নগ্ন পুৰুষ.. ধৰ্ষিতা যুৱতী (দীপাঙ্ক বৰা)

নগ্ন পুৰুষ.. ধৰ্ষিতা যুৱতী

ছুটি কাপোৰ পৰিহিতা গাভৰু ছোৱালীজনী লয়লাস ভংগীমাৰে মোৰ আগে আগে গৈ আছিল। হাতত এটা মোবাইল ফোন লৈ বাৰ্তালাপত ব্যস্ত ছোৱালীজনীৰ প্ৰকট হৈ থকা নিটোল উৰুহাল নাচাওঁ বুলি ভাবোঁতেও বাৰে বাৰে মোৰ চকুহালৰ দৃষ্টি যেন তাতেই নিৱদ্ধ হৈছিল। কেৱল মোৰেই নহয়.. কাষেদি পাৰ হৈ যোৱা প্ৰত্যেকজন পুৰুষৰ চকুবোৰে যেন তাইক লেহন কৰি গৈছিল। তাই কিন্তু সেই লুভীয়া চাৱনিবোৰলৈ ভ্ৰূক্ষেপ নকৰি আপোন জগতখনতেই ব্যস্ত হৈ খোজ কাঢ়ি আছিল। পুৰুষৰ সহজাত প্ৰবৃত্তিৰে মোৰো তাইক সন্মুখৰ পৰা এবাৰ চাবলৈ মন গৈছিল। যৌৱনপুষ্ট শৰীৰটোৰ পৃষ্ঠভাগে মোক আকৰ্ষিত কৰি তুলিছিল। কেৱল আকৰ্ষিতই কৰিছিল নে মোৰ মনত জগাই তুলিছিল আৰু কিবা কামনা! তাইও গম পাইছে নেকি… ছুটি কাপোৰ কিয় পিন্ধিছে বাৰু তাই! আমি পুৰুষবোৰে ভবাৰ দৰে তাইৰ শৰীৰটোৰ দ্বাৰা আমাক আকৰ্ষিত কৰিবলৈ নে মাত্ৰ নিজৰ খেয়াল-খুছী মতে ধুনীয়া দেখাবলৈ! ময়ো দেখোন গৰমৰ বাবে এটা হাফ পেণ্ট আৰু হাত কটা গেঞ্জী পিন্ধি দোকানলৈ আহিছোঁ। মইতো কাৰোবাক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা নাই। তেন্তে ছোৱালীজনীৰ কথা তেনেকৈ কিয় ভাবিছোঁ! আনৰ কামনা জাগ্ৰত কৰিবলৈ তাইতো একো গোপন অংগ প্ৰকট কৰা নাই। তেন্তে আদিম নগ্নতা কোনে প্ৰকাশ কৰিছে.. তাই নে মোৰ মনটোৱে! .. ল’ৰা এটা লগ পাই কেৰাহিকৈ মোৰ ফালে চাই ছোৱালীজনী বাইকত উঠি গ’লগৈ। তাই মোৰ ফালে কিয় চালে? প্ৰশ্ৰয় দি মোক আকৃষ্ট কৰিবলৈ নে অলপ আগলৈকে কামনা জৰ্জৰ দৃষ্টিৰে তাইৰ শৰীৰটো চাই থকা বাবে নীৰৱে তিৰস্কাৰ কৰি থৈ গ’ল। বুজি নাপালোঁ। নাৰীৰ চকুৰ ভাষা বুজিবলৈ বৃথা চেষ্টা কৰাতকৈ জটিল কোৱাণ্টামৰ সূত্ৰ এটা পঢ়াই ভাল।
অশান্ত হৈ পৰিছিল মনটো। অনাত্মীয় নাৰীৰ উন্মুক্ত শৰীৰৰ অংগই কিয় বিচলিত কৰিলে মোৰ দৰে আন বহু পুৰুষৰ মন। মই দেখোন ভাল মানুহ। কম কাপোৰ পিন্ধা বাবেই ছোৱালীজনীক বেয়া দৃষ্টিৰে কিয় চালোঁ? পশু নেকি মই। ক’তা.. পশুবোৰৰ চকুতো দেখোন নেদেখোঁ তেনেকুৱা নীচ চাৱনি! সভ্যতা, শালীনতা, নগ্নতা ৰক্ষা কৰাৰ দায়িত্ব কেৱল নাৰীৰ কিয়। হৰিণাৰ মঙহেই বৈৰী বুলি কয়… নাৰী কি তাৰমানে হৰিণা.. আৰু আমি পুৰুষবোৰ.. জীয়া মঙহ লুভীয়া একো একোটা উলংগ চিকাৰী। ছিঃ… ইমান নীচ নে আমি পুৰুষবোৰ!
মোৰ আত্মীয় নাৰীবোৰতো সকলোৰে আত্মীয় নহয়। তেন্তে আন পুৰুষৰ বাবে মোৰ কন্যা, ভগ্নী, মাতৃহঁতো তেন্তে কি মাথোঁ জীয়া মঙহৰ একো একোজনী হৰিণা! যাৰ চৰিত্ৰ, সতীত্বৰ মাপকাঠি নিৰূপণ কৰা হয় পিন্ধা কাপোৰৰ জোখ লৈ। যিহঁত ধৰ্ষিতা হ’লে কোৱা হয়.. তাই ইমান ৰাতি কিয় ঘূৰি ফুৰিছিল… নাজানে নে’কি তাই নিজকে অবলা বুলি!
কাৰ ওচৰত অবলা নাৰী! নাৰীক অবলা বুলি কোৱা সেইজন গৈছেনে কেতিয়াবা প্ৰসূতি গৃহৰ ভিতৰলৈ। দেখিছেনে কেতিয়াবা কোমলাংগী নাৰীৰ সেই দুৰ্জেয় শক্তি। বুজি নাপাওঁ নাৰীয়ে নিজেও কিয় আন সময়ত পাহৰি যায় প্ৰকৃতিয়ে দিয়া সেই আমোঘ শক্তিৰ কথা। সৃষ্টিৰ ক্ষমতাধাৰিণী নাৰীয়ে কিয় হৈ থাকিব বিচাৰে আনৰ ওচৰত সদায় এপাহ আলফুলীয়া কপৌফুল! নতুবা কিয় হৈ পৰে বজাৰৰ পণ্য সামগ্ৰী।
ঘৰলৈ উভতি মনত সৃষ্টি হোৱা ভাববোৰ পাহৰাবলৈ টিভিটো পকাই বাতৰিৰ চেনেল এটাত দৃষ্টি নিৱদ্ধ কৰিছিলোঁ। সাংবাদিক জনে ভাওনাৰ বচন মতাৰ দৰে ব্ৰেকিং নিউজ এটা গাই আছিল… লগত আৱহ সংগীত। আগনিশা দেশৰ ৰাজধানীত পুনৰ উত্তৰ-পূৱৰ যুৱতীক বলাৎকাৰৰ জঘন্য ঘটনাৰ বাতৰি। টিভিৰ স্ক্ৰীণৰ তলফালে লিখিত ৰূপতো বাতৰিটো দি আছিল। ছবছৰীয়া পুত্ৰই ধৰ্ষণৰ বাতৰিটো জোটাঁই জোটাঁই পঢ়িবলৈ চেষ্টা কৰি থকাত তাক কিবা এটা বিচাৰিবলৈ দি কোঠাটোৰ পৰা আঁতৰাই পঠালোঁ। কোনোবা সাংবাদিকে বিয়োগম নেতা এজনক ঘটনাটোৰ বিষয়ে সোধাত স্বয়ম্ভূ ভগৱানৰূপী ধৰ্মীয় তথা ৰাজনৈতিক নেতাজনে মধুৰ হাঁহি আৰু শান্ত সমাহিত কণ্ঠৰে বলাৎকাৰীক গৰিহণা দিয়াৰ সলনি… জুইৰ পোহৰত মাখন গলিবই… নাৰীয়ে সাজ-পোছাকত শালীনতা নাৰাখিলে ধৰ্ষণৰ দৰে ঘটনা ঘটিবই… জাতীয় কথা কৈ ধৰ্ষিতাৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছিল। ধৰ্মীয় বসন পিন্ধি থকা সেই পুৰুষজনক কিয় জানো উলংগ হৈ পৰা যেন ভাব হৈছিল। ধৰ্ষিতা যুৱতীজনীৰ কথা কৈ তেওঁ যেন আত্মৰতিত লিপ্ত হৈছে। ছিঃ কি কদৰ্যকৰ পুৰুষৰ সেই ৰূপ।
হঠাৎ মই বহি থকা কোঠাটোলৈ পত্নী সোমাই অহাত টিভিৰ চেনেলটো সলনি কৰি দিলোঁ.. কাৰণ মোৰ ভিতৰৰ পুৰুষটোৰ লাজ লাগিছিল… আত্মৰতিত লিপ্ত সেই উলংগ পুৰুষ জনৰ নগ্ন মনটো পত্নীয়েও দেখে বুলি।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
DJ
8 years ago

Bhal lagil porhi

Copying is Prohibited!