ডাকৰ বচন (অপূৰ্ব কলিতা)
(কুকুৰাজনী আছিল গুৱাহাটীৰ ফাৰ্মত ডাঙৰ দীঘল হোৱা । গাঁৱলীয়া অঁকৰা কুকুৰাক ক’ত তাক পাট্টা দিব ? ইফালে, তাৰ প্ৰেম প্ৰেম চোপ্ৰাতকৈও ব্ৰহ্ম প্ৰেম ।)
ডাকৰ বচন
অপূৰ্ব কলিতা
বহুদিন আগতে মিচিং গাওঁ এখনত মিচিং কুকুৰা এটা আছিল । সি সদায় সদায় গছৰ ওপৰত উঠি ঐনিতম গাই আছিল । কুকুৰাটোৱে মিচিং ভাষাৰ বাদে একো বুজি পোৱা নাছিল । এদিন হঠাৎ ক’ৰ পৰা জানো গাঁৱত ধকধকীয়া বগা ব্ৰয়লাৰ এজনীৰ আৱিৰ্ভাৱ ঘটিল। তাইৰ ৰূপ-যৌৱন দেখি কুকুৰাৰ ডেকা যৌৱনে আমনি কৰিবলৈ ধৰিলে। সি তাইৰ পিচ নেৰা হ‘ল । অনবৰত ৰোমাণ্টিক ৰোমাণ্টিক কবিতা গাই ফুৰা হ‘ল । কুকুৰাজনী আছিল গুৱাহাটীৰ ফাৰ্মত ডাঙৰ দীঘল হোৱা । গাঁৱলীয়া অঁকৰা কুকুৰাক ক’ত তাক পাট্টা দিব ? ইফালে, তাৰ প্ৰেম প্ৰেম চোপ্ৰাতকৈও ব্ৰহ্ম প্ৰেম । হঠাৎ এদিন তাৰ মৰমৰ ব্ৰয়লাৰজনীক কেইটামান নৰমনিচে বধ কৰিলে । সেইদিনাৰ পৰা কুকুৰাটো পাগল হ‘ল । যেতিয়াই তেতিয়াই ডাক দিয়া আৰম্ভ কৰিলে আৰু বচন মতা হ‘ল । অনবৰত ডাক দিয়া স্বভাৱটোৰ বাবে তাক মানুহে ডাক নামেৰে মতা কৰিলে । তাৰ বচনবোৰ ডাকৰ বচন ৰূপে জনাজাত হ’ল। ………………( উৎস = ডাক পূৰাণ )