নেমু-টেঙাৰ গোন্ধ-মূল ভাষা: -বাংলা: অৰ্পিতা চৰকাৰ
অনুবাদ: -অমৃত বৰঠাকুৰ
“বোপাই অ’, মোক চাউল কেইটা এইবাৰো নিদিলা দেখোন? এই সপ্তাহত ‘ঘেঁহু’ আহিছে বুলিও শুনিছোঁ। আঁঠুৰ বিষত ভুগিও ইমান পৰ শাৰী পাতি ৰৈ আছোঁ, ৰেচন কাৰ্ডখন দেখুওৱাৰ পাছতো মোৰ চাউলকেইটা নিদিয়া কিয় বোপাই?”
ৰেচনৰ দোকানখনৰ সন্মুখত গ্ৰাহকৰ দীঘলীয়া শাৰী। বৃহস্পতিবাৰে চান্দপুৰৰ, এই ঠাইডোখৰ বেচ গমগমীয়া হৈ উঠে। সেইদিনা কেঁচা শাক-পাচলিৰ বজাৰখন নবহে। তাৰ ঠাইত বেতৰ পাচি-খৰাহি, তাল-পাতৰ বিচনী, হাতে-বোৱা দলিচা এইবোৰৰহে পোহাৰ মেলে। এই বিশেষ বাৰটোত গদাইৰ মনটো সদায় উচপিচাই উঠে। এনে লাগে যেন এতিয়াই দৌৰি গৈ বজাৰৰপৰা লাটুম এটা, লাটুম ঘুৰুৱা ৰচী এডালেৰে সৈতে কিনি আনি, খেলিবলৈ আৰম্ভ কৰিব। কিন্তু তাৰ মনৰ ইচ্ছা মনতে থাকি যায়। অকালতে দেউতাকৰ মৃত্যু হোৱাৰ পাছত, এতিয়া মাকে তিনি ঘৰত ভাত ৰান্ধি পৰিয়ালটোক পোহপাল দি আহিছে। তাকো স্কুলৰপৰা এৰুৱাই আনি, এই চাউল, চেনি, কেৰাচিনৰ গোন্ধৰ মাজত সুমুৱাই দিছে। সি ষষ্ঠ শ্ৰেণী পাওঁতেই, মাকে তাক ইস্কুলৰপৰা উলিয়াই আনিছিল। সেইদিনা ইস্কুলৰপৰা উভতি অহাৰ পাছত মাকে কৈছিল, “মই ঘোষালৰ ঘৰতো কাম এটা গোটাই লৈছোঁ। তেওঁলোকৰ ডাঙৰজনৰ সৈতে কথা পাতিছিলোঁ। তেওঁলোকৰ ৰেচনৰ দোকানখনত হেনো কাম কৰা ল’ৰা এটা লাগে। মই হাতে-ভৰিয়ে ধৰি তোকে ল’বলৈ কৈ থৈ আহিছোঁ। ঘৰৰ মালিকনীয়ে মোক বৰ ভাল পায়। সেই কাৰণেই তোৰ কামটো হৈ গ’ল। মই তেওঁলোকক কৈছোঁ যে মোৰ ল’ৰা পঢ়া-শুনাত ভাল। ইংৰাজী লিখিবও পাৰে আৰু পঢ়িবও পাৰে। তাৰ দেউতাকৰ ইচ্ছা আছিল— তাক ভালকৈ পঢ়ুৱাব, কিন্তু কপালৰ দোষত সেয়া হৈ নুঠিল।”
গদাইৰ পোছাকী নামতো বেচ গপচ আছিল— গজেন্দ্ৰ নাৰায়ণ চৌধুৰী। ইস্কুলত ৰোল-কল কৰাৰ সময়ত, শিক্ষকজনে হাঁহি এটা মাৰি কৈছিল, “ৰং মিস্ত্ৰীৰ পুতেকৰ নাম আকৌ গজেন্দ্ৰ নাৰায়ণ! তোৰ দেউতাৰে জমিদাৰৰ ঘৰত ৰং কৰিবলৈ গৈ, জমিদাৰৰ নামটোকে টানি আনি, তোৰ পিঠিত লগাই দিয়া নাইতো!” গদাইয়ে একো উত্তৰ নিদিলেও, শিক্ষকৰ কথা শুনি শ্ৰেণীৰ গোটেই ল’ৰাবোৰে যেতিয়া হাঁহিছিল, তেতিয়া সি মনত বৰ আঘাত পাইছিল। সি নিজকে প্ৰশ্ন কৰিছিল— ‘দুখীয়া মানুহবোৰে ভাল নাম এটাও ৰাখিব নাপায় নেকি?’
এতিয়া মাকৰ কথা শুনি, সি বুজি পাইছিল যে বাপেক নথকা ল’ৰাবোৰে স্কুলত পঢ়িবও নাপায়! স্কুলৰ প্ৰাৰ্থনা যেতিয়া গদাইৰ কাণত পৰে, তেতিয়া গদাইৰ বুকুখন চমচমাই উঠে। কিন্তু মাকৰ কথা, “পঢ়া-শুনা কৰি আমাৰ বংশত কোননো ডাক্টৰ-ইঞ্জিনীয়েৰ হৈছে অ’। পঢ়ি-শুনি কৰিবিয়েই বা কি?”
গদাইয়ে স্কুল এৰিলে যদিও, পঢ়াৰ নিচাটো কোনো কাৰণতে এৰি দিব নোৱাৰিলে। সদায় আবেলি সি মোহন খুড়াৰ গেলামালৰ দোকানখনৰপৰা বাতৰি কাকতখন আনি পঢ়িবই, পঢ়িব। আনকি ওচৰৰে চিমেণ্টৰ দোকানখনৰপৰা দুদিন পুৰণি ইংৰাজী কাকতখনো আনি, পঢ়ি-পঢ়ি সি ইংৰাজী শব্দবোৰৰ অৰ্থ বুজিবলৈ চেষ্টা কৰে। তাৰ স্কুলৰ প্ৰিয় বন্ধু নিশানেও, তাক পুৰণি কিতাপবোৰ দি থৈ যায়। গদাইয়ে স্কুল এৰা ডেৰ বছৰ হৈ গ’ল কিন্তু সি পঢ়িবলৈ এৰি দিয়া নাই। ৰেচনৰ চাউল, চেনি বিতৰণৰ ব্যস্ততাৰ মাজতো, গদায়ে সি ভাল পোৱা ধৰণেৰে তাৰ পঢ়াৰ কামটো সমানে চলাই গৈছে।
আইতা গৰাকীয়ে আকৌ ক’লে, “অ‘ বোপাই, মোক চাউলকেইটা দিয়া। নহ’লে আজি লঘোনে কটাব লাগিব।” বৰবাবু ৰেচন দোকানখনৰ কেশ্ব বক্সৰ ওচৰত বহে আৰু ছোটবাবুয়ে সকলোৰে ৰেচন-কাৰ্ডবোৰ চাই, কাক কিমান চাউল-চেনি দিব লাগে সেই কথা গদাই আৰু বিশ্বখুড়াক কৈ দিয়ে। তেওঁলোকে সেই পৰিমাণৰ চাউল-চেনি ওজন কৰি গ্ৰাহকক বিতৰণ কৰে।
চান্দপুৰ এখন মফচলীয় চহৰ। ইয়াত কেৱল দুখীয়াসকলেহে সুলভ মূল্যৰ সামগ্ৰী ক্ৰয় কৰে তেনে নহয়। অৱস্থা সম্পন্ন মানুহখিনিয়েও এই সুবিধা গ্ৰহণ কৰে। সেই মানুহখিনিৰ বহুতেই চাউল, কেৰাচিন, চেনি, ইত্যাদিবোৰ সুলভ মূল্যত কিনি, আনক বিক্ৰী কৰি দিয়া গদায়ে দেখি আহিছে।
সৰুবাবুয়ে জেঙেৰা মাৰি বৃদ্ধাগৰাকীক ক’লে, “তুমি শাৰীটোৰপৰা আঁতৰি দিয়া। এই কাৰ্ডৰ নামত তোমাক ৰেচন দিব পৰা নাযাব।” বৃদ্ধাগৰাকীয়ে বিস্ফাৰিত নেত্ৰেৰে প্ৰশ্ন কৰিলে, “দিব পৰা নাযাব? তুমি এয়া কি কৈছা? এইখন কাৰ্ড দেখোন মই নতুনকৈ কৰি আনিছোঁ। পুৰণি কাৰ্ডখনেৰে ইমানদিন দেখোন নিয়েই আছিলোঁ। এতিয়া নতুন কাৰ্ডখনত কিয় নাপাম?”
ছোটবাবুয়ে বিৰক্তিৰে উত্তৰ দিলে “আৰে বাবা, এই কাৰ্ডখনৰ সৈতে তোমাৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিংক কৰোঁতে দেখা গ’ল যে ৰেচন কাৰ্ডখনত তোমাৰ নামটো ভুল হৈ আহিছে। সেয়ে কাৰ্ডখন লিংক কৰিব নোৱাৰিলোঁ। এয়া চোৱা, কাৰ্ডখনত আগতে তোমাৰ নাম আছিল তাপসী ৰাণী চৰ্দাৰ আৰু এতিয়া হৈ আহিছে তাপসী চৰ্দাৰ। ‘ৰাণী’টো উঠি গ’ল, বুজিছা। সেয়ে তোমাক ৰেচন দিব পৰা নাযাব। তুমিয়েই যে ‘তাপসী ৰাণী’ সেই কথা প্ৰমাণ কৰিব পাৰিব লাগিব। এতিয়া কথাবোৰ ডিজিটেল হ’ল। নিয়মবোৰ বৰ কঠিনভাৱে পালন কৰা হয়। বুজি পালানে?” এই বুলি ছোটবাবুয়ে পিছৰজন গ্ৰাহকৰ নাম মিলোৱাত ব্যস্ত হৈ পৰিল। বৃদ্ধা গৰাকীয়ে, এডাল নাল ভঙা, বিবৰ্ণ চছমাযোৰৰ মাজেদি ছোটবাবুলৈ চাই আকৌ সুধিলে, “মই তাপসী ৰাণী চৰ্দাৰ নহয়? এইটো কেনেকুৱা কথা হ’ল। ইমানদিনে ভোট দি আহিছোঁ, ৰেচন উঠাই আহিছোঁ আৰু এতিয়া মই সেইজনী তাপসী ৰাণী নহয়? এইবোৰ কেনেকুৱা অদ্ভুত কথাহে? হে’ৰা বাপু শুনিছা, এই বিছ টকা ৰাখা আৰু মোক চাউল কেইটা দিয়া। নহ’লে নাখাই মৰিব লাগিব। চৰকাৰী পানী যোগানৰ টেপৰপৰা পানী আনি, চৰুত ভৰাই থৈ আহিছোঁ। চাউলকেইটা নি গৰমে-গৰমে ভাত কেইটা ৰান্ধি খাম বুলি ভাবি আহিছোঁ। এতিয়া তুমি কৈছা, মই তাপসী ৰাণী নহয়! মোৰ ডাঙৰ জেঠপেহাই মৰমতে মোৰ নাম ৰাখিছিল ‘তাপসী’। ময়েই ‘তাপসী ৰাণী’, মই এতিয়া কেনেকৈ অচিনাকি হ’লোঁ?” তেওঁ গদাইৰফালে চাই ক’লে, “ঐ ল’ৰা, তইতো মোৰ ঘৰৰ ওচৰত মাৰ্বল খেলিবলৈ যাৱ, মোৰ বাৰীৰ নেমুজোপাৰপৰা ছিঙি, তহঁতৰ ঘৰত খাবলৈ নেমুটেঙা দিছিলোঁ। তই কচোন, তই মোক চিনি পাৱ নে নাই?” এইবাৰ ভিতৰৰপৰা বৰবাবুয়ে বিৰক্তিৰে মাত লগালে, “তোমাক সকলোৱে চিনি পায় আইতা, তুমি দেশৰ প্ৰধানমন্ত্ৰী! এতিয়া যোৱা, পঞ্চায়তৰপৰা ফৰ্ম এখন আনি নাম শুধৰাবৰ বাবে আবেদন কৰাগৈ।” বৃদ্ধাগৰাকীয়ে গজগজাই উত্তৰ দিলে, “সকলোৱে জানে যে মোৰ কোনো নাই। মোৰ পুত্ৰ, বোৱাৰী সকলোবোৰ অন্য চহৰত থাকে। কোনেও মোৰ খবৰ এটাও নলয়। মই আনৰ ঘৰত মুড়ি ভাজি, ফুল বিক্ৰী কৰি কেনেবাকৈ জীৱনটো চলাই আছোঁ। এতিয়া এই দুই আঁঠুৰ বিষ লৈ, মই ক’ত ঘূৰি ফুৰিম, কোৱাচোন।” বৃদ্ধাগৰাকী কান্দো-কান্দো হৈ ৰেচনৰ দোকানখনৰপৰা আঁতৰি গ’ল।
সন্ধ্যা প্ৰায় সাত বজাত গদাইৰ ছুটী হ’ল। হাতত দুই কেজিমান চাউল আৰু অলপ চেনি লৈ সি ঘৰলৈ বুলি ওলাই আহিল। প্ৰতি সপ্তাহত যিদিনা ৰেচন বিতৰণ কৰা হয়, সেইদিনা সিহঁতে এই সামগ্ৰী কেইপদ দৰমহাৰ ওপৰঞ্চি লাভ কৰে। তেনেকৈ তিনিদিনমান চাউল-চেনি লৈ ঘৰলৈ ওভতাৰ পৰত মাকে সোধে, “কি অ’, কাপোৰ ধোৱা পাউডাৰ অনা নাই? এই সপ্তাহত ঘেঁহু অহা নাই নেকি?” আজি ঘৰ সোমাওঁতে মাকে, গদাইৰ উকা হাত দুখনলৈ চাই সুধিলে, “কি হ’ল অ’, আজি চাউলো নাপালি নেকি? উকা হাতেৰে আহিছ যে?” গদায়ে সেমেনা-সেমেনি কৰি উত্তৰ দিলে, “সেই জালোৱা গাঁৱৰ আইতাজনীক দি থৈ আহিলোঁ। তেওঁৰ ঘৰত খাবলৈ একোকে নাছিল ……” গদাইৰ কথাষাৰ শেষ হোৱাৰ আগতেই, মাকৰ কাণতলীয়া চৰটো তাৰ গালত পৰিল। “দিনে-ৰাতিয়ে আনৰ ঘৰত কাঁহি-বাটি ধুই জীৱনটো পাত কৰিছোঁ, আৰু এইজনে দান-ধৰ্ম কৰি আহিছে!” গদাইয়ে চৰ খোৱা গালখনত হাত বোলালে। এইখন গালতে অকণমান আগতে আইতাজনীয়ে মৰমেৰে হাত বোলাই কৈছিল, “ডাঙৰ মানুহ হ’বি বোপাই, বহুত ডাঙৰ মানুহ!” দন্ত বিহীন মুখেৰে হাঁহি এটা মাৰি বৃদ্ধাগৰাকীয়ে কৈছিল, “বটা মানকচুৰ জোল আৰু গৰম-গৰম ভাত ৰান্ধিম। তাৰে এসাঁজ খাই যাবি বোপাই।” গদায়ো হাঁহি-হাঁহি কৈছিল, “আহিম, আইতা আহিম। নেমু পকিলেই আহিম।” বৃদ্ধাৰ ঘৰৰপৰা ওলাই আহোঁতে, তাৰ মনটো আনন্দেৰে ভৰি উঠিছিল। এতিয়া মাকৰ চৰটো খোৱাৰ পাছত, সি বুজিলে যে কিছুমান আনন্দ প্ৰকাশ কৰিব নালাগে, মনৰ কোণত লুকুৱাই ৰাখিব লাগে।
প্ৰতি সপ্তাহতে বৃদ্ধা গৰাকী ৰেচনৰ দোকানখনলৈ আহে আৰু প্ৰতি বাৰেই ছোটবাবুয়ে তেওঁক ৰেচনকাৰ্ডখনত লিপিবদ্ধ কৰি থোৱা ভুল নামটো দেখুৱাই ওভতাই পঠায়। গদাই নিজৰ ভাগৰ অলপ চাউল বৃদ্ধাগৰাকীক দি, বাকীখিনি লৈ ঘৰলৈ যায়। মাকৰ তীক্ষ্ণ দৃষ্টিত ধৰা পৰিলে সি কয়, “মালিকে কমকৈ দিলে, মই কি কৰিম?”
সেইদিনা মাকৰপৰা বহু বুদ্ধি-সন্ধি কৰি সি বিছ টকীয়া নোট এখন সৰকাই আনিলে। লাটুম এটা কিনিম বুলি কৈ আহিছিল। দৰমহাৰ গোটেইকেইটা টকা মাকেই লৈ লয়। কেতিয়াবা লজেন্স খাবলৈ মন গ’লে, লাটুম বা মাৰ্বল গুটি কিনিবলৈ হ’লে, গদাইয়ে মাকৰপৰা পইচা খুজি আনে। হাতত বিছ টকা পোৱাৰ লগে-লগে গদাইয়ে কানু খুড়াৰ কিতাপৰ দোকানখনলৈ গৈ তিনি টকাৰে এটা কলম আৰু দিস্তা কাগজৰ দুখন পাত কিনি আনিলে। পাছদিনা পোনে-পোনে গৈছিল পঞ্চায়তৰ অফিচলৈ। তাতে তেওঁলোকে ক’লে যে চান্দপুৰৰপৰা তিনি কিলোমিটাৰ চিধা-চিধি গ’লেই প্ৰতাপগড়। তাত থকা উন্নয়ন খণ্ডৰ কাৰ্যালয়তে আবেদন দাখিল কৰিব লাগিব। এইবোৰ কাম হেনো পঞ্চায়তত কৰিব নোৱাৰি। গদাই কিছু দূৰ খোজ কাঢ়ি আৰু কিছু দূৰ দৌৰ মাৰি, প্ৰতাপগড়ৰৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় পালেগৈ। তাৰ হাতত থকা কাপোৰৰ মোনাটোত আছিল, আইতাৰ নতুন ৰেচন কাৰ্ডখন। আহিবৰ সময়ত সোলা মুখখনেৰে হাঁহি এটা মাৰি বৃদ্ধাই কৈছিল, “আগৰটো জনমত তই মোৰ দেউতা আছিলি, বোপাই।” বুঢ়ী আইতাৰ মুখখনত সপোনৰ ৰং দেখিয়েই, গদাইয়ে পকী বাটেৰে দৌৰ লগাইছিল। মানুহক সুধি-মেলি উন্নয়ন খণ্ডৰ কাৰ্যালয়টো বিচাৰি উলিয়াইছিল। খুড়া এজনৰপৰা কথাখিনি বুজি লৈ, নিজেই ফৰ্মখন পূৰাইছিল। ফৰ্মখন আৰু ৰেচন কাৰ্ডৰ জেৰক্স কপি এটা জমা দি উভতি অহাৰ পথত, চিঠিখন প’ষ্ট কৰি থৈ আহিছিল। ঘৰলৈ উভতি আহোঁতে আবেলি হৈছিলগৈ। মাকে তাৰ বাবে ভাত বাঢ়ি লৈ বহি আছিল। গদাইৰ খোৱা শেষ হোৱাৰ লগে-লগে মাকৰ জেৰা আৰম্ভ হৈছিল-দোকানৰ মালিকৰ ঘৰৰপৰা মাকে গম পাইছিল যে গদাইক এতিয়াও আগৰ সমানেই চাউল-চেনি দিয়া হয়। গদাইৰ ফাঁকি ধৰা পৰাৰ পাছত, দোকানৰ মালিকে তাৰ হাতত চাউল-চেনি দিয়া বন্ধ কৰিলে। সেইখিনি এতিয়া মাকেই আনে। তাৰ চকুৰ আগত মাত্ৰ ভাহি আহে— অস্বচ্ছ চছমা পিন্ধা, দন্তবিহীন এগৰাকী ভোকাতুৰ বৃদ্ধাৰ ছবি। মানুহগৰাকীয়ে গদাই আহিব বুলি ধূসৰ দৃষ্টিৰে পদূলি মুখলৈ চাই আছে।
চাৰিবাৰমান উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ পাছত, অৱশেষত খাদ্য মন্ত্ৰ্যালয়ৰ তৰফৰপৰা আইতাৰ ৰেচন কাৰ্ডখনত নামটো শুদ্ধ হৈ আহিল। ৰেচন কাৰ্ডখন খুলি চাই, গদাইয়ে দেখিছিল— আইতাৰ নামটো জলমলকৈ জিলিকি আছে ‘Tapasi Rani Sardar’. কাৰ্ডখন হাতত লৈ সি বৃদ্ধাগৰাকীৰ ঘৰলৈ দৌৰ মাৰিছিল। আইতাৰ হাতত সেইখন দি সি ক’ব, “যোৱা, চাউল, ঘেঁহু, চেনি লৈ আনাগৈ। আজি তুমি ৰন্ধা বটা মান কচুৰ আঞ্জাৰে গৰমে-গৰমে ভাত খাম।”
প্ৰতাপগড়ৰপৰা উভতি চান্দপুৰ পাওঁতে, গদাইয়ে লক্ষ্য কৰিলে যে সকলোৱে তাৰফালে অবুজ দৃষ্টিৰে চাই আছে। সি অলপ আচৰিত হ’ল। তাৰ সৈতে একেলগে খেলা-ধূলা কৰা লগৰীয়াকেইটাই তাক ক’লে, “তই সোনকালে ঘৰলৈ যা। তহঁতৰ ঘৰৰ সন্মুখত দুজন মানুহে কান্ধত কেমেৰা আৰু হাতত মাইক লৈ ৰৈ আছে।” সি ভয়ে-ভয়ে ঘৰলৈ বুলি খোজ ল’লে। পঞ্চায়তৰ সভাপতি জেঠপেহাই, মানুহ দুজনৰ সৈতে কথা পাতি আছে। মানুহ দুজনে গদাইক দেখাৰ লগে-লগেই উচ্ছ্বসিত হৈ সুধিলে, “তুমিয়েই গজেন্দ্ৰ নাৰায়ণ চৌধুৰী নহয় জানো? তুমিয়েই খাদ্যমন্ত্ৰীলৈ ইংৰাজী ভাষাত এখন চিঠি লিখিছিলা?” গদাইয়ে মূৰ জোকাৰি ক’লে, “হয় ছাৰ, লিখিছিলোঁ।”
“তোমাৰ চিঠিখনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই যে ৰেচন কাৰ্ডত নামৰ গণ্ডগোলৰ বাবে, মানুহ খাবলৈ নাপাই মৰিছে, যিমান দিনলৈকে কাৰ্ডত নামৰ শুধৰণি নহয়, সিমান দিন এই মানুহবোৰে কি খাই জীয়াই থাকিব-এই প্ৰশ্নবোৰ উত্থাপন কৰিয়েই তুমি চিঠিখন লিখা নাছিলা জানো?”
গদাইয়ে ক’লে, “হয়। মই যিজন খুড়াৰপৰা ইংৰাজী বাতৰি কাকত আনি পঢ়োঁ, সেই খুড়াজনে মই লিখা চিঠিখনৰ ভুলবোৰ শুধৰাই দিছিল। তেখেতেই মোক খাদ্য মন্ত্ৰীৰ ঠিকনাটোও দিছিল ।”
“আমি ‘দৈনিক বাংলা’ চেনেলৰপৰা আহিছোঁ। তোমাৰ এটা সাক্ষাৎকাৰ ল’ব খোজোঁ। অন্য সংবাদ প্ৰতিষ্ঠানৰ মানুহ আহি পোৱাৰ আগতেই, তোমাৰ এটা এক্সক্লুছিভ সাক্ষাৎকাৰ লাগে। তোমাৰ সাক্ষাৎকাৰ আমাৰ চেনেলৰ যোগেদি সম্প্ৰচাৰিত কৰা হ’ব। সমগ্ৰ পৃথিৱীয়ে তোমাক টিভিৰ পৰ্দাত দেখা পাব।”
গদাইৰ মাকৰ মুখৰ হাঁহিটো নুগুচাই হ’ল। গদাইয়ে কাৰো কথাত, কোনো গুৰুত্ব নিদিয়াকৈ দৌৰ মাৰিলে। সি দৌৰি গৈ বৃদ্ধাগৰাকীৰ ঘৰ পালেগৈ। বহুবাৰ মতাৰ পাছতো আইতাই দুৱাৰখন নোখোলা দেখি, সি কিবা প্ৰকাৰে বৃদ্ধাৰ ঘৰৰ বেৰ এখন বগাই ভিতৰ সোমাল। বৃদ্ধাৰ ঘৰটো চুবুৰিটোৰ একেবাৰে শেষ প্ৰান্তত। ওচৰতে এখন বিশাল খেলপথাৰ। সিহঁতে সেইখন খেলপথাৰতে খেলিবলৈ যায়। তেতিয়াই গদাইৰ সৈতে বৃদ্ধাৰ চিনাকি হৈছিল। একেবাৰে শেষ প্ৰান্তত ঘৰ হোৱাৰ বাবেই, কোনেও বৃদ্ধা গৰাকীৰ খবৰ নাৰাখে। তেওঁ কেতিয়াও ভিক্ষা নোখোজে। নিজৰ বাৰীখনৰ সন্মুখত সৰু ফুলৰ বাগিছা এখন পাতি লৈছে। সেই ফুলনিৰ ফুলেৰে মালা গাঁঠে। ফুল আৰু মালা বিক্ৰী কৰে, গাঁৱৰ মানুহৰ ঘৰত মুড়ি ভাজিও দুটকামান পায়। তাৰেই তেওঁ জীৱন-নিৰ্বাহ কৰে।
ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে-লগে এক তীব্ৰ গেলা গোন্ধত, গদাইৰ ওকালি আহোঁ যেন হ’ল। গদাইয়ে দেখিলে, বৃদ্ধা মজিয়াখনত পৰি আছে। দেখিলেই বুজা যায় যে তেওঁ উশাহ-নিশাহ লোৱা নাই। শীতল, কঠিন আৰু নিস্পন্দ হৈ তেওঁ মজিয়াত পৰি আছে। কোনোবাই ক’লে যে বৃদ্ধাক তেওঁ তিনি দিনৰ আগতে এবাৰ দেখিছিল।
ওচৰৰ কেইজনমান ল’ৰাৰ সহায়ত, নৈৰ পাৰত, বুটলি অনা খৰিৰ চিতা এখনত বৃদ্ধাক শুৱাই দিয়া হ’ল। মুখাগ্নি কৰিলে গদাইয়ে। বৃদ্ধাৰ বুকুৰ ওপৰত গদাইয়ে জাপি দিলে ‘তাপসী ৰাণী চৰ্দাৰ’ৰ ৰেচন কাৰ্ডখন। বৃদ্ধাৰ লগতে পুৰি ছাই হ’ল, বৃদ্ধাৰ পৰিচয়। এটা সৰু শব্দ ‘ৰাণী’ৰ বাবেই, বৃদ্ধাৰ অনাহাৰত মৃত্যু হ’ল। গদাই বৃদ্ধাৰ বাৰীৰ নেমুটেঙাৰ গছজোপাৰ তলতে বহু পৰ বহি থাকিল। নেমুজোপাত ফুল ফুলিছে । সেই ফুলৰ গোন্ধে গোটেইখন আমোলমোলাই আছে। সেই নেমুটেঙাৰ ফুলৰ গোন্ধৰ মাজতে সোমাই আছে বৃদ্ধাৰ স্মৃতি।
উভতি ঘৰ পাওঁতে মাকে খঙেৰে ক’লে, “কেবাটাও টিভি চেনেল আৰু সংবাদ পত্ৰৰ মানুহ, তোক লগ নাপাই উভতি গ’ল। তই বিখ্যাত হৈ গ’লিহেঁতেন। হয়তো চৰকাৰৰপৰা টকা-পইচাও পালিহেঁতেন।”
মাকৰ কথালৈ কোনো ভ্ৰূক্ষেপ নকৰি গদাইয়ে ক’লে, “মা, মই বাৰ দিন নিৰামুহীয়া আহাৰ গ্ৰহণ কৰিম। এই কেইদিন মোৰ পাতত মাছ, মাংস, কণী একোকে নিদিবা।”
আচৰিত হৈ মাকে কয়, “তই বাৰু কেনেকুৱা ল’ৰা? নিজৰ ভাল-বেয়া একো বুজি নাপাৱ। তই এটা পাগল।”
গদাইৰ চকুৰ আগত তেতিয়া মাথোঁ ভাহি আছে, চছমাৰ অস্বচ্ছ আইনাৰ মাজেদি সৰকি অহা বৃদ্ধাৰ আকুল চাৱনি আৰু কাণলৈ ভাহি আহিছে, বৃদ্ধাৰ কণ্ঠস্বৰ, য’ত আছে তাৰ প্ৰতি থকা বিশ্বাস আৰু কৃতজ্ঞতা সূচক আদৰ— “নামটোৰ শুধৰণি হ’লেই, মই ৰেচনৰ চাউল কেইটা পাম, নহয়নে বাপু? বজাৰৰ দামত চাউল কিনি খোৱাৰ যোত্ৰ মোৰ নাই অ’। ইমান পইচা পাম ক’ত? নামটোৰ শুধৰণি হ’লেই মই ‘ৰাণী’ হৈ যাম।”
গদাইৰ দুচকুৱেদি বৈ আহে দুটি অশ্ৰুধাৰা।
