শ্ৰীযুত সমিৰণ বৰুৱাৰ সাক্ষাৎকাৰ

লেখক- শ্ৰী চিত্তৰঞ্জন ওজা

সাহিত্য ডট অৰ্গৰ তৰফৰপৰা এইবাৰ সাক্ষাৎ কৰা হৈছিল অসমৰ প্ৰতিষ্ঠিত চিত্ৰশিল্পী শ্ৰীযুত সমিৰণ বৰুৱাক। অসমীয়া চিত্ৰকৰসকলৰ মাজৰ অন্যতম শ্ৰীযুত বৰুৱাই তেওঁৰ কৰ্মৰ যোগেৰে ভাৰতবৰ্ষ তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এক বিশেষ আসন দখল কৰিছে। অসম ৰাজ্যিক সংগ্ৰহালয়ত কৰ্মৰত হৈ থকাৰ সময়তেই তেওঁ অসমৰ সচিত্ৰ পুথি সম্পৰ্কে কৰ্মত নিয়োজিত হৈ অসমক সমৃদ্ধ কৰিছে। 

 

সাহিত্য ডট অৰ্গৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী চিত্তৰঞ্জন ওজাই। সাক্ষাৎকাৰটি অনুলেখন কৰিছে অসমীয়াত কথা-বতৰা গোটৰ সদস্য শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে এই গোটৰ আন এগৰাকী সদস্য শ্ৰী মৃদুল কুমাৰ শৰ্মাই। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে গোটৰ আন এগৰাকী সদস্য ডা° হিতেশ্বৰ শৰ্মাই।



সাহিত্য ডট অৰ্গ:- সাহিত্য ডট অৰ্গৰ তৰফৰপৰা আপোনাক স্বাগতম জনালোঁ। আপোনাৰ শৈশৱ আৰু যৌৱন কালছোৱাৰ বিষয়ে আমাক অলপমান জনাওক।

 

সমিৰণ বৰুৱা:- হয়। মোৰ জন্ম হৈছিল কলিয়াবৰৰ বৰভগীয়া গাঁৱত। কলঙৰ পাৰতেই আমাৰ গাঁওখন আছিল। নামগাঁও বুনিয়াদী বিদ্যালয় নামৰ প্ৰাথমিক বিদ্যালয়খনত মোৰ নামভৰ্তি কৰোৱা হ’ল। বিদ্যালয়ত পঢ়াৰ সময়ত ৰাতিপুৱা আমি প্ৰাৰ্থনা কৰিছিলোঁ। এগৰাকী শিক্ষকে সেই তেতিয়াই আমাক বৰগীত গাবলৈ শিকাইছিল। অসমীয়া গীত-মাত সম্পৰ্কে মোৰ মনত তেতিয়াই এক সম্যক ধাৰণা গঢ়িবলৈ আৰম্ভ কৰিছিল। সেই সময়ত আমাৰ বিদ্যালয়ত মাহত আমি এদিন সূতা কাটিব লাগে। এনেধৰণৰ অভিজ্ঞতাই মোৰ শৈশৱ বৰ্ণিল কৰি তুলিছিল। সৰু কালতেই আমি আমাৰ গাঁৱত অনুষ্ঠিত ভাওনা-সবাহ আদি উপভোগ কৰি আনন্দিত হৈছিলোঁ। আমাৰ গাঁৱত বছৰেকত অতি কমেও দুই-তিনিখন ভাওনা অনুষ্ঠিত হৈছিল। আমাৰ গাঁৱত ৰংঘৰ নামৰ এটি প্ৰেক্ষাগৃহ আছিল। আমি সৰু থাকোঁতে তাত থিয়েটাৰ হৈছিল। আমাৰ গাঁও আৰু দাঁতিকাষৰীয়া গাঁৱৰ যুৱকসকলে ৰংঘৰত থিয়েটাৰ মঞ্চস্থ কৰিছিল। সেই হলৰ মঞ্চত ড্ৰপ চিন আছিল। পোন বাঁহত ড্ৰপ চিহ্নসমূহ মেৰোৱা থাকে। টানি দিলে ওপৰলৈ যায়। আকৌ তললৈ নামি আহে। ড্ৰপ চিনত এনেদৰে ৰাজপ্ৰাসাদ, প্ৰাকৃতিক দৃশ্য আদিৰ ছবি দেখুওৱা হয়। এই ড্ৰপ চিনবোৰ আমাৰ পিতৃ শিৱপ্ৰসাদ বৰুৱা আৰু খুৰা শৰৎ বৰুৱাই প্ৰস্তুত কৰিছিল। সৰুৰেপৰা এনেদৰে ছবি, কলা-সংস্কৃতিৰ লগত মই জড়িত হৈ পৰিছিলোঁ। এনেদৰে মই চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। আমাৰ আন এজন খুৰা দীনেশ বৰুৱাই আমাৰ ককাদেউতাৰ ছবি এখন অংকন কৰিছিল। সেই ছবিখন চায়ো মই চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। 

 

এসময়ত মই ডনবস্কোৰ হোষ্টেলত থাকি পঢ়া-শুনা কৰিছিলো। তাত দেওবাৰে আমি সমূহীয়া অধ্যয়ন কক্ষত নিজৰ ইচ্ছামতে কাম কৰিছিলোঁ। সেই সময়ত গৰম বন্ধৰ সময়ত কৰা কামৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। আলি নামৰ এটা ল’ৰাই সেই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা ছবিখন চাই মই আকৰ্ষিত হৈছিলোঁ। সেইখন ছবিয়ে মোক মুগ্ধ কৰিছিল। অ, আৰু এটা কথা। প্ৰণৱ বৰুৱা নামৰ শিল্পীগৰাকী মোৰ ডাঙৰ ভিনদেউ আছিল। তেওঁৰপৰা ছবি সম্পৰ্কে মই জানিব পাৰিছিলোঁ। তেওঁ এদিন মোক গুৱাহাটীৰ জাজ ফিল্ডত থকা নীলপৱন বৰুৱাৰ অনুষ্ঠান এটালৈ যাবলৈ পৰামৰ্শ দিলে। গুৱাহাটী গৈ মই তেখেতক লগ পালো। সেই সময়ত জাজ ফিল্ডত শিল্পীসকলৰ এটা শিবিৰ অনুষ্ঠিত হৈছিল। বহুগৰাকী শিল্পীয়ে তাত ছবি আঁকি আছিল। মোকো নীলপৱন বৰুৱাই সেই শিবিৰত অংশগ্ৰহণ কৰিবলৈ ক’লে। Assam Fine Arts and Craft Society নামৰ সেই অনুষ্ঠানটোলৈ সেই সময়ত বহুকেইগৰাকী শিল্পী, যেনে পুলক গগৈ, নীলমণি ফুকন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আদি প্ৰায়েই আহিছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল অনুষ্ঠানটোৰ সভাপতি। নীলপৱন বৰুৱা আছিল সম্পাদক। উল্লেখযোগ্য যে প্ৰণৱ বৰুৱাৰ এক প্ৰদৰ্শনীত মই নীলমণি ফুকন আৰু ভবেন বৰুৱাক লগ পাইছিলো। Assam Fine Arts and Craft Society ত নৱকান্ত বৰুৱা, বেণু মিশ্ৰ, পদুম বৰুৱা আদিৰো সাক্ষাৎ লাভ কৰিছিলো। শোভা ব্ৰহ্মৰ ঘৰলৈ মই প্ৰায়েই গৈছিলোঁ। তেতিয়া মই সংগ্ৰহালয়ত কাম কৰি আছিলোঁ। অসমৰ শিল্পীসকলৰ ভিতৰত শোভা ব্ৰহ্মক মই অবিৰতভাবে কাম কৰা দেখা পাইছিলো।

 

সাহিত্য ডট অৰ্গ:- আপুনি অসম সংগ্ৰহালয় বিভাগত চাকৰি কৰি তাৰ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰি অৱসৰ ল’লে। চাকৰিৰ কালছোৱাত আপুনি শিল্প আৰু শিল্পীৰ লগত কেনেদৰে জড়িত হৈ আছিল?

 

সমিৰণ বৰুৱা:- মই সংগ্ৰহালয়ত চাকৰি কৰি থাকোঁতে সংগ্ৰহালয় আৰু প্ৰত্নতত্ত্ব বিভাগ একেলগে আছিল। সঞ্চালক আছিল গুণীন ভূঞা। মই তেওঁৰপৰা বহু কথা শিকিছিলোঁ। অসমৰ শিল্পকলা অথবা আন কোনো ক্ষেত্ৰত খোকোজা লাগিলেই মই তেখেতৰ ওচৰ চাপিছিলোঁ। সেই সময়ত নীলমণি ফুকন, নীলপৱন বৰুৱা আদি গুণীন দাৰ কাৰ্যালয়লৈ প্ৰায়েই আহিছিল। তেখেতৰ কাৰ্যালয়টো যেন এটি বৌদ্ধিক কেন্দ্ৰ হৈ পৰিছিল। বিশিষ্ট লোকসকলক লগ পাই মই বহু কথা শিকিছিলোঁ। সেই সময়তেই এটি আমোদজনক আৰু স্মৰণীয় ঘটনা ঘটিল। নীলমণি ফুকনক সাহিত্য অকাডেমিৰ বঁটাটো দিবলৈ গোৱাৰ পানাজী নগৰখন ধাৰ্য কৰা হ’ল। পানাজীলৈ যাবলৈ তেখেতে মোকো লগ ধৰিলে। ময়ো ছুটী লৈ তেখেতৰ লগত পানাজী যাবলৈ সাজু হলোঁ। পিছে মই ছুটী নাপালোঁ। মই বৰ দুখ পালোঁ। মই কোঠালৈ গৈ এখন আৱেদন-পত্ৰ সাজু কৰিলোঁ। মোৰ ছুটীৰ কথাটো পুনৰবাৰ বিবেচনা কৰিবলৈ কৰ্তৃপক্ষক মই অনুৰোধ জনালোঁ। অন্যথা মই চাকৰিৰপৰা পদত্যাগ কৰিম বুলি আৱেদন-পত্ৰত উল্লেখ কৰিলোঁ। অৱশ্যে পিছলৈ মোৰ ছুটী মঞ্জুৰ হ’ল। এইবোৰ মোৰ বাবে আমোদজনক আৰু সুখপ্ৰদ অভিজ্ঞতা। 

 

সাহিত্য ডট অৰ্গঃ- কামাখ্যাৰ তন্ত্ৰ-মন্ত্ৰ বিষয়ত গৱেষণা কৰিবলৈ অহা পেৰিছৰ ইমিলিক আপুনি লগ পাইছিল আৰু পিছলৈ বিবাহপাশত আবদ্ধ হৈছিল। তাৰ পিছত আপুনি পেৰিছ আৰু অসম দুয়ো ঠাইতে থাকিবলৈ লয়। বৈবাহিক জীৱনৰ দুটামান কথা সম্পৰ্কে আপোনাৰপৰা জানিব বিচাৰিছোঁ। 

 

সমিৰণ বৰুৱা:- ২০০০ চনত ফ্ৰান্সৰ এটা সংগঠনে মোক নিমন্ত্ৰণ জনাইছিল। টুৰ নামৰ চহৰখনত অৱস্থিত এই সংগঠনটোৱে মোক তিনিমাহৰ বাবে নিমন্ত্ৰণ জনাইছিল। সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই তাত তিনিমাহ কটাইছিলোঁ। জ্যাকল’ড মটকি আছিল এই সংগঠনৰ গুৰি ধৰোঁতা। তেওঁ মোক বিভিন্ন ঠাইলৈ লৈ গৈছিল। সেই সময়ত মই বিভিন্নজনক লগ পাইছিলোঁ। স্পেইন আৰু ফ্ৰান্সৰ গুহাচিত্ৰ মই সেই সময়তেই প্ৰত্যক্ষ কৰিছিলোঁ। ২৯-৩০ হাজাৰ বছৰৰ পুৰণি গুহাচিত্ৰসমূহ চাবলৈ সুবিধা পাইছিলোঁ। এই গুহাচিত্ৰসমূহে মোক বৰকৈ আকৰ্ষিত কৰিছিল। সেই সময়ত মই ফ্ৰান্সৰ আন আন ঠাইসমূহো ভ্ৰমণ কৰিছিলো। দক্ষিণ ফ্ৰাঞ্চৰ প্ৰত্নতাত্ত্বিক ঠাইসমূহো মই তেতিয়াই ভ্ৰমণ কৰিছিলো। তিনিমাহৰ পিছত মই অসমলৈ উভতি আহিছিলোঁ। পিছলৈ মই আকৌ সংগ্ৰহালয়লৈ ঘূৰি আহি কৰ্মত যোগদান কৰিলোঁ। তেতিয়া ফ্ৰান্সৰপৰা কোনো লোক আহিলে মই বিশেষ যত্ন ল’বলৈ চেষ্টা কৰিছিলোঁ। সেই তেতিয়াই ইমিলি অসমলৈ আহিছিল। তেওঁৰ গুৰুৰ সৈতে তেওঁ কামাখ্যা মন্দিৰৰ লগত জড়িত মানুহ, সমাজ, মহিলা আদিৰ বিষয়ে কাম কৰিছিল। তেতিয়া তেওঁ আমাৰ সংগ্ৰহালয়লৈ আহিছিল। সেই সময়ত মই অসমীয়া পুথি চিত্ৰৰ বিষয়ত এক বিশেষ গৱেষণাত ব্ৰতী হৈ পৰিছিলোঁ। বাংগালুৰুৰ ইণ্ডিয়া ফাউণ্ডেশ্যন অৱ আৰ্টৰপৰা পোৱা এক অনুদান পাই মই এই কৰ্মত নিয়োজিত হৈছিলোঁ। অসমীয়া সচিত্ৰ পুথি অসমত যি পৰিমাণত আছে, সিমান পুথি ভাৰতৰ আন কোনো ভাষাতেই নাই। এনেধৰণৰ ৫২খন সচিত্ৰ পুথিৰ মই ফটো তুলিছিলোঁ। এইসমূহ মই সংগ্ৰহালয়ত ডিজিটেল আৰ্কাইভৰদ্বাৰা সংৰক্ষণ কৰিছিলোঁ। ২০১৩ চনত মই অৱসৰ ল’লোঁ। এইসমূহৰ খবৰ বিদেশৰ আলোচনীতো ওলাইছিল। এই ফটোসমূহত চাবলৈ বিদেশৰপৰা বহুজন আহিছিল। সেই সংৰক্ষণসমূহ চাবলৈ ইমিলিও আহিছিল। প্ৰথমতে তেওঁৰ সৈতে মোৰ এক বিদ্যায়তনিক সম্পৰ্ক গঢ় লৈ উঠিছিল। পিছলৈ আমি বিবাহপাশত আবদ্ধ হৈছোঁ।

 

সাহিত্য ডট অৰ্গঃ- আহোমৰ দিনৰ পেইণ্টিং— বিশেষকৈ তুলা পাত আৰু সাঁচি পাতৰ চিত্ৰ কলাৰ বিষয়ত আপুনি যথেষ্ট গৱেষণা কৰিছে। এই বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ।

 

সমিৰণ বৰুৱা:- আচলতে সাঁচিপাত অসমৰ বাদে আন কতো ব্যৱহাৰ হোৱা নাই। ইণ্ডোনেছিয়াৰ বাটাক নামেৰে জনাজাত এটা সম্প্ৰদায়ৰ মাজত অৱশ্যে এই সাঁচিপাতৰ পুথি পোৱা গৈছে। তেওঁলোকৰ তালৈ এয়া ভাৰতবৰ্ষৰপৰা পোৱা যোৱা। অসম আৰু বাটাক সম্প্ৰদায়ৰ বাহিৰে এই পুথি কতো পোৱা নাযায়। সপ্তম শতিকাত অসমৰ ৰজা ভাস্কৰ বৰ্মাই হৰ্ষবৰ্দ্ধনলৈ কেইখনমান সাঁচিপাতৰ পুথি পঠিয়াইছিল। এনেদৰে অসমত লেখা-মেলা সেই সপ্তম শতিকাতেই হৈছিল। ‘অনাদি পাতন’ পুথিখনতো কেতবোৰ চৰিত্ৰৰ ছবি পোৱা যায়। এই পুথিখনৰ বৰ গুৰুত্ব আছে। 

 

সাহিত্য ডট অৰ্গঃ-ভাৰতৰ চিত্ৰ কলা চৰ্চা আৰু ইউৰোপৰ চিত্ৰ কলাৰ চৰ্চাৰ কি কি বিষয়ত পাৰ্থক্য বিচাৰি পোৱা যায়? 

 

সমিৰণ বৰুৱা:- আচলতে ভাৰত আৰু ইউৰোপৰ চিত্ৰকলাৰ মাজৰ পাৰ্থক্য এনেদৰে বিচাৰ কৰিব পৰা নাযায়। ইউৰোপত কলাৰ অস্তিত্ব বহু পিছত স্বীকৃতি দিয়া হৈছে। জাৰ্মান পণ্ডিত এগৰাকীয়ে প্ৰথমবাৰৰ বাবে ‘নন্দনতত্ত্ব’ শব্দটো ব্যৱহাৰ কৰিছিল। তেতিয়াৰপৰাহে কলা বিষয়ত ইউৰোপত প্ৰথমবাৰৰ বাবে গুৰুত্ব আৰোপ কৰা হয়। পিছে ভাৰতবৰ্ষত পঞ্চম শতিকা মানৰপৰাই কলা বিষয়ত অৰ্থাৎ সাহিত্য, সংগীত আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। 

 

আমাৰ পৰম্পৰা আৰু ইতিহাস সম্পূৰ্ণৰূপে পৃথক। ফ্ৰান্সৰ জাতীয় সংস্কৃতি আজিও ব্যাহত হোৱা নাই। অৱশ্যে আমাৰ প্ৰাচীন পৰম্পৰা আমি পাহৰি গৈছোঁ। ইছলাম, বৃটিছ আদিৰদ্বাৰাও আমাৰ কলা প্ৰভাৱিত হৈছিল। আজিকালি আধুনিক কলাৰ বিশেষ তাৰতম্য হোৱা নাই। ফ্ৰান্স আদিত এতিয়াও কলাৰ সুবাদ আছে। আমাৰ ইয়াত তেনে এটি ব্যৱস্থা আজিও গঢ় লৈ উঠা নাই। ফ্ৰান্সত ছবি বিক্ৰী হয়। আমাৰ ইয়াত এতিয়াও সেই সুবিধা ভালকৈ হোৱা নাই। মই ফ্ৰান্সৰ বহু কলা বজাৰ (Art Market) ত ছবি বিক্ৰী কৰিবলৈ সমৰ্থ হৈছোঁ। তেনে এটি পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হোৱা নাই। 

 

সাহিত্য ডট অৰ্গঃ- আপুনি কেবাখনো গ্ৰন্থ যেনে কৰ’না ভাইৰাছৰ উত্তৰ আধুনিক বাস্তৱ, গোলাপৰ নাম, ফৰাচী দেশৰ কিছু কথা, কলম্বাচৰ দেশত ইত্যাদি ৰচনা কৰিছে। আপোনাৰ অন্য এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল Handbook of Assam State Museum। আপোনাৰ গ্ৰন্থসমূহৰ বিষয়ে চমু আভাস দিবনে?

 

সমিৰণ বৰুৱা:- হয়, Handbook of Assam State Museum নামৰ গ্ৰন্থখন মই প্ৰণয়ন কৰিছোঁ। সৌ সিদিনা Illustrated Catalogue of Assamese Painted Manuscripts নামৰ গ্ৰন্থখনো প্ৰকাশ পাইছে। এইখন প্ৰকাশ কৰিছে Assam State Museum য়ে। মই ইংৰাজীতো কেইটামান লেখা প্ৰকাশ কৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাসমূহত এইবোৰ লেখা প্ৰকাশ হৈছে। ভাগৱত, অনাদি পাতন ইত্যাদি সম্পৰ্কে লিখা এইবোৰ প্ৰবন্ধ প্ৰকাশ হৈছে। 

 

সাহিত্য ডট অৰ্গঃ- বৃন্দাবনী বস্ত্ৰৰ বিষয়ে আপুনি গৱেষণা কৰিছিল। কোনখন বস্ত্ৰ প্ৰকৃততে শংকৰদেৱৰ সৃষ্ট বৃন্দাবনী বস্ত্ৰ?

 

সমিৰণ বৰুৱা:- এই বিষয়ে বিষয়ে মই ‘সাদিন’ত লিখিছিলোঁ। বৃন্দাবনী বস্ত্ৰৰ কথাটো গুৰুচৰিতত আছে। ভিক্টোৰিয়া এলবাৰ্ট মিউজিয়ামৰ কিউৰেটৰ ৰ’জ মেৰী ফিল-এ ‘বৃন্দাবনী বস্ত্ৰ’ নামৰ এটি লেখা প্ৰস্তুত কৰিছিল। সেই লেখাটি পঢ়ি আমাৰ সংগ্ৰহালয়ৰ ৰবীন দেৱ চৌধুৰীয়ে তেখেতৰ লগত যোগাযোগ কৰি অসমতো প্ৰচলন কৰে। এই বিষয়ে মই ইংৰাজীত প্ৰবন্ধ লিখিছোঁ। বৃটিছ মিউজিয়ামত থকা ‘বৃন্দাবনী বস্ত্ৰ’ অসমলৈ আনিব লাগে বুলি বিভিন্ন কথা-বতৰা হৈছে। পিছে বৃটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰ শংকৰদেৱৰ সময়ৰ বৃন্দাবনী বস্ত্ৰ নহয় বুলি মই ভাবোঁ। তাত এনে কাপোৰ তিনিখন আছে। এই তিনিখন কাপোৰেই বেলেগ বেলেগ শালত বোৱা কাপোৰ। ১৮ শ শতিকাতহে এই কাপোৰ বোৱা হৈছে। সেই অনুযায়ী এই তিনিখন কাপোৰ শংকৰদেৱৰ সময়ৰ নহয়। অৱশ্যে এখন কাপোৰ শংকৰদেৱৰ হ’ব পাৰে বুলি ৰ’জ মেৰী ফিল-এ উল্লেখ কৰিছে। এই কাপোৰখন আছে পেৰিছত। পেৰিছৰ ব্যৱসায়ী এগৰাকীৰ লগত বিবাহপাশত আবদ্ধ হোৱা এগৰাকী বঙালী ভদ্ৰমহিলাৰ চখ আছিল পূৱ এছিয়াৰ কাপোৰ সংগ্ৰহ কৰা। তেনেদৰে তিব্বতৰ কোনো এগৰাকী বেপাৰীৰপৰা তেওঁ এই কাপোৰখন ক্ৰয় কৰিছিল। ৰ’জ মেৰীয়ে এই কাপোৰখন শংকৰদেৱৰ হ’ব পাৰে বুলি মত প্ৰকাশ কৰিছে। 

 

আজি কেইবছৰমান আগেয়ে লণ্ডনৰ বৃটিছ মিউজিয়ামত এখন আলোচনা-চক্ৰ অনুষ্ঠিত হৈছিল। বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে তাত আলোচনা হৈছিল। আলোচনা-চক্ৰখনত যোগদান কৰি বৃটিছ মিউজিয়ামত থকা কাপোৰখন শংকৰদেৱৰ নহয় বুলি মই মত পোষণ কৰিছিলোঁ। তাৰে এখন কাপোৰত শংকৰদেৱৰ কালীয় দমনৰ এটা গীত লিখা আছে। সেই গীতত দুটামান শব্দ নাই আৰু কেইটামান শব্দৰ বানানো ভুল আছে। এতিয়া কথাটো হ’ল এই যে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰি থকাৰ সময়ত শংকৰদেৱ এবাৰ নৰিয়াত পৰাত মাধৱদেৱে কাপোৰ বোৱা ঠাইলৈ গৈছিল বুলি আমি জানো। মাধৱদেৱ ঘূৰি আহি শংকৰদেৱক জনাইছিল যে কাপোৰ বোৱাৰ সময়ত ভুল কৰাত তেওঁ সমগ্ৰ কাপোৰ খুলি আকৌ বোৱাবলৈ বোৱনীসকলক নিৰ্দেশ দি আহিছে। গতিকে তেনে ক্ষেত্ৰত শংকৰদেৱৰ এটি গীতৰ ভুল তেওঁ কেতিয়াও সহ্য নকৰিলেহেঁতেন। তেনেস্থলত বৃটিছ মিউজিয়ামত ভুল সন্নিৱিষ্ট হৈ থকা কাপোৰখন শংকৰদেৱৰদ্বাৰা প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰ হ’ব নোৱাৰে বুলি মই ভাবোঁ। একেদৰে গিমে মিউজিয়ামত থকা বস্ত্ৰখনত তিনিমূৰীয়া দৈত্য এটাৰ লগত হনুমানে যুদ্ধ কৰি থকা এখন ছবি আছে। দৈত‌্যটোৰ নাম হ’ল ত্ৰিশিৰা। মাধৱ কন্দলীৰ ৰামায়ণত ত্ৰিশিৰাক ৰামে বধ কৰিছে, হনুমানে নহয়। আন এখন ৰামায়ণতহে হয়তো হনুমানে ত্ৰিশিৰাক বধ কৰা কথাটো আছে। শংকৰদেৱ আছিল মাধৱ কন্দলীৰ অনুৰাগী। তেওঁ সন্মান কৰা মাধৱ কন্দলীৰদ্বাৰা উল্লিখিত ত্ৰিশিৰাৰ যুদ্ধহে কাপোৰখনত বৰ্ণনা কৰিলেহেঁতেন। যিহেতু মাধৱ কন্দলীৰদ্বাৰা উল্লিখিত এই যুদ্ধ অংকন নকৰি হনুমান আৰু ত্ৰিশিৰাৰ যুদ্ধহে কাপোৰখনত অংকন কৰা হৈছে, তেনেস্থলত এই কাপোৰখনো শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ হ’ব নোৱাৰে বুলি মই বিশ্বাস কৰোঁ। 

 

সাহিত্য ডট অৰ্গঃ- আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। 

 

সমিৰণ বৰুৱা:- হয়, ভৱিষ্যত পৰিকল্পনা মানে এই অসমৰ পুথি চিত্ৰৰ বিষয়ৰত এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ মনস্থ কৰিছোঁ। অসমীয়া পুথি চিত্ৰ সম্পৰ্কে বিশেষ অধ্যয়ন হোৱা নাই। পুথি চিত্ৰৰ প্ৰতিটো দিশ সামৰি মই এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ মানস কৰিছোঁ। হয়তো অহা বছৰলৈ মই এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াব পাৰিম। 

 

সাহিত্য ডট অৰ্গঃ- সৃষ্টিশীল কামত নিয়োজিত হৈ থকা নতুন প্ৰজন্মলৈ আপোনাৰ উপদেশ?

 

সমিৰণ বৰুৱা:- আচলতে উপদেশ দিবলৈ বিশেষ একো নাই। অসমীয়া বুলি ক’লে যাতে এটা বিশেষ চৰিত্ৰ থাকে, অসমীয়াসকলে ছবি আঁকিলে তাত যেন অসমৰ এক অস্তিত্ব থাকে, তাত গুৰুত্ব আৰোপ কৰা উচিত বুলি মই অনুভৱ কৰোঁ। অসমৰ পৰিৱেশ, অসমৰ সংস্কৃতি, অসমীয়া জগতখনৰ কথা আদি উল্লেখ থকাটো জৰুৰী বুলি মই ভাবোঁ। 

 

সাহিত্য ডট অৰ্গঃ- ইমানপৰে আমি চিত্ৰকলা সম্বন্ধীয় বিভিন্ন তথ্য আপোনাৰপৰা জানিব পাৰিলোঁ। আমাৰ দৃঢ়-বিশ্বাস যে আপোনাৰ জ্ঞান আৰু প্ৰজ্ঞাই আমাৰ পাঠকসকলকো উপকৃত কৰিব। সাহিত্য ডট অৰ্গৰ তৰফৰপৰা আপোনাক ধন্যবাদ জনালোঁ।

 

সমিৰণ বৰুৱা:- কথাবোৰ ক’বলৈ আপোনালোকে মোক এখন মঞ্চ দিলে। আপোনালোককো মোৰ তৰফৰপৰা ধন্যবাদ জনালোঁ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments