ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্ৰী প্ৰণৱজ্যোতি গোস্বামীৰ -- সাক্ষাৎকাৰ

সাক্ষাৎকাৰ গ্ৰহণ : শ্ৰী চিত্তৰঞ্জন ওজা

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্ৰী প্ৰণৱজ্যোতি গোস্বামীৰ। বৰ্তমান অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) পদত কৰ্মৰত হৈ থকা শ্ৰীযুত প্ৰণৱজ্যোতি গোস্বামীয়ে ১৯৯৫ চনত অসম আৰক্ষী সেৱাত যোগদান কৰি ত্ৰিশ বছৰ ধৰি অসমৰ আইন শৃংখলা ৰক্ষাৰ হকে কাম কৰি আছে। 

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ সম্পাদক শ্ৰী চিত্তৰঞ্জন ওজা আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী মৃদুল শৰ্মাই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আন এগৰাকী সদস্য শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আন দুগৰাকী সদস্য ক্ৰমে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দ্বীপজ্যোতি বৰাই। 

সাহিত্য ডট অৰ্গঃ আপুনি এগৰাকী সফল পুলিচ বিষয়া হিচাপে জনাজাত। আপুনি কেনেদৰে এই বিভাগলৈ আহিল? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:–আচলতে আমি বিদ্যালয়ত যেতিয়া শিক্ষাগ্ৰহণ কৰি আছিলোঁ, সেই সময়ত অসম আন্দোলনৰ ভৰপক সময়। আন্দোলন শেষ হোৱাৰ সময়লৈ আমি বিদ্যালয়ত অধ‌্যয়নৰত আছিলোঁ। সেই সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ পুলিচ প্ৰশাসনত যোগদান কৰিবলৈ মোৰ বিশেষ লক্ষ্য নাছিল। যিহেতু আমাৰ পৰিয়ালৰ লোকসকল বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল, সেয়েহে ময়ো শিক্ষক হ’ম বুলিয়েই লক্ষ্য ধাৰ্য কৰিছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত মই অৰ্থনীতি বিভাগত শিক্ষাগ্ৰহণ কৰি থকাৰ সময়ত বিভাগীয় মনোমালিন্যৰ বলি হৈ সেই সময়ত মই চাকৰিৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হ’লোঁ। চূড়ান্ত স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগেয়ে মই পুলিচ বিভাগৰ চাকৰিত মকৰল হ’লোঁ। আচলতে মই বাধ্যত পৰিহে এই চাকৰিত সোমালোঁ। অৱশ্যে পিছলৈ মই স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰিলোঁ। 

সাহিত্য ডট অৰ্গঃ জনসাধাৰণৰ মনত আৰক্ষী চকী সম্পৰ্কে এক ভীতিৰ মনোভাৱ থাকে। এখন এফ. আই. আৰ. দিবলৈও মানুহে আৰক্ষী চকীত উপস্থিত হ’বলৈ ইচ্ছা নকৰে। আৰক্ষী চকী এখনত আচলতে কি হয় তথা এগৰাকী সাধাৰণ লোকে আৰক্ষী চকীলৈ যোৱাত সঁচাকৈ কিবা অসুবিধা আছে বুলি আপুনি ভাবে নে? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:– আচলতে আৰক্ষী চকী এখন থাকে সামগ্ৰিক সুস্থিৰ অৱস্থা এটা বৰ্তাই ৰখাৰ বাবে। সাধাৰণ আৰু নিৰ্দোষী মানুহক সুৰক্ষা প্ৰদান কৰা বিষয়টো আৰক্ষী চকী এখনৰ এটি কৰ্তব্য। পুলিচৰ লগত সাধাৰণ মানুহৰ সম্পৰ্ক আজিকোপতি সহজ হৈ উঠা নাই। তাৰ কাৰণবোৰ ফঁহিয়াই চাবলৈ হ’লে আমি ঐতিহাসিক ঘটনাৰাজি তথা বৃটিছৰ সময়ৰ পুলিচৰ অত্যাচাৰকো উনুকিয়াব লাগিব। আমি আমাৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি ক’ব পাৰোঁ যে আৰক্ষী চকী এখনৰ মূল কৰ্তব্য হ’ল গোচৰৰ তদন্ত কৰা আৰু গোচৰৰ যুক্তিযুক্ত সমাধান বাহিৰ কৰা। ইয়াৰ উপৰিও আৰক্ষী চকী এখনৰ আন বহু দায়িত্ব থাকে। এগৰাকী ব্যক্তিয়ে অপৰাধ সংঘটিত কৰিলে আৰক্ষী চকী এখনে কাম কৰিবলগীয়া হয়। অপৰাধক সাধাৰণ ধৰ্তব্য আৰু অধৰ্তব্য বুলি ভাগ কৰা হয়। ধৰ্তব্য অপৰাধৰ ক্ষেত্ৰত যিকোনো ব্যক্তিয়ে এজাহাৰ দিব পাৰে আৰু এই এজাহাৰ পুলিচ বিভাগে ল’বলৈ সদায়েই বাধ্য। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে পুলিচৰ ব্যৱহাৰ সম্পৰ্কেও বিভাগে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ইয়াৰ দ্বাৰা পুলিচ প্ৰশাসনক সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। মৈত্ৰেয়ী নামৰ এক প্ৰকল্পৰ যোগেৰে আশিশু আৰু নাৰীসকলকো আৰক্ষী চকী এখনত বিশেষ ব্যৱস্থা প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হৈছে। 

সাহিত্য ডট অৰ্গঃ যানবাহন আইন, আইন-আদালত আদি বিষয়ে আমাৰ শিক্ষা ব্যৱস্থাত থকা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত বুলি আপুনি ভাবেনে? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:–নিশ্চয়, শিক্ষা ব্যৱস্থাত এনেবোৰ কথা সন্নিৱিষ্ট কৰা যুগুত বুলি মই অনুভৱ কৰোঁ। আইন সম্পৰ্কে সাধাৰণ জনতাক অৱগত কৰিবলৈ এতিয়া বিভিন্ন আঁচনি হাতত লোৱা হৈছে। এনেবোৰ আঁচনিৰ যোগেৰে সাধাৰণ জনতা উপকৃত হ’ব আৰু আইন সম্পৰ্কে এক সজাগতাৰ সৃষ্টি হ’ব বুলি মই ভাবোঁ। বীমাকৰণ, দুৰ্ঘটনা, পথ সুৰক্ষা আদিৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰা আৱশ্যক বুলি আমি সকলোৱে অনুভৱ কৰোঁ। এনেবোৰ দিশ বিবেচনা কৰি ইতিমধ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

সাহিত্য ডট অৰ্গঃ ভাৰতীয় দণ্ডবিধি আইনৰ পৰা ভাৰতীয় ন্যায় সংহিতা হ’ল, সেই  সম্পৰ্কে আপোনাৰ পৰা আমি অলপ জানিবলৈ বিচাৰিছোঁ? ন্যায় সংহিতাই কেনেদৰে জনসাধাৰণক উপকৃত কৰে? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:–ভাৰতীয় দণ্ডবিধি আইন আচলতে এখন ডেৰশ বছৰীয়া এক আইনী পদ্ধতি। সময়ে সময়ে ইয়াৰ সংশোধন হয়। যিহেতু এই আইনখনৰ নামতে আছিল দণ্ডবিধি অৰ্থাৎ মানুহক কেনেদৰে দণ্ড দিব পাৰে ইয়াৰ উদ্দেশ্য। কিন্তু ভাৰতীয় ন্যায় সংহিতাৰ উদ্দেশ্য হৈছে মানুহক ন্যায় দিয়া। নতুন আইনখনৰ মূল উদ্দেশ্য ভাৰতীয় দণ্ডবিধি আইনত কৈ এই ক্ষেত্ৰত বেলেগ। ভাৰতীয় ন্যায় সংহিতাত বলি হোৱা জনক ন্যায় প্ৰদান কৰাতহে গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ বহু অনুচ্ছেদ নতুন আইনখনত একে আছে যদিও ন্যায় সংহিতাত আকৌ বহু কথা নকৈ সন্নিৱিষ্ট কৰা হৈছে। নতুন আইনখনে কিছুমান এনে প্ৰভিজন আনিছে যি আগৰ আইনখনত নাছিল যেনে অৰ্গেনাইজড ক্ৰাইম। নতুন আইনখনত ইয়াৰ প্ৰভিজন ৰখা হৈছে। তেনেকৈ কাৰ্য বিধি আইনখন সুৰক্ষা সংহিতা আইন নামকৰণ কৰা হৈছে। ইয়াতো নতুন নতুন সুবিধা আছে। ইলেকট্ৰনিক এভিডেঞ্চ ইয়াত গ্ৰহণ কৰা হৈছে। ন্যায়পালিকাৰ ক্ষেত্ৰতো নতুন নিয়ম আনিছে যাৰ ফলত কম দিনৰ ভিতৰতে মানহে ন্যায় পাবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে নতুন আইন দুখনে কম সময়ৰ ব্যৱধানত মানুহক ন্যায় দিবলৈ সক্ষম হ’ব। এনেধৰণৰ বহু সংশোধন কৰি প্ৰনয়ণ কৰা আইন দুখনৰ পৰা জনসাধাৰণক উপকৃত হৈছে। 

সাহিত্য ডট অৰ্গ:— বৰ্তমান সময়ত আমি এটা কথা লক্ষ্য কৰিছোঁ যে আজিকালি অপৰাধৰ সংখ্যা বাঢ়ি আহিছে। সমান্তৰালভাৱে অভিযুক্তৰ সংখ্যাও বাঢ়ি অহা দেখা গৈছে। ৫ শতাংশৰ পৰা অভিযোগৰ সংখ্যা ২৬ শতাংশ হৈছে। ইয়াৰ ফলত সাধাৰণ জনতাই ন্যায় পাবলৈ সক্ষম হৈছে বুলি আমি ভাবিব পাৰোঁ নে? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:– হয়, ২০২১ চনত থকা ৬ শতাংশ সৌ সিদিনা অৰ্থাৎ ২০২৫ চনৰ নৱেম্বৰ মাহত ২৬ শতাংশতকৈও বৃদ্ধি পাইছে। অসমৰ ক্ষেত্ৰত আমি অলপ পিছ পৰি আছোঁ যদিও অসমতো গোচৰসমূহ সুসংবদ্ধ ৰূপত চলাই থকা হৈছে। তদন্ত সম্পৰ্কীয় চূড়ান্ত ফলাফলৰ সংখ্যাও বাঢ়ি আহিছে। ভাৰতীয় ন্যায় সংহিতা অনুসৰি আদালতত যিবোৰ গোচৰৰ নিষ্পত্তি কৰা হ’ল তাৰ সংখ্যা ৫০ শতাংশতকৈও বেছি। এয়া নিশ্চিতভাৱে জনসাধাৰণৰ বাবে ন্যায় কঢ়িয়াবলৈ সক্ষম হৈছে। 

সাহিত্য ডট অৰ্গঃ সম্পত্তিক লৈ গোচৰ ৰুজু কৰিলে কেতিয়াবা দেখা যায় যে পুলিচে অপ্ৰয়োজনীয়ভাৱে হেচা প্ৰয়োগ কৰে। কেতিয়াবা দেখা যায় যে আদালতৰ ৰায়ক একাষৰীয়াকৈ ৰাখি পুলিচে নিজেৰ ধৰণে বল প্ৰয়োগ কৰে। এনেক্ষেত্ৰত সাধাৰণ জনতাই কি কৰা উচিত বুলি আপুনি ভাবে? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:— মাটিৰ ক্ষেত্ৰত পুলিচৰ কাম-কাজৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে। খাজনা আৰু মাটি সম্পৰ্কীয় ক্ষেত্ৰত পুলিচৰ বিশেষ অধিকাৰ নাই। এই বিষয়টো আদালতেহে নিৰ্ধাৰণ কৰে। মাটিবাৰীৰ ক্ষেত্ৰত ট্ৰিবুনেল’তহে গোচৰ দিব লাগে। এই কথাবোৰ সাধাৰণ জনতাই জনা আৱশ্যক। 

সাহিত্য ডট অৰ্গঃ আইন-আদালত ইত্যাদিৰ ক্ষেত্ৰত আমাৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হয়। কেতবোৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে আইন-আদালতৰ ওচৰ চাপিবলৈ সংকোচবোধ কৰে। সাধাৰণ ৰাইজক কেনেদৰে আইন-আদালত, পুলিচ বিভাগ আদিৰ সৈতে একাত্ম কৰি তুলিব পাৰি? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:—পুলিচ প্ৰশাসনৰ কেতবোৰ সীমাবদ্ধতা আছে। আইন-আদালত আৰু অন্যান্য সংস্থাই এনেবোৰ বিষয়ত গুৰুত্ব দিয়াটো আৱশ্যক। আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আমাৰ বিভাগৰ পৰা জনসাধাৰণক সজাগ কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উদাহৰণস্বৰূপে ‘চাইবাৰ ক্ৰাইম’ৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰিবলৈ আমাৰ বিভাগেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। একেদৰে অন্যান্য সংগঠনেও কাম কৰি আছে। 

সাহিত্য ডট অৰ্গঃ হয়, অসম চৰকাৰৰ তৰফৰ পৰাও ‘সেৱা সেতু প’ৰ্টেল’ৰ যোগেৰে বিভিন্ন ক্ষেত্ৰত জনসাধাৰণক উপকৃত কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই পৰ্টেলৰ যোগেৰে কেনেদৰে আৰক্ষী বিভাগৰ সৈতে জনসাধাৰণৰ এক সমন্বয় গঢ়ি তুলিব পাৰি? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:— হয়, এই পৰ্টেলৰ যোগেৰে পুলিচ আৰু সাধাৰণ লোকৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিব পৰা যায়। ইয়াৰ দ্বাৰা বিভিন্ন কামো সহজতে সমাধান হয়। এইখিনিতে মই কথা এটা ক’ব বিচাৰিছোঁ যে এটা কেছ পঞ্জীয়ন কৰিবলৈ হ’লে বিভিন্ন মাধ্যম ব্যৱহাৰ কৰিব পাৰি। আৰক্ষী চকীলৈ নহাকৈও সেৱা সেতুৰ যোগেৰে জনসাধাৰণে গোচৰ পঞ্জীয়ন কৰিব পাৰে। পুলিচ আৰু নাগৰিকৰ বাবে এনেদৰে এটা সহজ সম্পৰ্ক কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে। এনেবোৰ কাৰণৰ বাবে আগতকৈ পুলিচৰ লগত জনসাধাৰণৰ সম্পৰ্ক উন্নত হৈছে। পুলিচ বিভাগে আনকি দুৰ্নীতিগ্ৰস্থ পুলিচৰ ওপৰত বিহিত ব্যৱস্থা হাতত লৈছে। এইখিনিতে মোৰ এটা কথা মনত পৰিছে। মোৰ চাকৰিৰ প্ৰাৰম্ভিক কালত মই কৰিমগঞ্জত থকাৰ সময়ত চালকসকলৰ চকু পৰীক্ষা কৰাবলৈ সিদ্ধান্ত ল’লোঁ। চালকসকলক মতাৰ পিছতো তেওঁলোক নাহিল। আমি খবৰ লৈ গ’ম পালোঁ যে ইতিমধ্যে এটা গুজৱৰ বশৱৰ্তী হৈ চালকসকলে তেওঁলোকৰ চকুৰ সমস্যা থাকিলে আমি ‘লাইচেন্স’ বাতিল কৰিম বুলি ভাবি আমাৰ ওচৰলৈ নাহিল। এয়া প্ৰায় পচিশ বছৰ আগৰ কথা। সেই সময়তকৈ আজিৰ পৰিবেশ ভাল হৈছে। লাহে লাহে পুলিচ আৰু সাধাৰণ নাগৰিকৰ মাজত বুজাপৰাৰ এটা পৰিবেশৰ সৃষ্টি হৈছে। আজিকালি কৰায়ত্ত কৰাৰ কথাবোৰো সলনি হৈছে। সাত বছৰতকৈ কম সময়ৰ বাবে জেল হ’লে তেনে মানুহক কৰায়ত্ত কৰিব নোৱাৰি। আজিকালিৰ ন্যায় ব্যৱস্থাত হোৱা পৰিৱৰ্তনৰ বাবেও পুলিচ আৰু জনসাধাৰণৰ মাজত সমন্বয় বাঢ়ি আহিছে। অৱশ্যে এতিয়াও বুজন সংখ্যকে পুলিচ বিভাগৰ লগত একাত্ম হোৱা নাই। সেয়া সময়ত ঠিক হ’ব বুলি আমি সকলোৱেই আশাবাদী। 

সাহিত্য ডট অৰ্গঃ এগৰাকী পুলিচ বিষয়া হিচাপে ‘সাহিত্য ডট অৰ্গ’ৰ পঢ়ুৱৈসকল সম্পৰ্কে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিব? 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:—ভাৰতীয় আইন ব্যৱস্থাত তদন্তকাৰী সংস্থাৰূপে পুলিচ বিভাগেই মুখ্য ভূমিকা পালন কৰে। আমাৰ আইনী ব্যৱস্থাত পুলিচ বিভাগে যিবোৰ কাৰ্যপ্ৰণালী গ্ৰহণ কৰে, তাৰ ওপৰত আস্থা ৰাখিবলৈ মই সকলোকে আহ্বান জনাওঁ। পুলিচক বিশ্বাসত ল’লে তদন্ত প্ৰক্ৰিয়া সূচাৰুৰূপে পৰিচালিত হ’ব। ভাৰতীয় নাগৰিকৰূপে আইনক সহায় কৰা আমাৰ কৰ্তব্য। একেদৰে যিকোনো বিপদৰ সন্মুখীন হ’লে যিকোনো লোকেই ১১২ নম্বৰত ডায়েল কৰিব পাৰে। চাইবাৰ ক্ৰাইমৰ বলি হ’লে ১৯৩০ নম্বৰত ডায়েল কৰি বিপদত পৰা লোকজনে সহায় বিচাৰিব পাৰে। একেদৰে www.cybercrime.gov.in তো এই ক্ষেত্ৰত অভিযোগ দিব পাৰে। যিকোনো ঘটনা সংঘটিত হ’লে ই-মেইলৰ দ্বাৰাও আৰক্ষী চকীক অৱগত কৰিব পাৰে। সাধাৰণ ৰাইজে এনেদৰে কৰ্ম সম্পাদন কৰিলে নিশ্চয়েই পুলিচ বিভাগ অধিক শক্তিশালী হ’ব। 

সাহিত্য ডট অৰ্গঃ পুলিচ বিভাগ সম্পৰ্কে আপুনি আমাক বহু কথা অৱগত কৰিলে। নিশ্চয়েই আমাৰ পঢ়ুৱৈসকল এই কথাবোৰ জানি উপকৃত হ’ব। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। 

শ্ৰী প্ৰণৱজ্যোতি গোস্বামী:— কথাবোৰ প্ৰকাশ কৰিবলৈ আপোনালোকে মোক দিয়া এই মঞ্চখনৰ বাবে আপোনালোককো ধন্যবাদ জনালোঁ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments