কালসৰ্প; মূল:বানু মুস্তাক

অনুবাদ: পংকজ কুমাৰ নেওগ

ইশা নামাজৰ সময় হৈ আহিছিল। তাৰান্নুম দৌৰি দৌৰি ঘৰলৈ উভতিল, বেগত তাইৰ আৰবিক কিতাপ আৰু মূৰত উৰ্না। উৰ্নাখন অৱশ্যে বৰষুণৰপৰা নিজকে বচাবলৈহে। “আম্মি”, “আম্মি” বুলি তাই দুবাৰমান চিঞৰিলে। মূৰৰপৰা তাইৰ কেইফোঁটামান বৰষুণৰ পানী বাগৰি আহিল। ৰাফিয়াই সেই সময়ত জুহালত শুকান মিছা মাছ কেইটামান পুৰি আছিল আৰু তাৰান্নুমৰ চিঞৰলৈ কাণসাৰ নিদিলে। তাৰান্নুম ঘৰৰ ভিতৰলৈ দৌৰি আহি মাকক ক’লে – “আম্মি, হাছিনা আৰু তাইৰ মাকক মছজিদত বহি থকা দেখা পালোঁ।”

: হয় নেকি? কিয় বা আহিছে মছজিদলৈ!

: হয়তো কিবা গোচৰৰ ৰায় আছে।

: অ’, হয় নেকি?

ৰফিক মাদ্ৰাছালৈ পঢ়িবলৈ যাওঁতে শ্ৰেণীত প্ৰায়েই টোপনিয়ায়। কিতাপ আৰু টুপী ক’ত যে পেলায় কোনো খবৰ নাই। ঘৰলৈ ওভতাৰ পাছত বায়েকে তাক জোৰকৈ দুমুঠিমান খুৱাবলৈ চেষ্টা কৰোঁতে সি বায়েকৰ হাতখন আঁতৰাই মাকক কয় – “আম্মি, জানানে হাছিনা আৰু তাইৰ মাক বহুত সময়ৰপৰা মছজিদতে বহি আছে।”

: হয়নে? গধূলিৰ এই সময়খিনিত বা কি হ’ল?

: নিশ্চয় কিবা বিচাৰ আছে।

ৰাফিয়াৰ ল’ৰা হামিদে মাদ্ৰাছাত লগৰবোৰক দিয়াচলাই বাকচৰ ওপৰত থকা কাগজৰ লেবেল আৰু চিনেমাৰ নায়ক-নায়িকাৰ ফটোবোৰ বিলাই বিনিময়ত চকপেঞ্চিল গোটাই আছিল। পেণ্টৰ পকেট পেঞ্চিলেৰে ভৰি আহিছিলহে মাত্ৰ, পোকে খোৱা দাঁত এটাত বিষে হঠাৎ উক দিয়াত সি কান্দি কান্দি ঘৰলৈ উভতিল। অৱশ্যে সিয়ো আহি মাকক খবৰটো দিবলৈ নাপাহৰিলে – “আম্মি, হাছিনা…!

পৰিয়ালৰ সকলোৱে খবৰটো লাভ কৰাৰ সময়তে বুকুত সোঁহাতেৰে কোৰানখন সাৱটি আৰু বাঁওহাতে বোকা-পানীৰপৰা বচাবলৈ ছালৱাৰটো অলপ দাঙি লৈ মাজিদা ঘৰত সোমাল। চৰাঘৰত প্ৰৱেশ কৰি তাই দেখে যে দেউতাক অলসভাৱে বহি আছে। অলপ থমকি টেবুলত থোৱাৰ আগতে কোৰানখন তাই দুই চকুৰে স্পৰ্শ কৰিলে আৰু দেউতাকক মছজিদলৈ নোযোৱাৰ কাৰণ সুধিলে। “অ’, ইশাৰ নামাজৰ সময় হ’লেই নেকি? নামাজ আৰম্ভ হ’বলৈ এতিয়াও সময় আছে। অলপ পাছত যাম”-মছজিদৰ তত্ত্বাৱধায়ক আব্দুল কাদেৰ চাহাবে ওচৰৰ সৰু টেবুলখনত থকা টুপীটো তুলি লৈ মূৰত পিন্ধি ল’লে। মাজিদাই ক’লে – “মই নামাজৰ কথা কোৱা নাই, মছজিদত তোমাৰ বাবে অপেক্ষা কৰি থকা হাছিনা আৰু তাইৰ মাকৰ কথা কৈছোঁ। আজি কিবা বিচাৰ আছে চাগৈ তেওঁলোকৰ।”

: অ’, প্ৰকৃত কথা সেইটোহে! অলপ ৰচোন! কি ক’লি তই? মহিলাগৰাকী মছজিদত বহি আছে? কিন্তু মছজিদৰ কোনখিনিত?

নিজেই কাউন্সিলৰ মিটিং আহ্বান কৰিছিল অথচ কথাটো আব্দুল কাদেৰ চাহাবে সম্পূৰ্ণ পাহৰি দাঢ়িখিনিত হাত বুলাই ভাবনাত ডুব গ’ল।

: আব্বাজান, তুমিও যে আৰু! মানুহে মৃতদেহ আনি যিখিনি ঠাইত থয়, সেইখিনি ঠাইতে হাছিনা আৰু তাইৰ মাক বহি আছে। হাছিনাৰ সৰু ভনীয়েক দুজনীও আহিছে। আব্বাজান, তুমি সোনকালে যোৱা। তেওঁলোক জাৰত কঁপি কঁপি বহি আছে।

বাহিৰত বৰষুণ আৰু ঠাণ্ডা বতৰ। অলপ যেন উষ্ণতাৰ প্ৰতীক্ষা সকলোৰে। এনে বতৰত পৰঠা, সৰহকৈ জলা দি বনোৱা জোল, মুৰ্গীৰ কাবাব আৰু এইবোৰৰ সৈতে অলপ…আৰু এই সকলোবোৰৰে উপৰি অলংকাৰসদৃশ আমিনা আছেই! বিয়া হৈ অহাৰ দহ বছৰৰ ভিতৰতে আমিনাই সাতটা সন্তান জন্ম দিছে। তাইৰ গোটেই শৰীৰ আৰু শাৰীত এতিয়া নহৰু আৰু গৰম মছলাৰ গোন্ধ! শৰীৰটো কিন্তু এতিয়াও লোভনীয় হৈ আছে, স্তনযুগল গোলাকাৰ, ভৰপূৰ। একেবাৰে সৰু কেঁচুৱাটোক এতিয়াও বুকুৰ গাখীৰ খুৱায়..! আমিনা কাদেৰ চাহাবৰ ওচৰত আহি উপস্থিত হ’লে তেওঁৰ কল্পনাই চূড়ান্ত ৰূপ লয়। আজি কিন্তু তাই কাদেৰ চাহাবৰ সৈতে এঘড়ী যুঁজিবলৈহে সাজু হৈ আহিছে। শাড়ীৰ আঁচলত মছলা লাগি থকা হাত দুখন ভালকৈ মচি লৈ আমিনাই সৰুকৈ কাহ এটা মাৰিলে। কাদেৰ চাহাবে তাইলৈ ঘূৰি চালে। “মই তোমাৰ কাজ-কৰ্মত একেবাৰে হতাশ হৈ পৰিছো। কিমানবাৰ তোমাক ক’লোঁ কিন্তু তুমি অলপো কাণসাৰ দিয়া নাই। মোৰ বয়সৰ আন ছোৱালীবোৰৰ এতিয়াও বিয়া হোৱা নাই, অথচ মই কুৰিতে বুঢ়ী হৈ পৰিছো”-একে উশাহতে আমিনাই কথাখিনি ক্ষোভত ক’লে।

: এতিয়া আকৌ কি হ’ল?

: হ’বলৈ আৰু কি বাকী আছে? মই এজনী কুঁজী বুঢ়ীলৈ ৰূপান্তৰিত হৈছোঁ। সকলো সময়তে কেৱল ল’ৰা-ছোৱালীৰ লেঠা, ঘৰ, সংসাৰ ইত্যাদিবোৰ – নিজৰ বাবে কেতিয়াবা আহৰি পাইছো জানো? প্ৰতি বছৰে এটাকৈ সন্তান জন্ম দি থাকিলে মোৰ কি অৱস্থা হ’ব? ল’ৰা-ছোৱালীকেইটাৰ মাক হিচাপে মই ভালকৈ কিছুদিন জীয়াই থকা তুমি নিবিচাৰা জানো?

: মনে মনে থাকা। এতিয়া এইবোৰ কথা কিয় উলিয়াইছা? মই তোমাক কেতিয়াবা অভাৱত ৰাখিছোনে? তুমি যিটো কথা ক’ব খুজিছা সেইটো কেতিয়াও সম্ভৱ নহয়। মই মছজিদৰ এজন ধৰ্মীয় পৰিচালক। মোৰ পত্নীয়ে অপাৰেছন কৰা বুলি মানুহে গম পালে মই কাকো মুখ দেখুৱাব নোৱাৰোঁ।

উখনা-উখনি হয়তো আৰু দীঘলীয়া হ’লহেঁতেন কিন্তু সন্মুখৰ দুৱাৰত কোনোবাই টোকৰ মৰাত আমিনা লৰালৰিকৈ ভিতৰ সোমাল।

: আছচালাম আলেইকুম, মুতাৱালি চাহাব।

: ওৱা, আলেইকুম চালাম। আৰে, য়াকুব যে! কেতিয়া আহিলা? পিছে তাই বহুত সময়ৰপৰা অপেক্ষা কৰি আছে…! এতিয়া মই কিবা এটা সিদ্ধান্ত লওঁ নে নলওঁ?

“আপোনাৰ ওপৰতে সকলোবোৰ! আপোনাতকৈ তাই বেছি আইন জানেনে? নিজৰ সিদ্ধান্ত মতেই আপুনি চলক। বিচৰা বস্তুবিধ আপোনাক এতিয়াই দিব পাৰোঁ.. ..! – কথাখিনি য়াকুবৰ মুখৰপৰা সন্তৰ্পণে ওলাল। “অ’, বস্তুবিধৰ যোগাৰ হৈছে নেকি? হ’ব দিয়া, মোৰ ওপৰত সকলোবোৰ এৰি দিয়া।” –মুতাৱালি চাহাবে ক’লে।

: ৰ’ব, ৰ’ব আপুনি প্ৰথমে বস্তুবিধ অলপ সেৱন কৰি লওক। মই অ’টো এখন আনিছো। আপোনাৰ কামফেৰা শেষ হ’লে আপোনাৰ সৈতে কথা পাতিম।

: কি খাওঁ কি নাখাওঁ তাতেনো কি? এবাৰ মুতাৱালি পদ গ্ৰহণ কৰাৰ পাছত খোৱা-বোৱা, ঘৰ-সংসাৰ সকলোবোৰ পাহৰিব লাগে। কোনোবা যদি মাজনিশাও বিপদত পৰি আহে, তেওঁক মই সহায় কৰিব লাগিব। কথাটো হয়নে নহয় কোৱাচোন।

: ছিঃ, ছিঃ মোক ভুল নুবুজিব, আল্লাহপাকৰ বিধানমতে এগৰাকী নহয়, আমি চাৰিগৰাকী বিয়া কৰাব পাৰোঁ- সেইবুলি মহিলাসকলে নিজৰ মান-সন্মান বিসৰ্জন দি মছজিদলৈ আহিব লাগেনে? মই এবছৰ নহয় দহ বছৰ অপেক্ষা কৰিলো, তাই এটাও পুত্ৰ সন্তান দিব নোৱাৰিলে। আৰু তাইৰ মুখখন যেনেকৈহে চলে –তৌবা, তৌবা! কোনো ভদ্ৰঘৰৰৰ মহিলাই তেনেকৈ কথা নকয়। মই এইবোৰ কাৰণতে আৰু এগৰাকী বিয়া কৰাইছো। তাতে কিনো জগৰ লাগিল? মই বিয়া কৰাব নোৱাৰোঁ নেকি? মন গ’লে তাইক লগ ধৰিব নোৱাৰোঁ নেকি? এদিন অ’টো চলাই থাকোঁতে হাছিনাক দেখা পালোঁ। য’ত অটোখন থওঁ সেই ঠাইতে হাছিনাক এদিন নমাওতে তাইৰ হাতত টকা দহটা গুজি দিছিলো। আমিও মানুহ নহয় জানো? এগৰাকী মহিলা হৈ যদি তাই এইখিনি কথা মানি ল’ব নোৱাৰে .. ..

ওচৰৰ কোঠাটোৰপৰা আমিনাই পুৰুষ দুজনৰ কথা শুনি আছিল। অন্তৰৰ গভীৰতমৰপৰা তাই য়াকুব নামৰ লোকজনক অভিশাপ নিদি নোৱাৰিলে – “চোৱাচোন কেনে পাষণ্ড! ই নিজৰ লালসা চৰিতাৰ্থ কৰিবলৈ স্বয়ং আল্লাহকো তললৈ নমাব! কোৰান-হাদিছৰপৰাও উদ্ধৃতি দিবলৈ আহে! কিন্তু তাক যদি সেই দৰিদ্ৰ মহিলাগৰাকীৰ বাবে ভাত এমুঠি যোগাৰ কৰিবলৈ কোৱা হয় সেই দায়িত্বৰপৰা সি ভিৰাই লৰ মাৰিব। হায় খোদা! তুমি কেতিয়া এই মানুহবোৰক সুমতি দিবা?” মুখেৰে ভোৰভোৰাই আমিনা ঘৰৰ ভিতৰ সোমাল। মুতাৱালি চাহাবে নিজৰ কোটটোত বুটাম মাৰি থাকোঁতে য়াকুবক ক’লে – “ঠিক আছে, এইবোৰ কথা বাদ দিয়া এতিয়া। এবাৰ আৰম্ভ কৰিলে তোমাৰ কথাই শেষ নহয়..!” দুয়োজন সাজু হৈ ঘৰ এৰাৰ পূৰ্বে য়াকুবে ক’লে – “ব’লক, আমি প্ৰিঞ্চেছ হোটেললৈ যাওঁ। তাৰ বিশেষ কোঠাত বহিলে কোনেও আমাক মনে মনে চাই থাকিব নোৱাৰে।” “ব’লা, কোনো ভাল আৰু নিৰাপদ ঠাইলৈকে যাওঁ যাতে কোনেও গম নাপায়। অপ্ৰয়োজনীয় সমস্যাবোৰৰপৰা আঁতৰি থাকিব খোজোঁ – কাকো কোনো প্ৰশ্নৰ উত্তৰ যাতে দিব নালাগে। তুমি মানুহৰ খুঁচৰি ফুৰা স্বভাৱৰ কথা জানাই দেখোন! অস্, বাহিৰত বৰষুণ আৰু যথেষ্ট ঠাণ্ডা পৰিছে। হেৰা আমিনা, মই বাহিৰলৈ যাওঁ, উভতি আহোঁতে অলপ পলম হ’ব। দুৱাৰখন ভিতৰৰপৰা মাৰি থ’বা” – মুতাৱালি চাহাবে ক’লে। উত্তৰত পানীৰ পাত্ৰ ৰখাৰ দৰে থপকৈ এটা শব্দ হ’ল।

আমিনাই খঙতে চিঞৰি চিঞৰি কৈ গ’ল – “ইস্, নিজকে মুতাৱালি ক’ব আহিছে! কিন্তু মুতাৱালিজনৰ প্ৰকৃত স্বৰূপটো মইহে জানো! মুতাৱালি হোৱাৰ পাছত তেওঁ কেতিয়াবা দিনে পাঁচবাৰ নামাজ পঢ়িছেনে, চিনেমা চোৱা বন্ধ কৰিছেনে? চয়তানৰ সেই মুতবোৰ খোৱা বন্ধ কৰিছে জানো? জহন্নামে যাওক তেওঁৰ মুতাৱালিগিৰি!” মানুহদুজনে তেওঁৰ তৰ্জন-গৰ্জনলৈ অলপো কাণ নিদিলে। অলপ পাছতে য়াকুবৰ অট’ৰিক্সাৰ বিকট শব্দ শুনা গ’ল আৰু মুতাৱালিক লৈ চহৰৰ এটা প্ৰান্তলৈ ঢাপলি মেলিলে। আছৰাফ এগৰাকী অভাগা নাৰী। এই ঠাণ্ডা বতৰত মছজিদৰ এটা নিৰ্জন চুকত বহি থাকিবলগীয়া হৈছে। “বেচেৰী, তাইৰ দোষ কি? এজনীৰ পাছত এজনীকৈ তিনিজনী ছোৱালী জন্ম দিয়াই কি তাইৰ দোষ? আমি যেনেকৈ বিচাৰো সেইদৰেই ৰুটি বনোৱাৰ দৰে কথা বুলি ভাবিছে নেকি? থুই!” – আমিনাৰ মনটো তিক্ততাৰে ভৰি পৰিল। তাই পোনচাটেই পিছফালে চোতালৰ সীমাত থকা মছজিদৰ ওখ দেৱালখনৰ কাষ পালেগৈ। দেৱালৰ গাত কিছুমান ডাঙৰ শিল হেলনীয়াকৈ পেলাই থোৱা আছিল যাতে সেইবোৰৰ ওপৰত উঠি মছজিদত চলি থকা আলাপ-আলোচনাবোৰ শুনাৰ লগতে ভিতৰৰপৰা পানীৰ কলহবোৰ নি দেৱালৰ ওপৰেৰে পাৰ কৰিব পাৰি। আমিনাই শাড়ীৰ আঁচলেৰে মূৰটো আৰু মুখখন অলপ ঢাকি মছজিদৰ অন্দৰমহললৈ চাই পঠিয়ালে। ইশাৰ নামাজ শেষ হোৱাত মানুহবোৰ বিশাল চৌহদটোৰপৰা ওলাই আহিছিল। আমিনাই দেৱালৰ ওপৰেৰে হাওলি অলপ ইফালে-সিফালে চাই আছৰাফক দেখা পালে। মছজিদৰ উত্তৰদিশে নিৰ্মাণ কৰা হলৰূমটোৰ সন্মুখতে বহি তাই ঠাণ্ডাত কঁপি আছিল। আঁচলেৰে মূৰটো ঢাকি পিন্ধি থকা ফটা শাৰীখনেৰে কেঁচুৱাটো তাই কোনোমতে ঢাকি লৈছিল। হাছিনা সেই ঠাণ্ডা মজিয়াত ভৰি দুখন কোঁচাই মাকৰ কাষতে বহি আছে। তিনিবছৰীয়া হাবিবাৰ আধা শৰীৰ ঠাণ্ডা মজিয়াত আৰু আধা মাকৰ কোলাত। তায়ো গাটো গৰম কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছে।

নামাজ পঢ়িবলৈ অহা মানুহবোৰে আছৰাফৰফালে কিছু প্ৰশ্নবোধক চাৱনিৰে চাইছে আৰু এজন এজনকৈ বাহিৰলৈ ওলাই গৈছে। আছৰাফ কিন্তু অলৰ-অচৰ। দুদিন ধৰি জিৰজিৰকৈ দি থকা বৰষুণজাকে তাইৰ মনত জ্বলি থকা বেদনাৰ জুই নুমাব পৰা নাই। হাড় কঁপাই যোৱা শীতেও তাইৰ অদম্য শক্তি শেষ কৰিব পৰা নাই। আনকি ক্ষুধাৰ হিংস্ৰ নখে তাইৰ নাড়ি-ভুৰু ক্ষত-বিক্ষত কৰিলেও তাইক দুৰ্বল কৰিব পৰা নাই। আল্লাহৰ ঘৰলৈ আহি তাই আজি সম্পূৰ্ণভাৱে নিজকে নিবেদন কৰিছে – নিজৰ বাবে নহয় সন্তানকেইটাৰ বাবে ন্যায় বিচাৰি। তাই আজি অকলে আহি থিয় হৈছে এটা প্ৰশ্ন কৰিবলৈ। যি দোষ তাই কেতিয়াও কৰা নাই তাৰ বাবে তাই কিয় শাস্তি পাব? কিন্তু আল্লাহৰ ঘৰৰ দুৱাৰ তাইৰ বাবে খোলা নাই। তাইক আগুৰি বহি থকা শিশুকেইটাৰ মলিন মুখে তাইক আজি সাহসী কৰি তুলিছে। তাইৰ কথা যেতিয়া কোনেও নুশুনিলে তাই ঘটনা এটা ঘটাবলৈ মনস্থ কৰিলে।

কোলাত শুই থকা কেঁচুৱাটো লৰচৰ কৰি উঠাত আছৰাফে তাইৰ ভৰি দুখন অলপ মেলিবলৈ সুবিধা কৰি দিলে। শাড়ীৰ আচলখন আঁতৰাই কেঁচুৱাটোৰ মুখখনলৈ এবাৰ চালে – জ্বৰ-বেমাৰত ভুগি বেচেৰীৰ মুখখন শেঁতা পৰি গৈছে। নিশাৰ ক্ষীণ পোহৰত তাইক আৰু অসুস্থ যেন লাগিছে। শ্বাস-প্ৰশ্বাসৰ সময়ত কামিহাড় জিলিকি উঠা, ফেচকুৰিৰে বন্ধ চকু আৰু জ্বৰে পুৰি নিয়া শৰীৰটোৰ কেঁচুৱাজনীলৈ আছৰাফ অসহায় হৈ চাই ৰ’ল। মুন্নি তাইৰে সন্তান অথচ তাইৰ জন্মৰ পাছৰেপৰা আছৰাফৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে। প্ৰথম দুজনী কন্যা সন্তান জন্ম হোৱাৰ পাছত আছৰাফ হতাশ হৈ পৰিলেও সি ঘৰ এৰি যোৱা নাছিল। য়াকুবে গোটেই দিন কাম কৰি যিখিনি উপাৰ্জন কৰি আনিছিল তাৰে কিছু সঞ্চয় কৰিছিল। সেই টকাৰে অলপ সোণৰ গহনা কিনিছিল আৰু দুই আঙুলি মোটা ৰূপৰ নূপুৰ বনাই দিছিল। সেইবোৰ পিন্ধি আৰু ৰুণজুন শব্দ কৰি তাই ইফালে-সিফালে ঘূৰিও ফুৰিছিল। তৃতীয় সন্তানো যেতিয়া ছোৱালী হ’ল বুলি গম পালে য়াকুব অকস্মাতে অন্তৰ্ধান হ’ল। হাস্পতালৰফালে সি এবাৰো মুখ নকৰিলে আৰু নিজৰ ঘৰলৈকো উভতি নগৈ মাকৰ সৈতে থাকিবলৈ ল’লে। আছৰাফৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল। তাই নিজৰ স্বামীক ঘৰলৈ উভোতাই আনিবলৈ যথাসম্ভৱ চেষ্টা কৰে। কেঁচুৱাজনীক কোলাত লৈ তাই বজাৰলৈ যায় আৰু অট’ৰিক্সা ষ্টেণ্ডত য়াকুবৰ ভৰিত বাগৰি কন্দা-কটা কৰে, তাইৰ প্ৰতি ৰহম কৰিবলৈ কাকূতি-মিনতি জনায়। ‘আল্লাহে তোমাক তোমাৰ পাপৰ শাস্তি দিয়ক’-বুলি ভয় খুৱায়ো চালে কিন্তু সকলোবোৰ ফুটুকাৰ ফেন হ’ল।

অজস্ৰ কাকূতি-মিনতিয়েও য়াকুবৰ অন্তৰ গলাব নোৱাৰাত জুলেখা বেগমৰ ঘৰত আছৰাফে কাম এটা ল’লে। ঘৰৰ কাম-কাজ কৰিবলৈ তাই বেয়া নাপায় কিন্তু কাম থাকক বা নাথাকক তাই তাত পুৱাৰপৰা ৰাতিলৈকে থাকিব লাগে। জুলেখা বেগমৰ স্বামী অফিচৰ চাকৰিয়াল আৰু তেওঁলোকৰ দুই সন্তান কলেজত পঢ়ি আছে। জুলেখা বেগমে গোটেই দিন নানা ধৰণৰ কিতাপ-আলোচনী পঢ়ি সময় কটায়। এদিন কিতাপ পঢ়ি থকাৰ মাজতে তেওঁ আছৰাফক সুধিলে – “তোমাৰ স্বামীয়ে কি কাম কৰে?”

: বাইদেউ, তেওঁ অট’ৰিক্সা চলায়।

: সংসাৰ চলাবলৈ তেনেহ’লে ভালকৈয়ে আয় কৰে, নহয় জানো?

: ও, যথেষ্ট – উদাসীনভাৱে আছৰাফে উত্তৰ দিয়ে।

আছৰাফে সেই সময়ত হাছিনাৰ তত্ত্বাৱধানত এৰি থৈ অহা কেঁচুৱা মুন্নিৰ কথা ভাবিছিল আৰু বুকুৰ গাখীৰেৰে তাইৰ ব্লাউজৰ সন্মুখৰ অংশ ভিজি গৈছিল। কেঁচুৱাটোৰ নিশ্চয় ভোক লাগিছে। সেই কথা ভাবি তাইৰ চকু দুটা চলচলীয়া হৈ পৰে।

: তেনেহ’লে তুমি এই ঘৰত কিয় কাম কৰিবলৈ আহিছা?

আছৰাফৰ কাহিনী শুনি জুলেখা হতবাক হ’ল। আজিৰ দিনত, আজিৰ যুগতো য়াকুবৰ দৰে লোক থকা বুলি শুনি তেওঁ অবাক হয়।

: আছৰাফ, তুমি জানানে যি ঘৰত কন্যাসন্তান জন্ম হয়, নবীজিয়ে সেই ঘৰক সন্মান কৰে, চালাম জনায়।

: বাইদেউ, আপোনাৰ কথা থওক। আমাৰ দৰে দুখীয়াৰ ঘৰক নবীজিয়ে চালাম কৰিব জানো?

: তুমি একোৱেই নাজানা। নবীজিৰ কেৱল কন্যাসন্তান আছিল। হওঁতে এটা পুত্ৰ সন্তানো আছিল কিন্তু সৰুতেই ঢুকাইছিল। জানানে তেওঁ কন্যাকেইগৰাকীক কিমান চেনেহ কৰিছিল? এই বিষয়ে কেতিয়াবা কিবা পঢ়িছা জানো? বিবি ফাতিমা আছিল তেওঁৰ কলিজাৰ টুকুৰা। পিতৃ-কন্যাৰ মাজত থকা সম্পৰ্কৰ তেওঁলোক জীৱন্ত দৃষ্টান্ত।

আছৰাফে এটাও কথা বুজি নাপালে। তাই সকলো সময়তে কেৱল মুন্নিৰ কথাকে ভাবি আছিল। জুলেখা বেগমে অৱশেষত ক’লে – “তোমাৰ সৈতে চৰম অন্যায় হৈছে। মছজিদ কমিটিক গোচৰ নিদিয়া কিয়?” “এৰা,” আছৰাফ জাঁপ মাৰি উঠিল, “এই কথা মই আগতে নাভাবিলো কিয়, বাইদেউ! অনুগ্ৰহ কৰি মোক দৰখাস্ত এখন লেখি দিয়ক।” দৰখাস্তখন হাতত লৈ আছৰাফ চাৰি-পাঁচবাৰ মুতাৱালি চাহাবৰ ঘৰলৈ গ’ল যদিও লগ ধৰিব নোৱাৰিলে। এদিন প্ৰায় দৌৰি গৈ তাই মুতাৱালি চাহাবৰ হাতত দৰখাস্তখন গুজি দিলে। সেই সময়ত মুতাৱালি চাহাব বাহিৰলৈ যাবলৈ ওলাইছিল। অন্যমনস্কভাৱে তেওঁ দৰখাস্তখন কোটৰ পকেটত থৈ ঘৰৰপৰা ওলাল। পোন্ধৰ দিনৰ পাছতো মুতাৱালি চাহাবে তাইৰ কামটো আগ নবঢ়োৱাত আছৰাফ আকৌ তেওঁৰ ঘৰলৈ গ’ল। যথাৰীতি তেওঁ ঘৰত নাছিল। তাই তাতে বহি অপেক্ষা কৰি থাকোঁতে আমিনাই প্ৰশ্ন কৰিলে –“মানুহে কয় যিসকলে জন্ম নিয়ন্ত্ৰণৰ বাবে অপাৰেছন কৰে তেওঁলোকে জন্নতত প্ৰৱেশ কৰিব নোৱাৰে। আছৰাফ, কথাটো সঁচানে?

: সেইবোৰ কথা মই নাজানিম, আম্মা। জুলেখা বাইদেউক সুধিব লাগিব। তেওঁ সকলো সময়তে ডাঙৰ কিতাপবোৰ পঢ়ি থাকে।

আমিনা এইবাৰ খুব কাষলৈ আহি গোপন কথা এটা কোৱাৰ দৰে আছৰাফৰ কাণত ফুচফুচাই ক’লে –“যদি তেওঁ এই বিষয়ে জানে কথাবোৰ খৰচি মাৰি সুধি আহিবা আৰু কাইলৈ মোক ক’বা।”

: হ’ব বাৰু আম্মা। বাইদেৱে যে কিমান কথা জানে! আৰু মই! মই এজনী জধামূৰ্খ! সেইবোৰ কথা কি বুজিম?

আছৰাফৰ কথা শেষ নহওঁতেই মুতাৱালি চাহাব আহি ঘৰ সোমাল। চকুৱে-মুখে তেওঁৰ গম্ভীৰ ভাব। “তোমাৰ দৰখাস্তখন ক’ৰবাত হেৰাল। ইচ্ছা কৰিলে তুমি আৰু এখন দৰখাস্ত লিখাই আনিব পাৰা”-কথাষাৰ কৈয়েই তেওঁ ভিতৰত সোমাল।

হাজাৰ সমস্যাত ভুগিলেও আছৰাফে মুন্নিক ভালকৈ খুৱাবলৈ যত্ন কৰে। কিন্তু তাইৰ ওজন কমিবলৈ আৰম্ভ কৰিছে। হাত-ভৰিবোৰ শুকাই যোৱাৰ লগতে তাই দুৰ্বল হৈ পৰিছে। পেটৰ অসুখটোৱেও লগ নেৰা হ’ল। সকলো সময়তে চৰ্দি-পানী লাগি থাকে। সকলো সময়তে তাইৰ ইমান ভোক যেন জগতৰ সকলোবোৰ বস্তু খাই পেলাব। দিনে-নিশাই কান্দি থকা আমনিটো আছেই। আছৰাফ অৱশ্যে কেতিয়াও বিৰক্ত নহয় আৰু মুন্নিক বোজা বুলি নাভাৱে। বাকী দুজনী ছোৱালীতকৈ তাই মুন্নিক বেছি মৰম কৰে আৰু ভালকৈ খাবলৈয়ো দিয়ে। মুন্নিৰ বাবে এতিয়া আটাইতকৈ আৱশ্যকীয় হ’ল ঔষধ কিন্তু তাকে কিনিবলৈ পইচা পায় ক’ত? ঔষধ, টেবলেট, ইঞ্জেকছন, ডাক্তৰৰ ফিজ সদায় যোগাৰ কৰা ধেমালি কথা নহয়। এবাৰ কিছু টেবলেট যোগাৰ কৰি মুন্নিক খুওৱা হৈছিল, কিন্তু একো লাভ নহ’ল। তাইৰ অৱস্থা আৰু বেয়ালৈহে ঢাল খালে।

জুলেখা বেগমৰ হতুৱাই আৰু এখন দৰখাস্ত লিখাই মুতাৱালি চাহাবৰ ঘৰৰ সন্মুখত চাৰি-পাঁচদিনমান আছৰাফে ধৰ্ণা দিলে। সেইকেইদিনতে তাই অহুকাণে-পহুকাণে যিবোৰ গুজৱ শুনিলে তাকে শুনি তাইৰ অন্তৰত জ্বলি থকা জুইকুৰাত ঘিঁউহে পৰিল। মানুহে কোৱা-কুই কৰিছিল য়াকুব এই চহৰত নাই। অন্য ক’ৰবালৈ গুচি গৈছে। আছৰাফ দুখত মৃয়মাণ হ’ল। তাইৰ কোলাত মুন্নি দিনে দিনে সংকুচিত হৈ অহাৰ লগে লগে তাই যেন বেছিকৈ আছৰাফৰ হৃদয়ৰ কাষ চাপিছিল। কিন্তু মাতৃস্নেহেই সকলো নহয়। মুন্নিক এতিয়া চিকিৎসা আৰু সেৱাৰ আৱশ্যক। ছমাহৰ ভিতৰতে মুন্নি অস্থি-চৰ্মসাৰত পৰিণত হ’ল। ঠিক সেই সময়তে শেষ আশ্ৰয় হিচাপে আছৰাফে শুনা পালে যে য়াকুব উভতি আহিছে। তাই অট’ষ্টেণ্ডলৈ ঢাপলি মেলিলে কিন্তু তাইক দেখা মাত্ৰকে য়াকুব অদৃশ্য হ’ল। পিছৰবাৰ আছৰাফে এটা বুদ্ধি পাঙিলে। মনে মনে পিছফালৰপৰা গৈ ছোৱালীকেইজনীৰ সৈতে তাই য়াকুবৰ অট’খনত বহি ল’লে। এটাও কথা উচ্চাৰণ নকৰি য়াকুবে অট’খন নি তাইৰ সৰু পঁজাটোৰ সন্মুখত ৰখালে আৰু চিঞৰি ক’লে – “তই সকলো সময়তে ছোৱালীকেইজনীৰ সৈন্যবাহিনী এটা লৈ কুকুৰ এজনীৰ দৰে ঘূৰি ফুৰ। অলপ হ’লেও ভদ্ৰতা দেখুৱাব নোৱাৰনে?” কথাখিনি কৈয়েই সি ঘৃণাত থু এসোপা পেলালে আৰু সকলোকে অট’খনৰপৰা নামিবলৈ নিৰ্দেশ দিলে। হতবিহ্বল হৈ আছৰাফ অট’ৰপৰা নামোতেই য়াকুব ভোঁভোঁকৈ গাড়ী চলাই তাৰপৰা আঁতৰিল। তাই চকুলো টুকি ছোৱালীকেইজনীক সাৱটি ধৰে।

কোনো উপায় নেদেখি আছৰাফে এখনৰ পাছত এখন দৰখাস্ত মছজিদ কমিটি আৰু মুতাৱালিৰ ওচৰত পেছ কৰি গ’ল। তাই অশেষ কাকূতি-মিনতিৰে জনালে যে কমিটিয়ে যেন য়াকুবক অন্ততঃ কেঁচুৱাটিৰ চিকিৎসাৰ খৰচখিনি দিবলৈ কয়। বিনিময়ত তাই সদায় একেটা উত্তৰকে লাভ কৰে – “পিছত আহিবা, অন্য এদিন আহা, এতিয়া যোৱা।” এই সকলোবোৰৰ মাজতে এদিন খবৰ এটা শুনা গ’ল – “য়াকুবে আকৌ বিয়া কৰাব ওলাইছে। তাক এটা পুত্ৰ সন্তান লাগে যি তাৰ অবৰ্তমানত অট’ৰিক্সা চলাব।” আছৰাফে চাৰিওফালে অন্ধকাৰ দেখিলে। গোটেই নিশা কান্দি-কাটি ৰাতিপুৱাই তাই গৈ মুতাৱালিৰ দুৱাৰৰ মুখ পালেগৈ। মুতাৱালি চাহাব প্ৰায় নমান বজাত ঘৰৰপৰা ওলাবলৈ গৈ তাইক দেখা পায় আৰু চকুৱে-মুখে বিৰক্তি প্ৰকাশ কৰি তাইৰ সমস্যাৰ কথা সোধে। আছৰাফে বিস্তাৰিতভাৱে তাইৰ অভিযোগ পেছ কৰে। মুতাৱালিয়ে কাহ এটা মাৰি জোৰে থু থু কৰিলে। “হেৰা, এতিয়া সি কিনো নকৰিবলগীয়া কামটো কৰিলে? সি আকৌ এবাৰ বিয়া কৰাবলৈহে ওলাইছে, কাৰো সৈতে গোপনে পলাই যোৱা নাই নহয়। বিয়া কৰিব খুজিছে যদি কৰাব দিয়া। তুমি জানানে শ্বৰীয়ত আইনমতে তোমাৰ স্বামীয়ে চাৰিবাৰ বিয়া কৰাব পাৰে? তুমি এই কথাত হিংসা কৰিছা কিয়? তোমাৰ দৰে মহিলাবোৰেহে এই কাম কৰিব পাৰে।” আমিনাৰফালে এবাৰ চাই ক’লে – “ইহঁতে কেৱল হিংসাহে কৰিব জানে।” আমিনাই সেই সময়ত তাইৰ কেঁচুৱাটোক গাখীৰ খুৱাই আছিল কিন্তু তাই নাভাবি নোৱাৰিলে – “জহন্নামে যাওক এইবোৰ পুৰুষ!” তাইৰ বুকুতো এপাত শেলে খুন্দা মাৰে – বোধকৰো বেছিদিন নাই যিদিনা তায়ো ল’ৰা-ছোৱালীৰ সৈতে আছৰাফৰ দৰে পথত ভিক্ষা কৰিব লাগিব।

এটা দুৰ্বল মাতেৰে আছৰাফে ক’লে – “এবাৰ কিয় সি হাজাৰবাৰ বিয়া কৰাওক, মই কেতিয়াও হিংসা নকৰোঁ। সি সুখী হৈ থকাই মোৰ বাবে যথেষ্ট। মই তাক বিৰক্ত নকৰোঁ। কিন্তু মুতাৱালি চাহাব, চাওক, এই কেঁচুৱাটি মৰিবলৈ ওলাইছে। অন্ততঃ কেঁচুৱাৰ ঔষধ.. ..! মুতাৱালি চাহাবে কথাৰ মাজতে তাইক ধমক দি কলে –“চোৱা, মূৰ্খৰ দৰে কথা নক’বা। জীৱন, মৃত্যু সকলোবোৰ আল্লাহৰ হাতত। আল্লাহে ইচ্ছা কৰিলে পাহাৰ ভাঙি মূৰত পৰিলেও মানুহ নমৰিব পাৰে। ঠিক সেইদৰে আল্লাহে যাক বচাব খোজে তেওঁ বাচিব আৰু নিবিচাৰিলে মৰিব। ইয়াৰ বাবে তুমি য়াকুবক আমনি কৰিছা কিয়?” মুতাৱালিৰ এনে ধৰণৰ প্ৰশ্নৰ সন্মুখত আছৰাফ মৌন হৈ পৰে। “সঁচাকৈয়েতো কৈছে! যিবোৰ ঘটে বা ঘটিব সেই সকলোবোৰ আল্লাহৰ ইচ্ছামতেই হ’ব” – তাই নিজকে নিজে শান্ত্বনা দিয়ে। কিন্তু কোলাৰ শিশুটিৰ ডায়েৰিয়া যে ভালেই নহয়। কেঁচুৱাটিৰফালে চালে সকলোবোৰ বোজা নীৰৱে আল্লাহৰ ওপৰত তাই জাপি দিব নোৱাৰে। তাই আৰু কাক সুধিব? য়াকুবে দ্বিতীয় বিবাহ কৰাই নতুন ঘৈণীয়েকৰ গাঁৱলৈ গুচি যায়।

পিছৰ বাৰ মানুহে যেতিয়া য়াকুবক অট’ৰিক্সা ষ্টেণ্ডত দেখা পায় সি ধুনীয়াকৈ সাজ-পাৰ কৰি আহিছিল। তাৰ নখত আছিল জেতুকা, বাঁওহাতত চকচকীয়া ঘড়ী আৰু ভৰিত নতুন জোতা। চুলিৰ ষ্টাইলো আছিল নতুন। মুঠতে তাক চিনি পোৱাই টান হৈ পৰিছিল। নিজৰ ভাবনাতে সি আছিল মগ্ন। আছৰাফৰ হাতত দহটকীয়া নোট এখন এনেকৈ গুজি দিছিল যেন তাই এজনী ভিক্ষাৰী। তাৰ পাছতে সি অদৃশ্য হৈ পৰিছিল। এইবোৰ নিজচকুৰে দেখি আছৰাফ দুখত ভাঙি পৰে কিন্তু মুন্নিৰ জীৱন-মৰণৰ প্ৰশ্নই তাইক কঠিন কৰি ৰাখে। জুলেখাই কিতাপ পঢ়ি থকাৰ মাজতে মূৰ দাঙি চায়। তেওঁ কয় – “চোৱা, পুৰুষে চাৰিবাৰ বিয়া কৰোৱাৰ বিশেষ কাৰণ থাকে। যদি কোনো যুদ্ধ আৰম্ভ হয় আৰু সেই যুদ্ধত বহুতো পুৰুষ মৰে; স্ত্ৰী যদি দীৰ্ঘদিন ধৰি কোনো দুৰাৰোগ্য বেমাৰত ভোগে; যদি স্ত্ৰীয়ে কোনো সন্তান জন্ম নিদিয়ে, তেনেহ’লে স্বামীয়ে আকৌ বিয়া কৰিব পাৰে। আকৌ কোনোবা যদি এগৰাকী স্ত্ৰীতে সন্তুষ্ট নহয়…” কথাবোৰ কৈ যাওঁতে তেওঁ বাক্যটো শেষ কৰিবলৈ নাপালে। আছৰাফ খঙত ফাটি পৰিল। “মই ইয়াৰ কোনোটোতে নপৰোঁ। মোৰ কি ল’ৰা-ছোৱালী নাই? মোক যে তেওঁ এৰি থৈ গ’ল, সেয়া তেওঁৰ অন্যায় হোৱা নাই নে?” “মোক আৰু আমাৰ সন্তানকেইটাক দুৰ্দশাগ্ৰস্ত কৰি তেওঁ কোনো অন্যায় কৰা নাই নে?” “চোৱা, শ্বৰীয়ত অনুযায়ী তেওঁ যদি দ্বিতীয় বিবাহো কৰে দুয়োগৰাকী স্ত্ৰীৰ মাজত তেওঁ কোনো পাৰ্থক্য ৰাখিব নোৱাৰে। দুয়োকে সমানে চাব লাগিব।

: তাৰ মানে..কেনেকৈ, বাইদেউ?

: তাৰ মানে কথাটো এনেকুৱা – তেওঁ যদি তোমাৰ বাবে এটা ঘৰ বনাই দিয়ে সিগৰাকীকো তেনে এটা ঘৰ বনাই দিব, যদি তোমাক এখন শাড়ী কিনি দিয়ে সিগৰাকীকো এখন দিব। তেওঁ তোমাৰ সৈতে এৰাতি কটালে আনগৰাকীৰ সৈতেও এৰাতি কটাব।

আছৰাফৰ চকু দুটা চলচলীয়া হ’ল। “বাইদেউ মোক সেইবোৰ একো নালাগে। তেওঁ যদি আমাৰ শিশুটিক বচাবলৈ কিছু পইচা খৰচ কৰে, মই একো নিবিচাৰো। কিন্তু এতিয়ালৈকে তেওঁ যি কৰি আছে সেয়া ভুল নহয়নে?”

: নিশ্চয়, এশ শতাংশই ভুল।

: কিন্তু মুতাৱালি চাহাবে সেই কথা নকয় কিয়?

: চোৱা, ডাঙৰ সমস্যা তাতেই। প্ৰথম কথা হ’ল মুতাৱালিয়ে আমাৰ-ধৰ্মৰ বহুতো নিয়ম নাজানে। দ্বিতীয়তে, সেই নিয়ম-কানুন বাস্তৱায়িত কৰাৰ ক্ষমতা তেওঁলোকৰ নাই। তৃতীয়তে, কোনেও তেওঁলোকৰ কথা নুশুনে। তদুপৰি যিবোৰ নিয়ম-কানুন বলবৎ কৰিলে তেওঁলোকৰ লাভ হয় সেইবোৰহে তেওঁলোকে লয়। তোমাৰ বা মুন্নিৰ দৰে দুখীয়া মানুহবোৰৰ স্থান শ্বৰীয়ত আইনত নাই।

: বাইদেউ, ইয়াৰ কোনো প্ৰতিকাৰ নাই নেকি?

: আছে, নাথাকিব কিয়? মহিলাসকলৰ অধিকাৰৰ কথা পতিসকলে নাপাতে। তেওঁলোকে মহিলাক কেৱল দমন কৰিব খোজে। গোটেই পৃথিৱীখনেই এখন ৰংগমঞ্চ আৰু সকলোৱে কয় যে নাৰী আৰু শিশু ছোৱালীসকলৰ বাবে কিবা এটা কৰিব লাগে। কিন্তু এই লোকসকলে কোৰান-হাদিছ নামানে। তেওঁলোকে যদি এই গ্ৰন্থসমূহ অনুসৰণো কৰিলেহেঁতেন! এওঁলোকে ছোৱালীক কেৱল মাদ্ৰাছালৈ কিয়-স্কুল, কলেজলৈকো পঠাওক। এই পাষণ্ডবোৰে কইনাৰ মহৰ কেতিয়াও নিদিয়ে আনহাতে যৌতুকৰ উচ্ছিষ্টাংশও চেলেকি খায়। ছোৱালীৰ মাক-বাপেকৰপৰা সম্পত্তিৰ অংশ বিচাৰে। নাৰী-পুৰুষৰ মাজত মনোমালিন্য ঘটিলে মহিলাক তালাক দিয়াৰ অধিকাৰ দিয়া হওক। যদি কোনো ছোৱালী বা মহিলাৰ তালাক হয় তেওঁক বিয়া কৰাবলৈ পুৰুয আগবাঢ়ি আহক। মহিলাই জীৱন-সংগী বিচাৰি লোৱাৰ সুযোগ পাওক।

: এইবোৰ কি কথা কৈছে, বাইদেউ!

আছৰাফৰ জ্ঞান হেৰোৱাৰ উপক্ৰম হ’ল। “মই যিবোৰ কথা কৈছোঁ সকলো সঁচা, আছৰাফ। ইছলামত নাৰীৰ এই সকলোবোৰ অধিকাৰ আছে। এজনী ছোৱালী স্কুললৈ যাব পাৰে, দোকানলৈ যাব পাৰে আনকি চাকৰিলৈকো যাব পাৰে। বাহিৰত কাম কৰিব পাৰে। কিন্তু এইবোৰৰ সৈতে কথা এটা আছে আৰু সেইটো হ’ল নিজৰ শৰীৰ আৰু সৌন্দৰ্য প্ৰদৰ্শন কৰিব নোৱাৰে..!” জুলেখা বেগমে আৱেগেৰে বক্তৃতা দিব ধৰিলে। হতাশাত আছৰাফ মূৰ তল কৰি ৰ’ল। তাই এইবোৰৰ কোনোটোৱেই নিবিচাৰে। “মুন্নিৰ কথা মই আৰু কি ক’ম?”

: কি কথা সুধিবা? তোমাৰ ভাত, কাপোৰ, ল’ৰা-ছোৱালীৰ খৰচ, নিজৰ বাৰে এটা ঘৰ, এদিন বাদে এদিন স্বামীৰ সৈতে ৰাত্ৰিযাপন – এইবোৰেইতো? তোমাক এই সকলোবোৰ তেওঁ দিব লাগিব। যদি নিদিয়ে, সকলোৰে সন্মুখত তেওঁৰ ছাৰ্টৰ কলাৰত ধৰি বিচাৰিব লাগিব। ভৰিৰ চেণ্ডেলেৰে মুতাৱালিৰ গালত চৰ মাৰি নিজৰ প্ৰাপ্য বিচাৰিব লাগিব। ভিক্ষা নিবিচাৰিবা, দাবী কৰিবা। মছজিদত দৰখাস্ত কৰা, পঞ্চায়ত আহ্বান কৰা আৰু তাৰ পাছত মোক খবৰ দিবা। মই তেতিয়া তোমাৰ স্বামী আৰু সেই মুতাৱালিক শ্বৰীয়ত আৰু ন্যায়বিচাৰ কি শিকাব পাৰিম। এগৰাকী অসহায়া নাৰীৰ আগত নিজৰ ইচ্ছা অনুযায়ী কোৰান-হাদিছৰ ব্যাখ্যা ন্যায় বিচাৰ নহয়।

আছৰাফ শংকিত হৈ উঠিল। তাইৰ হাত-ভৰি চেঁচা পৰি আহে। অকল তাইৰ নিজৰ পেটৰ কথা হ’লে চিন্তা নাছিল। “আল্লাহে এখন মুখ দিছে যেতিয়া আহাৰো দিব। এইবোৰ কথা একো নাভাবি মনে মনে থাকিলোহেঁতেন। কিন্তু মোৰ মুন্নিৰ কি যে হ’ব..!” আছৰাফ ন্যায়বিচাৰ আদায় কৰিবলৈ সংকল্পবদ্ধ হৈ উঠে – এইবাৰ অনুনয়-বিনয় নহয়। তাইৰ কোলাত মুন্নি অলপ লৰ-চৰ কৰি উঠিল। তাইৰ শ্বাস-প্ৰশ্বাস বৰ দুৰ্বল হৈ পৰিছে, কপালত বিন্দু বিন্দু ঘাম আৰু ডিঙিটোও ঘামত তিতি গৈছে। আছৰাফে শাড়ীৰ আঁচলেৰে মুন্নিৰ ডিঙি আৰু কাষলতি মচি দিয়ে। এই পৰিস্থিতিতো তাই অলপ স্বস্তি লাভ কৰে যে মুন্নিৰ জ্বৰ কমিছে। অলপ আগতে হাছিনাই ভোক লাগিছে বুলি কান্দিছিল। আন্ধাৰতে আছৰাফে তাইক খেপিয়াই চায়। ঠাণ্ডা মজিয়াত হাছিনা শুই থকা তাইৰ পছন্দ নহয়। টোপনিতে এবাৰ আঠুকাঢ়ি উঠি হাছিনাই মজিয়া ঢকা মেট এখনেৰে তাইৰ গাটো আধা ঢাকি লয়। তাইৰ কাষতে হাবিবাও বেঁকা হৈ শুই পৰে।

অকল মুন্নিৰ শৰীৰতহে গৰম কাপোৰ আছিল কিন্তু বাকী দুজনীৰ গাত দিব পৰাকৈ কোনো কাপোৰ নাছিল। এই কথাটোকে ভাবি আছৰাফৰ হিয়া মোছৰ খায়। তাই দীঘলকৈ এটা উশাহ লৈ আল্লাহৰ নাম ল’লে কিন্তু তেওঁৰপৰা কোনো উত্তৰ নাপালে। ভোক লাগিলেও পেটটো ইমান সময় তাইৰ মনে মনে আছিল এতিয়া যেন লাহে লাহে ঠাণ্ডা হৈ আহিছে, পেটত এটা বৰফৰ বল ঘূৰিবলৈ ধৰিলে। শৰীৰৰ তেজ ঠাণ্ডা হৈ আহিল আৰু ধমনীবোৰে কম্পন-শক্তি হেৰুৱালে। কোনোবাই যে তাইৰ নাম লৈ মাতি আছিল তাই ধৰিবই পৰা নাছিল। অৱশেষত দূৰৈৰপৰা অহা আমিনাৰ মাত শুনা পালে। মছজিদৰ সীমাত থকা দেৱালখনৰ সিটো পাৰে আমিনাই হাতত থাল এখন লৈ ৰৈ আছিল। তাই চিঞৰি কয় – “আছৰাফ, এই থালখন নিয়াচোন, ৰুটি দুখনমান আছে। সোনকালে নিয়াহি..!” খুব লাহে লাহে আছৰাফ বাস্তৱলৈ ঘূৰি আহে। বাহিৰত অবিৰাম বৃষ্টি যেন নিৰ্মম পৃথিৱীৰ সেইটোৱেই নিয়ম। আনহাতে খোৱাবস্তুৱে হাত বাউলি মাতিছে। আছৰাফৰ শৰীৰত হঠাতে এটা অদ্ভুত শক্তি জাগি উঠে আৰু তাই মুন্নিক সাৱটি ধৰি থিয় হ’ল। ঠিক সেই সময়তে মছজিদৰ দুৱাৰখন সশব্দে খোল খায় য়াকুবক লগত লৈ আনন্দমনেৰে মুতাৱালি চাহাব প্ৰৱেশ কৰে। লাহেকৈ এটা উগাৰ মাৰি তেওঁ খাই থকা পানখনৰ পিক পেলালে আৰু মছজিদৰ চিৰিৰফালে আগবাঢ়িল। য়াকুবো বেপৰোৱাভাৱে কিছুদূৰ আগবাঢ়ি এঠাইত থিয় দি ৰ’ল।

“আৰে! সেইজনীক চোৱাচোন!” – তাৰ চকু-মুখৰপৰা সেই অদ্ভুত অভিব্যক্তি তেতিয়াও আঁতৰা নাছিল। আমিনাৰ ৰুটিৰ থালখন লাহে লাহে দূৰলৈ আঁতৰি যায়। মছজিদৰ চাৰিওফালে থকা ঘৰৰ মানুহবোৰৰ নিশাৰ আহাৰ খোৱা শেষ হৈছে। মতা মানুহবোৰৰ প্ৰায়ভাগেই টিভিৰ আগত বহিছে বা শুবলৈ গৈছে আৰু মহিলাসকলৰো গোটেই দিনৰ ঘৰ-গৃহস্থালিৰ কাম শেষ হৈছে। তেওঁলোকৰ কেইগৰাকীমানে কাম-কাজ শেষ কৰি মছজিদৰ দেৱালৰ কাষত থকা ওখ শিল কেইটাত থিয় হৈ মছজিদৰফালে উকি মাৰি তাত কিনো ঘটনা ঘটে চাবলৈ উদগ্ৰীৱ হৈ ৰৈ আছে। মুন্নিক সাৱটি ধৰি আছৰাফ থিয় হ’ল; কেঁচুৱাটিয়েই হ’ল মাকৰ যুদ্ধৰ প্ৰেৰণা। লাহে লাহে গোট খোৱা মানুহবোৰৰফালে আছৰাফ আগবাঢ়িল। মুতাৱালি মছজিদৰ আটাইতকৈ ওপৰৰ চিৰিটোত বহি আছিল, আছৰাফ সকলোৰে সোঁফালে আৰু য়াকুব মুতাৱালিতকৈ এটা চিৰি তলত বাঁওফালে থিয় হ’ল। আছৰাফ থিয় হৈ থকা ফালে এখন সৰু চালি থকা বাবে তাইৰ মূৰত বৰষুণৰ পানী পৰা নাছিল যদিও পিঠিত পানী পৰি তললৈ বৈ গৈছিল। য়াকুবৰফালে এবাৰ চালে গম পায় সি উন্মত্ত ষাঁড় এটাৰ দৰে আক্ৰমণ কৰিবলৈ সাজু হৈ আছে।

মুতাৱালি চাহাবে মুখৰ পিকখিনি মছজিদৰ দেৱালৰ কাষত পেলাই পুনৰ উভতি আহে মানে য়াকুবৰ উদগীৰণ আৰম্ভ হ’ল – “মুতাৱালি চাহাব, এই বেশ্যাজনীক কি লাগে?” মুতাৱালি চাহাব হঠাতে সজাগ হৈ পৰিল। পানৰ পিক অলপ গিলাৰ বাবে তেওঁৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিছিল কিন্তু পাছমুহূৰ্ততে লৰ-চৰ কৰি বহিল। তেওঁ অনুভৱ কৰিলে মছজিদৰ কাষৰ দেৱালখনৰ সিটো পাৰে নাৰীৰ ৰূপত অনেকবোৰ জেঠী ৰৈ আছে। সেই জেঠীবোৰৰ ডাঙৰ আৰু চোকা নখ আছে আৰু সিহঁতে সতৰ্কতাৰে সকলোবোৰ লক্ষ্য কৰি আছে। তেওঁ নিশ্চিত যে আমিনা নামৰ জেঠীজনীয়ে দেৱালৰ ওপৰেৰে তেওঁলৈ চাই আছে – সুযোগ পালেই গিলি পেলাব। “য়াকুব, তুমি এনেভাৱে কথা কোৱা উচিত হোৱা নাই” – মুতাৱালিয়ে ক’লে। কিন্তু য়াকুবৰ আজি কোনো কথা শুনিবলৈ সময় নাই। এই মাইকী মানুহজনীয়ে তাৰ জীৱন নৰক কৰি তুলিছে, এজনী বা দুজনী নহয় তিনিজনী ছোৱালীৰ জীৱনৰ সকলো দায়িত্ব তাৰ ওপৰত দি তাৰ জীৱনটো দুৰ্বিষহ কৰি তুলিব খুজিছে। মানুহজনী সঁচাকৈয়ে চয়তান। যি সময়ত দ্বিতীয় বিবাহৰ জৰিয়তে সি জীৱনত শান্তি বিচাৰি তাৰ অট’ৰিক্সাখনৰ উত্তৰাধিকাৰী হ’বলৈ এটা পুত্ৰ সন্তান লাভ কৰাৰ কথা ভাবিছে সেই সময়তে এই মানুহজনীয়ে তাক কষ্ট দিবলৈ আহিছে। গফুৰ, ইদ্ৰিছ আৰু নাছেৰ সকলোৰে দুজনীকৈ পত্নী। সিহঁত কোনেও কাকো আমনি নিদিয়াকৈ আৰামত আছে আৰু দিনে-ৰাতি কুলীৰ দৰে কাম কৰি গৈছে কিন্তু এই কুকৰজনীয়ে যোৱা দুবছৰ তাক কষ্ট দিয়েই ক্ষান্ত থকা নাই আজি এই পৱিত্ৰ মছজিদৰ চিৰি গছকিবলৈকো বাধ্য কৰাইছে। সেই ঠাণ্ডা বতৰতো অনিয়ন্ত্ৰিত খঙৰ জুইত ছাটি-ফুটি কৰি য়াকুবে গম্ভীৰভাৱে চিঞৰি চিঞৰি অকথ্য ভাষাৰে আছৰাফক গালি পাৰিবলৈ ধৰিলে।

আছৰাফৰ মুখৰপৰা এটাও শব্দ নোলাল। তাই বাকৰুদ্ধ হৈ পৰিল। য়াকুবে কৰা প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ দিব লাগে জুলেখা বেগমে শিকোৱা নাছিল আৰু সি কৰা প্ৰশ্নবোৰ আশাও কৰা নাছিল। এতিয়া এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈ তাই মুন্নিক আৰু জোৰে বুকুত সাৱটি ধৰে। খঙতে একোনাই হৈ য়াকুব আছৰাফৰ ওচৰ চাপিল আৰু সৰ্বশক্তিৰে তাইক এটা গোৰ মাৰিলে। গোৰ খাই আছৰাফ এফালে ছিটিকি পৰিল আৰু মুন্নিক ৰক্ষা কৰাৰ চেষ্টাও তাইৰ বিফল হ’ল। আছাৰ খাই তাই মাটিত পৰাত মুন্নি কোলাৰপৰা আঁতৰলৈ উফৰি পৰে আৰু আছৰাফ নিজেও অজ্ঞান হৈ পৰিল। মুতাৱালি কিংকৰ্তব্যবিমূঢ় হ’ল। অন্ধকাৰৰ ওৰণি ফালি, ভৰিত লাগি থকা বোকা-মাটি জোকাৰি আৰু মূৰৰ ওৰণিবোৰ পেলাই অসংখ্য মহিলা ক’ৰপৰা আহি উপস্থিত হ’ল? আমিনাও সেইসকলৰ মাজত আছে নেকি? কোনোবা এগৰাকীয়ে আছৰাফক উঠালে, আন এগৰাকী গ’ল মুন্নিক উঠাবলৈ। মুন্নিৰ এতিয়া আৰু শ্বাস-প্ৰশ্বাসৰ একো সমস্যা নাই-জগতৰ সকলো দুখ-বেদনাৰপৰা তাই মুক্তি পালে! তাইৰ যাতনাৰ জীৱন শেষ। তাইৰ দেহ যদিও প্ৰাণ ধাৰণ কৰিবলৈ সংকল্পবদ্ধ, দেহপিঞ্জৰে প্ৰাণপখীটিক ধৰি ৰাখিব নোৱাৰিলে। মৃত্যুৰ ক’লা চাদৰে তাইক ঢাকি পেলালে!

মুতাৱালি চাহাব নিথৰ হৈ বহি থাকিল। চুবুৰিৰ ঝাড়ুৱালী হানিফা চিকাম্মাই আছৰাফ আৰু তাইৰ ছোৱালীদুজনীক নিজৰ ঘৰলৈ নিলে, মুন্নিৰ মৃতদেহ মছজিদতে পৰি ৰ’ল। ইতিমধ্যে মছজিদৰ আশে-পাশে থকা ঘৰবোৰত লাইট জ্বলি উঠিছিল আৰু শুই থকা মতা মানুহবোৰ এজন এজনকৈ সাৰ পাই মছজিদলৈ আহিব ধৰে। মুন্নিৰ শৱটো পখালিবলৈ মছজিদৰ পাছফালে কোনোবা এগৰাকীয়ে পানী গৰম কৰিবলৈ ধৰিছিল। কোনেও একো নকলেও কাপোৰৰ দোকানৰ মালিক মতিন চাহাবে দোকান খুলি মৃতদেহ ঢাকিবলৈ এখন ৰঙা কাপোৰ লৈ আনে। মুন্নিক গা ধুৱাই, চুৰমা আৰু আঁতৰ সানি ৰঙা কাপোৰখনত মেৰুৱাই কবৰস্থানলৈ নিয়া হ’ল। কবৰস্থানত মুন্নিৰ দেহটো সাৱটি আছৰাফে পাগলীৰ দৰে কান্দিবলৈ ধৰে কিন্তু মনৰ কোনোবা এটা গভীৰ কোণত যথেষ্ট শান্তিও লাভ কৰে। এইখন পৃথিৱীত মুন্নিয়ে কেতিয়াও সুখ নাপালে গতিকে তাই বাচি থকাৰ কোনো কাৰণো নাই। মুন্নি এতিয়া সকলো বেদনাৰপৰা মুক্ত, স্বাধীন। “এতিয়া মই য়াকুবৰ পিছে পিছে ভিক্ষাৰীৰ দৰে ঘূৰি ফুৰা আৱশ্যক নাই, অমানৱীয় প্ৰশ্নবোৰৰ উত্তৰ দিয়া দৰকাৰ নাই। এতিয়াৰপৰা মই আৰু মোৰ দুজনী ছোৱালী। বেচেৰী মুন্নিয়ে কোনোদিনে এটা নতুন চোলা পিন্ধি নাপালে, খেলিবলৈ পুতলা এটাও দিব নোৱাৰিলো। জন্মৰপৰা কেৱল বেজীৰ খোঁচ আৰু তিতা ঔষধবোৰহে খাবলৈ পালে।” এইবোৰ কথা ভাবি ভাবি তাইৰ মাতৃস্নেহ উথলি উঠে আৰু ধাৰাসাৰে চকুৰ পানী ওলায়।

মুতাৱালি চাহাব লাহে লাহে বাটেৰে আগবাঢ়িছিল। হানিমা চিকাম্মাই দীঘল লাঠি লগোৱা ঝাড়ু এডালেৰে বাটটো সাৰি আছিল – কিন্তু তাই আজি খঙে-ৰাগে বাটৰ জাবৰ ইফালে-সিফালে সাৰি নিছে। বাটৰ কিছু ময়লা মুতাৱালিৰ গাতো গৈ পৰিল, কিন্তু তাই সম্পূৰ্ণ উদাসীন। সোঁহাতখনত ঝাড়ুটো লৈ আৰু চৰাইৰ ডেউকাৰ দৰে মেলি বাঁওহাতখনৰ তলুৱাত বাৰে বাৰে আঘাত কৰিবলৈ ধৰিলে। ঝাড়ুটোৰফালে চাই বতাহজাকক উদ্দেশ্যি তাই ক’লে – “আল্লাহৰ কোপদৃষ্টি তোৰ ওপৰত পৰক! বদমাচ, ছয়তান!” ৰাফিয়া আহিছিল বাটৰ দাঁতিৰ মিউনিচিপালিটিৰ টেপৰপৰা কলহত পানী ভৰাবলৈ। তাই হাতত শিলগুটি এটা লৈ কাল্পনিক কুকুৰ এটালৈ দলিওৱাৰ দৰে ওচৰৰ নৰ্দমালৈ দলিয়াই চিঞৰি ক’লে –“কুকুৰ সদায় কুকুৰেই হৈ ৰ’বি!” ঘৃণাত তাই নাক কোঁচায়। নাছিমাই আকৌ ঘৰতে পোহা মতা আৰু মাইকী কুকুৰাহালৰ মতাটোক গালি পাৰি চকুৰ আঁতৰ হ’বলৈ কয়। নাছিমাৰ দৃষ্টিত মতা কুকুৰাটো কুকুৰাজনীৰ সৈতে কেৱল যৌন সম্পৰ্ক ৰাখিবলৈহে জীয়াই আছে। ওচৰৰে ঘৰ এটাত কাজী চাহাবৰ পুতেক-বোৱাৰীয়েক থাকে। বিয়াৰ দুবছৰৰ পাছতো বোৱাৰীয়েক ঘৰৰ চাৰিসীমাৰ বাহিৰলৈ ওলাই পোৱা নাই। ঘৰৰ ভিতৰৰপৰাই স্বামীক স্কুটাৰত উঠি অফিচলৈ যোৱা দেখে। মুতাৱালি চাহাবক দেখা পাই তাই কোলাত থকা শিশুটিক সোধে – “বাবা, গৰিলা চাবানে? সেয়া চোৱা গৰিলা!” মুতাৱালিয়ে উভতি চোৱাৰ লগে লগে তাই হাঁহে আৰু তেওঁৰ মুখৰ ওপৰতে দুৱাৰখন বন্ধ কৰি দিয়ে। দূৰৰপৰা জামিলাই কাৰোবাক তিৰস্কাৰ কৰাৰ দৰে চিঞৰি কয় – “তোৰ কোনোকালে মংগল নহয়। কেয়ামৎৰদিনা তোৰ মুখখন গাহৰিৰ দৰে হৈ পৰক, কালনাগে তোৰ গোটেই শৰীৰ মেৰুৱাই ধৰক। মৃত্যুৰ সময়ত কালেমা পাঠ কৰাৰ সৌভাগ্য নহওক!” ডিনামাইট নিক্ষেপ কৰাৰ ভংগীত তাই হাতত থকা সূতা এডাল দলিয়াই পঠিয়ালে। আছিফাই জাবৰ-জোঁথৰেৰে ভৰা পাছি এটা বাহিৰলৈ ওলাই আনে। পিন্ধি থকা শাৰীখনৰ আঁচললৈ তাই চকু দিয়া নাই, ওৰণিখনো মূৰৰপৰা খহি পৰিছে। তাই জাবৰ পেলোৱা মহিলা কিন্তু তায়ো থু থুকৈ থুৱাই তৎ পোৱা নাই যেন জঘন্য কিবা বস্তুহে দৰ্শন কৰিছে। তাই ইমান জোৰে থুৱাইছিল যে মুতাৱালিৰ গাতো হয়তো থু ছিটিকি পৰিছিল।

ৰঙা কাপোৰখনেৰে মেৰুৱাই থোৱা মুন্নিৰ মুখখনলৈ মুতাৱালি চাহাবৰ মনত পৰিল। তাইৰ চকু দুটা জাপ খাই আছিল কিন্তু তেওঁৰ ভাব হৈছিল যেন মুন্নিয়ে তেওঁৰফালে থৰ লাগি চাই আছে। সকলোফালৰপৰা বিভিন্ন কণ্ঠস্বৰে তেওঁক আগুৰি ধৰে। মুতাৱালিৰ বুকুখন গধুৰ হৈ আহিল, ভৰি দুখন আগবাঢ়িবলৈ অমান্তি হ’ল। কিছুসময়ৰ পূৰ্বে ভক্ষণ কৰি অহা প্ৰতি গৰাহ বিৰিয়ানি লোহাৰ দৰে গধুৰ হৈ তেওঁৰ পেটত খুন্দিয়াবলৈ ধৰে। যিখিনি পানীয় গ্ৰহণ কৰিছিল সেইখিনিও আমিনাই কোৱাৰ দৰে এতিয়া চয়তানৰ পেছাৱ যেন ভাৱ হ’বলৈ ধৰিলে। তেওঁৰ এনে ভাৱ হ’ল যেন সকলো সময়তে পেছাৱৰ উৎকট গোন্ধ নাকত আহি লাগিছে। ঘৰৰ দিশে উভতিবলৈ চেষ্টা কৰোঁতে মুতাৱালিয়ে চকামকাকৈ আমিনাক মাকৰ সৈতে ক’ৰবালৈ যাবলৈ প্ৰস্তুত হোৱা যেন দেখা পায়। মুতাৱালি ঘামিবলৈ ধৰিলে আৰু ডিঙিটো শুকাই কৰ্কৰীয়া মৰা যেন অনুভৱ কৰিলে। মুখেৰে কথা নোলায় আৰু ইংগিতো দিব নোৱাৰা হ’ল। আমিনাহঁত ক’লৈ যাবলৈ ওলাইছে তাকো সুধিবৰ সাহ নহ’ল। “মইনো ক’লৈ যাম?” আমিনাই খঙেৰে ক’লে; “মই তোমাক সাতটা সন্তান দিলো। এইবাৰ অপাৰেছন এটা কৰি আহোঁ।”

আমিনাক বাধা দিবলৈ শক্তি নাই। মুতাৱালিয়ে তাইক একো ক’ব নোৱাৰিলে। চকী এখনত বহিবলৈ মুতাৱালি উদ্যত হৈছিলহে মাত্ৰ, তেওঁৰ দৰে অনুৰূপ দৃঢ় কণ্ঠেৰে এইবাৰ আমিনাই ক’লে –“ঘৰটো চাবা, দুৱাৰ-খিৰিকী ভালকৈ বন্ধ কৰিবা। ল’ৰা-ছোৱালীকেইটাৰ ওপৰত চকু ৰাখিবা। মোৰ উভতিবলৈ এসপ্তাহৰো বেছি সময় লাগিব পাৰে।”

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments