দৰা ‘আমেৰিকা’ৰ (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)
নৃপতি বৰ্মনৰ চতুৰ্থা কন্যা পদুমীৰ বিয়া ঠিক হ’ল। তিনিগৰাকী জীয়াৰীক বিয়া দি উলিয়াই দিয়াৰ পিছত খেতি কৰি পৰিয়ালটোক পোহপাল দিয়া বৰ্মনৰ অৱস্থা তথৈবচ। শেষ বিয়া বুলি অলপ আড়ম্বৰকৈ বিয়া খন পতাৰো মন তেওঁৰ। শেষত ঘৈণীয়েকে বিয়াৰ খা-খৰচৰ বাবে বৰ্মনৰ ভায়েকহঁতকে কৈ চাবলৈ ক’লে। চহৰত বিয়াগোম চাকৰি কৰি এক স্বাচ্ছন্দ্যৰ জীৱন-যাপন কৰা ভায়েকহঁতে ইতিমধ্যে কৈয়েই দিছিল যে আগলৈ বিয়া বা কাম-কাজত তেওঁলোকৰ পৰা একো সহায় নিবিচাৰিবলৈ। দুদিন আগতে খেতিৰ ধানৰ ভাগ ল’বলৈ ভায়েক দুজন গাঁৱলৈ আহোতে নৃপতি বৰ্মনে কওঁ-নকওঁকৈ পদুমীৰ বিয়াৰ কথাটো উলিয়ালে। ’বিয়া ঠিক হ’লেই নেকি? ল’ৰা ক’ৰ?’ ’আমৰিখ’ৰ – লাহেকৈ ক’লে নৃপতিয়ে। ’কি?? আমৰিখাৰ? মানে আমেৰিকাৰ?’- দুই ভায়েকৰ চকু ডাঙৰ হৈ গ’ল। ’অ’ আমৰিখ’ৰ ল’ৰা। বেয়া নহয়। গোটেই পৰিয়ালটো থাকে তাতেই। চাকৰিটো ডাঙৰ নহ’লেও সৰুও নহয়…’ ’আমেৰিকাৰ ল’ৰাৰ লগত বিয়া ঠিক কৰিছ আৰু উচ্চাৰণ কৰিব নাজান ভালকৈ। আমেৰিকা….ষ্টেটচ্ বুলিও কয়’ – ডাঙৰ ভায়েক ৰজনীৰ গালি শুনি মনে মনে ৰয় নৃপতি। সেই ৰাতিয়ে বিয়াৰ ঘটক হালৈক ফোন কৰি ভায়েক ৰজনীয়ে দিলে ভালকৈ এচাট -’তই সেই ল’ৰাটো ভিকহুৰ জীয়েকৰ কাৰণেহে মিলাব লাগে নে? মোৰ ছোৱালী নাছিল? পদুমীতকৈ তাই কিমান বেছি ম’ডাৰ্ণ তই দেখোন জানই’ ’কি কয় দাদা? আপোনাৰ ছোৱালীক বিয়া দিবলৈ মান্তি হ’লে এতিয়াও মিলাব পাৰোঁ। নৃপতিৰ হ’ব লগা জোঁৱাইৰ ভায়েক এজন আছে। স্বভাৱ-চৰিত্ৰ ভালেই। বিয়াখনতে দেখোন কথা-বাৰ্তা আৰম্ভ কৰিব পাৰোঁ। ল’ৰা-ছোৱালীয়েও ইটোৱে-সিটোক দেখক, কথা পাতক…’। ৰজনীৰ মুখখন উজলি উঠে। জোঁৱাইৰ ঘৰ আমেৰিকাত বুলি মানুহৰ আগত কৈ কম ভাল লাগিবনে! নৃপতিহঁতৰ পৰিয়ালৰ সন্মানৰ বাবেই ৰজনীয়ে গোটেই বিয়াৰ দায়িত্ব ল’লে। কিবা কাৰণত দৰাঘৰে বেয়া পালে নিজৰ জীয়েকৰ বিয়াখনো ঠিক নহ’বগৈ- ৰজনীয়ে ভাবে। নিজেই আগ ভাগ লৈ কইনাৰ লগতে জীয়েকৰ কাৰণেও ডিজাইনাৰ প্ৰাজক্তাৰ পৰা আটকধুনীয়া মেখেলা-চাদৰ কিনিলে। ‘মেখেলা চাদৰ বাই প্ৰাজক্তা’ৰ পে’জটোত ফ’টোও আপলোড কৰিলে। নৃপতিৰ আনজন ভায়েক ধৰণীৰ পুতেকৰ আকৌ আমেৰিকা’ত পঢ়িবলৈ যাবৰ মন। চিনাকী মানুহ এঘৰ আমেৰিকাত থাকিলে বৰ সুবিধা হ’ব বুলিয়েই ধৰণীয়ে ঘৈণীয়েকৰ পৰামৰ্শমতে বিয়াৰ এসপ্তাহ আগৰে পৰা লাগি-ভাগি দিলে। নৃপতিৰ ঘৰটো নতুনকৈ সঁজাত সহায়ো কৰিলে।
নৃপতিৰ জীয়েক পদুমীৰ দৰা ‘আমেৰিকা’ৰ স্থায়ী বাসিন্দা, বিৰাট আঢ্যবন্ত অসমীয়া পৰিয়ালৰ – কথাটো লাহে লাহে গোটেই গাঁৱতে বিয়পি পৰিল। পদুমীয়ে পঢ়া ১২৪নং বুনিয়াদী বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে তাইক সম্বৰ্ধনাও জনালে। দৰা পাৰ্টি আমেৰিকাৰ বুলি গম পাই শৰ্মা ৰান্ধনীয়ে বিনামূল্যে ৰান্ধিবলৈ মান্তি হ’ল। মাছ-মাংসও আধাতকৈ কম দামত গাঁৱৰ মানুহে আনি দিলে। ধুম-ধামেৰে বিয়া আৰম্ভ হ’ল। দৰাঘৰে একেদিনাই জোৰণো দিব। কোনেও আপত্তি নেদেখুৱালে। ৰাতি দৰা চাবলৈ লোকে-লোকাৰণ্য। গাঁৱৰ মৌজাদাৰৰ জীয়েকতকৈও বেচ ডাঙৰ বিয়া হ’ল। নৃপতিৰ মনটোৱে শান্তি পালে। অৱশেষত দৰা পাৰ্টি আহিল। ৰজনী-ধৰণীয়ে ঘৈণীয়েক-জীয়েকহঁতক লৈ দৌৰা-দৌৰি লগালে। দৰাক দেখাৰ পিছত গাঁৱৰ মানুহে সন্দেহ কৰিলে-’নাই নাই, আমেৰিকাত থকা মানুহ যেন লগা নাই। পৰিয়ালটো দেখিওতো তেনেকুৱা লগা নাই। কিবা গণ্ডগোল আছে!’ এজনে দৰাক দেখি চিঞৰিলে-’ধেই, এইজন দেখোন ভেৰভেৰী গাঁৱৰ গ্ৰামীন বেংকত কাম কৰা তালুকদাৰ..উলম্ব তালুকদাৰ!’
ৰজনীয়ে লৰি আহি নৃপতি বৰ্মনক একাষলৈ টানি নি সুধিলে-’সঁচা কথা ক, ল’ৰা আমেৰিকাৰ নহয় বোলে…আমাক সকলোকে মিছা কৈছিলি?’
‘মইনো ক’ত আমেৰিকাৰ বুলি কৈছিলোঁ? দৰাৰ ঘৰ চামতা-সৰ্থেবাৰীৰ কাষৰ ‘আমৰিখোৱা’ত। আমি কওঁতে আমৰিখ’ বুলি কওঁ। তই হে আমেৰিকা-আমেৰিকাকৈ চিঞৰি থাকিলি!’
ৰজনীয়ে দূৰত ৰৈ থকা জীয়েকলৈ চালে। বেচেৰীক বিশহাজাৰটকীয়া মেখেলা-চাদৰযোৰেৰে বৰ ধুনীয়া দেখাইছে আজি। নামতীয়ে ইফালে বিয়ানাম জুৰিলেই- ‘শিৱ গোঁসাই আহিছে, আমেৰিকাৰ পৰা আহিছে…’!
Bor val lagil. speacially Nripoti Bormon aru takhator hohudoror choritro kaita ankon korat lakholk hofol hoisha.
Thanks.