনুসন্ধানকাৰী, অসম-বংগ পৰ্য্যটক, গৌৰীপুৰৰ ৰজা বাহাদুৰৰ চচিয়েল হিষ্টৰী অব্‌ কামৰূপৰ সংগ্ৰাহক, কলেজ কাউন্সিল পৰিষদ আৰু নানান অনুষ্ঠানত, বিশেষকৈ নিখিল ভাৰত শিক্ষা সন্মিলন, নিখিল ভাৰত বুনিয়াদী শিক্ষা সন্মিলনত কৌতুক অংকৰ বক্তৃতা দিওঁতা, নিখিল গোৱালপাৰা জিলা শিক্ষক সভাৰ সভাপতি, বংগদেশৰ কলিকতাৰ গংগাৰ পাৰৰ সাত্ৰাগাছীত শ্ৰীশ্ৰীশংকৰ মঠ-মন্দিৰৰ উদ্বোধন সভাৰ সভাপতি, ৬৪খন কিতাপৰ প্ৰণেতা, ৬৩ তম কংগ্ৰেছ মহাসভাৰ প্ৰদৰ্শনীৰ অসম সাহিত্য সভাৰ সাংগঠনিক চেক্ৰেটাৰী শ্ৰীমান দণ্ডীৰাম দত্ত সম্পাদিত৷” অম্বিকাগিৰী ৰায়চৌধুৰীৰ এই কথাখিনিৰ পৰাই দণ্ডীৰাম দত্তৰ বহুমুখী প্ৰতিভাৰ বিষয়ে জানিব পাৰি।

দণ্ডীৰাম দত্তই শিশুসকলৰ বাবে বিভিন্ন শিশু-সাহিত্য যেনে ‘নিমাতী কন্যা’, ‘বত্ৰিশ পুতলা’, ‘কৌতুক’, ‘সৰল শিশুপাঠ’ আদি ৰচনা কৰাৰ উপৰিও ‘সচিত্ৰ আদৰ্শ পাটীগণিত’, ‘নতুন বুনিয়াদী ধাৰাপাত’, ‘নতুন বুনিয়াদী ক-খ পাঠ’, ‘নতুন পৰিমিতি’, ‘নতুন বুনিয়াদী ক-খ পাঠ’ আদি পাঠ্যপুথি ৰচনা কৰে৷ ৷ আনহাতে সেই সময়ত সংঘটিত বিভিন্ন সামাজিক আৰু ৰাজনৈতিক ঘটনা যেনে মহাত্মা গান্ধীৰ হত্যা, সমসাময়িক ন্যায় ব্যৱস্থা ইত্যাদিক আলোকপাত কৰি তেওঁ ‘অন্তিমত বাপুজী’, ‘গান্ধী হত্যাৰ বিচাৰ’, ‘অশৌচ ব্যৱস্থা’, ‘ইন্দিৰা পতনৰ পৰিণতি’ আদি গ্ৰন্থ ৰচনা কৰি এগৰাকী সফল লেখকৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ বিভিন্ন ধৰ্মীয় ৰীতি-নীতিক লিখিত ৰূপত সংৰক্ষণ কৰাৰ উদ্দেশ্যে তেওঁ ৰচনা কৰে ‘মহাদেৱ-পাৰ্বতীৰ বিয়া’, ‘শীতলা’, ‘শ্ৰীশ্ৰীসৰস্বতী দেৱী’, ‘শ্ৰী শ্ৰীকৃষ্ণৰ গোষ্ঠাষ্টমী পূজা’ ইত্যাদি গ্ৰন্থ৷ বেলশৰৰ নিজ বাসস্থানৰ নিচেই ওচৰত থকা ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ৰ বিভিন্ন দিশ আৰু কাহিনীক সামৰি তেওঁ ৰচনা কৰে ‘বিল্বেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত’৷ আনহাতে, ২৬.৯.১৯৪৬ তাৰিখে অভয়াপুৰীত অনুষ্ঠিত নিখিল গোৱালপাৰা শিক্ষক সভাত সভাপতিত্ব কৰি তেওঁ দিয়া ভাষণটি (বাৰটকীয়া পণ্ডিত) পুস্তিকা হিচাপে প্ৰকাশ কৰে৷ এই ভাষণত তেওঁ শিক্ষকৰ কৰ্তব্য, সমস্যা আদিৰ বিষয়ে খৰচি মাৰি আলোচনা কৰিছিল৷ উল্লেখযোগ্য, সাহিত্যৰ জগতখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চন প্ৰদান কৰি সন্মানিত কৰে৷

কাইথেলী অংক আৰু সাঁচিপতীয়া পুথি সংগ্ৰহৰ লগতে বিভিন্ন বিষয়ৰ তিনিকুৰিতকৈও অধিক গ্ৰন্থ ৰচনা কৰি অসমৰ সাহিত্য আৰু লোকসংস্কৃতিৰ জগতখনলৈ বিশেষ বৰঙণি যোগোৱা আতা দণ্ডীৰাম দত্তৰ ১৯৮৪ চনৰ ১২ জুলাইত বেলশৰৰ নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ অৱশ্যে কায়িক মৃত্যু ঘটিলেও বিভিন্ন সৃষ্টিৰাজিৰে দণ্ডীৰাম দত্ত আজিও অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনত অমৰ হৈ আছে৷ বিশেষকৈ কাইথেলী অংকৰ উদ্ধাৰ, প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে লোক সংস্কৃতিৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ কথা আজিও সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে৷

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments