কিয় বাঢ়িছে পেটৰ ৰোগীৰ সংখ্যা? — ডাঃ অনুপ বৈশ্য
আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ- বহু সংখ্যক ৰোগীয়ে পেটৰ বেমাৰ লৈ মোৰ ওচৰলৈ আহি আছে৷ দৰাচলতে শৰৎ কালৰ স্নিগ্ধ নিৰ্মল পৰিৱেশত আমাৰ হজম শক্তি যথেষ্ট বাঢ়ে আৰু আমাৰ খুব ভোক লাগে আৰু আমি যিহকে খাওঁ হজম হয়৷ পিছে অন্য বছৰৰ দৰে এইবছৰ ইয়াৰ বিপৰীত স্থিতি এটি দেখিবলৈ পোৱা গৈছে৷ পৰীক্ষা কৰি দেখিবলৈ পাইছো যে বেছিভাগ ৰোগীৰ লিভাৰ কিছু বঢ়া পৰিলক্ষিত হৈছে৷ ইয়াৰ অৰ্থ হৈছে লিভাৰে কেতবোৰ বিষাক্ত দ্ৰব্যৰ সংস্পৰ্শলৈ আহিছে৷ ইয়াৰ ফলতেই লিভাৰ বাঢ়িছে আৰু লিভাৰে পাচক ৰস বাইলৰ নিঃসৰণত অসুবিধা পাইছে৷ যাৰ ফলত হজম শক্তিৰ বিসংগতি হ’ব ধৰিছে৷ ইয়াৰোপৰি বিষাক্ত দ্ৰব্যই ৰোগীসকলৰ পাকস্থলীতো আঘাত কৰিছে যাৰ ফলত হাইড্ৰক্লৰিক এচিড নিঃসৰণ অনিয়মিত মাত্ৰাত হ’বলৈ লৈছে৷ মুঠৰ ওপৰত পাচন প্ৰক্ৰিয়াৰ বিসংগতিৰ লগতে ইয়াৰ লগত জড়িত অংগসমূহৰ আঘাত হোৱা দেখা গৈছে আৰু ৰোগীসকলৰ নিম্ন লক্ষণ সমূহ দেখা দিছে৷
*পেট ফুলি থকা৷
*আভোক আভোক যেন লাগি থকা৷
*শৌচ ঢিলা হোৱা বা খোলোচা নোহোৱা৷
*বমি বমি ভাৱ অহা৷
*অত্যধিক দুৰ্বল অনুভৱ কৰা৷
লক্ষণসমূহ বিশ্লেষণ কৰি দেখিলো যে ইয়াৰ প্ৰধান কাৰণ- আমি খাই থকা খাদ্য৷ বৰ্তমান বজাৰত বিধে-বিধে শাক পাচলি ভৰি পৰিছে৷ যিবোৰ পাচলি কুঁৱলীৰ স্পৰ্শ পাইহে বাঢ়ে, তেনেবোৰ পাচলি কুঁৱলী ওলোৱাৰ আগতেই বজাৰ ভৰি পৰিছে৷ উৎপাদিত শাক-পাচলিসমূহত বিভিন্ন কীটনাশক দ্ৰব্য আৰু সাৰ আদিৰ পৰিমাণ যথেষ্ট বেছি৷ খাদ্য প্ৰস্তুত কৰাৰ সময়ত ভালদৰে ধুই নোলোৱাৰ বাবে কিছু অংশ পেটত প্ৰৱেশ কৰে৷ ফলত উপৰোক্ত লক্ষণ সমূহ দেখিবলৈ পোৱা গৈছে৷ অলপ সাৱধান হৈ নাথাকিলে এই বিষাক্ত দ্ৰব্যসমূহে অনাগত দিনত আৰু বহু ৰোগৰ সৃষ্টি কৰিব পাৰে৷
জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্যৰ প্ৰয়োজন দিনক দিনে বাঢ়ি গৈ আছে৷ আনহাতে খেতিকৰ্মত মনোনিৱেশ কৰা ব্যক্তিৰ সংখ্যা কমি গৈ আছে৷ জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে নতুন নতুন বহুতো কীট- পতংগৰ প্ৰাদুৰ্ভাৱ হ’বলৈ ধৰিছে৷ যিয়ে খাদ্য শস্য নষ্ট কৰি আহিছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষি বিজ্ঞানীসকলে যথেষ্ট অনুসন্ধান কৰি বিভিন্ন কীটনাশক দ্ৰব্যৰ আবিষ্কাৰ কৰিছে যাৰ ফলত খাদ্য শস্যৰ সঠিক উৎপাদনৰ কাৰণে কৃষক সকলে ইয়াৰ উপযোগ কৰি আহিছে৷ এইখিনিলৈ ঠিকেই আছিল৷ পিছে জ্ঞানৰ অভাৱ তথা অধিক উৎপাদনৰ বাবে এচাম অসাধু ব্যৱসায়ীয়ে যধে-মধে এই কীটনাশক দ্ৰব্যৰ লগতে কেতবোৰ হৰমনৰ প্ৰয়োগ কৰি আহিছে৷ এই দ্ৰব্যসমূহ শাক- পাচলিত প্ৰয়োজনতকৈ অধিক মাত্ৰাত পোৱা যায়৷ যিয়ে আমাৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰে৷ আজি আমি ইয়াৰ বিষয়ে কিছু কথা আলোচনা কৰিম৷
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বছৰি প্ৰায় তিনি মিলিয়ন ব্যক্তি এনে ধৰণৰ দ্ৰব্যৰ বিষক্ৰিয়াত আক্ৰান্ত হয়৷ ইয়াৰে ভিতৰত ২২০, ০০০ ব্যক্তি প্ৰতি বছৰে মৃত্যু মুখত পৰি আহিছে৷ বিষক্ৰিয়া হঠাৎ মাৰাত্মক হব পাৰে নতুবা আমাৰ শৰীৰৰ কোষসমূহত অলপ অলপ কৈ জমা হৈ বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷ প্ৰথম বিধৰ লক্ষণ অনুযায়ী চিকিৎসা উপলব্ধ যদিও পিছৰ বিধ অতি ভয়ংকৰ৷ চিকিৎসক হিচাবে প্ৰায়েই দেখা পাওঁ যে বৰ্তমান কেতবোৰ ৰোগ যেনে থাইৰয়ডৰ ৰোগ, ডায়েবেটিজ, ৰোগ প্ৰতিৰোধ ক্ষমতা হীনতা ৰোগ, বিভিন্ন ধৰণৰ গাঁঠিৰ বিষ, ছালৰ ৰোগ আগৰ তুলনাত বৃদ্ধি হ’বলৈ ধৰিছে৷ খাদ্য বদভ্যাসৰ লগতে এই কীটনাশক দ্ৰব্য তথা হৰমনৰ প্ৰভাবত এনে ৰোগৰ সংখ্যা বৃদ্ধি হোৱা কথাষাৰ নুই কৰিব নোৱাৰি৷
কীটনাশক ঔষধি আৰু শৰীৰত ইয়াৰ প্ৰভাৱ:
বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য কৃষি উৎপাদনত ব্যৱহৃত হয়৷ এই দ্ৰব্যসমূহে কৃষকৰ শৰীৰত বাষ্পৰ দ্বাৰা নতুবা প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বিষক্ৰিয়াৰ সৃষ্টি কৰে৷ পৃথিৱীৰ বিভিন্ন দেশত হোৱা অনুসন্ধানত দেখা গৈছে যে এনেবোৰ কীটনাশক দ্ৰব্যৰ কিছু অংশ শাক-চবজি তথা ফলত পোৱা যায়৷ যিয়ে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি ৰোগৰ সৃষ্টি কৰে৷ উদাহৰণ স্বৰূপে-
১)অৰ্গেনোক্লৰাইদ — খাদ্যৰ সৈতে যদি এইবিধ কীটনাশক দ্ৰব্য সেৱন কৰা হয় তেন্তে মুখৰ ভিতৰত তত নোহোৱা হয়, শব্দ, পোহৰ আৰু স্পৰ্শ শক্তিৰ অতি সহিষ্ণুতা অনুভৱ হ’ব৷ মূৰ ঘূৰোৱা, বমি-বমি ভাব হোৱা, বমি হোৱা, মানসিক দুৰ্বলতা তথা পুৰুষৰ শুক্ৰাণু কমি যাব পাৰে৷
২)অৰ্গেনোফচফেট আৰু কাৰ্বমেটছ—এইবিধ দ্ৰব্য সেৱন কৰিলে মুখৰ লালাশ্ৰাৱ বৃদ্ধি হোৱা, ডায়েৰীয়া হোৱা, ব্লাড প্ৰেচাৰ কমি যোৱা, মাংস পেশী দুৰ্বল হোৱা, শৌচ হোৱা, ভাগৰুৱা অনুভৱ কৰা তথা ভৰি দুখন অৱশ অনুভৱ কৰিব পাৰে৷ বজাৰত rogor নামেৰে এনে এবিধ দ্ৰব্য উপলব্ধ আৰু বেছিভাগ খেতিয়কে ইয়াক ব্যৱহাৰ কৰা দেখা গৈছে৷
৩)পাইৰেডথ্ৰোইডছ–এইবিধ দ্ৰব্যৰ সেৱনে শৰীৰৰ উত্তেজনা বৃদ্ধি কৰে, খং বৃদ্ধি কৰে, শৰীৰৰ কম্পন হোৱা, ছালৰ এলাৰ্জী হোৱা, কেঞ্চাৰ হোৱা আৰু গৰ্ভৱতী মহিলাৰ সন্তানৰ বিসংগতি হ’ব পাৰে তথা শৰীৰৰ হৰমনৰ বিসংগতি কৰি বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কৰিব পাৰে৷
৪)হাৰ্বিচাইডছ—এনেবোৰ কীটনাশক দ্ৰব্য বনৌষধিৰ প্ৰস্তুত কৰা যদিও বহুতো বিষাক্ত বনৌষধিৰ প্ৰস্তুত কৰে কাৰণে তেনেবোৰ বনৌষধিৰ বিষাক্ত অংশ থাকি যায় যিয়ে শৰীৰত বিসংগতিৰ সৃষ্টি কৰিব পাৰে৷ দ্ৰব্য অনুসৰি ইয়াৰ প্ৰভাৱ ভিন্ন হব পাৰে৷
ওপৰোক্ত কীটনাশক দ্ৰব্য সমূহ ক্ষুদ্ৰ পৰিমাণে আমাৰ খোৱা শাক-পাচলি তথা ফল-মূলত থাকি গ’লে মূলত সংক্ষেপতে তলৰ প্ৰভাব সমূহ দেখিবলৈ পোৱা যাব পাৰে৷
*কেন্সাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে
*এজমা ৰোগৰ সৃষ্টি হ’ব পাৰে৷
*ছালৰ খজুৱতি তথা একজিমা ৰোগ হ’ব পাৰে
*পেটৰ বদ হজম তথা ডিচেণ্টৰী হৈ থাকিব পাৰে৷
*বিভিন্ন হৰমনৰ বিসংগতি যেনে থাইৰয়ডৰ ৰোগ, ডায়েবেটিজ, মহিলাৰ অনিয়মিত মাহেকীয়া, বন্ধ্যাত্ত্ব, যৌন শক্তি হীনতা আদি হ’ব পাৰে৷
*গৰ্ভৱতী মহীলাৰ গৰ্ভস্থ সন্তানৰ বিসঙ্গতি হ’ব পাৰে৷
*নাৰ্ভৰ ৰোগ হ’ব পাৰে৷
বিষাক্ত প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ উপায়:
১)ফল বা শাক-পাচলিসমূহ টেপৰ পানীত ভালকৈ ধুই লওক৷ পানীৰ স্পীদ বেছিকৈ দিলে প্ৰায় আশী শতাংশ কীটনাশক বাহিৰ হৈ যায়৷
২)বাকলি থকা খাদ্যৰ বাকলি গুছাই ব্যৱহাৰ কৰক৷ বাকলিৰ ওপৰত তথা ভিতৰত বহুতো কীটনাশক জমা হৈ থাকে এনে কৰিলে কীটনাশক বোৰ নোহোৱা হ’ব৷
৩)এচামুচ নিমখ এক লিটাৰ পানীত মিহলাই সেই পানীৰে ফল, চবজিসমূহ ধুব পাৰে৷
৪)বগা অৰ্গেনিক ভিনেগাৰ এভাগ চাৰিভাগ পানীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে৷
৫)বাকলি থকা খাদ্যসমূহ বাচন ধোৱা জাবৰেৰে ঘঁহি ঘঁহি ধুব লাগে৷
৬)এচামুচ হালধি এক লিটাৰ পানীত মিহলাই শাক বা ফলসমূহ কিছু সময় ডুবাই ৰাখি পৰিষ্কাৰ পানীৰে ধুব পাৰে৷
৭)খোৱা চোদা পানীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে৷
৮)একাপ পানীত এচামুচ নেমুৰ ৰস, দুই চামুচ বেকিং চোদা মিহলাই স্প্ৰে মেচিনত ৰাখি শাক- চৱজি তথা ফলৰ ওপৰত স্প্ৰে কৰি দহ মিনিট পিছত চাফা পানীৰে ধুলেও বীজাণুৰ লগতে ওপৰত লাগি থকা কীটনাশক দ্ৰব্য সমূহ গুছাব পৰা যায়৷
ওপৰোক্ত উপায় সমূহ সুবিধা অনুসৰি ব্যৱহাৰ কৰি আমি কীটনাশক দ্ৰব্যৰ বিষক্ৰিয়াৰ পৰা নিজৰ শৰীৰটোক বচাই ৰাখিব পাৰো৷