সমাজসেৱী শ্ৰী কুমুদ কলিতাৰ সাক্ষাৎকাৰ

লেখক- শ্ৰী চিত্তৰঞ্জন ওজা

 

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা এইবাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল দেৱতুল্য বিশেষভাৱে সক্ষম শিশুসকলৰ হৈ নীৰৱে কাম কৰা সমাজসেৱী শ্ৰী কুমুদ কলিতাৰ। বৰ্তমান পাঠশালা সমীপৱৰ্তী এলেকাত ‘তপোবন’ নামৰ অনুষ্ঠান এটাৰ জন্ম দি বিকলাংগ শিশুসকলক উপযুক্ত শিক্ষা দি ডাঙৰ কৰাৰ কামত জড়িত হৈ আছে। 

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ সম্পাদক শ্ৰী চিত্তৰঞ্জন ওজা আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী মৃদুল শৰ্মাই। সাক্ষাৎকাৰটি বাণীবদ্ধ কৰিছে শ্ৰী অভিজিৎ দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী জুপিতৰা ফুকন আৰু শ্ৰী চিত্তৰঞ্জন ওজাই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আন এগৰাকী সদস্য শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আন দুগৰাকী সদস্য ক্ৰমে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দ্বীপজ্যোতি বৰাই। 

সাহিত্য ডট অৰ্গ: আপোনাৰ শৈশৱ আৰু শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰিম। 

কুমুদ চন্দ্ৰ কলিতা: ১৯৬৪ চনৰ ১ এপ্ৰিল তাৰিখে বজালীৰ নিজশালদ গাঁৱত মোৰ জন্ম। মই কৃষক পৰিয়ালৰ সন্তান। মোৰ পিতৃৰ নাম স্বৰ্গীয় ৰামদাস কলিতা আৰু মাতৃ সুৰভি কলিতা। গাঁৱৰেই প্ৰাথমিক বিদ্যালয়ত মোৰ শিক্ষা জীৱন আৰম্ভ কৰোঁ। তাৰপাছত কাৱৈমাৰী মধ্য ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰোঁ। ১৯৭৯ চনত মই বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিক পাছ কৰোঁ। আমাৰ তিনিজন ভাই-ককাইৰ ভিতৰত মই কনিষ্ঠ। মোৰ এগৰাকী বাইদেউ আৰু এগৰাকী ভণ্টি আছে। আমাৰ পৰিয়ালটো বৰ দৰিদ্ৰ আছিল। আই-পিতাইৰে লগতে পাঁচোটা ল’ৰা-ছোৱালীৰে ঘৰখন চলিবলৈ বৰ অসুবিধা হৈছিল। এসাজ খালে ইসাজলৈ চিন্তা। কিন্তু এনে প্ৰতিকূল পৰিস্থিতিতো মই অধ্যয়ন অব্যাহত ৰাখিছিলোঁ। ১৯৮৪ চনত মই বজালী মহাবিদ্যালয়ৰপৰা বি এ. পাছ কৰোঁ। সেই সময়ত অসম আন্দোলন চলি আছিল। সেয়ে পোনে পোনে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পৰা নাছিলোঁ। এবছৰ ৰ’বলগীয়া হৈছিল। ১৯৮৫ চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। 

সাহিত্য ডট অৰ্গ: ‘তপোবন’ৰ ধাৰণাটো আপোনাৰ মনলৈ কেনেদৰে আহিল? 

কুমুদ চন্দ্ৰ কলিতা: মই পূৰ্বেও কৈছোঁ মই এক দৰিদ্ৰ পৰিয়ালৰ সন্তান। বহু সংগ্ৰামৰ মাজেৰে মই মোৰ পঢ়া-শুনা সম্পূৰ্ণ কৰিছোঁ। মোৰ ইউনিভাৰ্চিটিৰ নামভৰ্তিৰ টকাকেইটাও ঘৰখনে যোগাৰ কৰি দিব পৰা নাছিল। তেতিয়া হোষ্টেলৰে মেচ ফিজ প্ৰতি মাহে আছিল ১৮০ টকা। মই সুন্দৰবড়িত ভাড়া ৰূম এটা লৈ এখন মাত্ৰ চালপীৰা কিনি থাকিবলৈ ল’লোঁ। তাত কিছুদিন থকাৰ পাছত মই জালুকবাৰীত থাকিবলৈ ল’লোঁ। মই মোৰ খৰচ উলিয়াবলৈ টিউশ্যন কেইটামান গোটাই ল’লোঁ। মোৰেই সৌভাগ্য; জালুকবাৰীৰ সুন্দৰবড়িত এখন শিশু কল্যাণ সদন আছে। আপোনালোকে জানে নিশ্চয়। ১৯৫৬ চনত সেইখন স্থাপন কৰা হৈছিল। তেতিয়া তাত খুব সম্ভৱ চাৰি পাঁচটামান শিশু আছিল। মই সময় পালেই তালৈ গৈছিলোঁ। তালৈ গৈ লগতে কিছু অধ্যয়ন কৰি মই SOS ভিলেজৰ বিষয়ে জানিব পাৰিলোঁ। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যুদ্ধত আক্ৰান্ত অনাথ শিশুসকলৰ আশ্ৰয় আৰু সৰ্বাংগীণ বিকাশৰ বাবে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত সমগ্ৰ বিশ্বতে এই SOS ভিলেজসমূহ গঢ় লৈ উঠে। অসমতো বৰঝাৰ আৰু নগাঁৱৰ ভকতপাৰাত এনে দুখন SOS ভিলেজ আছে। ইউনিভাৰ্চিটিৰ ক্লাছবোৰৰ মাজতে সময় পালেই মই তালৈ গৈ শিশুসকলৰ সৈতে সময় কটাইছিলোঁ। কালক্ৰমত সুন্দৰবড়ি শিশু সদন আৰু বৰঝাৰৰ SOS ভিলেজৰ সৈতে মই এনেদৰে সংপৃক্ত হৈ পৰিছিলোঁ যে মই সিদ্ধান্ত ল’লোঁ পঢ়া শেষ কৰি ময়ো আশ্ৰয়হীন শিশুসকলৰ বাবে কিবা এটা কৰিম। সেই মৰ্মে মই ‘তপোবন’ আৰম্ভ কৰিলোঁ। এই ক্ষেত্ৰত মই এক ব্যতিক্ৰমী চিন্তা কৰিলোঁ। কিয়নো সুস্থ অনাথ শিশুসকলৰ বাবে ঠায়ে ঠায়ে শিশু সদন, বিভিন্ন অনুষ্ঠান অথবা SOS ভিলেজসমূহ আছে। তদুপৰি বহু লোকে এই অনাথ শিশুসকলক তুলি লয়। কিন্তু ক’ৰবাত যদি দিব্যাংগ শিশু এটা উদ্ধাৰ হয় বা অনাথ হয় সেই শিশুটিক আশ্ৰয় দিবলৈ কোনো আগবাঢ়ি নাহে বা কোনো মানুহে তুলি নলয়। সেইবাবে মই থিৰাং কৰিলোঁ যে মই এনে শিশুক আশ্ৰয় দিযাৰ লগতে তেওঁলোকক আগুৱাই নিয়াত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম। সেই সিদ্ধান্তমৰ্মেই আজিৰ ‘তপোবন’ গঢ় লৈ উঠিছে। 

 মই বিভিন্ন কাম কৰিছিলোঁ। হোটেলত কাম কৰি মই পঢ়াৰ খৰচ উলিয়াইছিলোঁ। সৰুৰেপৰা মোৰ কিতাপ পঢ়াৰ প্ৰতি ধাউতি আছিল। মই খুব কিতাপ পঢ়িছিলোঁ। ঘৰত মোৰ এটা কিতাপৰ লাইব্ৰেৰী আছে। এতিয়া অৱশ্যে শিশুসকলৰ লগত ব্যস্ত হৈ থকাৰ বাবে পঢ়াৰ সময় নাপাওঁ। মই সুলভ মূল্যত পাণবজাৰৰ প্ৰকাশকসকলৰপৰা কিতাপ কিনি আনি সেইবোৰ ঘৰে ঘৰে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ। মই ঘৰে ঘৰে গৈ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু উপকাৰীতাৰ বিষয়ে বুজাবলৈ ধৰিলোঁ। আপোনালোকে ক’ব পাৰে মই এক গ্ৰন্থ আন্দোলন আৰম্ভ কৰিছিলোঁ। মানুহৰ ঘৰে ঘৰে গৈ মই বুজাইছিলোঁ যে প্ৰতিখন ঘৰতে ৰামায়ণ, মহাভাৰত, ভাগৱত আৰু একোখনকৈ ইংৰাজী আৰু অসমীয়া অভিধান থাকিব লাগে। এইবোৰ আমাৰ বাবে সম্পদ। যাৰ দ্বাৰা ল’ৰা-ছোৱালীৰ লগতে ঘৰখনৰ প্ৰতিজন ব্যক্তি উপকৃত হ’ব। এনেদৰেই মই এদিন ‘নবোদয় বুক ষ্টল’ নামেৰে এখন কিতাপৰ দোকান আৰম্ভ কৰোঁ। ব্যৱসায়িক প্ৰতিষ্ঠানতকৈ দোকানখন অধ্যয়নৰ কেন্দ্ৰ হৈ উঠিল। কিয়নো অধ্যয়নপ্ৰিয় লোকসকল দোকানলৈ আহে। তেওঁলোকে কিতাপো কিনে আৰু বিভিন্ন আলোচনাত ভাগ লয়। 

 মই প্ৰথম পাঠশালাৰ ৰাসত পৰীক্ষামূলকভাৱে কিতাপৰ দোকান দিছিলোঁ। তেনে এটা বছৰতে মই ৰাসত কিতাপ বিক্ৰী কৰি ৪৫০০০ টকা লাভ কৰিছিলোঁ। এনেদৰে কিতাপ বিক্ৰী কৰি পোৱা লাভাংশৰে মই দৰিদ্ৰ আৰু দিব্যাংগ শিশুসকলক সহায় কৰিবলৈ ধৰিলোঁ। মই গাঁওবোৰলৈ গৈ এনে ধৰণৰ শিশু বিচাৰি উলিয়াও নতুবা বিদ্যালয়বোৰৰ পৰা এনে শিশুৰ তথ্য লৈ তেওঁলোকক শিক্ষা বা অন্যান্য ক্ষেত্ৰত পাৰ্যমানে সহায় কৰিবলৈ ধৰিলোঁ। স্থায়ী চাকৰি এটা নোপোৱালৈকে মই এই প্ৰক্ৰিয়া অব্যাহত ৰাখিলোঁ। মই পাঠশালা মহাবিদ্যালয় জুনিয়ৰ কলেজত নিযুক্তি পাইছিলোঁ যদিও কলেজখন ভেঞ্চাৰ আছিল। সেয়ে নিয়মীয়া দৰমহা পোৱা নাছিলোঁ। কলেজখন প্ৰদেশীকৰণ হোৱাৰ পাছতহে মোৰ চাকৰিটো স্থায়ী হয়। তাৰপাছতহে মই ‘তপোবন’ নামেৰে এই শিশু আশ্ৰয়গৃহটি আৰম্ভ কৰোঁ। 

সাহিত্য ডট অৰ্গ: ‘তপোবন’ আশ্ৰয়গৃহটো আপুনি কিমান চনত আৰম্ভ কৰিছিল? 

কুমুদ চন্দ্ৰ কলিতা: আনুষ্ঠানিকভাৱে ২০০৫ চনত মই ‘তপোবন’ আশ্ৰয়গৃহটো আৰম্ভ কৰিছিলোঁ। অৱশ্যে তাৰ বহু বছৰৰ আগৰেপৰাই মই এই কাম কৰি আহিছিলোঁ। ১৯৮৮ চনত এম.এ. চূড়ান্ত পৰীক্ষাৰ পাছৰে পৰাই মই এই কামত পূৰ্ণোদ্যমে মনোনিৱেশ কৰোঁ। ‘তপোবন’ৰ উপৰিও মই ভিতৰুৱা গাওঁসমূহলৈ গৈ দুখীয়া দিব্যাংগ শিশুবোৰ বিচাৰি উলিয়াই তেওঁলোকক কিতাপ-পত্ৰ, কাপোৰ-কানি আদি দি সহায় কৰিছোঁ। ইয়াত এনেকুৱা ভিতৰুৱা অঞ্চল নাই য’লৈ মই যোৱা নাই। আনকি হিমালয়ৰ নামনি অঞ্চল পৰ্যন্ত মই গৈছোঁ। মই এনে ঠাইলৈ গৈছোঁ য’ত আজিও অতি শোচনীয় অৱস্থাত মানুহে বসবাস কৰি আছে। আজিও য’ত মোবাইল ফোনৰ সংযোগ নাই। মানুহ অৰ্ধ উলংগ হৈ থাকে। সেই অঞ্চলবোৰতো মই সহায়ৰ হাত আগবঢ়াইছোঁ। 

সাহিত্য ডট অৰ্গ: আপুনি কিমানজন শিশুক লৈ ‘তপোবন’ আৰম্ভ কৰিছিল?

কুমুদ চন্দ্ৰ কলিতা: মই প্ৰথমে তিনিটা শিশুক লৈ ‘তপোবন’ আৰম্ভ কৰিছিলোঁ। তাৰে ল’ৰা এজনে এইবাৰ ADRE ত তৃতীয় বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰিছে। 

তেওঁ আমাৰ ‘তপোবন’ৰপৰাই মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পাছ কৰিছে। তাৰপাছত তেওঁ কটন বিশ্ববিদ্যালয়ত স্নাতক মহলাত নামভৰ্তি কৰিলে। দ্বিতীয় ষাণ্মাসিকত পঢ়ি থাকোঁতেই তেওঁ চাকৰিটো পাইছে। নিশ্চয়কৈ এয়া সৌভাগ্যৰ বিষয়। এই ল’ৰাজন সম্পূৰ্ণ অন্ধ। 

 

 

সাহিত্য ডট অৰ্গ: বৰ্তমান ‘তপোবন’ত কিমানজন শিশু আছে? 

কুমুদ চন্দ্ৰ কলিতা: বৰ্তমান ইয়াত ২১জন আৱাসী ল’ৰা-ছোৱালী আছে। লগতে আমাৰ ডে কেয়াৰো (day care) আছে। আৱাসী আৰু অ-আৱাসী দুয়োটা মিলি আমাৰ ইয়াত মুঠ ৮৮টা শিশু আছে। ইয়াৰ প্ৰতিটো শিশুৱেই দিব্যাংগ। 

  আপোনালোকক কথা এষাৰ জনাও। আমাৰ এই অনুষ্ঠানটো সম্পূৰ্ণ বিনামূলীয়া। ইয়াত কাৰোৰে পৰা কোনো ধৰণৰ ফিজ লোৱা নহয়। নাজানো অদূৰ ভৱিষ্যতে এই নিয়ম বাহাল ৰাখিব পাৰোঁ নে নোৱাৰোঁ? যোৱা ছমাহৰপৰা কেইজনমান জ্যেষ্ঠ নাগৰিকো ইয়াৰ বাসিন্দা হৈ আছে। তেওঁলোকেও ইয়াত সম্পূৰ্ণ বিনামূলীয়া সেৱা লাভ কৰিছে। 

সাহিত্য ডট অৰ্গ: যিহেতু আপোনাৰ এই অনুষ্ঠানটো সম্পূৰ্ণ বিনামূলীয়া। এনে ক্ষেত্ৰত ইয়াক পৰিচালনা কৰিৱলৈ প্ৰয়োজনীয় টকা-পইচা ক’ৰ পৰা যোগাৰ কৰে? 

কুমুদ চন্দ্ৰ কলিতা: মই চাকৰিৰ সমস্ত উপাৰ্জন এই অনুষ্ঠানটোতেই খৰচ কৰি আহিছোঁ। চাকৰি কালত মোৰ এটাও জীৱন বীমা নাছিল। বৰ্তমান মই চাকৰিৰ পৰা অৱসৰ ল’লোঁ। মোৰ সকলো উপাৰ্জনে এই অনুষ্ঠানত খৰচ কৰিছোঁ। সমান্তৰালকৈ কভিডৰ পূৰ্বে যথেষ্ট মানুহে আমাক সহায় কৰিছিল। কিন্তু কভিডৰ সময়ত এয়া স্থবিৰ হৈ পৰিছিল যদিও বৰ্তমান পুনৰ বহু লোকে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। গুৱাহাটীৰ বিশেষ কেইজনমান ব্যক্তিয়ে আমাক সহায় কৰিছে। তদুপৰি বৰপেটা ৰোডৰ ব্যৱসায়ীসকলে বছৰত এবাৰ-দুবাৰ প্ৰয়োজনীয় সমগ্ৰীসমূহ যোগান ধৰি আমাৰ অনুষ্ঠানটোলৈ সহায়ৰ হাত আগবঢ়াই আহিছে। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তি বিশেষৰ পৰাও আমি বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ সহায় লাভ কৰিছোঁ। আমি কিন্তু কাৰোৰে পৰা ধন নিবিচাৰোঁ। বহু লোকে ৰছিদ বহী ছপাই পইছা সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু আমি এই কাম নকৰোঁ। কিয়নো মানুহে এবাৰহে পইচা দিব। বাৰে বাৰে পইচা বিচাৰিলে অনুষ্ঠানটোৰ প্ৰতি মানুহৰ আস্থা নোহোৱা হ’ব। এই কাম নকৰাৰ বাবেই আজিও আমাৰ প্ৰতি ৰাইজৰ আস্থা অটুট আছে। 

সাহিত্য ডট অৰ্গ: অৰ্থাৎ আপোনালোকে আজিৰ তাৰিখলৈকে চৰকাৰৰপৰা কোনো ধৰণৰ অনুদান লাভ কৰা নাই; বা NGO হিচাপে পঞ্জীয়ন কৰি কোনো অনুদান লোৱা নাই?

কুমুদ চন্দ্ৰ কলিতা: আমি চৰকাৰী পঞ্জীয়ন কৰিলোঁ যদিও কোনো ধৰণৰ চৰকাৰী অনুদান বিচৰা নাই। 

সাহিত্য ডট অৰ্গ: ‘তপোবন’ত কেনেধৰণৰ শিশু থাকে? বিশেষভাৱে সক্ষম বুলি ক’লে সাধাৰণতে অতিষ্টিক, ADHD, অন্ধ বা শৰীৰিক বধাগ্ৰস্ত শিশুক বুজা যায়। এই সকলো ধৰণৰ শিশুক আপোনালোকে সামৰি লয় নেকি? 

কুমুদ চন্দ্ৰ কলিতা: হয়। আচলতে মই কথাটো এনেধৰণে ভাবিছিলোঁ যে কলা-বোৱা শিশু অথবা অন্ধ শিশুৰ বাবে বিশেষ বিদ্যালয় আছে। গুৱাহাটীৰ কাহিলিপাৰাত এখন কলা-বোৱা শিশুৰ বিদ্যালয় আছে। তেনেদৰে বশিষ্ঠত এখন অন্ধ বিদ্যালয় আছে। কিন্তু বাকী সমস্যাগ্ৰস্ত শিশুৰ বাবে আনুষ্ঠানিক শিক্ষাৰ কোনো বিদ্যালয় নাই। তেওঁলোকে পঢ়াৰ সুবিধা নাপায়। সেয়ে সকলো ধৰণৰ দিব্যাংগ শিশুক আমি সামৰি লৈছোঁ। আমাৰ ইয়াত RPWD এক্টৰ অন্তৰ্গত আটাইকেইটা প্ৰকাৰৰ দিব্যাংগ শিশুক আশ্ৰয় দিয়াৰ ব্যৱস্থা আছে। আমি এই শিশুসকলৰ আনুষ্ঠানিক শিক্ষাত গুৰুত্ব দি আহিছোঁ। 

সাহিত্য ডট অৰ্গ: অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দৰে কেবাটাও বিভাগ আছে যিয়ে আপোনালোকৰ এই মহান কামত সহায় কৰিব পাৰে। তপোবনৰ ওপৰত তেনে বিভাগৰ দৃষ্টি পৰা নাই নেকি?

কুমুদ চন্দ্ৰ কলিতা: পৰিছে। বহু বছৰ আগতেই শিশু সুৰক্ষা কমিছন, শিশু সুৰক্ষা সমাজ আদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সংগঠনে মোৰ ‘তপোবন’ৰ কথা জানে। তেওঁলোক আহিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ ‘তপোবন’ চাই শিশুসকলৰ অৱস্থাৰ বুজ লৈ গৈছিল আজিৰ পৰা প্ৰায় ছয় বছৰ আগত, তেতিয়া তেওঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হৈ আছিল। মই জনাবলৈ পাই সুখী হৈছোঁ যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু সাংসদ ৰঞ্জন গগৈয়ে ‘তপোবন’ত এটা ঘৰ নিৰ্মাণৰ বাবে ৫০ লাখ টকা সাংসদ পুঁজিৰপৰা আগবঢ়াইছে। চৰকাৰৰ ফালৰপৰা পোৱা এইটোৱে হ’ল একমাত্ৰ ধনৰ অনুদান। গগৈ ছাৰে মাজে মাজে ‘তপোবন’ৰ খবৰ লৈ থাকে। এমাহমানৰ ভিতৰত ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি আশা কৰিছোঁ। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে ‘তপোবন’ৰ বিষয়ে জানে, মাজে সময়ে আহি চাই যায়। অসম চৰকাৰৰ মুখ্য সচিব পদত থকা সময়তে জিষ্ণু বৰুৱা, পৱন বৰঠাকুৰে ‘তপোবন’লৈ আহিছিল। কিন্তু ‘তপোবন’ৰ আন্ত: গাঁথনিৰ ক্ষেত্ৰত সহায় কৰিবলৈ কোনেও আগবাঢ়ি অহা নাই। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে প্ৰতি মাহে ২৫, ০০০ টকা অনুদান দিব বুলি ‘তপোবন’লৈ আহি কৈছিল। তেওঁ তেনেদৰে অনুদান আগবঢ়াইছে। সমাজৰ সকলোৱে সহায় সহযোগ পাই আছোঁ। 

আমি আন এটা প্ৰকল্প হাতত লৈছোঁ জ্যেষ্ঠ নাগৰিকৰ বাবে। পাঠশালাৰ উত্তৰে কেন্দুগুৰিত দহ বিঘা মাটি লোৱা আছিল। তাতে জ্যেষ্ঠ নাগিকৰ বাবে সৰু সৰু ঘৰ সাঁজিম। এটা ঘৰত দুটা ৰুম থাকিব, তাতেই দুই বা চাৰিজনক এটা ঘৰত থকাৰ সুবিধা কৰি দিয়াৰ মনস্থ কৰা হৈছে। ইয়াৰ বাবে পৰীক্ষামূলকভাৱে এটা ঘৰ নিৰ্মাণ কৰিছোঁ। ‘তপোবন’ৰ বৰ্তমানৰ স্থানত বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে এজন ব্যক্তিয়ে ৩৪ লাখ টকা দিছিল, সেই টকাৰে দুমহলীয়া ঘৰ এটা নিৰ্মাণ কৰা হৈছে। সেই ঘৰতে জ্যেষ্ঠ নাগৰিকসকল থাকিবলৈ দিয়া হৈছে। তেখেত হ’ল গুৱাহাটীৰ ৰূপনগৰ নিবাসী ভূপেন্দ্ৰ কুমাৰ দাস। তেনেকৈ সহায় কৰা ব্যক্তিৰ ভিতৰত আছে ডা: জ্ঞানেন্দ্ৰ কুমাৰ দাস। 

সাহিত্য ডট অৰ্গ: এই যাত্ৰাত আপোনাৰ সহধৰ্মিনীয়ে নিশ্চয় সহায়ৰ হাত আগবঢ়াইছে?

কুমুদ চন্দ্ৰ কলিতা: প্ৰথম অৱস্থাত পত্নীয়ে এই কামত বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল। পত্নী বুলি নহয় মই যেতিয়া কলেজৰ শিক্ষা শেষ কৰি ঘৰলৈ আহি বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে কাম কৰিবলৈ ল’লোঁ তেতিয়া ওচৰ চুবুৰীয়া বা পৰিয়ালৰ কোনো মানুহে সহজভাৱে ল’ব পৰা নাছিল। প্ৰথমে অন্ধ শিশু তিনিটাক ঘৰলৈ লৈ আনি ৰাখিবলৈ ল’লোঁ। তেতিয়া মোক কৈছিল কি পাগলৰ দৰে কাম কৰি আছা? এটি তিনি বছৰীয়া শিশুক কোনোবাই অম্বুবাসী মেলাত কামাখ্যা মন্দিৰৰ চিৰিত পেলাই থৈ আহিছিল। শিশুটিৰ শাসৰীৰিক অৱস্থা অতি বেয়া আছিল। বহিব নোৱাৰে, বাগৰি পৰে, মুখেৰে লেলাৱতী ওলাই থাকে। শিশুটিৰ বিষয়ে মিডিয়াত প্ৰচাৰ হ’ল। কিন্তু দেখিবলৈ শুৱনি নহয় বাবে কোনো ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰহণ কৰিবলৈ নাহিল। পাঠাশালাৰপৰা গৈ তেতিয়া মই শিশুটিক লৈ আনো। আজি পোন্ধৰ বছৰে মোৰ পত্নীয়ে তাইক চায়। এতিয়া ওঠৰ বছৰ বয়স তাইৰ। আজিও তাই আমাৰ লগতে থাকে। তাইক দাঙি দাঙি পেছাব-পায়খানা কৰাব লাগে। মোৰ পত্নী আৰু মই এই কামবোৰ কৰোঁ। এতিয়া পত্নীয়ে মোৰ লগতে লাগি থাকি কামবোৰ কৰে। গতিকে তেওঁৰপৰা মই নিশ্চয় অনুপ্ৰেৰণা পাইছোঁ। 

সাহিত্য ডট অৰ্গ: আপুনি মানে সকলো শ্ৰেণীৰ মানুহৰপৰা সহায় পাইছে? 

কুমুদ চন্দ্ৰ কলিতা: আমাৰ এটা চাৰিমহলীয়া ঘৰ আছে। সেই ঘৰটো নিৰ্মাণ কৰাত কোনে কিমান ধন দিছে তাৰ হিচাপ মই দিব নোৱাৰোঁ। কিন্তু এটা কথা মই ক’ব পাৰোঁ যে ৰাইজে অনুদান আগবঢ়োৱা এটকাও অবাবতে খৰচ হোৱা নাই। এই চাৰি মহলীয়া ঘৰটোত আগেয়ে লিফ্টৰ ব্যৱস্থা নাছিল। আমেৰিকাত থকা প্ৰবাসী অসমীয়া কেইজনমানে খবৰ লৈ লিফ্টৰ বাবে অনুদান আগবঢ়ায়। প্ৰবাসী অসমীয়া এজনে আহি লিফ্টখন উন্মোচন কৰি গৈছে। ঘৰটোৰ নিৰ্মাণৰ বাবে কোনোৱে এক লাখ, কোনোৱে দুই লাখ টকা অনুদান দিয়ে। ক’ভিদড কালত বঙাইগাঁও তেল সোধানাগৰৰ মুখ্য চিকিৎসক ডা° ৰূপম তালুকদাৰে চাৰিবাৰ ৫০, ০০০ টকাকৈ অনুদান আগবঢ়ায়। তেওঁ আজিলৈ ‘তপোবন’ দেখা নাই। তেনে বহু মানুহ আছে যিয়ে মোক বা তপোবন নেদেখাকৈয়ে অনুদান আগবঢ়াইছে। ক’ভিড কালত ‘ইণ্ডিয়া টুডে’ৰ জ্যেষ্ঠ সাংবাদিক কৌশিক ডেকাই দিল্লীৰ আন এজন ফটোগ্ৰাফাৰ সতে ‘তপোবন’ ভ্ৰমণ কৰে আৰু ‘তপোবন’ৰ ওপৰত তথ্য ভিত্তিক এটা প্ৰবন্ধ ইণ্ডিয়া টুডেত প্ৰকাশ কৰে। তাৰ পিছত দিল্লীকে ধৰি বিভিন্ন স্থানৰপৰা মানুহে আমালৈ বৰঙনি আগবঢ়াইছে। আমাক নেদেখাকৈ বেঙ্কত ধন জমা দিছে। তেনেবোৰ ঘটনা দেখি দেখি ধাৰণা হয় এতিয়াও পৃথিৱীত ভাল মানুহ আছে। মানৱতাৰ বাবে, নি:স্ব মানুহক সহায়ৰ বাবে মুক্ত হস্তে কিছুমান মানুহে দান কৰিব পাৰে। 

সাহিত্য ডট অৰ্গ: বিশেষভাৱে সক্ষম শিশুক আপুনি লৈ আনিলে ডাঙৰ কৰিলে, শিশুটি যেতিয়া কৈশোৰ পাৰ হৈ যৌৱনপ্ৰাপ্ত হয় তাৰ পিছত শিশুটিক ক’লৈ পঠিয়ায়? 

কুমুদ চন্দ্ৰ কলিতা: শিশুটি লৈ আনি ৰখাৰ লগে লগে আমি ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান ‘কাৰা’ৰ লগত যোগাযোগ কৰোঁ আৰু শিশুটিৰ সকলোখিনি ৱেবচাইটত আপলোড কৰোঁ। শিশুটিক ডাঙৰ কৰাৰ লগতে শিক্ষা-দিক্ষাও দিয়া হয়। ওঠৰ বছৰ পাৰ হোৱাৰ লগে লগে শিশুটিক সংস্থাপন দিয়াৰ প্ৰচেষ্টাও আৰম্ভ কৰোঁ। উদাহৰণস্বৰূপে এজনী শিশুক ওঠৰ বছৰ বয়সৰ পিছত গুৱাহাটীৰ ৰূপনগৰত থকা ‘আশানীৰ’ নামৰ অনুষ্ঠানত থাকিবলৈ লয়। তাত কেৱল ছোৱালীহে ৰাখে। শিশুটিক প্ৰথমে আনোতে খুব দুখ লগা আছিল। চকু দুটাৰে দেখা নাপায়। বেয়া হোৱা চকু দুটাৰে পানী ওলাই থাকে। মই অনাৰ পিছত তাইৰ চকু দুটা অস্ত্ৰোপচাৰ কৰি উলিয়াই দিয়া হয়। তাৰ পিছত বেইলী পদ্ধতিত তাই শিক্ষা গ্ৰহণ কৰে। তাইক গান শিকিবলৈ দিওঁ। তাইৰ মাতটো বৰ মিঠা। ‘আশানীৰ’ত থাকি তাই বিভিন্ন মঞ্চত গীত গায়, দুৰদৰ্শনত গানৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। কিছুমানক ভোকেচনেল ট্ৰেইনিং দি ঘৰত পঠাই দিয়া হৈছে। 

সাহিত্য ডট অৰ্গ: বাহিৰৰ পৰা আপোনাৰ অনুষ্ঠানলৈ প্ৰশিক্ষক বা চিকিৎসক আহে নে? 

কুমুদ চন্দ্ৰ কলিতা: চিকিৎসক আহে। বৰপেটা চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰপৰা সময়ে সময়ে চিকিৎসকে আহি শিশুসকলৰ চিকিৎসা আগবঢ়ায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ মূৰব্বী চিকিৎসক ডা° দীপাঞ্জলি মেধিয়ে প্ৰায়ে দিনটোৰ বাবে আহি চিকিৎসা সেৱা আগবঢ়ায়। বৰপেটাৰ পৰা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধক্ষ্য ৰমেন তালুকদাৰেও নিজে আহি শিশুসকলৰ অৱস্থাৰ খবৰ লৈ থাকে। গুৱাহাটীৰ পৰা বহুতো অভিভাৱকে নিজৰ সন্তানক ইয়াতে ৰাখিব খোজে, কিন্তু ‘তপোবন’ত সীমিত সুবিধাৰ বাবে সকলো শিশুক ৰাখিব নোৱাৰোঁ। ‘তপোবন’ৰ বিষয়ে এতিয়া অসমৰ বিভিন্ন অঞ্চলৰ মানুহৰ বাবে পৰিচিত। বেয়া লাগে ‘তপোবন’ নামটো আমাৰ পৰা নকল কৰি দুটামান প্ৰতিষ্ঠানে ব্যৱহাৰ কৰিবলৈ লৈছে। 

সাহিত্য ডট অৰ্গ: সমাজৰ কেও-কিছু নোহোৱা বিশেষভাৱে সক্ষম শিশুসকলক আনি আশ্ৰয় দি মানুহ কৰাৰ তিনিটা দশক ধৰি আপোনাৰ যি প্ৰচেষ্টা তাৰ বাবে কিবা পুৰস্কাৰ, সন্মান লাভ কৰিছে নেকি?

কুমুদ চন্দ্ৰ কলিতা: দিল্লী কমিছন ফৰ প্ৰটেকচন অফ চিল্ড্ৰেন ৰাইট (দিচিপিচিআৰ) নামৰ অনুষ্ঠানে মোক ‘চিল্ড্ৰেন চেম্পিয়ন এৱাৰ্ড’ প্ৰদান কৰিছিল। ত্ৰিবেণী কলা সংঘত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনে দিছিল। ২০১১ চনত মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সম্প্ৰদায় বঁটা মোক প্ৰদান কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়, ডাউন টাউন বিশ্ববিদ্যালয়, জি এন আৰ ছিয়ে মোৰ কামৰ বাবে সম্বৰ্ধনা জনাইছে। বৰপেটা বঁটা, সচিব্ৰতা ৰায় চৌধুৰী বঁটাও পাইছোঁ। অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ কোৱা মতে মোৰ নাম পদ্মশ্ৰী বঁটাৰ বাবে পঠাইছিল যদিও নাপালোঁ। বঁটাৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই। বঁটা-বাহনৰ বাবে কাম কৰা নাই, মানৱতাৰ বাবেহে কাম কৰি আছোঁ। 

সাহিত্য ডট অৰ্গঃ তপোবনৰ বিষয়ে আমাক বহু কথা অৱগত কৰিলে। নিশ্চয়েই আমাৰ পঢ়ুৱৈসকল এই কথাবোৰ জানি উপকৃত হ’ব। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। 

   

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments