চাধা পুৰাণ (ৰিদিপ কুমাৰ নাথ)
আদেৰীক লৈ ওল্লু এক্দিন গহাটী দেইখোং বুলি
খেচ্-খেচে থাকে সদায় ঠগে থাকা বুলি
কলাক্ষেত্ৰ, উমানন্দ, মিউজিয়াম চাএ বোলে
পুৱাই উঠি মিচ্কল দিম থাক্পি তোই ওলে
বাচ এখেন পালু দ’ক চিট দুটাও আছে
খিৰ্কীৰ কাখোত বোহে বুলে হোবো দে পাছে
যাই আছু যাই আছু বৰকুৰাৰ চোক পালু
দোটাই মিলি তাতে দুটা মেংগো ফুৰ্টি খালু
যাই থাকাতে ঘুম্টিএ তাইক হেচা মাৰি ধ’ল্লাক
বাউ এটাত মাথা ফেলে তাতে পাইথ্লা দিলাক
ঘগ্ৰাপাৰত ক্ৰছিং আছে ৰেল আইছি বুলে
বাছখেন ৰোখে দিলাক আদেৰীহে মাথা নুত্লে
বাউটু বিহে গেইছি চাধা খাবা মন গেল
মোই বুলু এয়ে চাঞ্চ আদেৰীক বানোবা বেল
আস্তেকে তাইৰ মাথাটু চিটোৰ পাছত ফেলে দিলু
মোনে মোনে গম নাপোকে চাধা নাউংমেনোকে গিলু
টেমাটু উইলে চূণ নাউংমেন ঘেস্তে লোলু হাতোত
অকস্মাতে চক্ খাই উঠ্লু আদেৰীৰ মাতোত
নামহে তাইৰ আদেৰী বুদ্ধি পাছে বাৰ পাচি
ট ট কে চকু দুটা তাইৰ আছে দুখুন নাচি
মোই বুলু সৰ্বনাশ ধোৰা পোল্লু আজি
গহাটি ভ্ৰমণ গল্লাই যাবো ইতা মিছাতে আইহ্লু সাঁজি
আস্তেকে উঠি তাই মোহ্ৰিলাক চকু দুটা
চূণ অলপ বেছিকে দি মোক লোগিও মাৰ ইতা
মোই বুলু কি শুনছু ইগ্লা সঁচা না মিছা ?
তোইহে আক্লাই খাবা পাৰা বুলি কিওনু ভাব্ছা ?
আজিকালি চোব সমান চোলি-জিয় নাই
ঘুম্টিৰ নিচা ভাঙি যাবো চাধাখিনি খাই
কেনে আপিৰ পাল্লাত পোল্লু চাধাও খাই দুখুন
গহাটি চাঅ’ত শান্তি নাপ্লু কি বুজ্বি তুহুন !
( ওল্লু=ওলালোঁ; গহাটী দেইখোং=গুৱাহাটী দেখুৱাওঁ; ঠগে= ঠগাই; থাক্পি তোই ওলে= থাকিবি তই ওলাই; পালু দ’ক= পালোঁ দিয়ক; দোটাই=দুয়ো; চাএ=চায়; কাখোত বোহে=কাষত বহে; হোবো=হ’ব; যাই আছু= গৈ আছোঁ; ঘুম্টিএ=টোপনিয়ে; ধ’ল্লাক=ধৰিলে; মাথা ফেলে=মূৰ পেলাই; পাইথ্লা দিলাক=শুই গ’ল; আইছি=আহিছে;ৰোখে=ৰখাই;নুত্লে=নোতোলে; মোনে মোনে=চুপ-চাপ; নাউংমেন=অলপ; বাউ= বাঁহু (কান্ধ); আস্তেকে=লাহেকৈ; ফেলে=পেলাই; ঘেস্তে=ঘঁহি; টেমাটু উইলে=টেমাটো উলিয়াই; ধোৰা পোল্লু=ধৰা পৰিলোঁ; গল্লাই যাবো=বৃথাই যাব; আইহ্লু=আহিলোঁ; মোহ্ৰিলাক=মোহাৰিলে; মোক লোগিও মাৰ ইতা=মোলৈও বনোৱা এতিয়া; ইগ্লা=এইবিলাক; তোইহে আক্লাই=তইহে অকল (কেৱল তইহে); কিওনু=কিয়; চোলি-জিয়=ল’ৰা-ছোৱালী; পোল্লু=পৰিলোঁ; চাঅ’ত=চাওঁতে; নাপ্লু=নাপালোঁ; তুহুন=তহঁতে )