ডঃ অমৰজ্যোতি চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ
লেখক- শ্ৰী বৰ্ণালী পাঠক
‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা এইবাৰ সাক্ষাৎ কৰা হৈছিল অসমৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, পৰিচালক, নাট্যকাৰ, অভিনেতা, বিজ্ঞানী আৰু আবৃত্তিকাৰ ডঃ অমৰজ্যোতি চৌধুৰীক। অসমীয়া সাহিত্য, নাট, বোলছবি তথা শৈক্ষিক খণ্ডলৈ বিশেষ অৱদান আগবঢ়োৱা ডঃ অমৰজ্যোতি চৌধুৰী মানেই যেন হ’ল এক উজ্জ্বল নক্ষত্ৰ। ‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী বৰ্ণালী পাঠক তথা ‘অসমীয়াত কথা বতৰা’ গোটৰ সক্ৰিয় সদস্য শ্ৰী চিত্তৰঞ্জন ওজাই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী বৰ্ণালী পাঠক, শ্ৰী চিত্তৰঞ্জন ওজা আৰু শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দ্বীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ: আপুনি একাধাৰে শিক্ষাবিদ, বিজ্ঞানী, কবি, আবৃত্তিকাৰ, নাট্যকাৰ, সাহিত্যক, অভিনেতা তথা এগৰাকী প্ৰথিতযশা সম্পাদক। সকলোৱে আপোনাৰ এই বিভিন্ন পৰিচয়ৰ সৈতে ভালদৰে পৰিচিত। এই পৰিচয়সমূহ পোৱাৰ আগৰ অমৰজ্যোতি চৌধুৰী কোন আছিল বাৰু? আমাৰ চিনাকি অমৰজ্যোতি চৌধুৰীৰ শৈশৱৰ বিষয়ে আপোনাৰ মুখেৰে জানিব বিচাৰিম।
ডঃ অমৰজ্যোতি চৌধুৰী: আগৰ ল’ৰাজন একেবাৰে সাধাৰণ ল’ৰা আছিল। নিজৰ মাজতে থাকে, ওচৰৰ ল’ৰা-ছোৱালীৰ লগত খেলি থাকে। আমাৰ দেউতা আছিল খুড়ীয়েকৰ ঘৰত। দেউতাৰ খুড়ী মানে আমাৰ আইতাৰ ঘৰ আছিল উজানবজাৰত। সেয়েহে ব্ৰহ্মপুত্ৰ নৈখনৰ সৈতে আমাৰ সম্পৰ্ক অতি পুৰণি। নৈৰ পাৰত বহুত গছ-গছনি আছিল। বিশেষকৈ বহু ফল-মূলৰ গছ আছিল। সেই গছবোৰৰ বহু ওপৰলৈ নগ’লেও গছবোৰ বগাইছিলোঁ, পানীত গৈ ধেমালি কৰিছিলোঁ। বালিত খেল-ধেমালি কৰিছিলোঁ, পানীত কাগজৰ নাও উটুৱাই দিছিলোঁ। এইবোৰ কৰি ভাল পোৱা ল’ৰা আছিলোঁ মই। কিন্তু যেতিয়া মোক স্কুলত নাম লগাই দিয়া হ’ল, হঠাতেই মোক সেই জীৱনটোৰপৰা আঁতৰাই নিয়া যেন মোৰ অনুভৱ হ’ল। প্ৰথমতে মোক মোৰ জেঠাই এগৰাকীয়ে ‘চেইণ্ট মেৰিজ’ত নাম লগাই দিলে। ‘চেইণ্ট মেৰিজ’ স্কুলত তেতিয়া ল’ৰা-ছোৱালী একেলগে পঢ়িব পাৰিছিল। তাত এটা নিয়ম আছিল যে ‘য়ুনিফৰ্ম’ হিচাপে ‘টাই’ মাৰি যাব লাগিব। ‘টাই’ মাৰি যোৱাটোত মই বৰ কষ্ট পালোঁ। প্ৰথম দুদিন মই কষ্টেৰে শ্ৰেণীত উপস্থিত থাকিলোঁ। কিন্তু তৃতীয় দিনা মাক-দেউতাক আহি ক’লোঁহি, “মই আৰু এইখন স্কুললৈ নাযাওঁ, ইয়াত ‘টাই’ মাৰিব লাগে”। তেনেকৈয়ে মোৰ প্ৰথম স্কুলখনৰ যাত্ৰা অন্ত পৰিল।
কথাটো চন্দ্ৰপ্ৰভা শইকীয়ানী আইতাই কেনেবাকৈ গম পালে। গম পাই তেওঁ ভাবিলে যে ব্ৰিটিছৰ বিৰোধিতা কৰি মই ‘টাই’ মাৰিব খোজা নাই। সেই কাৰণে তেওঁ মিঠাই লৈ মোক ওলগ জনাবলৈ আহিল। তেওঁক মই আচল কথাটো জনাবলৈ বাধ্য হ’লোঁ যে ব্ৰিটিছৰ বিৰোধিতা কৰি নহয়, মই ‘টাই’ মাৰিবলৈ ডিঙিত কষ্ট পোৱা বাবেহে স্কুল বাদ দিছোঁ। মই নাজানিছিলোঁ যে ‘টাই’ মৰাটো ব্ৰিটিছে অনা ব্যৱস্থা। সেইটো মোৰ চিন্তাতেই নাছিল।
তাৰ পিছত মোক ‘চেইণ্ট মেৰিজ’ৰ সমুখত থকা ‘চেনিকুঠী বালক বিদ্যালয়’ত নাম লগাই দিয়া হ’ল। স্বাধীন জীৱন-যাপন কৰা ল’ৰা এটাক ঘৰৰ ভিতৰত বন্দী কৰি দিয়াৰ যি বেদনা, সেয়া মই বিদ্যালয়ত থাকি অনুভৱ কৰিবলৈ ধৰিলোঁ। সেই অশান্তিৰ বাবেই ছাৰৰ কথাবোৰ মই নুশুনা হলোঁ। নুশুনিলে তাৰ ফলাফল কি হ’ব সকলোৱে জানো। পঢ়া-শুনা মোৰ বৰ বেয়া, কোনো কথা মোৰ মনত নৰয়। আমাৰ ক্লাছৰ সকলোবোৰ ল’ৰা বৰ চোকা আছিল। ছাৰে প্ৰশ্ন সুধিলে তেওঁলোকে হাত দাঙি উত্তৰ দিয়ে। মই এইবিলাক একোৱেই কৰিব নোৱাৰোঁ। গতিকে ক্লাছৰ ভিতৰতে অন্যতম ‘গাধা’ ল’ৰা মই আছিলোঁ।
তেনেকৈয়ে বহুদিন গ’ল। এবাৰ ছয়মাহিলী পৰীক্ষাত (তেতিয়া ছয়মাহিলী পৰীক্ষাৰ নম্বৰো গণনা কৰে ফাইনেল পৰীক্ষাৰ বাবে) মই অংকত এশৰ ভিতৰত দহ পাইছিলোঁ। দহ পোৱা বাবে মোক গ্ৰেছ মাৰ্ক দিহে পাছ কৰাই দিছিল। এনেকুৱা অৱস্থা মোৰ। কিন্তু এনেকুৱা চলি থাকোঁতেই হঠাৎ এদিন এটা ব্যতিক্ৰম ঘটিল। আমাক এদিন উমেশ গোস্বামী ছাৰে গছৰ তলত বহুৱাই ল’ৰা এজনক নেওতা মাতিবলৈ দিলে। তেওঁ সুৰ লগাই মাতি থাকে, “একে একে দুই, একে দুয়ে তিনি…।” আমি শুনি শুনি মনত ৰাখিব লাগে। এনেয়েতো মোৰ কোনো কথাই মনত নাথাকে! কিন্তু সেইদিনাখন লগে লগে মনত থাকিল। তাকে দেখি ছাৰে আহি মোক ক’লে, “কথাবোৰ ছন্দত থকা বাবে তোৰ আজি মনত থাকিল। গতিকে তই দেউতাৰক ক’বি যে তোৰ কাৰণে তেওঁ কেইটামান কবিতা লিখি দিয়ক। কবিতা লিখি দিলে চাগৈ তোৰ মনত থাকিব।” মই দেউতাক গৈ ছাৰে কোৱা কথাটো ক’লোঁ। মোৰ জন্মদিনত দেউতাই এটা কবিতা লিখি দিলে। কবিতাটোৰ নাম আছিল ‘মোৰ লক্ষ্য’। এইটো পিছলৈ কেতবোৰ বিদ্যালয়ৰ পাঠ্যপুথিতো সন্নিৱিষ্ট কৰা হৈছিল। পিছে সেইটো কবিতাও প্ৰথমতে মোৰ মনত নাথাকে। মোৰ আত্মবিশ্বাস ইমানেই নাই।
কথাবোৰ মনত ৰাখিব পৰা নাই। মায়ে ওৰে ৰাতি কবিতাটি মোৰ লগত গাই থাকে। গাই গাই শেষত যেনিবা মোৰ মনত ৰ’ল। মোৰ মনত আছে যে সিদিনা আমাৰ ঘৰলৈ দেউতাক লগ পাবলৈ সাংসদ হেম বৰুৱা ডাঙৰীয়া আহিছিল। আহোঁতে দেউতাই ক’লে, “ই এটা কবিতা গাব।” মোক তেওঁ কবিতাটো গাবলৈ দিলে। কবিতাটো গোৱাৰ পিছত হেম বৰুৱা ডাঙৰীয়াই আমাৰ ওচৰৰে ‘বিষ্ণু ভাণ্ডাৰ’ৰ পৰা মোক জিলাপী আনি খুৱালে। সেয়াই মোৰ জীৱনৰ প্ৰথম স্বীকৃতি। আবৃত্তি বা কবিতাৰ জৰিয়তে মই এটা অস্তিত্ব পালোঁ।
আমি যেতিয়া প্ৰথম শ্ৰেণী পালোঁ, তেতিয়ালৈ মই কথাবোৰ মনত ৰাখিব পৰা হৈছোঁ, নাটক কৰিব পৰা হৈছোঁ, চৰিত্ৰবোৰৰ কথাবোৰ মনত ৰাখিব পৰা হৈছোঁ। এনেকৈ অভিনয় কৰি থাকোঁতে বিখ্যাত পৰিচালক নিপ বৰুৱাই এদিন মোৰ অভিনয় দেখি ভাল পালে। আমাৰ স্কুলৰপৰা গোস্বামী ছাৰে ‘জীৱন’ নামৰ এখন নাটক মঞ্চস্থ কৰিছিল। নাটকখনত মোক মূল চৰিত্ৰ এটাত অভিনয় কৰিবলৈ দিয়া হৈছিল। তাতে মোৰ অভিনয় চাই নিপ বৰুৱাই দেউতাক ক’লে যে ‘মাক আৰু মৰম’ নামৰ এখন ছবি হ’ব, তালৈ অভিনয়ৰ বাবে মোক তেওঁ লৈ যাব। ছবি কৰিবলৈ কলিকতা গৈ পালোঁ। চিনেমাখন হৈ গ’ল আৰু বিহুৰ সময়ত সেইখন মুক্তিৰ ব্যৱস্থা কৰা হ’ল। ডাঙৰ ডাঙৰ পোষ্টাৰ লাগিল, মোৰ খুব ফুৰ্তি নিজকে দেখা পাই।
সেই সময়ত কিন্তু চিনেমা কৰা মানুহৰ প্ৰতি আমাৰ সমাজৰ দৃষ্টিভঙ্গী খুব ভাল নাছিল। সেয়েহে মাক-দেউতাকসকলে মোক দেখুৱাই নিজ সন্তানক কয়, “ইয়াৰ লগত নেখেলিবি, ই পঢ়া-শুনাত ভাল নহয়।”
যদিও মই খেলাত খুব ভাল নাছিলোঁ, মই সেইখিনি সময়ত ফুটবল খেলি খুব ভাল পাইছিলোঁ। ল’ৰাবিলাকে স্কুলত যদিও মোৰ লগত খেলে, আবেলি যেতিয়া মই ঘৰৰ কাষত ফিল্ডত খেলিবলৈ যাওঁ, তেতিয়া মোক সিহঁতে খেলিবলৈ নিদিয়ে। গতিকে মই ‘ফিল্ড’ৰ কাষত ৰৈ থাকোঁ। বলটো চুবলৈ পালেই মই স্বৰ্গ পোৱা যেন পাওঁ। প্ৰায় এমাহমান মই ফিল্ডৰ কাষতে বহি আছিলোঁ। তেনেদৰে বহি থাকোঁতেই এদিন মোৰ লাজৰ অনুভৱ হ’ল। মই কি কৰি আছোঁ মই তাকে ভাবিলোঁ! মই বলটো খেলিবও নোৱাৰোঁ! বলটো ধৰি ধৰি মই ল’ৰাবিলাকক খেলিবলৈ দি থাকোঁ! মই কি কৰি আছোঁ! মই ঠিক কৰিলোঁ যে মই আৰু সেইখন পথাৰলৈ খেলিবলৈ নাযাওঁ। মই ঘৰলৈ উভতি গ’লোঁ।
ঘৰলৈ উভতি গৈ পাঁচ-ছয়বছৰীয়া ল’ৰা এটাই আবেলি সময়ত কি কৰি থাকিব? একো উপায় নাপাই মাৰ গোঁসাইঘৰত থোৱা কীৰ্তনখনৰে পাত লুটিয়াবলৈ ধৰিলোঁ। একো বুজি পোৱা নাই, কিন্তু পাত লুটিয়াই আছিলোঁ—এই কথাটো মোৰ মনত পৰে। এনেকৈ থাকোঁতে থাকোঁতে পিছত আবেলিবোৰত মই একো উপায় নাপাই বাতৰিকাকত পঢ়িবলৈ ল’লোঁ। দেউতাক খুজি সৰু সৰু কিতাপো পঢ়িবলৈ ল’লোঁ। সেয়া পঢ়ি থাকোঁতেই পাঠ্যপুথিও আগতকৈ আগ্ৰহেৰে পঢ়িবলৈ ল’লোঁ। তেনেকৈয়ে সেইবছৰ যেতিয়া দ্বিতীয় শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ওলাল, তেতিয়া মই ‘গ্ৰেছ মাৰ্ক’ পোৱা ল’ৰাটোৱে হঠাৎ গৈ বছৰেকীয়া পৰীক্ষাত তৃতীয় হ’লোঁ। আচৰিত কথা! মইতো আচৰিত হৈছোৱেই, মোৰ সকলো বন্ধুও আচৰিত হ’ল। মোৰ যিজন বন্ধু সাধাৰণতে তৃতীয় হয়, তেওঁ আকৌ আমাৰ স্কুলৰ চিৰিত বহি কান্দিবলৈ লাগিল। ময়ো তাৰ কাষতে গৈ বহি ললোঁ। সি কান্দিয়েই আছে, মই কাষতে বহি তাক মৰম কৰি আছোঁ। এটা সময়ত মোৰো চকুপানী ওলাই গ’ল। আমাৰ স্কুলৰ প্ৰধান শিক্ষক ডাঙৰীয়াই সেই সময়তেই আমাক প্ৰত্যক্ষ কৰিলে। তেওঁ দেখিলে যে আমি দুয়ো কান্দি আছোঁ। বিশেষকৈ বন্ধুজনে বৰকৈ কান্দি আছে। তেওঁ তাক সুধিলে, “তই কিয় কান্দি আছ?” সি ক’লে, “সাধাৰণতে মই তৃতীয় হওঁ কিন্তু এইবাৰতো মই চতুৰ্থ হ’লোঁ।” ছাৰে কথাটো শুনি ক’লে, “একো নহয়, ভালকৈ পঢ়িবি, অহাবাৰ তৃতীয় কিয় প্ৰথম হ’ব পাৰিবি।” মোক চাই তেওঁ সুধিলে, “তই আকৌ কিয় কান্দিছ?” মই কিয় কান্দিছোঁ মই প্ৰথমতে ঠিক উত্তৰ দিব পৰা নাছিলোঁ। শেষত ক’লোঁ যে লগৰজনে কান্দিছে কাৰণে ময়ো কান্দিছোঁ। তেতিয়া ছাৰে ক’লে, “অফিচৰূমলৈ আহ।” তেতিয়া অফিচৰূমলৈ আহিলেই বেত দিয়ে, মই ভাবিছোঁ বেত দিব, গতিকে মই হাতখন পাতি দিলোঁ। ছাৰে সুধিলে, “কিয় হাত পাতিছ?” তাৰ পিছত ছাৰে কিতাপ এখনত কিবা লিখি কিতাপখন মোক দিলে। মই কিতাপখন চাই দেখোঁ যে কিতাপখনৰ নামটো ‘জীৱনীমালা’। সতীশ চন্দ্ৰ কাকতীয়ে লিখা কিতাপখনত এনেদৰে লিখা আছে “আনৰ কাৰণে কন্দাৰ বাবে অমৰজ্যোতি চৌধুৰীক এই কিতাপখন দিয়া হ’ল।” আচৰিত কথা যে বঁটা-বিতৰণী সভাত আগতে মই কেতিয়াও কিতাপ পোৱা নাছিলোঁ। কিন্তু এইবাৰ কিতাপ পালোঁ, তাকো আনৰ কাৰণে কন্দাৰ বাবে।
ঘৰলৈ গৈ মাক কিতাপখন দেখুৱালোঁ, খুব ফুৰ্তি লাগিল মোৰ। তৃতীয় হোৱাতকৈও কিতাপখন পাই খুব ফুৰ্তি মোৰ। লাহে লাহে মোৰ পঢ়া-শুনা আগতকৈ ভাল হ’বলৈ ধৰিলে আৰু মই পৰীক্ষাত দ্বিতীয়-তৃতীয় হ’বলৈ ধৰিলোঁ।
মই তেতিয়া মাণিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত সোমাইছোঁ। তেতিয়া নিপ দাদা আকৌ আহিল চিনেমা এখন কৰিবলৈ। প্ৰথমতে মোৰ খুব ভয় লাগিছিল, আকৌ যদি ল’ৰাবোৰে মোৰ লগত নেখেলা হয়! মায়ে ক’লে, “একো নহয় যা, কিতাপখন লৈ যাবি আৰু পঢ়ি থাকিবি, ভালকৈ পঢ়িবি।” দেউতায়ো ক’লে “হ’ব হ’ব যা।” দেউতাইতো সদায় উৎসাহ দিয়ে। আকৌ চিনেমা কৰিবলৈ গ’লোঁ। এইবাৰ চিনেমা কৰোঁতে মই কিন্তু সদায় পঢ়োঁ। সুযোগ পালেই পঢ়োঁ। যেতিয়াই মোৰ দৃশ্যগ্ৰহণ নাথাকে, তেতিয়াই মই পঢ়োঁ। নিপ দাদায়ো চাই মই যাতে পঢ়োঁ। এনেকৈ আহি আহি এইবাৰ যেতিয়া পৰীক্ষা হ’ল, মই চতুৰ্থ শ্ৰেণীত প্ৰথম হ’লোঁ। সেইবাৰ যে প্ৰথম হ’লোঁ, বহুদিনলৈ মই প্ৰথম হৈয়েই থাকিলোঁ। তেনেকৈ মেট্ৰিক পৰীক্ষাতো অসমৰ ভিতৰতেই মই প্ৰথম হ’লোঁ।
যিদিনা মই পৰীক্ষাৰ ফলাফল পালোঁ, সেইদিনা প্ৰথম হোৱা বুলি ইমান হুলস্থূল হোৱা নাছিল। অলপ মানুহ আমাৰ ঘৰলৈ আহিছিল। ওচৰ-চুবুৰীয়াসকলে মিঠাইও লৈ আহিছিল। এটা সময়ত নিপ দাদা আহিছিল। নিপ দাদাই আকৌ মোক কৈ থৈছিল যে মই যেতিয়া মেট্ৰিক পাছ কৰিম, মোক হিৰো কৰি লৈ তেওঁ এখন চিনেমা কৰিব। সেই সময়ত মই চিনেমাত অভিনয় কৰিম বুলি ঠিক কৰিছিলোঁ। যেতিয়া নিপ দাদা আহিল মই লগে লগে তেখেতক সুধিলোঁ, “দাদা, চিনেমাখন কেতিয়া কৰিবা?” নিপ দাদাই ক’লে, “এতিয়াতো তোৰ লগত চিনেমা কৰিলে মানুহে মোক বেয়া বুলিব, তই পঢ়া-শুনাত ভাল কৰিছ, তই পঢ়া-শুনাতে থাক। মই তোক লৈ আৰু চিনেমা নকৰোঁ।” এইবুলি কৈ নিপ দাদা গুচি গ’ল। মোৰ মূৰত আকাশখন ভাঙি পৰা যেন হ’ল। মই আহি নৈৰ পাৰত বহি বহু সময় চিন্তা কৰিছোঁ, “কি হ’ব এতিয়া! মই দেখোন চিনেমা কৰিম বুলি ভাবিছিলোঁ কিন্তু নহ’ল। তাৰ পিছতে ভাবিবলৈ ধৰিলোঁ—মইতো প্ৰথম হৈছোঁ, কথাটো একেবাৰেতো পেলাই দিবলগীয়া নহয়। গতিকে পঢ়া-শুনাই এতিয়া ভালকে কৰিব লাগিব। সেই তেতিয়াৰপৰাই ভালকৈ পঢ়াৰ বাবে দৃঢ়প্ৰতিজ্ঞ হ’লোঁ। মোৰ বেলেগ উপায় নাই, চিনেমা নহ’ব। গতিকে পঢ়া-শুনাৰ দিশে মই আগবাঢ়িলোঁ। সেইদিনাখনেই এটা ঘটনা হ’ল। মই নৈৰ পাৰত বহি থাকোঁতেই কাগজৰ নাও এখন পাৰত লাগি থকা দেখা গ’ল। আমি আগতে সেয়া খুলি চাওঁ। সকলোৱে কয় যে আমাৰ আইতা-ককা যিসকল ঢুকাইছে তেওঁলোকে আকাশৰ পৰা চিঠি লিখি পঠিয়াইছে। এই কামটো তেতিয়াও নজনাকৈ মই কৰিয়েই আছিলোঁ। সেইদিনাখনো নাওখন দেখি মই আনিম বুলি উঠিছিলোঁৱেই। কিন্তু হঠাতে মোৰ মনত পৰিল আমাৰ এগৰাকী শিক্ষক বীৰেন বৰুৱাই কোৱা বিজ্ঞানমনস্কতাৰ কথা। তেখেতে কৈছিল যে যিবোৰ কথা সঁচা নহয় সেইবোৰক কোনো প্ৰশ্ৰয় দিব নালাগে। আমিতো জানো যে আইতা-ককা ঢুকাইছে, তেওঁলোকেতো আৰু চিঠি লিখিব নোৱাৰে। তেতিয়াহ’লে আমি কিয় এইখন খুলি চাওঁ? গতিকে সেইদিনাখন মই স্বইচ্ছাই কাগজৰ নাওখন খুলি চাবলৈ নগ’লোঁ। মোৰ যে বয়স হৈছে, মই ডাঙৰ হৈছোঁ সেয়া মোৰ উপলব্ধি হ’ল। এইখিনিয়েই মোৰ প্ৰৱেশিকা পৰীক্ষাক লৈ মূলকথা, এয়াই মোৰ শৈশৱ।
সাহিত্য ডট অৰ্গ: আপোনালোকৰ চৌধুৰী পৰিয়াল গুৱাহাটীৰ পুৰণি বাসিন্দা। বৰ্তমান গুৱাহাটীখন বহুত সলনি হ’ল। পুৰণি গুৱাহাটীক লৈ আপোনাৰ বিশেষ স্মৃতি কেনে ধৰণৰ সেয়া জনাবনে?
ডঃ অমৰজ্যোতি চৌধুৰী: পুৰণি গুৱাহাটীৰ বিশেষ স্মৃতিৰ সৌধ আছিল আত্মীয়তা। মোৰ নিজৰ আইতাৰ লগতে আমাৰ চুবুৰীৰ যিসকল আইতা আছিল, সেই সকলোবোৰক আমি নিজৰ আইতা বুলিয়েই গণ্য কৰিছিলোঁ। তেওঁলোকে যিদিনা ঘৰত ভাল কিবা ৰান্ধে ওচৰৰ সকলো ল’ৰা-ছোৱালীকে মাতে। আমাকো লৈ যায়, মোৰ বন্ধুসকলে মোক লৈ যায়। সেয়া এটা সমূহীয়া উৎসৱৰ পৰিৱেশ আছিল! ইজনে সিজনক শাসন কৰা, মৰম-চেনেহৰ এটা সুন্দৰ পৰিৱেশ আছিল। সেই পৰিৱেশটো আমাৰ মাজৰপৰা লাহে লাহে হেৰাই গ’ল। চহৰৰ পৰাতো হেৰাইছেই, গাঁৱতো বহুতখিনি হেৰাল। সকলো মানুহ একেলগ হৈ আছিল আৰু সকলোৱে একেলগে ফুৰ্তি কৰিছিল। সেই ছবিখন নোহোৱাৰ দুখটো মই বৰকৈ অনুভৱ কৰোঁ। মই লক্ষ্যধৰ চৌধুৰীৰ পুত্ৰ হোৱা হেতুকে বহু গুণী- জ্ঞানী লোকৰ সংস্পৰ্শলৈ আহিছিলো। উদাহৰণ স্বৰূপে বিষ্ণু ৰাভা আহিছিল ঘৰলৈ। এটা কথা মোৰ আজিও মনত পৰে। মই এদিন তবলা বজাই থাকোঁতে বিষ্ণু ৰাভা আমাৰ ঘৰলৈ আহিল। সেইসময়ত মই মই ত্ৰিতাল বজাই আছিলোঁ—ধা ধিন ধিন দা…না ধিন ধিন দা। তেখেতে আহি মোক সুধিলে, “এই ত্ৰিতালটো কেনেকৈ মনত ৰাখ?” মই ক’লোঁ যে আমাকতো এনেকৈয়েই শিকাইছে। তেওঁ ক’লে, “এহ….এনেকৈ মনত ৰাখে নেকি!” ত্ৰিতালটো মনত ৰাখিবলৈ তেওঁ এনেদৰে বুজাবলৈ ললে, “গুৱাহাটী গোলাঘাট তেজপুৰ যোৰহাট”, এই যে ষোল্ল মাত্ৰা, এনেকৈ মনত ৰাখিব লাগে।” তেখেতসকল অসাধাৰণ মানুহ আছিল! এইবোৰ যে কিমান দিনৰ আগৰ কথা! মই বুঢ়া হৈ গ’লোঁ, পিছে এনেধৰণৰ কথাবোৰ মোৰ মনত ৰৈ গ’ল, মই কেতিয়াও পাহৰা নাই।
মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ‘প্ৰিয়ুনিভাৰ্ছিটী’ত পদাৰ্থ বিজ্ঞান ল’লোঁ। বিষ্ণু ৰাভা তেতিয়া বিধায়ক। আমাৰ দেউতাও বিধায়ক। মই কিবা এখন তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ শ্বিলঙলৈ গৈছিলোঁ। মই দেউতাৰ লগতেই ৰাতিটো কটালোঁ। দেউতাৰ কোৱাৰ্টাৰৰ কাষতে বিষ্ণু ৰাভা ডাঙৰীয়া থাকে। তেখেতে মোক তবলা শিকা বাবে ‘ছাত্ৰ’ বুলি মাতে। মোক দেখি তেওঁ ক’লে, “ঐ ছাত্ৰ…তোক বহুত দিনৰ মূৰত দেখিলোঁ। কি কৰিছ এতিয়া? মেট্ৰিক পাছ কৰিলিয়েই তই। এতিয়া কি পঢ়িবি?” মই ক’লো যে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিতশাস্ত্ৰ আৰু নৃতত্ত্ব পঢ়িম। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিষ্ণু ৰাভা ডাঙৰীয়াইও পদাৰ্থ বিজ্ঞান পঢ়িছিল। তেওঁ মোক সুধিলে, “ফিজিক্স কি জাননে?” মই নাজানো বুলি ক’লোঁ। কাৰণ তেতিয়ালৈ আমাৰ শ্ৰেণী আৰম্ভই হোৱা নাই। তেতিয়া তেওঁ বেৰত আঁৰি থোৱা খাচী ধেনু এখন হাতত তুলি ল’লে। ধেনুখন হাতত লৈ তেখেতে ক’লে, “এয়া চা মই ধেনুত গুণ দিছোঁ। এইফালে দিওঁতে কাড়ডাল আৰু বাঁহৰ যিটো ভাঁজ আছে সেয়া এইফালে টানিছোঁ আৰু তাঁৰডাল বা ৰছীডালক আনফাললৈ টানিছোঁ। দুটা বিপৰীত ফালৰ বল আছে। তাৰ মাজেৰে কাড়ডাল কেনেকৈ যাব? কি কৰিলে ভালকৈ যাব? কেনেকুৱাকৈ যাব কাড়ডাল, সেইটোৱেই আমাক ফিজিক্সত শিকায়।” এই যে বিষ্ণু ৰাভাদেৱে এনেকৈ পদাৰ্থ বিজ্ঞান শিকালে, মই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষকসকলেও ইমান সহজকৈ পদাৰ্থ বিজ্ঞানৰ মূলকথা শিকোৱা মনত নপৰে। আৰু এটা কথা কওঁ। মোৰ ডঃ ভূপেন হাজৰিকালৈ বৰ হিংসা হয়। কিয় জানানে? তেখেতে বিষ্ণু ৰাভাৰ দৰে মানুহক শিক্ষক মানে গুৰু হিচাপে পাইছিল।
আমি যেনেকৈ বিষ্ণু ৰাভাদেৱক পাইছিলোঁ, তেনেকৈ ভূপেনদাকো পাইছিলোঁ। পাইছিলোঁ মানে তেওঁ দেউতাৰ কাষলৈ কথা পাতিবলৈ আহিছিল। মই যে ফুটবল খেলিবলৈ পোৱা নাছিলোঁ বুলি কৈছিলোঁ, তাৰ কেইদিনমানৰ পিছত ভূপেনদা আমাৰ ঘৰলৈ আহিছিল। ১৯৫৬ চনৰ কথা। ভূপেনদাই আহি ক’লে, “তোৰ ‘মাক আৰু মৰম ‘ছবিখন বৰ ভাল পালোঁ।” তেতিয়া দেউতাই কৈছিল, “ইয়াৰ বৰ দুখ হৈছে নহয়, ই ফুটবল খেলিবলৈ নাপায় এতিয়া। ভূপেন দাই সকলো শুনি মোক ক’লে, “তেনেহ’লে আহ।” আমাৰ ঘৰৰ সন্মুখতে এটুকুৰা খালী ঠাই আছিল। সেইদিনা ঠাইটুকুৰা বৰষুণ দি বোকা হৈ আছিল। তাতে ভূপেনদাই পেণ্টটো কোঁচাই লৈ মোৰ লগত ফুটবল খেলিবলৈ ধৰিলে। গতিকে ভাবকচোন কি ভাগ্যৱান মই! সিদিনাখন মই তিনি-শূন্য গলত জিকিলোঁ। মই এতিয়া ভাবোঁ যে মোৰ মনটো ভাল লগাক বুলি ভূপেনদাই হয়তো জানি বুজি সিদিনা গ’ল খাইছিল। এনেদৰে মৰম-চেনেহৰ গুৱাহাটী এখন আমি দেখিছিলোঁ, এখন মৰমলগা আৰু আত্মীয়তাৰ ভাৱ থকা মহানগৰত আমি বাস কৰিছিলোঁ।
এই যে আমাৰ এটা সমূহীয়া জীৱন আছিল, ক্ৰমে ক্ৰমে সেই জীৱনটো নোহোৱা হৈ গৈছে। এই কথাটোৱে কিন্তু মোক আচলতে বৰ দুখ দিয়ে। এনেদৰে বিচ্ছিন্ন হৈ থকাৰ যদি ভাল ফল আছে, সেয়া মই নাজানো। কিন্তু মই সেই ব্যৱস্থাত অভ্যস্ত আছিলোঁ। মোক এই কথাই বৰ দুখ দিয়ে।
সেই সময়ত গুৱাহাটী চহৰখন বৰ সৰু ঠাই আছিল। উজান বজাৰৰ ওচৰতে সকলো কেন্দ্ৰ আছিল। ভাস্কৰ নাট্য মন্দিৰত নাটক হয়। আকাশবাণীৰ কেন্দ্ৰটোও ওচৰতে আছিল। গতিকে এইখিনিতেই সকলোবোৰ মানুহক আমি দেখিবলৈ পাওঁ। সকলো নাট্যকাৰ, অভিনেতা, গায়ক-গায়িকাক আমি এইখিনি ঠাইত দেখিবলৈ পাওঁ। এতিয়া ক্ৰমান্বয়ে গুৱাহাটীখন বহল হৈ গ’ল। তাৰ ৰেহৰূপ সলনি হৈছে। সেই আগৰ গুৱাহাটীখন আজি আৰু নাই।
বিষ্ণু ৰাভাৰ বিষয়ে মই আৰু এটা কথা ক’বলৈ ভাল পাম। সেই মোৰ প্ৰথম চিনেমা ওলোৱাৰ সময়ৰ কথা। তেতিয়া বিহুৰ সময়ত ডাঙৰ পোষ্টাৰ মাৰি থোৱা আছে। সেইদিনা এগৰাকী মানুহে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিলে। আমাক সেইবাৰ ঘৰৰ পৰা প্ৰথমবাৰৰ বাবে বন্ধুৰ সৈতে অকলে বিহু চাবলৈ আহিবলৈ দিছে। এইবাৰ বন্ধুৰ সৈতে বিহু চাবলৈ আহি আমাৰ মন বিয়াকুল হৈ পৰিছে। আমি বিহু চাবলৈ আহিছোঁ। কিন্তু সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী ভাষণটো বৰ দীঘল হ’ল। আমাক ঘৰৰপৰা সময় বান্ধি দিয়া হৈছিল। বক্তৃতা চলি থাকোঁতেই ন বাজিল। আমাৰ ঘৰলৈ ঘূৰিবলৈ সময় হ’ল। আমি বিহু চাবলৈ নাপালোঁ। আমাৰ বৰ দুখ লাগিল। আমি তৃতীয় শ্ৰেণীৰ বন্ধুমহলে আলোচনা কৰিলোঁ যে এনেকৈ চলিলে কালিলৈ আমাৰ আকৌ বিহু চোৱা নহ’ব। উদ্বোধনী ভাষণটো বন্ধ কৰি দিব লাগে বুলি আমি বিহু কমিটীক এবাৰ অনুৰোধ কৰা ভাল হ’ব বুলি আমি এটি সিদ্ধান্তত উপনীত হ’লোঁ। পিছদিনাখন বিহু কমিটীক আমি সেই কথা ক’বলৈ গ’লোঁ। যাওঁতে আকৌ বিহুৰ কাৰ্য্যালয়ত দেখিলোঁ দেউতা বহি আছে! মই দেখিয়েই পলাবলৈ খুজিলোঁ। কিন্তু ল’ৰাবিলাকে মোক ঠেলা মাৰি দিলে। মই গৈ দেউতাৰ কাষতে পৰিলোঁ। দেউতাই সুধিলে, “কি হ’ল?” মই ক’লোঁ যে উদ্বোধনী ভাষণৰ কাৰণে কালি আমি বিহু চাবলৈ নাপালোঁ। সেইকাৰণে আজি ইয়াক গুচাই দিব লাগে যাতে আমি অলপ সময় বিহু চাব পাৰোঁ। তেতিয়া দেউতাই মোক বিশেষ একো নক’লে। এজন মানুহক মাতি কলে, “আপুনি আহকচোন এইফালে, ইহঁতে আপোনাৰ চাকৰিটো খাব খুজিছে।” দেউতাৰ কথা শুনি ওখ-পাখ মানুহ এজন আগবাঢ়ি আহি আমাক সুধিলে, “কি হৈছে বাচা তহঁতৰ?” আমি ক’লোঁ যে আমি বিহু চাবলৈ নাপাওঁ সেয়েহে উদ্বোধনী ভাষণটো গুচাই দিব লাগে। তেতিয়া তেওঁ সুধিলে, “ঢোলটো কিয় বজায় জান নে?”
আমি ইটোৱে সিটোলৈ চাই তেওঁক লাহেকৈ ক’লোঁ যে ফুৰ্তি লাগে কাৰণে ঢোল বজোৱা হয়। তেতিয়া ওখ-পাখ মানুহজনে ক’লে, “সেইটোতো হয় কিন্তু আৰু কাৰণ আছে নহয়। ঢোলৰ আকৃতি কিয় এনে হ’ল? বেলেগো কৰিব পাৰিলেহেঁতেন!”
“সেইটোতো আমি নাজানো”, আমি ক’লোঁ। তেতিয়া তেওঁ আমাক বুজালে।
তেওঁ ক’লে, “এই যে মেঘে মেঘে খুন্দা খায়, তেতিয়াই বিজুলী হয়, বৰষুণৰ পানীবোৰ মাটিলৈ পৰে, সেইখিনিয়ে পথাৰবোৰ সাৰুৱা কৰে, ধান গজি আহে। গতিকে আমাৰ মূল কথা হৈছে বৰষুণ। বৰষুণখিনি আমাক লাগে। আৰু সেই বৰষুণৰ মূল শব্দটো আহে মেঘে মেঘে খুন্দা মৰাৰ বাবে। সেইকাৰণে তাৰ যিটো শব্দ সেইটো আমি ধৰি ৰাখিব খোজোঁ একেবাৰে বুকুৰ ভিতৰত আৰু সেইকাৰণেই আমি ঢোলটো তেনেকুৱাকৈ সাজি লৈছোঁ। তেনেকৈ গগণাতো আমি চৰাইৰ মাতটো অনুকৰণ কৰিব খোজোঁ। তাৰ পাছত তেখেতে নিজেই সুধিলে, “এনেকুৱা কথা তহঁতক আগতে কোনোবাই শিকাইছে নে নাই?”
আমি “নাই” বুলি ক’লোঁ। তেতিয়া তেওঁ আমাক ক’লে, “মই আজি গধূলি ক’ম, তহঁত আহিবি।”
আমি উদ্বোধনী ভাষণ বন্ধ কৰিবলৈ গৈছিলোঁ। এতিয়া আকৌ উদ্বোধনী ভাষণ চাবলৈ যাবলগীয়া হ’ল। কিন্তু চাবলৈ গৈ যি শিকিলোঁ সেয়া এতিয়াও আমাৰ মনত আছে। ৰাতিপুৱা যিজন মানুহক ক’বলৈ গৈছিলোঁ সেই মানুহজনেই আছিল বিষ্ণু ৰাভা। তেওঁ আমাক কৈছিল, “তহঁত যেতিয়া ডাঙৰ হ’বি, তহঁতেও উদ্বোধনী ভাষণত চালে-বেৰে কোবাই নাথাকিবি। বিহুৰ আচল কথা, যিখিনি সাৰ অংশ, তহঁতে ল’ৰা-ছোৱালীবিলাকক ক’বি। গতিকে এতিয়াও বিহুৰ সভালৈ গ’লেই বিষ্ণু ৰাভাদেৱৰ কথাবোৰ মোৰ মনলৈ আহে। এনেধৰণৰ মানুহো আমি লগ পাইছিলোঁ। মোৰ দুৰ্ভাগ্য যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক মই লগ নাপালোঁ। মোৰ জন্মৰ আগতেই তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। তেখেতৰ লগত মোৰ সংযোগ নহ’ল। পিছে বিষ্ণু ৰাভা, ভূপেন দাৰ দৰে মানুহো আমি জীৱনত লগ পাইছোঁ। এয়া আমাৰ বাবে পৰম সৌভাগ্যৰ কথা।
সাহিত্য ডট অৰ্গ: কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক বসন্ত বৰুৱাদেৱে আপোনাক “শৈক্ষিক দিশ নে জীৱন এই দুটাৰ পৰা কোনটো বাচি ল’বা” বুলি সোধোঁতে আপুনি জীৱনক বাচি ল’লে। আপুনি জীৱনক কিয় বাচি ল’লে?
ডঃ অমৰজ্যোতি চৌধুৰী: কটন কলেজত সোমাই মই বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হ’লোঁ। শিক্ষকসকলৰ জ্ঞানে মোক অভিভূত কৰি তুলিলে। তেওঁলোকৰ প্ৰকাশভঙ্গী, মৰমিয়াল আচৰণেও মোক আপ্লুত কৰি তুলিলে। সেই সময়তেই এদিন বসন্ত বৰুৱা ছাৰে আমাক ‘Ozymandius of Egypt’ পঢ়ুৱাবলৈ ল’লে। ইমান ধুনীয়াকৈ যে এটা কবিতাও ব্যাখ্যা কৰিব পাৰি, সেয়া মই ছাৰৰ বক্তব্য শুনি অনুভৱ কৰিলোঁ।
তাৰ দুদিনমানৰ পিছত ছাৰে মোক লগ পালে। তেওঁ মোক ক’বলৈ ধৰিলে, “তোমাক এটা কথা ক’বলৈ আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি প্ৰথম হ’লা। প্ৰি-ইউনিভাৰ্ছিটি বা স্নাতক মহলাতো তোমাৰ ফলাফল ভাল হ’ব। এইটো ভাল কথা। পিছে কথা হৈছে যে ভাল ফলাফল দেখুৱাবলৈ তুমি বাকী সকলো কথা বাদ দিব লাগিব। আমাৰ কটনত পিছে বহু সুবিধা আছে। তুমি ইয়াতে নাটক কৰিব পাৰা, তৰ্ক প্ৰতিযোগিতাত ভাগ লব পাৰা, খেলিব পাৰা। পিছে এইবোৰ সুবিধা ল’লে তুমি প্ৰথম হোৱাৰ সম্ভাৱনা কম। এই যে এই ধুনীয়া কথাবোৰ আছে, তাক মই জীৱন বুলি অভিহিত কৰিছোঁ। তোমাৰ পৰীক্ষাৰ ফল মই শৈক্ষিক দিশৰূপে অভিহিত কৰিছোঁ। তুমি কি কৰিবা?”
ছাৰৰ প্ৰশ্নত মই দোমোজাত পৰিলোঁ। মোৰ অৱস্থা দেখি তেখেতক কথাটো জনাবলৈ দুদিনমান সময় দিলে। মই ঘৰলৈ গৈ মা-দেউতাৰ লগতো এই বিষয়ে কথা পাতিলোঁ। দুদিনমান ভবা-চিন্তা কৰাৰ পিছত মোৰ ভাৱ আহিল যে তৰ্ক প্ৰতিযোগিতা, নাটক আদি বাদ দি মই জীৱনত সুখী হ’ব নোৱাৰিম। পাৰিলে বাৰু প্ৰথম হ’ম। মই ছাৰক লগ ধৰিলোঁ আৰু ক’লোঁ, “ছাৰ আপুনি সোধা পৰীক্ষা নে জীৱন, মই জীৱনক বাচি ল’লোঁ।”
ছাৰে মোৰ কথা শুনি বৰ ভাল পালে। সেই সময়তেই শিক্ষক জিৰণি কোঠালৈ বসন্ত বৰুৱা ছাৰৰ সহকৰ্মী তথা আমাৰ শিক্ষক নৱকান্ত বৰুৱা ছাৰ সোমাই আহিল। বসন্ত বৰুৱা ছাৰে নৱকান্ত বৰুৱা ছাৰক ক’লে, “হেৰি, আপোনাৰ ফালে মানুহ আৰু বাঢ়িল, জীৱনৰ ফালে মানুহ বাঢ়িল।” নৱকান্ত বৰুৱা ছাৰে কথাটো জানিব পাৰি বৰ সন্তোষ পালে। তেওঁ মোৰ পিঠিত ঠপৰিয়াই ক’লে, “বাহ বঢ়িয়া। ব’লা আমি কেণ্টিনত চাহ খাবলৈ যাওঁ। আজিৰ এই সময়কণ আৰু তোমাৰ সিদ্ধান্তটো উদযাপন কৰোঁ।” মই নতুন কিতাপ কি কি পঢ়িছোঁ সেয়া তেওঁ মোৰ পৰা জানিব বিচাৰিলে। মই পঢ়া কিতাপ দুখনমানৰ কথা ক’লোঁ। ছাৰে মোক George Gamow ৰ ‘Mr Tompkins in wonderland’ পঢ়িছোঁ নে সুধিলে। মই মহাবিদ্যালয়ৰ পুথিভঁৰালৰ পৰা কিতাপখন গোটালোঁ। কিতাপখন পঢ়ি মই বিজ্ঞানৰ বহু কথাৰ সৈতে কেনেদৰে কলা জড়িত হৈ থাকে সেয়া উপলব্ধি কৰিলোঁ। কিতাপখনত থকা অণু-পৰমাণুৰ কথাই মোক আকৰ্ষিত কৰিলে, তাৰ আন্তঃপ্ৰক্ৰিয়া, কোৱাণ্টাম জগতৰ আচৰণ আদি কথাই মোক আপ্লুত কৰি তুলিলে। বিজ্ঞানৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গ’ল। বিজ্ঞানৰ এই নতুন জগতখন মোক আকৌ দেখুৱাই দিলে কলা শাখাৰ অধ্যাপক এজনে, অধ্যাপক নৱকান্ত বৰুৱাদেৱে। এনেধৰণৰ কথাবোৰে মোৰ জীৱনটোক সমৃদ্ধ কৰি তুলিছে।
সাহিত্য ডট অৰ্গ: আপুনি দিল্লী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী ল’লে আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী ল’লে। অসমৰ বাহিৰত বিশেষকৈ ইউৰোপত কৰ্মজীৱন আৰম্ভ নকৰি আপুনি কিয় অসমলৈ উভতি আহিল?
ডঃ অমৰজ্যোতি চৌধুৰী: ইউৰোপত কৰ্মজীৱন আৰম্ভ কৰিবলৈ মই সুবিধা নোপোৱা নহয়। সেই সময়ত ইংলেণ্ডত মই চাকৰি পোৱাৰ সুযোগ আছিল। মোৰ গৱেষণাৰ তত্ত্বাৱধায়ক গৰাকী বছৰটোৰ আধা সময় আমেৰিকা আৰু আধা সময় ইংলণ্ডত কটাইছিল। তেওঁৰ নাম আছিল Rudolph Kompfner। তেওঁ মোক আমেৰিকাৰ বিখ্যাত পৰীক্ষাগাৰ ‘বেল লেবেৰটৰীত কাম কৰিবলৈ সুবিধা দিব বুলিও কৈছিল। অৱশ্যে তেখেতৰ মৃত্যু ঘটিল।
সেই সময়ত চৰকাৰী জলপানি লৈ অধ্যয়নৰ বাবে বিদেশলৈ গৈছিলোঁ। অধ্যয়ন শেষ কৰি নিজ দেশলৈ ঘূৰি আহি দেশৰ সেৱা কৰিব লাগে বুলি জলপানি বিষয়ক পত্ৰত লিখা আছিল। এই কথাটোৱে মোৰ হৃদয় প্ৰোথিত কৰিছিল। সেয়া মোৰ বাবে এটি উদগনি আছিল। এনেয়েও অসমলৈ ঘূৰি আহি অধ্যয়ন কৰিবলৈ মোৰ এটা হেঁপাহ আছিল। সেই হেঁপাহক মই আলফুলে সাৱটি লৈছিলোঁ। হেঁপাহটো লৈ মই অসমলৈ ঘূৰি আহি বৰ সুখী হ’লোঁ। মানুহে মোক বুৰ্বক বুলি কয়।
মই যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি ঘৰলৈ ঘূৰি আহিছিলোঁ, মোৰ মাক-দেউতাই মোক মৰম যাচিছিল। সিদিনাই মোৰ দেউতাই মোক কৈছিল, “মই পণ্ডিত মানুহক বৰ ভাল পাওঁ। পিছে যিসকলে পঢ়া-শুনা কৰি নিজৰ ঠাইৰ মানুহখিনিৰ প্ৰতি মৰম-চেনেহ নোহোৱা হৈ যায়, তেনে পণ্ডিতক মই ভাল নাপাওঁ। তই তেনেকুৱা মানুহ কাহানিও নহ’বি।” দেউতাৰ এই কথাষাৰেও অসমলৈ ঘূৰি অহাত অনুপ্ৰেৰণা যোগাইছিল। দেউতাৰ কথাষাৰ মই শ্ৰদ্ধাৰে সুৱৰোঁ।
সাহিত্য ডট অৰ্গ: মঞ্চ, চিনেমা, পৰিচালক, সাহিত্য, কবি, গদ্য ৰচক, ঔপন্যাসিক, আবৃতিকাৰ, বিজ্ঞানী, সমাজসেৱক—আপুনি এই সকলোবোৰতে বিশেষ অৱদান আগবঢ়াইছে। ইয়াৰ ভিতৰত কোনোটো বিষয়ত কাম কৰি বেছি ভাল পায়?
ডঃ অমৰজ্যোতি চৌধুৰী: আচলতে মঞ্চ বা চিনেমাত অভিনয় কৰাৰ সময়ত অথবা পৰিচালক হিচাপে পৰিচালনা কৰাৰ সময়ত অথবা সাহিত্যৰ ৰচনা বা এটা কবিতা আবৃত্তি কৰাৰ সময়ত অথবা বিজ্ঞান বা সমাজৰ সেৱা কৰা মই যিহেতু এজনেই মানুহ, সেয়েহে মই এইসমূহ ক্ষেত্ৰত কাম কৰি নতুন নতুন অভিজ্ঞতাৰে সমৃদ্ধ হওঁ। সেই সকলোবোৰ বিষয় লৈয়েই মই এজন মানুহ। আমি আমাৰ সকলো সন্তানক ভালপোৱাৰ দৰেই আমি আমাৰ সকলো ৰূপকেই সম পৰিমাণে ভাল পোৱা তথা গুৰুত্ব দিয়া উচিত।
সাহিত্য ডট অৰ্গ: হয়তো এগৰাকী শিক্ষাবিদ নহ’লে আপুনি এগৰাকী বিশিষ্ট শিল্পী অথবা অভিনেতা হ’লহেতেন। এই বিষয়ে আপুনি আপোনাৰ মনৰ ভাৱ কেনেদৰে প্ৰকাশ কৰিব?
ডঃ অমৰজ্যোতি চৌধুৰী: আচলতে মই অধ্যয়ন, শিক্ষা আদিৰ লগত জড়িত হৈ পৰিলোঁ। মই অভিনয় কৰিছোঁ, মঞ্চ, বোলছবি আদিতো মই অংশগ্ৰহণ কৰিছোঁ। হয়তো অধ্যয়নৰ লগত জড়িত হৈ থকা বাবে অভিনয় কৰিবলৈ যি একাত্মবোধৰ আৱশ্যক হয়, সেয়া মই দিব নোৱাৰিলোঁ। সেয়েহে হয়তো মই অভিনেতা নহলোঁ।
সাহিত্য ডট অৰ্গ: অসমীয়া সাহিত্যত বিজ্ঞান সাহিত্যৰ স্থান আপোনাৰ দৃষ্টিত কেনে বাৰু?
ডঃ অমৰজ্যোতি চৌধুৰী: আমি কলেজত পঢ়ি থকাৰ সময়ত বিজ্ঞান সাহিত্য বিস্তৃত ৰূপত অধ্যয়ন কৰাৰ সুযোগ পাইছিলোঁ। নতুন আৱিষ্কাৰ, বিজ্ঞানৰ সম্ভাৱনীয়তা আদি সম্পৰ্কে আমি সেই সময়ত সঠিক খবৰেই পাইছিলোঁ। অৱশ্যে লাহে লাহে বিজ্ঞান সমিতিৰ প্ৰতি উৎসাহ কমি আহিছে বুলি মই অনুভৱ কৰোঁ। অৱশ্যে তাৰ মাজতো বহুজনে মন-প্ৰাণ ঢালি এতিয়াও কাম কৰি আছে। তেখেতসকলৰ বাবেই নতুন প্ৰজন্মৰ বহুজনে এই বিষয়ত কাম কৰি আছে।
আমি মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত বিজ্ঞান সাহিত্য বিস্তৃতভাৱে পঢ়িবলৈ সুবিধা পাইছিলোঁ। বিজ্ঞানৰ নতুন আৱিষ্কাৰ, বিজ্ঞানৰ সম্ভাৱনীয়তা আদি সম্পৰ্কে আমি বহু কথাৰ সম্ভেদ পাইছিলোঁ। পিছে বিজ্ঞান সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আগৰ সেই উৎসাহ নাই বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। অৱশ্যে তাৰ মাজতো বহুজনে বিজ্ঞান সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিছে। তেখেতসকলৰ বাবেই এই সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ লোকসকলৰো আকৰ্ষণ বাঢ়িছে। অৱশ্যে তাৰ পিছতো বিজ্ঞানমুখীতা আগবঢ়া নাই বুলি মই অনুভৱ কৰোঁ।
এখন সমাজত বিজ্ঞান সাহিত্যৰ জনপ্ৰিয়তা বঢ়াব পৰা যায়। এই জনপ্ৰিয়তাই অসমীয়া ভাষাৰো উন্নতি সাধন কৰিব। অসমীয়া ভাষাত বিজ্ঞান সাহিত্যৰ চৰ্চা হোৱাৰ লগে লগে অনুবাদৰ যোগেৰেও পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ বিজ্ঞান সাহিত্যক অসমীয়া পাঠকসকলৰ লগত চিনাকি কৰি দিয়া উচিত। এই ক্ষেত্ৰত এক ‘বিশ্বমুখীতা’ৰ আৱশ্যক আছে বুলি মই ভাবো। অনুবাদ কৰ্মই নিশ্চয় এই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
সাহিত্য ডট অৰ্গ: একবিংশ শতিকাত উপস্থিত হোৱাৰ পাছতো আমাৰ সমাজখনক আজিও অন্ধবিশ্বাসে, কুসংস্কাৰে আৱৰি ৰাখিছে। সমাজখন এখন বিজ্ঞানমনস্ক সমাজ হিচাপে গঢ়ি তুলিব পৰা নাই। এই বিষয়ে আপোনাৰ মতামত জানিব বিচাৰিছোঁ।
ডঃ অমৰজ্যোতি চৌধুৰী: আমাৰ সংস্কৃতিৰ কিছুমান কথা বিজ্ঞানৰ দৃষ্টিৰে চালে সেয়া সত্য নহয় বুলি অনুভৱ কৰোঁ। সত্য নোহোৱা কথাবোৰেই আমাৰ সমাজখনক অনিষ্ট কৰে। সমাজখনক অনিষ্ট কৰা যিবোৰ কথা আছে সেইবোৰক কুসংস্কাৰ বুলি ক’ব খোজোঁ। সেইখিনি যদি আঁতৰাই দিব পৰা যায় তেতিয়াহ’লে সমাজখনৰো সুবিধা হ’ব। ডাইনী হত্যাৰ কথা আমি আটায়ে জানো। ই আমাৰ সমাজখনৰ কলঙ্কৰ নিচিনা। মানুহ এগৰাকীয়ে আন কাৰোবাৰ অনিষ্ট কৰিব নোৱাৰে, সেইটো আমি সকলোৱে জানো, এইবোৰ কথা আমাৰ সমাজৰপৰা আঁতৰাব পাৰিলে ভাল হয়। কিন্তু সমাজত বিভিন্ন শক্তি থাকে, সেই শক্তিয়ে সমাজত এনে অন্ধবিশ্বাস থকাতো বিচাৰে তেওঁলোকৰ সুবিধাৰ বাবে। তেওঁলোকে আনকি বিজ্ঞানকে বহুসময়ত জগৰীয়া কৰি লয়। বতৰৰ আগলি বতৰা জনাওঁতে বিজ্ঞানীসকলে কেতিয়াবা ভুল কৰে। ভুল হোৱাৰ মূল কাৰণ হ’ল যিমান শক্তিশালী কম্পিউটাৰ ব্যৱহাৰ কৰিব লাগিছিল, সেয়া কৰিব নোৱৰাৰ বাবে। কিন্তু বতৰ বিজ্ঞানৰ স’তে জড়িত ব্যক্তিসকল অতি দক্ষ। এইবোৰ নজনাকৈ বিজ্ঞানক জগৰীয়া কৰিব খুজিলে দুখ পাওঁ। কিছুমানে এটম বোমক লৈ বিজ্ঞানক জগৰীয়া কৰে। বিজ্ঞানে সেই দিশটো আঙুলিয়াই দিছিল হয়, কিন্তু তাৰ অপপ্ৰয়োগক প্ৰতিপালন কৰিছে কিছুমান ভৱিষ্যতলৈ চিন্তা নকৰা মানুহে। অন্ধবিশ্বাস, বিজ্ঞানৰ প্ৰয়োগ সকলো কথাতে সমাজখনে চিন্তা কৰি কাম কৰিব লাগে। আমি আটায়ে জানো যে কৃত্ৰিম বুদ্ধিমত্তা আমাৰ মাজলৈ আহিছে। ইয়াৰ লগতে সমাজৰ বহু ভাল কথা আহিব। আনপিনে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমাৰ সমাজখন এমুঠি মানুহৰ হাতত, তাতোকৈ ভয়লগা কথা যন্ত্ৰৰ হাতত থাকিব পাৰে নেকি বুলি যিটো চিন্তা হৈছে সেইটো একেবাৰে অমূলক নহয়। তাৰ বাবে আমাৰ প্ৰয়োজন হৈছে কুসংস্কাৰৰ বিৰুদ্ধে আৰু বিজ্ঞানৰ প্ৰয়োগ য’ত ভাল হোৱা নাই সেইখিনি শুধৰাবলৈ চিন্তা কৰাৰ। আমি জানি শুনিও পৰিৱেশৰ অৱক্ষয়ৰ প্ৰতি আওকাণ কৰিছোঁ বৰং পৰিৱেশক ধ্বংস কৰাত অৰিহণা যোগাইছোঁ। এই সকলোবোৰ সমূহীয়াভাৱে সমাজখনে চিন্তা কৰাৰ প্ৰয়োজন আছে। যেনেদৰে বিজ্ঞানীসকলৰ মতামতৰ প্ৰয়োজন তেনেদৰে সমাজৰ সকলোৰে মতামত লৈ এটা শুদ্ধ পথ সৃষ্টি কৰাৰ প্ৰয়োজন আছে। ডাইনী হত্যাৰ ক্ষেত্ৰত বা কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আমি সমূহীয়াভাৱে সিদ্ধান্ত নল’লে এমুঠি মানুহৰ হাতত সিদ্ধান্তসমূহ এৰি দিলে তাৰ ফলাফল ভাল নহব।
সাহিত্য ডট অৰ্গ: সাম্প্ৰতিক সময়ত মানুহৰ ৰুচিবোধ সলনি হোৱা দেখা পোৱা যায়। ইয়াৰ লগে লগে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। এই পৰিৱৰ্তন সম্পৰ্কে আপোনাৰ মতামত কি?
ডঃ অমৰজ্যোতি চৌধুৰী: মই ভাবো যে আজি কিছুবছৰৰ আগৰ পৰা মানুহৰ ৰুচিবোধ সলনি হৈছে। একেদৰে অসমীয়া বৌদ্ধিক জগততো এক দৈন্যৰ সৃষ্টি হৈছে। কথাবোৰ গম্ভীৰভাৱে চিন্তা-চৰ্চা কৰা অথবা আলোচনা কৰাৰ পৰিবেশ লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে। আচলতে এনে এটি পৰিবেশৰ পৰা আমি মূল সুঁতিলৈ ঘূৰি আহিব লাগিব। কি উপাদানে আমাৰ জীৱনক সমৃদ্ধ কৰে, সেয়া আমি উপলব্ধি কৰিব পাৰিব লাগিব। এইখিনিতেই মই এটা কথা কওঁ। মই ভাবোঁ যে আমি তৰুণ হৈ থকাৰ সময়ত আমি তেনেদৰে আমাৰ ভাষাটোক ভাল পাইছিলোঁ, তেনেদৰেই ভাষাটোক ভাল পোৱা এচাম তৰুণ-তৰুণী লেখকে সম্প্ৰতি মনপুতি সাহিত্য সৃষ্টিত লাগিছে। এতিয়াও এনে এচাম মানুহ আছে। তেওঁলোকে দক্ষতা আহৰণ কৰিছে, কাৰিকৰী ব্যুৎপত্তি আহৰণ কৰিছে। এনেধৰণৰ মানুহৰ পৰাই এসময়ত আমাৰ সমাজখনত আকৌ প্ৰকৃত ৰুচিবোধৰ সৃষ্টি হ’ব। তেওঁলোকৰ সৃষ্টিশীলতাই এক আশাৰ সঞ্চাৰ কৰিছে। তেনে এটি দিনলৈ মই অপেক্ষা কৰি আছোঁ। সমাজ সলনিৰ দিনটোত অচিৰেই আহিব বুলি মই হাড়ে-হিমজুৱে বিশ্বাস কৰোঁ।
সাহিত্য ডট অৰ্গ: ইমানপৰে আমি আপোনাৰ পৰা আপোনাৰ জীৱন, দৰ্শন তথা আপোনাৰ বিভিন্ন অভিজ্ঞতা সম্পৰ্কে জানিব পাৰিলোঁ। আপোনাৰ জীৱন দৰ্শন তথা অভিজ্ঞতাই আমাকো সমৃদ্ধ কৰিলে। আজিৰ এই কথোপকথনে ‘সাহিত্য ডট অৰ্গ’ৰ সমূহ পাঠকক উপকৃত কৰিব। আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।
ডঃ অমৰজ্যোতি চৌধুৰী: আপোনালোকৰ সান্নিধ্যত ময়ো মোৰ জীৱনত সংঘটিত হোৱা বিভিন্ন ঘটনাৰাজি ৰোমন্থন কৰি আপ্লুত হ’লোঁ। ই-আলোচনীখনৰ লগত জড়িত সকলোকে তথা আলোচনীখনৰ পাঠকসকলক মোৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।