পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
৷৷পঞ্চদশ খণ্ড৷৷
৷৷ অক্ৰুৰৰ বাঞ্ছাপূৰণ৷৷
ঘোষা৷৷ গোপাল কৃপাল পালিয়ো বাপ
পাপ পয়োধিত মৰো৷
ইজন্মত নাথ নভৈল ভকতি
পাতকী কিমতে তৰো৷৷১০৩৷৷
পদ৷৷ আত অনন্তৰে ৰাম উদ্ধৱক
কৃষ্ণে দুইকো লৈয়া সঙ্গে৷
অক্ৰুৰৰ প্ৰীতি সাধিবাক প্ৰতি
লড়িলা মনত ৰঙ্গে৷৷
তিনি নৰোত্তম বান্ধৱ পৰম
আসন্ত দেখি অত্ৰূৰে৷
পৰম আনন্দে আলিঙ্গিয়া আগ
বাঢ়িলা আতি সাদৰে৷৷১২৭৪৷৷
ৰামক কৃষ্ণক পৰি প্ৰণামিলা
তাঙ্কো প্ৰণামিলা দুই৷
আসনে বৈসাই তিনিকো অৰ্চিলা
অত্ৰূৰে বিস্ময় হুই৷৷
দোভাইৰ পাৱক পখালি শিৰত
লৈয়া পাদোদক জল৷
গন্ধপুষ্পে ধূপে বসনে পূজিয়া
কৰিলা জন্ম সাফল৷৷১২৭৫৷৷
পৰম সাদৰে কৃষ্ণৰ চৰণ
কোলাত লৈয়া ঝান্তিল৷
প্ৰণতি পূৰ্ব্বক তুতি কৰিবাক
অত্ৰূৰে পাছে লাগিল৷৷
সাধিলা আনন্দ কিনো নাৰায়ণ
সৱান্ধৱে বধি কংস৷
দুঃখৰ উদ্ধাৰ কৰি পুনৰপি
বঢ়াইবাহা যদুবংশ৷৷১২৭৬৷৷
তোহ্মাৰ ভকতি পথক পাষণ্ডে
কৰয় যেৱে উছন্ন৷
সন্তৰ ৰক্ষাৰ হেতু অৱতাৰ
হোৱা তেৱে নাৰায়ণ৷৷
সম্প্ৰতি আপুনি বসুদেৱ গৃহে
ৰাম সমে অৱতৰি৷
দুৰ্জ্জন ৰাজাক বধিয়া মাধৱ
উদ্ধাৰিলা বসুন্ধৰী৷৷১২৭৭৷৷
আজি মোৰ গৃহ তীৰ্থতো অধিক
পৱিত্ৰ ভৈল অশেষ৷
যিহেতু সাক্ষাতে জগতৰ গুৰু
আপুনি ভৈলা প্ৰৱেশ৷৷
কোননো পণ্ডিতে এড়িয়া তোহ্মাক
আনক ভজিবে যায়৷
ভকত জনক আপুনাকো দিয়া
জানো ইটো অভিপ্ৰায়৷৷১২৭৮৷৷
ভকতেসে প্ৰভু তোহ্মাৰ বান্ধৱ
দিয়া মনোৰথ সিদ্ধি৷
ব্ৰহ্মাৰ দুৰ্ল্লভ তোহ্মাক দেখিলো
কিনো সুপ্ৰসন্ন বিধি৷৷
সুত বিত্ত দাৰা বিষয় জঞ্জাল
চিণ্ডা মোৰ মোহজৰী৷
তোহ্মাৰ চৰণ নিতান্তে চিন্তিয়া
ফুৰো কৃপা কৰা হৰি৷৷১২৭৯৷৷
অনেক ভকতি কৰিলন্ত স্তুতি
নয়নৰ পৰৈ পানী৷
অক্ৰুৰৰ মন মোহি হৰি পাছে
হাসিয়া বুলিলা বাণী৷
তুমি গুৰু পিতৃ সুহৃদ আমাৰ
আমি তযু পুত্ৰচয়৷
ৰক্ষণ পোষণ কৰিবা সদায়
আহ্মাত হুয়া সদয়৷৷১২৮০৷৷
যত নদ-নদী সিয়ো তীৰ্থ হয়
শিলাৰ প্ৰতিমা দেৱ৷
তেসম্বে পৱিত্ৰ কৰৈ যেৱে পুনু
বহু কাল কৰি সেৱ৷৷
দেখিল মাত্ৰকে ভকতে পৱিত্ৰ
কৰৈ লোক নিৰন্তৰ৷
দেৱে তীৰ্থে জানা ভকতজনৰ
অনেক হোৱে অন্তৰ৷৷১২৮১৷৷
হেনয় পৰম বন্ধুজন তুমি
সুহৃদতে সাৰতৰ৷
হস্তিনাপুৰৰ পৰা পাণ্ডৱৰ
বাৰ্ত্তাক আনা সত্বৰ৷৷
মৰিলন্ত পাণ্ডু পাঞ্চপুত্ৰ সমে
কুন্তী ভৈল দুঃখভাগী৷
ধৃতৰাষ্টে বোলে আনিলা শুনিলো
হস্তিনাপুৰক লাগি৷৷১২৮২৷৷
পাণ্ডৱক পুনু হিংসা কৰৈ ৰাজা
আপুন পুত্ৰ নিদান৷
যেন ভাল মন্দ জানি আসা খুড়া
সাধিবো মই কল্যাণ৷৷
অক্ৰুৰক হেন প্ৰবোধ বুলিয়া
প্ৰণয়ে ৰঞ্জিয়া চিত্ত৷
আপুন গৃহক চলি গৈলা পাছে
উদ্ধৱ ৰাম সহিত৷৷১২৮৩৷৷
তাহান চৰণে ভকতি কৰিলে
সিজিবে সমস্তে কাম৷
হৰিসে পৰম বান্ধৱ জানিয়া
লৈয়ো তান সদা নাম৷৷
শুনা সৰ্ব্বজন কেদিন জীৱন
তথাপি নুগুণা মনে৷
হেন জানি কৃষ্ণ চৰণে শৰণ
লৈয়ো অকপট মনে৷৷১২৮৪৷৷
তান্ত বিনে আন ব্ৰহ্মাণ্ড মধ্যত
তাৰন্তা নাহিকে কেৱ৷
জানি তান সদা গুণনাম গায়া
কৃষ্ণক কৰিয়ো সেৱ৷৷
কৃষ্ণৰ কিঙ্কৰে কহয় শঙ্কৰে
নেড়িবা মুখত নাম৷
আলাসক এৰি সমজ্যায়ে বেঢ়ি
ডাকি বোলা ৰাম ৰাম৷৷১২৮৫৷৷
৷৷অক্ৰুৰৰ বাঞ্ছাপূৰণ সমাপ্ত৷৷১৫৷৷