চতুৰ্বিংশতি খণ্ড : বেদস্তুতি

৷৷চতুৰ্বিংশতি খণ্ড৷৷

৷৷বেদস্তুতি৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

এ হৰি ৰাম হৰি অনন্ত মুৰাৰি৷

ভকতবৎসল নিয়ো সেৱক উদ্ধাৰি৷৷১৩৮৷৷

পদ৷৷

জগত সংহৰি সুতি আছা নাৰায়ণ৷

প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ৷৷

জগাইলা বিষ্ণুক স্তুতি কৰি ভক্তিভাৱে৷

যেন নট ভাটে চক্রৱৰ্ত্তীক জগাৱে৷৷১৬৪৯৷৷

জয় জয় হৌক হৰি আনন্দ প্ৰকাশ৷

সমস্ত জীৱৰ কৰা মায়াক বিনাশ৷৷

তুমিসি সৱাকে দিয়া চৈতন্য শকতি৷

আমি বেদগণ আত প্ৰমাণ সম্প্ৰতি৷৷১৬৫০৷৷

দশ দিগপাল সমে জগত সমস্ত৷

তোহ্মাতেসে উপজে তোহ্মাতে যায় অস্ত৷৷

আতেসে সমস্তে ব্ৰহ্ম মন্ত্ৰগণে ৰড়ৈ৷৷

যেন যৈতে ভৰি দিলে পৃথিৱীতে পৰৈ৷৷১৬৫১৷৷

তুমিসি পৰম তত্ত্ব জানি জ্ঞানীগণে৷

ছাড়ৈ পাপ তযু গুণ শ্ৰৱণ কীৰ্ত্তনে৷৷

আনন্দ ব্ৰহ্মক যিটোজনে ভজে স্বামি৷

তাহাৰ মহিমা আৰ কি কহিবো আমি৷৷১৬৫২৷৷

মনুষ্য শৰীৰ পায়া যিটো নৰগণ৷

নকৰে তোহ্মাৰ যদি শ্ৰৱণ কীৰ্ত্তন৷৷

বিফলে জনম গৈল ভৈল সৰ্ব্বনাশ৷

জীৱন্ততে মৰা সিটো ভাথিৰ নিশ্বাস৷৷১৬৫৩৷৷

শৰীৰৰ ছয়চক্র চিন্তৈ যিটোজন৷

তাহাৰো গুচোৱা মৃত্যুভয় নাৰায়ণ৷৷

হৃদিগত কৰি হৰি সম্প্ৰতি তোহ্মাক৷

কৰোহোঁ উপাসা আমি সৱে বেদজাক৷৷১৬৫৪৷৷

আপুনি স্ৰজিলা চৰাচৰ দেহা যত৷

সমস্ত ঐশ্বৰ্য্য ভাৱে আছা সমস্তত৷৷

জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে৷

আৱে আমি তোহ্মাক ভজোহো সৰ্ব্বভাৱে৷৷১৬৫৫৷৷

তোহ্মাৰেসে অংশ আমি যত জীৱজাক৷

তোহ্মাৰ মায়ায়ে প্ৰভু বান্ধিলে আহ্মাক৷৷

দিয়ো উপদেশ ভজো তোহ্মাৰ চৰণে৷

মায়াৰ বন্ধন চিণ্ডো শ্ৰৱণ কীৰ্ত্তনে৷৷১৬৫৬৷৷

জ্ঞান অভ্যাসকো কেহো নেদেখি বিশেষ৷

শ্ৰৱণ কীৰ্ত্তনে তৰৈ সংসাৰৰ ক্লেশ৷৷

তোহ্মাৰ ভক্তৰ সঙ্গ পায়া অনুপম৷

ধৰ্ম্ম অৰ্থ কাম মোক্ষ কৰৈ তৃণ সম৷৷১৬৫৭৷৷

তুমিসি পৰম প্ৰিয় আত্মা নাৰায়ণ৷

তযু পদ পঙ্কজে মজোক মোৰ মন৷৷

ভাৰতে মনুষ্য জন্ম নুহিকে সেন্থৰে৷

তোহ্মাক নভজি আত্মঘাত কৰি মৰে৷৷১৬৫৮৷৷

প্ৰেমভাৱে সুদুৰ্ল্লভ তোহ্মাক স্মৰণ৷

যেন তেন মতে কৰো শ্ৰৱণ কীৰ্ত্তন৷৷

সদায়ে থাকোক মোৰ মন তযু পাৱে৷

বোলা হৰি হৰি আৱে প্ৰাণ থাকে যাৱে৷৷১৬৫৯৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷ হৰি হৰিয়ো ক্লেশ হৃষীকেশ

কৰুণাসাগৰ৷

মায়া মহোদধি মাঝে মজিলোহো

মাধৱ মোক উদ্ধৰ৷৷১৩৯৷৷

পদ৷৷ বুদ্ধি অহঙ্কাৰে আৱৰিলে আতি

মহামূঢ় ভৈলো স্বামী৷

তোহ্মাৰ অখণ্ড আনন্দ ৰূপক

কিমতে জানিবো আমি৷৷

দীন দয়াশীল দিয়ো উপদেশ

তোহ্মাৰ চৰণে ধৰো৷

শ্ৰৱণ কীৰ্ত্তন স্মৰণ ভক্তিক

সদায় যিমতে কৰো৷৷১৬৬০৷৷

মিছা তৰ্কবাদে ভৈলো অন্ধকাৰ

তাতে ভ্ৰমো মন্দমতি৷

তযু জ্ঞানপন্থ খুজিয়া নপাওঁ

কৰা হৰি মোৰ গতি৷৷

তযু গুণ নাম মুখে নছাড়োক

কৰা কৃপা চক্রপাণি৷

মাধৱ বামন গোৱিন্দ বোলন্তে

মুকুত হৈৱো কৈসানি৷৷১৬৬১৷৷

তুমি সত্য ব্ৰহ্ম তোহ্মাত প্ৰকাশে

জগত ইটো অসন্ত৷

জগততে সদা তুমিও প্ৰকাশা

অন্তৰ্য্যামী ভগৱন্ত৷৷

এতেকেসে জ্ঞানী গণে অৱশেষি

জগতকে বোলে হৰি৷

আৱে জগজীৱ তোহ্মাৰ চৰণ

ভজো হৃদয়ত ধৰি৷৷১৬৬২৷৷

যত তপ আছে সমস্তে কৰোক

পৰোক পৰ্ব্বতে উঠি৷

সমস্তে তীৰ্থক স্নানিয়া ফুৰোক

বেদক পঢ়োক তুষ্টি৷৷

যত যজ্ঞ আছে সমস্তে যজোক

কৰোক যোগ অভ্যাস৷

হৰিৰ কীৰ্ত্তন নকৰি তথাপি

নেড়ায় মৃত্যুৰ ত্ৰাস৷৷১৬৬৩৷৷

নাহি দেহেন্দ্ৰিয় সমস্ত কৰ্ত্তাৰ

শক্তিক ধৰা একলে৷

তুমিসি সৰ্ব্বজ্ঞ তুমি সৰ্ব্বকৰ্ত্তা

তোহ্মাক সেৱৈ সকলে৷৷

যেন চক্রৱৰ্ত্তী ৰাজাক যোগাৱৈ

সামৰাজে কৰভাৰ৷

ব্ৰহ্মা আদি কৰি দেৱৰ ঈশ্বৰ

তযু পাৱে নমস্কাৰ৷৷১৬৬৪৷৷

তোহ্মাৰেসে মায়া কৰ্ম্মে বন্দী হুয়া

সংসাৰে উপজো মৰো৷

দুঃখ সাগৰত ত্ৰাণ কৰা হৰি

তোহ্মাৰ চৰণে ধৰো৷৷

তুমি অন্তৰ্য্যামী সমস্ত লোকৰ

তুমি মহেশ্বৰ দেৱ৷

তুমিসি সৰ্ব্বজ্ঞ নৃসিংহ তোহ্মাক

মনে কৰো আমি সেৱ৷৷১৬৬৫৷৷

সংসাৰ চক্রৰ কৰৱতে ছিণ্ডে

নেৰৈ মহামোহ ভয়৷

তোহ্মাৰ চৰণে পশিলো শৰণে

ৰক্ষা কৰা কৃপাময়৷৷

তুমি মহাগুৰু তোহ্মাৰ চৰণে

মনে যদি লৱৈ বাস৷

তোমাৰ কৃপায়ে সৱে সিদ্ধি হৈব

নলাগৈ জ্ঞান অভ্যাস৷৷১৬৬৬৷৷

তুমি আত্মা হেন জানিয়া তোহ্মাক

চিত্তে ভজৈ যিটোজন৷

তুছ পুত্ৰ দাৰা বিষয় ভোগক

নাহি তাৰ প্ৰয়োজন৷৷

তোহ্মাৰ নামক মুখে ফুৰৈ গাই

হিয়ে তযু ৰূপ ধৰি৷

শুনে মানে ধ্বনি পলায় পাতক

ডাকি বোলা হৰি হৰি৷৷১৬৬৭৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷ ৰাম হৰি কৰুণাময় তোহ্মাৰ চৰণে ভজো৷

স্বামি দুনাই যেন সংসাৰে নমজো৷৷১৪০৷৷

পদ৷৷তোহ্মাৰ চৰণ চিন্তি যথাত ভকত থাকে

সেহি পুণ্য সেহি তীৰ্থস্থান৷

তোহ্মাৰ অমৃত কথা ধাৰায়ে বহৱৈ যথা

তাক যিটো জনে কৰৈ পান৷৷

এড়ায় সংসাৰ ক্লেশ কুৎসিত বিষয় সুখ

তাসম্বাৰ নাহি অভিলাস৷

একবাৰ মাত্ৰ তযু চৰণ চিন্তিলে যিটো

তাৰ সুখ নুহি গৃহবাস৷৷১৬৬৮৷৷

অসন্ত জগতখান তোহ্মাত উদ্ভৱ ভৈল

সন্ত হেন প্ৰকাশৈ সদায়৷

কৰ্ম্মজড় মনুষ্যৰ মনমগ্ন ভৈল তাতে

বেদৰ নুবুজৈ অভিপ্ৰায়৷

তোহ্মাৰ অদ্বৈত ৰূপ পৰম আনন্দ পদ

তাতে মোৰ মগ্ন হৌক চিত্ত৷

ভৈলোহো দাসৰ দাস জানি আৱে নৰহৰি

আহ্মাক নেড়িবা কদাচিত৷৷১৬৬৯৷৷

মুকুট কুণ্ডল যেন সুৱৰ্ণৰে ভিন্ন নুহি

মিছা মাত্ৰ নাম ৰূপ যত৷

অহঙ্কাৰ পঞ্চভূত তোহ্মাত পৃথক নুহি

প্ৰভু পৰমাৰ্থ বিচাৰত৷৷

তোহ্মাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া

ভৰি তুলি মৰ্দ্দে মোৰ মাথ৷

পৰম আতুৰ হুয়া তোহ্মাত শৰণ লৈলো

মায়াক নিবাৰা জগন্নাথ৷৷১৬৭০৷৷

সন্ন্যাসীৰ বেশ ধৰি লোকক বঞ্চিলো ছলে

ভৈলো ভোগ চিন্তায়ে ব্যাকুল৷

ৰাত্ৰি দিনে মোহ মোৰ মনৰ নুগুছৈ আতি

নানা বিধ উদ্যমে আকুল৷৷

অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব্ব বাঢ়ি গৈল

লন্দ্ৰিলোহো তোহ্মাৰ আজ্ঞাক৷

দীন অনাথক কৃপা কৰাহা পৰমানন্দ

প্ৰভু আৱে ৰাখিয়ো আহ্মাক৷৷১৬৭১৷৷

তোহ্মাৰ পৰম জ্ঞান মাধৱ দিয়োক মোক

যিটো খণ্ড সুখ দুঃখ হীন৷

নুহি নাৰায়ণ দিয়া শ্ৰৱণ-কীৰ্ত্তন ভক্তি

নোহো যেন বিধিৰ অধীন৷৷

ব্ৰহ্মায়ো নপান্ত অন্ত তোহ্মাক নজানৈ বেদে

আপুনিও নজানা সমূলি৷

এতেকে কেৱলে আমি তোহ্মাৰ চৰণে স্বামী

ভজিলোহো জয় জয় বুলি৷৷১৬৭২৷৷

চাৰিবেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্ৰ

পৰম বেদান্ত ভাগৱত৷

সনক সনন্দ মুনি যোগজ্ঞান বিচাৰিয়া

উদ্ধাৰিলা তাৰ সাৰ তত্ত্ব৷৷

আগম পুৰাণ যত বেদান্তৰ তাতপৰ্য্য

জানি কৰা ভকতিক সাৰ৷

শ্ৰৱণ কীৰ্ত্তন বিনা আন পুণ্যে নপায় জানা

ইটো ঘোৰ সংসাৰৰ পাৰ৷৷১৬৭৩৷৷

শুনিয়োক বুদ্ধজন জনম মৰণ দুঃখ

তৰিবাক যাৰ ইছা আছে৷

গোৱিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰা

অন্তকে কেশত ধৰি আছে৷৷

ইহেন মনুষ্য জন্ম সেন্থৰে নপাইবা আউৰ

চাৰিবেদে কহে নিষ্ঠ কৰি৷

মাধৱৰ চৰণৰ কিঙ্কৰ শঙ্কৰে কহে

সদা ডাকি বোলা হৰি হৰি৷৷১৬৭৪৷৷

৷৷বেদস্তুতি সমাপ্ত৷৷২৪৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!