নিয়ৰ, কুঁৱলী আৰু শৰৎ বন্দনা, নিৰলা জীৱনৰ সন্ধানতঃ
লেখক- নিৰু দত্ত
মৌলিক প্ৰয়োজনখিনি যেনে খাদ্য, বস্ত্ৰ আৰু বাসস্থানেই আজিৰ মানুহৰ বাবে জীৱন জীয়াবলৈ যথেষ্ট নহয়। অতি অৰ্থৱানজনেও কেতিয়াবা সকলো অত্যাধুনিক সা-সুবিধাৰ মাজত থাকিও অভাৱ অনুভৱ কৰে প্ৰশান্তিৰ। জনসমাগমৰ পৰা কোনো নিৰলাত গৈ পোৱা প্ৰশান্তিয়েহে মানুহক দিয়ে প্ৰকৃত জীৱনবোধ। তাহানিতে গাঁৱৰ পৰা চহৰলৈ মানুহৰ প্ৰব্ৰজন ঘটিছিল উন্নত জীৱনৰ আশাত। আজিৰ দিনত আকৌ মানুহৰ গাঁওমুখী হোৱাৰহে প্ৰৱণতা বাঢ়িছে কিয়নো আজি প্ৰকট হৈ পৰিছে যে প্ৰকৃতিৰ সকলো সৌন্দৰ্য্য সোমাই থাকে গাঁৱৰ মাজতহে। গাঁওবোৰ জীয়াই থাকিলেহে প্ৰকৃতিও নিভাজ ৰূপত জী থাকিব। সমাজ জীৱন সুন্দৰ কৰি ৰাখিবলৈ হ’লে আমি গাঁৱৰ প্ৰকৃতিক উপভোগ কৰিবলৈ শিকিব লাগিব। আধিক্য ৰহিত সাম্যবাদৰ সুৰ বাজি থাকে গাঁৱৰ সুৰুকীয়া বাটে-ঘাটে। ৰুছোৰ ‘Return to Nature’ ধ্বনিয়ে ফৰাচী বিপ্লৱক গতি দিছিল। তাৰে গইনা লৈ জন্ম পাইছিল ৱৰ্ডছৱৰ্থ, কীটচৰ দৰে কালজয়ী কবিৰ। অসমৰ গাঁৱৰ গৰিমা প্ৰকাশ পাইছে চহা জীৱনৰ চৰ্যাত। সেই সুষমাৰে উদ্বেলিত চেতনা শব্দৰ ৰূপত নিগৰি বৈছে কবি-গীতিকাৰৰ কাপেৰে।
ঋতুৰ স্বকীয়তা অসমীৰ ভূষণঃ
অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপে দেশী-বিদেশী লোকৰ প্ৰাণত জগায় অজান পুলক। ছয় ঋতুৰ ভিন্ন শোভাই মতলীয়া কৰে কবি – সাহিত্যিকৰ প্ৰাণ। তাৰে ভিতৰত ঋতুৰাণী শৰতৰ শোভা অতি মনোৰম। গ্ৰীষ্মৰ তাপে দহা শৰীৰে বৰ্ষাৰ ধাৰাসাৰ বৰষুণ আৰু ক্লেদময় বাতাৱৰণৰ পৰা ৰক্ষা পাবলৈ আশাৰে বাট চায় শৰতৰ আগমনলৈ। জলভৰ ওন্দোলা আকাশে এৰি দিয়ে বৰষুণ ধাৰাসাৰ, ক্ৰমে নিৰ্ভাৰ হয় কজলা ডাৱৰ; কমোৱা তুলাৰ দৰে উটি – ভাহি ফুৰে নীল নভোমণ্ডলত। নীলাভ আকাশ উঠি যায় মহাশূন্যক ধিয়াই । কপাহ মেঘৰ পাল-তৰা নাৱে অগা-ডেৱা কৰে চিলনী চৰাইৰ আকাশলঙ্ঘী উৰণত। মহাপুৰুষজনাৰ ‘শৰৎ বৰ্ণনা’ ত আমি পাওঁ –
“শৰত সমান নাহি সুখ কাল
সবেও বিদিত ভৈল
স্বচ্ছ ভৈল জল আকাশ নিৰ্মল
দূৰ গৈল মেঘগণ…”
লাহে লাহে শৰৎ আহে আহিনৰ গেঁৰ ধৰা ধাননিৰ মাজেৰে। সতেজ বতাহত কঁপি থাকে সেউজ ধানৰ আগ। তাকে সাবটি কুঁৱলীয়ে আঁচলেৰে তৰে ৰেচমী জাল। পথাৰৰ আলি, ঘৰৰ চোতাল-পদূলি ঢাকি দূবৰিৰ প্ৰসাৰিত জঞ্জাল। শেহৰাতি নিয়ৰ সৰে টুপ টুপ ঘৰৰ চালত, মুকুতা হৈ জিলিকে দূবৰি বনত। চোতালৰ মূৰত অথবা কাৰোবাৰ দীঘল পদূলিমূৰত দূবৰিত দলিচা পাতে পুৱা সৰা বকুল আৰু শেৱালিয়ে। বকুলৰ স্থান সাধাৰণতে নামঘৰ, স্কুলঘৰ আদি ৰাজহুৱা স্থানত। আদৰৰ শেৱালিজোপা সদায় ঘৰৰ জপনা মুখত।
কাৰ হাত ধৰি চুচুক চামাককৈ শৰৎ আহে মৰত শুৱাই? নিয়ৰ, শেৱালি আৰু কুঁৱলিৰ আঁচল বগাই নহয় জানো! ডালত দুলি শেৱালিয়ে ওলমি ওলমি ওৰে ৰাতি কথা পাতে নিয়ৰৰ মুকুত পিন্ধা দুবৰীৰে। নিয়ৰ, শেৱালি আৰু শৰতৰ আত্মীয়তা মাথোঁ কেইটামান মাহহে জোৰা। কিন্তু তাৰ সুবাস কাল জোৰা। কবিয়ে কবিতা ৰচে, গীত হৈ নিগৰে শিল্পীৰ কণ্ঠেৰে শৰৎ, শেৱালি, কহুৱা আৰু নিয়ৰৰ বন্দনাৰে।
শেৱালিৰ ইংৰাজী প্ৰতিশব্দ হৈছে Night blooming Jasmine। শেৱালি ফুলৰ বৈজ্ঞানিক নাম – Nyctanthes arbor-tristis। অনেক ঔষধি গুণেৰে ভৰা শেৱালিৰ কোমল সুবাসে পুৱাটো সতেজ কৰে। আধ্যাত্মিক ভাবনা জাগ্ৰত কৰে মানুহৰ মনত। নিয়ৰস্নাত দুৱৰী – শেৱালি খেয়ালি কবিৰ প্ৰেৰণা।
গণেশ চতুৰ্থীৰ বন্দনাৰে আৰম্ভ হয় দেৱ-দেৱীৰ এই শৰতত। আৱাহনৰ দুহাতত জ্বলে প্ৰদীপ দুৰ্গতি নাশিনী দেৱী দুৰ্গাক দুখ মোচনৰ বাবে, শান্তি কামনাৰে এই শৰতত। শৰতৰ পূৰ্ণিমা ৰাতি পূৰ্ণচন্দ্ৰৰ জোনাকত বাউল হয় ৰাস পূৰ্ণিমাৰ ৰাতি। কানাইৰ বাঁহীৰ সুৰে যমুনা ঢৌৱাই যায়। আয়ানৰ পোতাশালে নোৱাৰে বান্ধিব ৰাধাৰ দুভৰি।
এই মোহনীয় শৰতৰ মাদকতা প্ৰোজ্বল হৈ উঠিছিল শাৰদীয় পূৰ্ণিমা ৰাতি বৃন্দাবনত। গোপীনাথ শ্ৰীকৃষ্ণই গকুলৰ গোপীসকলৰ নিষ্কাম ভকতিত তুষ্ট হৈ ৰাসক্ৰীড়াৰে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিছিল যমুনাৰ বালিত। তাৰেই বৰ্ণনা দিবলৈ নৱ বৈষ্ণৱ ধৰ্মৰ কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধত শৰতৰ এটি মনোৰম বৰ্ণনা দিছে –
“শৰত সমান নাহি সুখকাল হৰে দুঃখ অতিক্ৰমে।
আকাশত মেঘ যতেক আছিল গুচাইল তাক প্ৰথমে॥
শৰত কালত সূৰ্যৰ তাপত চন্দ্ৰে দূৰ কৰে দুঃখ।
যেন গোপবধূ বিৰহ তাপত তৰে দেখি কৃষ্ণ মুখ॥ “
সেইদৰে ‘মানসী’ কাব্যত ককা নীলমণি ফুকনৰ কাপত ফুটিছিল –
“শৰত কালৰ বিতোপন ৰাতি কাৰ সতে কৰা ৰাসক্ৰীড়া”
গীতৰ গুঞ্জনত শৰৎ উমালঃ
শৰতৰ মাদকতাত নদীৰ গৰাত কঁহুৱা ফুলে। আকাশৰ শুকুলা মেঘ আৰু পাৰৰ কঁহুৱাই তন্বী নদীৰ অথবা বিলৰ দাপোনত কথা পাতে। নৱকান্ত বৰুৱাই সেই দৃশ্যপট কবিতাত অংকন কৰিছিল, প্ৰাণ ঢালি গাইছিল বীৰেন্দ্ৰ নাথ দত্তই –
“সৌ পথাৰৰ কহুৱা ফুল
নীল আকাশত কোনে সজালে …
মদাৰৰ দৰে কঁহুৱাৰো আদৰ নাই পূজা-পাৰ্বনত। অথচ কঁহুৱাই মানুহৰ চেতনাত ঝংকাৰ তোলে। মুনমী বৰাৰ আকুল কণ্ঠক জনতাৰ কাষ চপাই আনিছিল গীতিকাৰ প্ৰশান্ত কুমাৰ বৰদলৈৰ এই বিশেষ গীতটিয়ে –
“শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে
জুৰিটি পাৰত কঁহুৱা ফুলিলে
মন উতলা কৰে …”
কোনো কোনো কবিয়ে শৰতক বসন্ততকৈ বেছি মৰ্যাদা দিছে। ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল’ শীৰ্ষক কবিতাপুথিত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই শৰতক বসন্ততকৈ শ্ৰেষ্ঠ বুলি লিখিছে। নীলা বাইদেউ নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘শৰত’ কবিতাটোত কৈছে – ‘শৰত প্ৰেমময়। বসন্ততকৈও। ‘
শৰৎ আৰু শেৱালি বিষয়ক অনেক গীত আছে যাৰ সুৰ আৰু ছন্দই মনত ভাবৰ হেন্দোলনি তোলে।
“আমোল মোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজে চোন”
হীৰুদাৰ কলমত প্ৰাণ পোৱা লোকনাথ গোস্বামীৰ কণ্ঠৰে নিগৰা কালজয়ী গীতটো যি শুনিছে তেওঁ গুণগুণাইছে অজানিতে সহস্ৰবাৰ।
ভাদমাহৰ চৌফলীয়া গৰমত ঘামচিৰ চিটচিটনি পাতলীয়া দুই এজাক বৰষুণে নিৰসন কৰিব নোৱাৰে। সেয়ে জনতাই আকুলভাৱে প্ৰতিক্ষা কৰে শৰতৰ আগমনলৈ। কুঁৱলীয়ে পুৱাটো কেনেকৈ সেমেকাই তোলে চাবলৈ অধীৰ অপেক্ষা কবি-গীতিকাৰৰ।
“সাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে
বাটৰ ধূলিক সেমেকা যিটো প্ৰহৰে কৰে। (জয়ন্ত হাজৰিকা )
শৰতৰ প্ৰথম কুঁৱলীয়ে প্ৰণয়ীলৈ অনুৰাগৰ ভাব জগাই তোলে। দুৰ্গাময়ী বাইদেউৰ কণ্ঠই সকলোৰে হৈ জনাই যায় সেই ভাবনা।
“আজি শৰতৰ প্ৰথম কুঁৱলী পৰিছে
আজি চাগে তোমাৰ মোলে মনত পৰিছে
তুমি সুধিছিলা মৰহা শেৱালি
মই কিয় ভাল পাওঁ?”
তেনে অনুৰাগে ৰঞ্জিত ক্ষণত শেৱালিয়ে মিচিকিয়াইহি কাৰোবাৰ খিৰিকি মুখত…
“শেৱালি পাহীয়ে
কোমল মিচিকি হাঁহিৰে
মাতিলেহি খিৰিকি মুখতে।” ( ৰাজেন গোঁহাই )
চুচুক – চামাককৈ শৰৎ আহে অম্বৰ জিনি ধৰালৈ। আৱাহনী গীতেৰে বতৰৰ ফুলেৰে আমন্ত্ৰণ জনায় ঋতুৰাণীক। গীতিকাৰে সুধিছে –
“কি গীত গালে শেৱালি ফুলে
শৰৎ আহে মোৰ পদূলিলে….”
ৰবীন্দ্ৰ নাথৰ কাব্যত শেৱালিৰ কথা পোৱা যায় –
“শিউলি ফুল
কেমন ভুল, এমন ভুল
ৰাতেৰ বায় কোন মায়ায়
আনিল হায় বন ছায়ায়”
শেৱালি আৰু নিয়ৰক বাদ দিলে শৰৎ অপূৰ্ণ। ইটিয়ে সিটিৰ হাত ধৰি ধৰাক ধুনীয়া কৰে। মানুহৰ চিত্ত হৰণ কৰি মনলৈ আনি দিয়ে প্ৰশান্তি। জেঠৰ বাৰ-খৰ, বৰ্ষাৰ ক্লেদময় প্ৰকৃতিৰ তিক্ত অভিজ্ঞতাক পাহৰাই মানুহৰ মানসত নতুন দিনৰ বীজ ৰোপণ কৰে। ভূপেনদাই গীতেৰে, সুৰেৰে তাৰেই এখন নিভাজ ছবি কালৰ বুকুত ৰাখি থৈ গৈছে –
“শৰতৰ শেৱালি নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
মুকুতিৰ গীত গায় শৰালি জাকে”
সেইদৰে ভূপেনদাই শাৰদীৰাণীক বুকুৰ আপোন কৰি নৈসৰ্গিক শোভা অংকন কৰিছে গীতেৰে –
“শাৰদীৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন।”
দৰদী গায়ক ৰূপম ভূঞাই শৰতৰ সতেজ বতাহজাকক আহ্বান জনাইছে তেওঁৰ স্মৃতিক চুই যাবলৈ যাতে তাতে অৱগাহন কৰি তেওঁ ডুব যাব পাৰে মিঠা সোঁৱৰণিত।
“শৰতৰ সতেজ বতাহ এজাক
চুই যোৱা মোৰ স্মৃতিৰ ছবি।”
সাম্প্ৰতিক সময়ৰ এজন বলিষ্ঠ কণ্ঠশিল্পী সান্নিধ্য ভূঞাৰ কাপেৰে নিৰ্গত আৰু কণ্ঠাৰোপিত এটি গীতত শৰতৰ ৰাতি এটাৰ সতেজ বৰ্ণনা প্ৰকাশ পাইছে। সেই মায়াবী ৰাতিটোৱে শ্ৰোতাক লৈ যাব ৰম্য অময়াপুৰীলৈ।
“শৰতৰ ৰাতি দূবৰি নিয়ৰে
জোনৰ লগতে কথা পাতে
স্নিগ্ধ শেৱালিৰ অমিয়া সুবাসে
শাৰদী মায়াবী ৰং সানে।”
পৰিসমাপ্তিঃ
নিয়ৰ আৰু শেৱালিক বাদ দি শৰৎ উৰুঙা। কালচক্ৰ ঘূৰে অবিৰাম। শৰৎ বছৰৰ মূৰত ধৰালৈ আহিবই। পিছে মানুহৰ অবিবেচক ক্ৰিয়া-কলাপে বতৰৰ আমূল পৰিৱৰ্তন সাধন কৰিছে। ধৰাপৃষ্ঠৰ তাপে গ্ৰীষ্মৰ প্ৰখৰতা আৰু শীতৰ সেঙেতাৰ হ্ৰাস-বৃদ্ধি ঘটোৱাৰ আঁৰত মানুহে সংঘটিত কৰা বিভিন্ন অপকৰ্মক জগৰীয়া কৰিব পাৰি। বৰ্ধিত লোকালয়ে বননিৰ ধ্বংস যজ্ঞ পাতিলে। উদ্যোগীকৰণে বায়ুমণ্ডলত এৰি দিলে সেউজগৃহ গেছ যাৰ পৰিণতিত গোলকীয় উষ্ণতা বৃদ্ধিৰ কুফল আমি ভুগিছোঁ। কেইটামান দশকৰ আগৰ দৰে ঋতু পৰিৱৰ্তনৰ শোভা আজিৰ পৃথিৱীত দৃশ্যমান নহয়। নিয়ৰ আৰু কুঁৱলী আমন জিমনকৈহে আহে। আঘোণৰ পথাৰ ঢকা কুঁৱলীৰ অগা-ডেৱাই কবিৰ প্ৰাণতন্ত্ৰীত আগৰ দৰে ঝংকাৰ নোতোলে।
ভূতৰ ওপৰত দানহৰ দৰে কৰোনা মহামাৰিৰ সৰ্বগ্ৰাসী লহ লহ জিহ্বাই আজি দুটা বছৰে অথাউনিত পেলাইছে। তাৰ মাজতো শুভ ফল দেখা গৈছে। লক ডাউনত মানুহৰ মনৰ পৰা হেৰাই যোৱা চখ কিছুমানে পুনৰ উক দিছে। ফুলনি আৰু শাকনিবাৰী পতাৰ চখৰ বাবে পৃথিৱী আকৌ সেউজীয়া হ’বলৈ ধৰিছে।
দেশী-বিদেশী ফুলে বাৰী পাতিবলৈ মাটি নথকা চৌহদৰো টাবত জকমকাইছে। চাদত, বেলকণিত আনকি উলম্ব বাগিচাৰ ৰূপত গছ আৰু গছ।
নদীৰ গৰাত সময় মতে কঁহুৱা ফুলিব। গছ ভালপোৱা এজন মানুহ জীয়াই থকালৈকে শেৱালি ফুলিব। নিচুকাবলৈ শৰৎ আহিব। শৰতৰ লগত আহিব নিয়ৰ আৰু কুঁৱলী।