কেতেকী (-সাগৰ সৌৰভ)
কেতেকী
সাগৰ সৌৰভ
কেতেকীয়ে তাঁত বয়
তাঁতে কেতেকীক বয়
সুমথিৰা দেহাটো মাকোটোৱে বিন্ধি বিন্ধি
আধাভেটি হ’ল
বেলি লহিয়াবলৈকো এখন আশাৰ পথাৰ
খিতিক্ খিতিক্ শব্দটোৰে আপোনজন আহি থাকে
চকু পদুলিত
মাকো সৰে
পুখুৰীৰ পাৰৰ বেংটোৱে পানীত জঁপিয়াই
সেই নিসংগতাক থতমত খুৱায়
কেতেকীৰ মাতত ব’হাগ আহে
কেতেকীৰ মাতত কোনো নাহে
আহি থকাজনো আহি নাপায়
চিলাৱতী পথাৰৰ কবিয়ে ইপাকে-সিপাকে চাকিৰাক আঁকিছে
চাকিৰাৰ উত্তাপ আছে
কেতেকীৰো আছে এক চেঁচা উম
উৰু উদঙাই চাকিৰাই গীত জোৰে
খোচনি মাৰি কেতেকীয়ে তাঁত বয়
সুৰমত্ত চাকিৰাই গতানুগতিকভাবে
বিবাহ পাশত উঠিছে বহিছে
নিশ্চুপ আন্ধাৰৰ কামনা এটাই
কেতেকীৰ তাঁতখনক
সাবত মাৰি ধৰিছে