গ্ৰন্থালোচনা
লেখক- মল্লিকা শৰ্মা বৰদলৈ
চলিত বছৰৰ আৰম্ভণিতে পঢ়া কেইখনমান গ্ৰন্থৰ ভিতৰত নিজৰ ভাললগা দুখন গ্ৰন্থৰ বিষয়ে চমুকৈ লিখিবলৈ প্ৰয়াস কৰিলোঁ। দুয়োগৰাকী লেখক নবীন যদিও তেওঁলোকৰ কাকত আলোচনীত প্ৰকাশিত লেখাসমূহে ইতিমধ্যে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ লেখাসমূহ সামাজিক মাধ্যমতো পৰিচিত তথা জনপ্ৰিয়।
প্ৰথম গ্ৰন্থখন হৈছে প্ৰবন্ধ সংকলন –
গ্ৰন্থৰ নাম “জীৱন মহাৰ্ঘ”।
লেখিকা- পৰিস্মিতা বৰদলৈ।
প্ৰকাশক- পূৰ্বায়ন প্ৰকাশন।
নামটোতেই ধাৰণা কৰি ল’ব পাৰি “জীৱনক” মূল বিষয়বস্তু হিচাপে লৈ লিখা হৈছে গ্ৰন্থখনৰ প্ৰবন্ধসমূহ। সৰু – বৰ দৈনন্দিন ঘটনা পৰিঘটনাসমূহৰ পৰাও জীৱনৰ ডাঙৰ ডাঙৰ শিক্ষা ল’ব পাৰি, দুৰ্বলতাকো শক্তি হিচাপে গ্ৰহণ কৰি কিদৰে আগবাঢ়িব পাৰি তাৰ যেন মূলমন্ত্ৰহে আছে এই গ্ৰন্থখনত। আমাৰ লগত হৈ থকা যিবোৰ কথা সাধাৰণ কথা হিচাপে আওকাণ কৰি থোৱা হয় অথবা ভাবি চোৱাৰ প্ৰয়োজনবোধ কৰা নাযায়, তেনেবোৰ সৰু সৰু কথা জীৱনৰ চালিকাশক্তিও হৈ উঠিব পাৰে, “জীৱন মহাৰ্ঘ”ই এই কথাটোকে শিকাবলৈ চেষ্টা কৰিছে। ইতিবাচক লেখাৰে সমৃদ্ধ গ্ৰন্থখনত, আদৰ্শ, মানৱতাক অধিক প্ৰাধান্য দিয়া হৈছে। দৈনন্দিন অভিজ্ঞতাসমূহক উদাহৰণ হিচাপে সমুখত ৰাখি সেইসমূহৰ যোগেদি জীৱনে কি শিক্ষা দি যায়, তাৰ বৰ সাৱলীল বৰ্ণনা দিয়াত লেখিকা সক্ষম হৈছে। সচৰাচৰ প্ৰবন্ধৰ প্ৰতি আগ্ৰহ নথকা লোকেও এই গ্ৰন্থখন পঢ়ি ভালপাব বুলি আশা কৰিব পৰা যায়। বিশেষকৈ সৰল ভাষাত লিখা ধনাত্মক লেখাসমূহে ইতিমধ্যে নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। বিভিন্ন কাকত-আলোচনীত আমি পৰিস্মিতা বৰদলৈৰ ইতিবাচক লেখা তথা ভিন্নস্বাদৰ গল্প পঢ়িবলৈ পাওঁ। আশাকৰো লেখিকাৰ ইতিবাচক চিন্তাৰে পোহৰৰ পথ দেখুৱাব পৰা আন আন লেখাসমূহ পাঠকে আগলৈও গ্ৰন্থ আকাৰে পঢ়িবলৈ পাব।
আনখন হৈছে “উপন্যাস”
গ্ৰন্থৰ নাম– “অয়নবৃণা”,
লেখক- অংকিতা বৰুৱা।
প্ৰকাশক- জ্যোতি প্ৰকাশন।
অয়নবৃণা”, মুখ্য চৰিত্ৰৰ নামেৰে নামাকৰণ কৰা গ্ৰন্থখন নাৰীৰ জীৱন সম্পৰ্কে আধাৰিত গ্ৰন্থ যদিও ইয়াত কেৱল নাৰীৰ জীৱনৰ সংঘাতৰ কথাই কোৱা হোৱা নাই, প্ৰতিটো চৰিত্ৰৰ মানসিক ,শাৰীৰিক স্থিতি তথা সংঘাত সুন্দৰকৈ ফুটাই তোলাত লেখিকা সক্ষম হৈছে। লেখিকাই সূচনাতেই লিখিছে, “জীৱনৰ জঁটবোৰ ভঙাৰ যাত্ৰাটোৱেই এই উপন্যাসৰ সৃষ্টি”। “বিৰিণা পেহী” যি চৰিত্ৰৰ জীৱন কাহিনীক কেন্দ্ৰ কৰি উপন্যাসখন আগবাঢ়ি গৈছে সেই চৰিত্ৰ বাস্তৱতো আমাৰ আশে পাশেই আছে। পৰিবেশ পৰিস্থিতিৰ পাৰ্থক্য থাকিব পাৰে কিন্তু মানসিক স্থিতি পৃথক নহয়। বিৰিণা পেহীৰ দৰে কত গৰাকী আছে, যিয়ে কোনো ওজৰ আপত্তি নকৰাকৈ আপোনবোৰে দিয়া যন্ত্ৰণা সহি যায়। জীৱনত আশা বুলিবলৈ একো নাথাকে অথচ জীৱনলৈ মোহ শেষ হৈ নাযায়, জীয়াই থাকে। তাৰ বিপৰীতে অয়নবৃণাৰ দৰে নাৰী, যি প্ৰিয় মানুহৰ পৰা প্ৰতাৰণা পাইছে, কিন্তু নিশ্চুপ হৈ সহি যোৱা নাই, তেওঁ শিকি গৈছে প্ৰতিবাদৰ ভাষা। বুকুৰ ঘাঁবোৰ বুকুতে ৰাখি নথৈ অয়নবৃণাই, তেজৰ সম্পৰ্কৰ পৰা, প্ৰেমৰ পৰা, বন্ধুত্বৰ পৰা পোৱা অন্যায়ৰ বিৰুদ্ধে ঠিয় হৈছে, সকলোৰেপৰা আঁতৰি নিজৰ বাবে এটা বাট কাটি উলিয়াইছে। নিজৰ লগতে যুঁজ দি হাৰি যোৱা নাই। আজিৰ নাৰীৰ বাবে সাহস হৈ ৰৈছে “অয়নবৃণা”। গ্ৰন্থখনত কোনো অপ্ৰয়োজনীয় চৰিত্ৰ অথবা ঘটনাৰ ব্যাখ্যা চকুত নপৰে, সেইটো আন এক ভাললগা দিশ। সকলো চৰিত্ৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে যিয়ে চৰিত্ৰসমূহৰ কায়িক ৰূপ কল্পনা কৰি লোৱাত সহায় কৰিছে। অংকিতা বৰুৱাৰ গল্পই সকলো বয়সৰে পাঠকৰ মন জয় কৰি আহিছে, “অয়নবৃণা” তেখেতৰ প্ৰথম উপন্যাস, আশা ৰাখিছোঁ, উপন্যাসখনেও সকলো পাঠকৰে পৰা একেই সমাদৰ লাভ কৰিব।
