চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ সময়ত নাপায়!
লেখক- হামজা চৌধুৰী
চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ সময়ত খাদ্য খাব নাপায় বুলি যুগ যুগ ধৰি সমাজত এক জনবিশ্বাস প্ৰাচীন কালৰে পৰা চলি আহিছে। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই জনবিশ্বাসক সম্পূৰ্ণ অন্ধবিশ্বাস বুলি গণ্য কৰা হয়।
গ্ৰহণৰ সময়ত খাব নাপায় বুলি চলি অহা অন্ধবিশ্বাস কিদৰে উৎপত্তি হ’ল?
ধৰ্মীয় আৰু পৌৰাণিক আৰু বিশ্বাস:- প্ৰাচীন ভাৰতীয় সংস্কৃতিত চন্দ্ৰগ্ৰহণক পৌৰাণিকভাৱে ৰাহু নামৰ দৈত্যৰ দ্বাৰা চন্দ্ৰক গ্ৰাস কৰা বুলি ভবা হৈছিল। গ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ কৰিলে শৰীৰত নেতিবাচক শক্তি প্ৰৱেশ কৰিব পাৰে বুলি ধাৰণা আছিল। ধৰ্মীয় পৰম্পৰা মতে গ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ কৰিলে খাদ্য দূষিত হ’ব পাৰে বা স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে বুলি ভবা হৈছিল।
পৰিৱেশ পৰিৱৰ্তনজনিত ভয়:- প্ৰাচীন কালত আদিম মানুহে গ্ৰহণৰ ফলত ধৰালৈ হঠাতে অন্ধকাৰ নামি অহা, জীৱ-জন্তুৰ অস্বাভাৱিক আচৰণ দেখি ভয় খাইছিল। সেয়েহে, আদিম মানুহে এই সময়খিনিক অশুভ বুলি ভাবিছিল আৰু খাদ্য গ্ৰহণৰ পৰা বিৰত থকাটো শুভ বুলি গণ্য কৰিছিল। প্ৰাচীন কালত গ্ৰহণৰ বিজ্ঞান সম্পৰ্কে জ্ঞানৰ অভাৱ আছিল, যাৰ ফলত মানুহে ইয়াক ভয় আৰু অশুভৰ সৈতে জড়িত কৰিছিল। বহুতে গ্ৰহণক “অশুভ” বুলি মানে। ভয়, উৎকণ্ঠা বা মানসিক চাপৰ ফলত মানুহে শৰীৰত অস্বস্তি, বমি, মূৰৰ বিষ ইত্যাদি অনুভৱ কৰিব পাৰে। এইটো আচলতে সম্পূৰ্ণ মনস্তাত্ত্বিক হে, প্ৰকৃত শাৰীৰিক প্ৰভাৱ নহয়। বহু ঠাইতে গর্ভৱতী মহিলাক গ্ৰহণৰ সময়ত বাহিৰত নাথাকিবলৈ কোৱা হয়। কিন্তু বিজ্ঞানৰ মতে, চন্দ্ৰগ্ৰহণৰ ফলত গর্ভস্থ শিশুৰ কোনো ক্ষতি হোৱাৰ ঘটনা আজিলৈকে হোৱা নাই।
আয়ুৰ্বেদৰ পৰা উৎপন্ন ধাৰণা:- কিছু আয়ুৰ্বেদিক ধাৰণা অনুসৰি গ্ৰহণৰ সময়ত পৰিৱেশৰ ওপৰত বিকিৰণ বা শক্তিৰ পৰিৱৰ্তন ঘটে আৰু এইটোয়ে খাদ্যৰ ওপৰত প্ৰভাৱ পেলাই তাৰ গুণগত মানৰ ক্ষতি কৰে। সেইবাবে, এই সময়ত খাদ্য প্ৰস্তুত বা গ্ৰহণ কৰাটো ঠিক নহয় বুলি ভবা হৈছিল।
বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা ইয়াক অন্ধবিশ্বাস বুলি কিয় গণ্য হয়? আচলতে চন্দ্ৰগ্ৰহণ কি?
চন্দ্ৰগ্ৰহণ এটা প্ৰাকৃতিক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা। এই সময়ত পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে। ফলস্বৰূপে চন্দ্ৰৰ পোহৰ আংশিক বা সম্পূৰ্ণৰূপে ঢাক খায়। এই পৰিঘটনাৰ ফলত খাদ্য বা মানুহৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক কোনো প্ৰভাৱ পৰাৰ প্ৰমাণিত বৈজ্ঞানিক প্ৰমাণ নাই। নাছা আৰু অন্যান্য জ্যোতিৰ্বৈজ্ঞানিকে কৰা বিভিন্ন গৱেষণাৰ মতে, চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ক্ষতিকাৰক বিকিৰণ বা শক্তিৰ পৰিৱৰ্তন ঘটে বুলি আজিলৈকে কোনো তথ্য-প্ৰমাণ পোৱা নাই।
খাদ্যৰ গুণগত মান পৰিৱেশৰ স্বাভাৱিক অৱস্থা, যেনে- তাপমাত্ৰা, আৰ্দ্ৰতা আদিৰ ওপৰতহে নিৰ্ভৰ কৰে; গ্ৰহণ কৰা সময়ৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নাই। চিকিৎসা বিজ্ঞানৰ বিভিন্ন গৱেষণাত এই সময়ত খাদ্য গ্ৰহণৰ ফলত শৰীৰত কোনো ক্ষতিকাৰক প্ৰভাৱ পৰাৰ কোনো প্ৰমাণ নাই।
চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণত মানুহৰ শৰীৰত কোনো বিশেষ জ্যোতিৰ্বৈজ্ঞানিক ক্ষতিকাৰক প্ৰভাৱ পৰাৰ প্ৰমাণ নাই।
মানসিক ভয়-অন্ধবিশ্বাসৰ ফলত অস্বস্তি হ’ব পাৰে, কিন্তু বৈজ্ঞানিকভাৱে শৰীৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে। গ্ৰহণ হৈছে প্ৰাকৃতিক আকাশীয় দৃশ্য, ইয়াক ভয় নকৰাকৈ উপভোগ কৰাটোৱেই যুক্তিসংগত।
