ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
৷৷ত্ৰয়োদশ খণ্ড৷৷
৷৷ গোপী-উদ্ধৱ সংবাদ৷৷
ঘোষা৷৷
মাধৱ মধুসূদন ৰাম৷
ভকত বৎসল কৰো প্ৰণাম৷৷১০১৷৷
পদ৷৷
বিৰহে আকুল গোপীক জানি৷
উদ্ধৱক মাতি বুলিলা বাণী৷৷
আহ্মাৰ পৰম তুমি ভকত৷
যায়ো গোকুলক চড়ি ৰথত৷৷১২৩৯৷৷
বচন সন্দেশ গোপীত কই৷
প্ৰবোধ দিবা কতো দিন ৰই৷৷
গৈলন্ত উদ্ধৱ গোপ নগৰী৷
আদৰিলা নন্দে আতি সাদৰি৷৷১২৪০৷৷
যশোদা কান্দন্ত কৃষ্ণক স্মৰি৷
চক্ষুৰ লোহ পড়ে সৰসৰি৷৷
সোধন্ত ৰাম মাধৱৰ কথা৷
এড়িলন্ত কৃষ্ণে আমাৰ বেথা৷৷১২৪১৷৷
মাৱ বাপ পাই নাইলা দুনাই৷
আহ্মাক কৰিলা অনাথ প্ৰায়৷৷
এহি বুলি দুয়ো কান্দন্ত আতি৷
উদ্ধৱে প্ৰবোধ দিলন্ত মাতি৷৷১২৪২৷৷
দেখিবা কৃষ্ণক নকৰা খেদ৷
কৰিব হৰি দুঃখ পৰিছেদ৷৷
উদ্ধৱৰ বোলে দুয়ো জুড়াইল৷
কৃষ্ণৰ কথাতে ৰাতি পুহাইল৷৷১২৪৩৷৷
গোপীগণো আতি ব্যাকুল চিত্ত৷
গাৱে উজাগৰে কৃষ্ণৰ গীত৷৷
কাহাৰো হৰি বিনা নাহি স্বস্থ৷
ওলায়া দেখৈ সুৱৰ্ণৰ ৰথ৷৷১২৪৪৷৷
কোন আসি আছে নন্দৰ পুৰ৷
জোনো কংসদূত আইল অত্ৰূৰ৷৷
নিলেক কমললোচন স্বামী৷
যাহাৰ বিৰহে মৰোহো আমি৷৷১২৪৫৷৷
ইবাৰ কিবা মাংস নেয় কাটি৷
মৰিল কংস দিবে পিণ্ড বাটি৷৷
ডাকিয়া পাৰৈ অত্ৰূৰক গালি৷
হা কৃষ্ণ বুলি কান্দৈ গোৱালী৷৷১২৪৬৷৷
দেখিলা সৱে উদ্ধৱক পাছে৷
ৰূপে মনোহৰ জ্বলন্তে আছে৷৷
আজানুলম্বিত বাহু দুখান৷
নৱ পদ্ম যেন জ্বলৈ লোচন৷৷১২৪৭৷৷
গাৱে পীতবস্ত্ৰ কৰ্ণে কুণ্ডল৷
পদ্মসম শোভৈ মুখ মণ্ডল৷৷
গলত জ্বলৈ নৱপদ্মমালা৷
বিস্ময় ভৈল যত গোপবালা৷৷১২৪৮৷৷
ইটো কোনজন কৃষ্ণৰ বেশ৷
জোনো আনি আছে কৃষ্ণ সন্দেশ৷৷
বিৰলে নিয়া উদ্ধৱক মাতি৷
বেঢ়িয়া বসিল সমাজ পাতি৷৷১২৪৯৷৷
জানিলো তুমি মুখ্য হৰিদাস৷
পঠাইলা পিতৃৰ মাতৃৰ পাশ৷৷
মুনিৰো দুস্ত্যজ বন্ধুৰ স্নেহ৷
জানো আনি আছা কৃষ্ণ সন্দেশ৷৷১২৫০৷৷
নুহি গোকুলক স্মৰিবা কেনে৷
পুষ্প চুম্বি এড়ে ভ্ৰমৰ যেনে৷৷
স্ত্ৰীতো হেতু তেনে পুৰুষচিত্ত১৪৯৷
বুজিলো কৃষ্ণৰ আমি ইঙ্গিত৷৷১২৫১৷৷
এড়িলা স্নেহ প্ৰভু সমুদায়৷
মথুৰা নাগৰী সুন্দৰী পায়৷৷
এহি বুলি সৱে লজ্জাক এড়ি৷
কান্দন্ত কৃষ্ণৰ গুণ সুমৰি৷৷১২৫২৷৷
কৃষ্ণক লাগি আতি প্ৰেমভাৱে৷
কৃষ্ণৰ সৱে গুণগীত গাৱে৷৷
কৃষ্ণতে সৱে নিমজাইল মন৷
কাহাৰো গাৱত নাহি চেতন৷৷১২৫৩৷৷
উদ্ধৱে গোপীৰ দেখিয়া ভাৱ৷
বিস্ময় হুয়া শিহৰাইলা গাৱ৷৷
নন্দৰ ব্ৰজে যত গোপীজাক৷
শিৰে বন্দো তান পদধূলাক৷৷১২৫৪৷৷
ৰাত্ৰি দিনে গাৱৈ হৰি চৰিত্ৰ৷
তিনিয়ো লোকক কৰৈ পৱিত্ৰ৷৷
বোলন্ত অনেক প্ৰবোধ বাক৷
ক্রন্দন এৰা আৱে গোপীজাক৷৷১২৫৫৷৷
কিনো তোৰাসৱে কৰিলা পুণ্য৷
সদায়ে গোৱা গোৱিন্দৰ গুণ৷৷
হৰিত মঝিল আতি হৃদয়৷
কিনো তোমাসাৰ ভাগ্য উদয়৷৷১২৫৬৷৷
হৰিৰ অৰ্থে পতি পুত্ৰ এড়ি৷
কৰিলা পূজা যেন সৱে চেড়ী৷৷
জানিলো সংসাৰ তৰিলা সুখে৷
বৰ্ণাইবো আৰ কতো মোৰ মুখে৷৷১২৫৭৷৷
কহিলা কৃষ্ণৰ সন্দেশ বাক৷
জুৰাইল শুনি সৱে গোপীজাক৷৷
উদ্ধৱত কথা সোধে দুনাই৷
সুখে কি আছন্ত কৃষ্ণ গোসাঞি৷৷১২৫৮৷৷
আহ্মাৰ কথা কি পৰে মনত৷
যেন ক্রীড়া ভৈল ৰাত্ৰি বনত৷৷
আৰ কি আসিব নন্দৰ পুৰ৷
কৈসানি দেখিবো মুখ প্ৰভুৰ৷৷১২৫৯৷৷
পৰৈ নকান্দন্তো চক্ষুৰ পানী১৫০৷
উদ্ধৱে প্ৰবোধি বুলিলা বাণী৷৷
এড়া অনুশোচ দেখিবা হৰি৷
ৰাম বুলি যায়ো সংসাৰ তৰি৷৷১২৬০৷৷
শুনা সৰ্ব্বজন কৃষ্ণৰ বাণী৷
ভক্তক স্নেহ কৰা চক্রপাণি৷৷
কামাতুৰ ভাৱে ভজিয়া হৰি৷
তৰিল এতেক গোপৰ নাৰী৷৷১২৬১৷৷
তাহাঙ্ক শান্ত কৰাইলন্ত পাছে৷
ভক্তৰ ইষ্ট কোন দেৱ আছে৷৷
আলাস তেজিয়া ভজিয়ো হৰি৷
সমস্ত নৰে ডাকি বোলা হৰি৷৷১২৬২৷৷
৷৷গোপী-উদ্ধৱ সংবাদ সমাপ্ত৷৷১৩৷৷