নৱবৰ্ষ আৰু কিছু (অ)প্ৰত্যশা…(অনামিকা বৰা)

নৱবৰ্ষ আৰু কিছু (অ)প্ৰত্যশা…

অনামিকা বৰা

 

(১)
২০১২ চনৰ পিছত আমাৰ নতুন প্রজন্মৰ ডিজিটেল নামবোৰ হ’ব—
এক্স পি কলিতা, মাউচ তালুকদাৰ, কী-বৰ্ড চৌধুৰী, মণিটৰ কাশ্যপ, মজিলা জামান, আই বি এম গগৈ, ই-মেইল পাটোৱাৰী, ফল্ডাৰ আহমেদ, ইণ্টেল বৰুৱা, এক্সেল ৰাজখোৱা, মাইক্রছফ্ট শৰ্মা, ইণ্টাৰণেট কটকী, পাৱাৰ-পইণ্ট বৰঠাকুৰ, ডাউনল’ড বৰদলৈ, চি প্লাছ প্লাছ বৰা, জাভা শইকীয়া, উইণ্ড’জ ঠাকুৰ, গুগল অধিকাৰী, চিডি ডেকা, ডি ভি ডি গোস্বামী, ডিভাইচ চহৰীয়া, ফে’চবুক চৰকাৰ, ডুৱেল ক’ৰ ৰয়, নৰ্টন আলি, অৰ্কূট দাস, ভাইৰাছ বৰবৰা ইত্যাদি।
(২)
এজন মানুহে তেওঁৰ পত্নীলৈ চিঠি লিখিলে………..
মৰমৰ

মৰম ল’বা। এই মাহত দৰমহাৰ সলনি ১০০ চুমা পঠিয়াইছোঁ, ল’বা।
পত্নীৰ উত্তৰ—
মৰমৰ

মৰমবোৰ ল’লোঁ। লগতে তোমাৰ ১০০ চুমাও পালোঁ। গোৱালাটোক তাৰে ২টা দিলোঁ। মইনাৰ শিক্ষকজনক ৭টা দিবলগা হ’ল। পাচলিৰ বেপাৰীজনে আকৌ ৭টাত মান্তি নহ’ল, তাক ৯টা দিবলগা হ’ল। গেলামালৰ বেপাৰীটোৱে কেৱল চুমাত মান্তি নহ’ল, তোমাৰ মৰমবোৰো দিবলগা হ’ল। ভাড়াঘৰৰ মালিকেতো সদায় ৫টাকৈ চুমা লৈ যায়। পিছে তুমি চিন্তা নকৰিবা, চুমা কম হ’লে কাৰোবাৰ পৰা ধাৰ লৈ ল’ম। তুমি যেতিয়া আৰু পঠিয়াবা তেতিয়া ওভতাই দিম।

————————————————————————————————————————————————————————————————————————————————————————————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!