কিছু নিজৰ কথা

লেখক- অসীম শইকীয়া

ফুটবলৰ বাহিৰে মোৰ একো বিশেষ খেল ভাল নালাগে। কাপোৰৰ দৰে মানুহৰ পচন্দ বেলেগ বেলেগ, গতিকে আনে বেলেগ খেলো ভাল পাব পাৰে। অৱশ্যে দুঃসাহসিক খেলবোৰৰ কথা অলপ বেলেগ।
ফুটবলৰ পাছত ভাললগা খেলখন হ’ল ল’ন টেনিছ। আচলতে টেনিছ খেলখন ভাল লাগেনে, খেলি থকা ছোৱালীবোৰ ভাল লাগে কাৰণে খেলখন ভাল লাগে মই নাজানো। কাৰণ আগতে বৰিছ বেকাৰৰ খেল বৰকৈ নাচাওঁ, কিন্তু ষ্টেফি গ্ৰাফ আৰু মেৰি পিৰ্য়েছৰ খেল এখনো নেৰোঁ। উইম্বলডনেই হওক ফেন্স অপেনেই হওক, সকলো চোৱা হয়। মাৰ্টিনা নাভ্ৰাটিলোভাৰ খেল নাচাওঁ কাৰণ চশমা পিন্ধা খেলুৱৈ গৰাকী বুঢ়ী বুঢ়ী লাগে। সেইকাৰণে টেনিছৰ খেলুৱৈবোৰ ভাল লাগে কাৰণেহে চোৱা হয় যেন লাগে।
বহু বছৰৰ আগতে গাঁৱৰে লাইব্ৰেৰীটোত টিভি এটা আনিছিল। তাত মাজে মাজে লগৰ দুটামানৰ সৈতে বেঞ্চত বহি ল’ন টেনিছ চাই আছিলোঁ। এদিন আমাতকৈ ডাঙৰ এজন আহি ক’লেহি- “তহঁতি এইবোৰ খেল মজিয়াত বহি চাবি, তেতিয়াহে বেছি ভালকৈ দেখিবি” কথাটো বহুত দিনলৈকে বোধগম্য হোৱা নাছিল যদিও এতিয়া বেছি দিন হোৱা নাই বুজি পোৱা।
ভাবি নাপাওঁ আজিলৈকে ল’ন টেনিছ খেলা ছোৱালীবোৰে ইমান চুটি কাপোৰ কিয় পিন্ধি খেলে। বাকীবোৰ খেলতো কাপোৰ পিন্ধিয়েই খেলে।
ইয়াৰ পাছত আহিল ক্ৰিকেট খেল, একেবাৰে বেয়া পোৱা খেল। আজিকালি ইণ্ডিয়াই ক্ৰিকেট খেলেনে নেখেলে তাকো ভালকৈ নাজানো। আগতে অৱশ্যে চোৱা হয় কাৰণ ঘৰৰ মায়েও চাই ভাল পাইছিল। বিশ্বকাপৰ সময়ত আমাৰ ঘৰত এইবিধ চাবলৈ বহুত মানুহ গোট খায়হি। মই পিছে খেলখনতকৈ শেষৰ কেইটা অভাৰত হোৱা ৰাইজৰ ৰিয়েকচনবোৰ চাইহে ভাল পাওঁ, বিশেষকৈ ভাৰতৰ খেলত। যিমানে প্ৰেচাৰ সিমানে চিঞৰ-বাখৰ। এবাৰটো এজন টেনচনত মূৰ ঘূৰাই সংজ্ঞাহীনতা হৈ আছিল বহুত দেৰি।
মোৰ যদি আনকাৰণত খং উঠে, তেতিয়া টিভিত ক’ৰবাত চলি থকা টেষ্ট মেচ এখন লগাই লওঁ কাৰণ যিটো মূল কাৰণত খং উঠে সেইখিনি টেষ্ট মেচখনৰ প্লেয়াৰকেইটালৈ গুচি যায়। বহুত দেৰিৰ মূৰত খুটুকৈ কোব এটা মাৰে বেটছমেন কেইজনে। ফ’ৰ চিক্স বহুত দূৰৰ কথা। কোনোৱে যদি শাস্তি দিব খোজে, তেন্তে দুৱাৰখনত লক কৰি টেষ্ট মেচ কেইখনমান লগাই দিলেই মই মৰিবলৈ বাধ্য হ’ম। কোৱা হয় কিছুমান দেশত কয়দীসকলক শাস্তি দিবলৈ আটাইতকৈ বেয়া গান বা চিনেমা এখন বাৰে বাৰে দেখুওৱা হয়, যাতে কয়দীজনে আমনি পায় সকলো কথা স্বীকাৰ কৰি ল’ব পাৰে। মোকতো টেষ্ট মেচকেইখনমান দেখুৱাই দিলেই হ’ব।
ক্ৰিকেট খেলখন হোৱাৰ আগতে যে পিটচ দৰ্শন কৰে, সেইটো মোৰ বাবে হাঁহি উঠা কথা। এনেকুৱা লাগে যে ক্ৰিকেট খেলখনৰ মূল টিমটো যেনিবা বতৰটোহে। আদ্ৰতা, বতাহৰ চালচলন এইবোৰৰ প্লেয়াৰবোৰতকৈ হৰা জিকাত যেন বেছি ভূমিকা। পিটচখন শুকান নে সেমেকা, খহটা নে মিহি ইত্যাদি ইত্যাদি। খহটা যদি ৰ’লাৰ চলাই মিহি কৰি ল’লেই হ’ল। কমেণ্টটেতৰ কেইজন আধাঘণ্টামান বলকি থাকে পিটচখন বিষয়ে।
এতিয়া মই নাজানো পিটছখন কেনেকুৱা হ’লে ভাল। প্ৰথম বেট কৰিলে ভালনে বলিং কৰিলে ভাল। সেইটো টছ কৰা খুচুৰা পইচাটোৰ ওপৰত নিৰ্ভৰশীল। তেন্তে গোটেই খেলখন খুচুৰা পইচাটোৱেই নিৰ্ণয় কৰে।
ধৰা হ’ল আজিৰ বতৰটো প্ৰথমতে বলিঙৰ বাবে উপযুক্ত। টছ জিকাটোৱে বলিঙৰ সিদ্ধান্ত ল’লে। তেন্তে বাকী ইটো টিমে জিকিবলৈ এনেয়ে বেছি শ্ৰম কৰিবলগীয়া হ’ব। গতিকে খেলখনৰ ৫০% ৰিজাল্ট আগতেই নিৰ্ণয় হ’ল ৰাতিপুৱাই। আনটো টিম বতৰৰ প্ৰভাৱত আগতেই ধৰাশায়ী হ’ল। তাকে নকৰি একেদিনাই শেষ কৰাতকৈ পিছৰ দিনা তেনেকুৱা পিটছ আৰু পৰিবেশ চাই বেটিং কৰা টিমটোক বলিং কৰিবলৈ দিলেহে সমান হৈছে বুলিব পাৰি। সেইকাৰণে পিটচ ৰিপৰ্ট শুনিলে মোৰ বৰ হাঁহি উঠে।
ফুটবল খেলখন তেনেকুৱা নহয়। অৱশ্যে আন খেলো নহয়। যদি খেল পথাৰখন বোকাৰে ভৰপূৰ, দুয়োটা টিমেই সমানে ভুক্তভোগী, সকলো outdoor game ত বতৰ বেয়া হ’লেও সমানেই দুয়োটা দল ভুক্তভোগী হয়। ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!