কাকতালীয় সংযোগ
লেখক- ঝৰ্ণা শৰ্মা দেৱচৌধুৰী
মানুহৰ জীৱনত কেতিয়াবা এনে কিছুমান ঘটনা ঘটে যিবোৰক কোনো ব্যাখ্যাৰে বৰ্ণাব নোৱাৰি। সকলো কিয়, কেনেকৈ আদিৰ উত্তৰ বিচাৰি পোৱাটো খুব সহজ কথা নহয়। এনে উত্তৰ বিহীন বহু প্ৰশ্ন আৰু জীৱন পৰিক্ৰমাৰ সাঁথৰবোৰে মনত খুন্দিয়াই থকাৰ বাবেই হয়তো মানুহে ভাগ্য, ঈশ্বৰ, ষষ্ঠ ইন্দ্ৰিয় আদিক বিশ্বাস কৰে।
মই তেতিয়া হাইস্কুলৰ ছাত্ৰী। পৰিয়ালৰ সকলোতকৈ ডাঙৰ দাদাজন প্ৰথমবাৰৰ বাবে পিতৃ হোৱাৰ পথত। সকলোৰে উৎসাহ। তেওঁ দূৰৈত থকা বাবে বাৰ্তাবাহক হিচাপে টেলিফোনটোৱেই তেতিয়া একমাত্ৰ সাধন। গৰমৰ দুপৰীয়াটোত সেইদিনা খুৰাহঁতৰ ঘৰত ভাত-পানী খাই সকলো জিৰাইছে। ময়ো অকলশৰে বাৰাণ্ডাত বহি হাইৱেৰে অহা-যোৱা কৰা যান-বাহনবোৰ চাই আছোঁ। তেনেতে মোৰ মনলৈ ভাব আহিল যে দাদাৰ হ’বলগীয়া সন্তানটোৱে ডিঙিত নাড়ী ডাল পাক খাই থকা বাবে উশাহ-নিশাহ ল’বলৈ কষ্ট পাইছে। সকলোৰে উদ্বিগ্ন মুখবোৰ আৰু বৈ অহা চকুলোৰে সেমেকা চাৱনিৰ চকুবোৰ মোৰ চকুৰ আগত ভাহি উঠিল। মনটো হঠাৎ বেয়া লাগি গ’ল। সেয়া কিন্তু সপোন নাছিল। সেই সময়ত মই সজ্ঞানে চকীত বহি আলিবাটলৈ চাই আছিলোঁ। তেনেতে ভিতৰত টেলিফোনটো সশব্দে বাজি উঠিল আৰু তাৰ পিছত এটা চেপা গুণগুণনিৰ আঁত বিচাৰি যেতিয়া ভিতৰ পালোঁগৈ, শুনিবলৈ পালোঁ যে দেৱশিশুটিৰ ডিঙিত নাড়ী পাক খাই ধৰাৰ বাবে শিশুটিক পৃথিৱীত ৰাখিব পৰা নগ’ল। এক প্ৰচণ্ড ভয় আৰু শংকাত মই কঁপিবলৈ ধৰিলোঁ। এয়া কি? সেই ঘটনাটোৰ আগতে মই কেতিয়াও তেনে ঘটনা দেখা, শুনা বা ক’ৰবাত পঢ়া বুলি মনত নপৰে। তেন্তে কিয় এনে ঘটনা মোৰ মনলৈ আহিল? আচৰিত! সেই ‘কিয়’টোৰ উত্তৰ বিচাৰি মই আজিও হাহাকাৰ কৰোঁ।
আন এদিনৰ ঘটনা। তেতিয়া মই কলেজৰ ছাত্ৰী। সেই নিশা সপোনত এজন যুৱকক দেখিলোঁ। যৌৱনৰ দুৱাৰদলিত ভৰি থৈ সপোনত কোনো যুৱকক দেখাতো একো নহ’বলগীয়া কথা নহয়। কিন্তু মই দেখা সপোনটো আছিল কিছু ব্যতিক্ৰমী। পঁচিছ, ছাব্বিশ বছৰীয়া যেন লগা যুৱকজন যথেষ্ট ওখ আছিল। সুঠাম শৰীৰ আৰু স্বাভাৱিক মুখাৱয়বৰ যুৱকজনৰ চুলিখিনি কিন্তু সম্পূৰ্ণকৈ খুৰাই থোৱা আছিল। পুৱা সাৰ পোৱাৰ পিছত আৰু নিশাৰ সপোনৰ কথা ভাবি থাকিবলৈ সময় ক’ত? লৰালৰিকৈ কলেজলৈ ওলালোঁ। সেইদিনা ভণ্টি আগতীয়াকৈ কলেজলৈ গৈছিল। গতিকে মই ৰিক্সা এখন লৈ সদায় যোৱা চমু ৰাস্তাটোৰে অকলশৰেই আগবাঢ়িলোঁ। ৰাস্তাটো শেষ হৈ মূল পথত উঠিবলৈ এক ফাৰ্লং মান থাকোঁতে লক্ষ্য কৰিলোঁ সম্পূৰ্ণকৈ চুলি খুৰোৱা যুৱক এজন মোৰ ফাললৈকে খোজ কাঢ়ি আহি আছে। ৰিক্সাখন যিমানেই ওচৰ চাপিছে মই সিমানেই বিস্ময়ত হতবাক হৈ পৰিলোঁ। এয়া কেনেকৈ সম্ভৱ? এই যুৱক জনক দেখোন মই যোৱা ৰাতি সপোনত দেখিছিলোঁ। গহীনকৈ খোজ কাঢ়ি পাৰ হৈ যোৱা যুৱকজনলৈ মই ৰিক্সাৰ পৰাই অবাক দৃষ্টিৰে চাই ভেবা লাগিলোঁ। অথচ সেইবোৰলৈ যুৱকজনৰ কোনো ভ্ৰূক্ষেপ নাছিল। এতিয়াও যদি ক’ৰবাত যুৱকজন দেখোঁ, মই পলকতে চিনি পাম। কিন্তু তাৰ পাছত বাটে, পথে, থিয়েটাৰে, ৰেস্তোৰাঁই সকলোতে সপোনৰ সেই যুৱকজন দেখোঁ বুলি মোৰ চকুহালে পিতপিতাই ফুৰিবলৈ ধৰিছিল যদিও দ্বিতীয়বাৰ তেওঁক আৰু ক’তো দেখা নাপালোঁ। হয়তো তেওঁ মোৰ চহৰখনৰ স্থায়ী বাসিন্দা নাছিল। এবাৰ সপোনত আৰু এবাৰ দিঠকত দেখাৰ বাহিৰে তেওঁক আৰু কোনোদিনেই দেখা নোপোৱাৰ বাবে মই তেনেদৰেই ভাবিলোঁ। এই ঘটনাটোও মোৰ বাবে সদায় এটা উত্তৰ বিহীন সাঁথৰ হৈয়ে থাকি গ’ল।
এনে ধৰণৰ ঘটনা যে কেৱল মোৰ জীৱনতেই সংঘটিত হৈছে, তেনে নহয়। মাজে মাজে আন বহুতৰে মুখত এনে অলৌকিক ঘটনা একোটাৰ বিষয়ে শুনিবলৈ পাওঁ।
এবাৰ বিয়াৰ পিছতে আমি গুৱাহাটীৰ পৰা দুলিয়াজানলৈ বুলি ৰাতিৰ বাছত উঠিবলৈ লৈছোঁ। তেনেতে পতিদেৱে ক’লে, আজি দেখোন যাবলৈ একেবাৰে মন যোৱা নাই। ব’লা ঘৰলৈ ঘূৰি যাওঁ। ঘৰৰ মানুহ এৰি থৈ কৰ্মস্থলীলৈ আহিব লগা হলে মনটো অলপ বেয়া লাগেই। গতিকে মই কথাটো বৰ গুৰুত্ব নিদিলোঁ। বাছখনত উঠিবলৈ তেওঁ বাৰম্বাৰ মানা কৰা সত্ত্বেও সেই ৰাতি আমি সেইখন বাছতে গন্তব্যস্থানলৈ বুলি ৰাওনা হলোঁ। শেষ ৰাতি যোৰহাটৰ বাইপাছৰ ওচৰত প্ৰচণ্ড গতিৰে তোৰণ এখনত খুন্দিয়াই বাছখন পথাৰলৈ নামি গ’ল। ভাগ্য ভাল আছিল যে যাত্ৰীসকল বেছি আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰিল। ইয়াৰ কেইবা বছৰ পাছত এবাৰ তেওঁ ৰেল ষ্টেচনৰ পৰা যাবলৈ মন যোৱা নাই বুলি ঘৰলৈ ঘূৰি আহিছিল। সেইবাৰো গুৱাহাটী অভিমুখী ৰেলখন কিছু দূৰ যোৱাৰ পিছতে কিবা কাৰিকৰী বিজুতিৰ বাবে গোটেই নিশা আদবাটতে ৰৈ থাকিব লগা হৈছিল। আচৰিত নহয়নে? কেতিয়াবা হয়তো ষষ্ঠ ইন্দ্ৰিয়ই মানুহক সম্ভাৱনীয় বিপদৰ আগজাননী দিয়ে।
মোৰ সন্তানে কয়, “মা তুমি যাদু জানা নেকি?” আগতে আমিও মাক সুধিছিলোঁ, মা তুমি আমাৰ মনৰ কথাবোৰ কেনেকৈ গম পাই যোৱা? তুমি কি যাদু জানা? সকলো মাকেই আচলতে যাদুকৰ। সন্তানৰ প্ৰতি থকা মাকৰ মাতৃত্ববোধ বা আসক্তিৰ বাবেই হয়তো সন্তান ওচৰতে থাকক বা দূৰতে; মাকৰ ষষ্ঠ ইন্দ্ৰিয়ই সিহঁতৰ মানসিক আৰু শাৰীৰিক অৱস্থাৰ বুজ দি যায়।
মাজে মাজে চ’চিয়েল মিডিয়াত বিতৰ্ক হোৱা দেখোঁ যে কাৰোবাৰ লিখা কোনোবাই চুৰ কৰি নিজৰ নামত পোষ্ট কৰিছে। তেনে লজ্জাজনক আচৰণক বাদ দিও মাজে মাজে দেখোঁ, দুজন লেখকে প্ৰায় একে সময়তে একে ধৰণৰ অনুভৱ শব্দৰে প্ৰকাশ কৰিছে। মানুহৰ চেহেৰাৰ মিল থকাৰ দৰে হয়তো অনুভৱো কোনোবাখিনিত মিলি যায়। ‘অনুভৱৰ এমুঠি’ বুলি মাজতে মই কিবা এটা লিখি ফেচবুকত পোষ্ট কৰিবলৈ লৈছিলোঁ। কিন্তু ঠিক সেই মুহূৰ্ততে আন এগৰাকী লেখিকায়ো ‘অনুভৱৰ এমুঠি’ বুলি প্ৰবন্ধ এটা লিখি কোনোবা এটা গ্ৰুপত দিয়া দেখিলোঁ। নামেৰে সৈতে মিলি যোৱা প্ৰবন্ধটো পঢ়ি মই মোৰ পোষ্টটো দিয়াৰ পৰা বিৰত থাকিলোঁ। এনে অজস্ৰ ঘটনা দৈনিক মোৰ লগত, আপোনাৰ লগত, আন বহুজনৰ লগত ঘটি থাকে যিবোৰ মাথোঁ অনুভৱহে কৰিব পৰা যায়, যিবোৰ শব্দৰে বৰ্ণনা কৰাৰ সময়ত যুক্তি হেৰাই যায়।
পৃথিৱীখনত কোটিৰ সংখ্যাত মনুষ্য। সকলোৰে নিজস্ব অনুভৱ, ধাৰণা, মত-অমত। তাৰ মাজতো কেতিয়াবা অবিশ্বাস্যভাৱে কথাবোৰ মিলি যায়। এনেবোৰ বিষয়ৰ সদায় আধ্যাত্মিক বা বৈজ্ঞানিক বিশ্লেষণ হ’বই লাগিব বুলিও কথা নাই।
কথাবোৰ কেতিয়াবা খুহুতীয়াকৈও চাব পাৰি। দুয়োটা সন্তানক লগত লৈ গাড়ীৰে দীঘলীয়া যাত্ৰা কৰিলে প্ৰায়েই দুয়োটাই পিছৰ ছিটত দীঘলীয়াকৈ শুই যাবলৈ ভাল পায়। এদিন ভাবিলোঁ, ফ্ৰণ্ট ছিট আৰু বেক ছিটৰ মাজৰ ঠাইখিনি বিছনাৰ দৰে কৰিব পৰা হ’লে সুবিধা হ’লহেঁতেন। ভবা মাত্ৰকে গুগুল চাৰ্চ কৰি দেখিলোঁ দুই ছিটৰ মাজৰ ঠাইখিনি ভৰাই পেলাব পৰাকৈ বেলুনৰ দৰে ফুলাব পৰা তুলি বজাৰত ইতিমধ্যেই আছেই। মানে মই সমস্যাটো অনুভৱ কৰি সমাধান বিচাৰোঁ মানে কোনোবাই ক’ৰবাত সমাধানসূত্ৰ এটা আৱিষ্কাৰ কৰি ব্যৱসায়ো আৰম্ভ কৰিলে।
মনৰ গতি পোহৰৰ গতিতকৈও তীব্ৰ, কথাষাৰ কিমান যে সত্য!
জীৱনৰ গণিতত শুদ্ধ উত্তৰ বিচাৰি হাবাথুৰি খোৱাৰ সময়তে মানুহে এক পৰম শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰে। এনে নিস্বাৰ্থ সমৰ্পণে মানুহক জীৱনৰ পৰৱৰ্তী সময়খিনিত সন্মুখীন হ’বলগীয়া খলা-বমা, ঘাত-প্ৰতিঘাতবোৰ পাৰ হৈ যাবলৈ প্ৰয়োজনীয় সাহস আৰু প্ৰেৰণা যোগায়। ক’ৰবাত পঢ়িছিলোঁ, সকলোৱে ঈশ্বৰ বিশ্বাস কৰে। কেৱল বিশ্বাসৰ ঢাপবোৰ সকলোৰে বেলেগ বেলেগ। কোনোবাই ভূমিকম্পৰ এটা জোকাৰণিতে ভগৱানৰ নাম লয়। কাৰোবাক ইয়াৰ বাবে তিনিটা জোকাৰণিৰ প্ৰয়োজন হয়। জাতি, ধৰ্ম নিৰ্বিশেষে পৃথিৱীৰ সকলো লোকৰে অন্তৰত এক প্ৰাৰ্থনা প্ৰৱাহমান হৈ থাকে। কোনোৱে হয়তো কল্পনাৰে সেই প্ৰাৰ্থনাক আকাৰ দিয়ে, কোনোৱে নিৰাকাৰ শক্তিক বিশ্বাস কৰে। কোনোৱে ভগৱান বুলি কয়, কোনোৱে প্ৰকৃতি বুলি কয়। কিন্তু প্ৰাৰ্থনা সকলোৰে বুকুৱে বুকুৱে নীৰৱে বৈ থাকে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহে মনেৰে সৃষ্টি কৰা পৰম শক্তিৰ বিশ্বাসক পোনচাটেই নস্যাৎ কৰি দিয়াতো মানুহৰ পক্ষে এক জটিল কাম। চৰম বিপৰ্যয়ৰ দিনত হৃদয়ত এগছি আশাৰ বন্তি জ্বলাই ৰাখিবলৈকে আস্থাৰ এখনি ছবিৰ প্ৰয়োজন হয়।
এসময়ত ৰাবাই (Rabai) নামেৰে এজন ইহুদী পণ্ডিত আছিল। সেই সময়ত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত কৰা অত্যাচাৰৰ বাবে তেওঁলোকে ক্ষোভেৰে ঈশ্বৰৰ বিৰুদ্ধে গোচৰ তৰিছিল। বিচাৰৰ শেষত তেওঁলোকে ঈশ্বৰ নামৰ নেদেখা সত্বাটিক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিলে আৰু এতিয়াৰ পৰা ঈশ্বৰ নাই বুলি ঘোষণা কৰে। ইয়াৰ পাছত সভা ভঙ্গ কৰি ৰাবাইয়ে থিয় হৈ কৈছিল, “এতিয়া দুই মিনিট সময় সকলোৱে ঈশ্বৰক প্ৰাৰ্থনা কৰা।”