দৈ- মুৰ্গী-বাটাৰ (নিয়ৰ পাৰ্থ প্ৰতীম বুজৰবৰুৱা)


(অবিবাহিত সকলৰ বাবে অতি সহজতে খাব পৰা ৰন্ধন প্ৰণালী)

:: দৈ- মুৰ্গী-বাটাৰ ::

উপকৰণঃ
মুৰ্গী মাংস – আধা কেজি
দৈ – ১ কাপ
পিয়াঁজ – ১ টা ডাঙৰ, দুটা সৰু
আদা- নহৰু মিশ্রণ – ৩ চাহ চামুচ
তেজপাত – ২ টা
পাছ- ফোৰণ – আধা চামুচ
জলকীয়া – ২ টা
বিলাহী – ২ টা ( কাৰোবাৰ হেলা লাগিলে নিদিবও পাৰে ।)
জিৰা, ধনিয়া, জলকীয়া গুঢ়া – আধা চামুচকৈ
নিমখ, হালধি- প্রয়োজন মতে
বাটাৰ – ২৫০ গ্রামৰ পেকেট এটা
ধনিয়া পাত- মিহিকৈ কাটি দুচামুচ মান
নৰসিংহ পাত- ৪/৫ টা

প্ৰণালীঃ
প্রথমতে ধুনীয়াকৈ ডেটল হেন্ড ৱাশ্বেৰে হাত দুখন পৰিষ্কাৰকৈ ধুই আছে যদি এপ্রণ এখন পিন্ধি লওক, মাষ্টাৰ চেফৰ দৰে । মানে এপ্রণখন পিন্ধি ল’লে আপোনাক নিজকে বিৰাট ভাল ৰান্ধনী যেন লাগি যাব আৰু আপোনাৰ মনোবল তুংগী হৈ যাব ।
এতিয়া প্রথমে মিক্সিত দৈ খিনিৰ লগত কাজু ৭/৮ টা দি ভালকে মথি লওক ।( মিক্সি নাথাকিলে কাজু নিদিলেও কথা নাই)
এতিয়া ডাঙৰ বাচন এটাত দৈৰ মিশ্রনটো আৰু জিৰা, হালধি, জলকীয়া গুৰাৰে মাংস খিনি ভালকে সানি লওক ।
কেৰাহীটো গৰম হ’ব দি, তাত বাটাৰ পেকেট ঢালি দিয়ক । অলপ হেতা খনেৰে লাহে লাহে লৰাই থাকিলে যেতিয়া বাটাৰখিনি গলি জুলীয়া হ’ব তেতিয়া তাত দুটা তেজপাত আৰু পাছ- ফোৰণ খিনি ছটিয়াই দিয়ক ।
আধা মিনিট মান পিছত ডাঙৰ পিয়াঁজটো চকলাকৈ কাটি কেৰাহীত দিয়ক আৰু ৰঙচুৱা নোহোৱালৈ ভাজি থাকক । ইয়াৰ পিছত আদা নহৰুৰ মিশ্রণটো দি ১ মিনিট সময় ভাজক । ( এইখিনি কাম অলপ কম জুইত কৰিব, নহ’লে বাটাৰ খিনি লাগি যোৱাৰ সম্ভাৱনা থাকে ।)
এতিয়া বিলাহী খিনি দি পিয়াঁজৰ লগত ভালকে লগ খাবলৈ দিয়ক ( বিলাহী নিদিলেও একো কথা নাই) ।
এতিয়াহে আহিল আচল পর্ব । বজৰংবলীৰ নাম লৈ দৈ আৰু মছলাৰে সানি থোৱা মাংস খিনি কেৰাহীত দি দিয়ক। হেতা খনেৰে লাচিতে মোগল সেনা কটাৰ দৰে মাংস খিনি তল ওপৰ কৰি লৰাই দিয়ক। অলপ সিজি অহা যেন পালে প্রয়োজন অনুসৰি পানী দিয়ক ( বেছি পানী নিদিব। অলপ গোটা হৈ থাকিলেই ভাল লাগে)। মাংসখিনি ১০/১৫ মিনিট মান ঢাকনি দি থৈ দিয়ক।
এইখিনি সময়ত আপুনি ধনিয়া খিনি মিহি মিহি কৈ কাটি লওক। আৰু ঢাকনি খন খুলি মাংসৰ লগত মিহলাই দিয়ক।

উফফ হৈ গ’ল দিয়ক। আৰু কষ্ট নিদিওঁ আপোনালোকক। এতিয়া জুই খিনি নুমুৱাই দিয়ক আৰু কেঁচা জলকীয়া দুটা আৰু নৰসিংহৰ পাত খিনি আঞ্জা খনৰ ওপৰত দি দিয়ক ।

হৈ গ’ল । এতিয়া গৰম গৰম ভাত বা ৰুটীৰ লগত পৰিবেশন কৰক, আৰু যদি ভাল হোৱা নাই মোক তামাম গালি পাৰক । ( তেতিয়া মই কি কম জানে? – নাচিব নাজানে চোঁতাল বেঁকা বুলি ক’বলে আহিছে ।)

বিধিসন্মত সতর্কীকৰণঃ ইট এট ইয়ৰ অউন ৰিস্ক !! সকলোৱে খাব পাৰে ৰেছিপিটো । পিছে মোৰ দৰে ক্ষীণ মীন বিলাকে অলপ কমকে খালে ভাল, মানে বাটাৰ থাকেতো ।

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

Borhiya…

Copying is Prohibited!