পানী লাগিছে ?… মূৰৰ বিষ?…. আৰু নাকো বন্ধ? : পংকজ নেওগ
পানী লাগিছে ?… মূৰৰ বিষ?…. আৰু নাকো বন্ধ?
পংকজ নেওগ
অঁতো, খং উঠিব লগা কথাই। এনেয়ে অহৰহ নাকৰ পৰা পানী, বিজলুৱা শেঙুন ওলাই আছে, মূৰটোও গধূৰ, নাক বন্ধ- ইমান অশান্তিৰ মাজত এটা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ পালে খং উঠিবইতো। পানী লগা মানেই বুজি পাব লাগে কি অশান্তিকৰ অৱস্থা। তাতে আকৌ কেঁচা ঘাত নিমখ ছটিওৱাৰ দৰে একো একোটা উপসৰ্গ সুধি থাকিলে খং কেলেই নুঠিব।
ঠিকেই ধৰিছে আপুনি।
লেখাৰ আৰম্ভণি সেই জনপ্ৰিয় বিজ্ঞাপনৰ পৰাই চুৰ কৰিছোঁ।
এনে অশান্তিৰ মাজতো যে, আপোনাক ঔষধ কোম্পানীয়ে কেৱল মূৰৰ বিষৰ নহয় চৰ্দিৰ ‘খাছ দাৱা’ দিছে সেয়া দেখি পৃথিৱীৰ ক’ৰবাত যদি অলৌকিক শক্তি আছে তাক বিশ্বাস কৰিবলৈ মন যায়।
সঁচাই আপোনাৰ পানী লাগিছে নেকি? মূৰটো ফাটি যাওঁ যাওঁ অৱস্থা? নাক বন্ধ?
হাঁচিয়াই মেলি ফাইল-পত্ৰ হাতৰ পৰা পৰি গৈছে।
আইনা ভাঙিছে? কিবা দৰব নলয় নেকি?
ৰ’ব ৰ’ব, খং নকৰিব।
মই কল্ডাৰিন বা ভিক্স এক্সন ৫০০ ৰ দৰে অলৌকিক ঔষধত বিশ্বাসী নহয়। তেনে অন্ধ বিশ্বাস মোৰ নাই।
মই আপোনাক একেষাৰতে ক’বলৈ ওলাইছোঁ যে, আজিলৈকে এই পৃথিৱীত ছৰ্দি বা পানীলগা ভাল কৰিব পৰা ঔষধ আৱিষ্কাৰ হোৱা নাই। কিয়, বিশ্বাস হোৱা নাই নহয়? আমাৰ বন্ধু এজনে কৈছিল- যদি আমি কোৱাৰ দৰে সঁচাই ছৰ্দিৰ ঔষধ নথকা কথাটো বিশ্বাস কৰিব লগা হয় তেন্তে হেনো তেওঁ আত্মহত্যাই কৰিব লাগিব। সেয়ে আপুনিও যদি ছৰ্দিৰ অশান্তিবোৰৰ হাত সাৰিবলৈ তেনে অন্ধ বিশ্বাসত শিৰ নত কৰে- আমাৰ ক’ব লগা নাই। কাৰণ বিশ্বখনেইতো তেনেকুৱা। ঈশ্বৰৰ নেজডাল বিচাৰি নেপালেও ঈশ্বৰৰ নামত পূজা-পাতল হয়। সাত খুন মাফ হয়, বেমাৰ নেথাকিলেও ঔষধ বিক্ৰী হয়!
একেই নহয় জানো কথাষাৰ? বাৰু পানী লগালৈ আহোঁ- তাৰ পিছত মৰ্জি আপকা। দৰব খাই ১৫/২০ দিন ছৰ্দিত ভুগিব। নিজৰ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰি আন বেমাৰত পৰি মৰিবনে ৫/৬ দিন মান শেঙুন পেলোৱা, অলপ ৰেষ্ট লোৱা আৰু ঔষধ নোখোৱাকৈ ভৱিষ্যত জীৱন সুস্থ-সবল ৰাখিব।
পৰচৰ্চা কৰা বিষয়টোত অসমীয়াৰ নাম আছে। খং নকৰিব, এয়া মই কোৱা নাই। অতীতৰ ডাঙৰ ডাঙৰ পণ্ডিতে বৰ গৰ্বেৰে কৈ গৈছে। আৰু এটা বিষয়ত অসমীয়াৰ নাম আছে। সেয়া হ’ল উদাৰতা। এই দুয়োটা কথা গমি-পিটি চাই আমি আৱিষ্কাৰ কৰিছোঁ- প্ৰথমটো ভাল, দ্বিতীয়টো পৰচৰ্চা আমি কৰোঁ। আমি যিহেতু উদাৰ মনৰ-বহল মনৰ সেয়ে চৰ্চা কৰোঁ পৰৰ। এই ক্ষুদ্ৰ দেহটোৰ কি চৰ্চা কৰিম। সেয়েহে কালৰ কবলত নপৰিবলৈ এই পাত পাত কৰা চৰ্চাবিধ নিজৰ দেহত ১০০ শতাংশ সীমাবদ্ধ কৰি ৰখা ভাল। এই কথাৰ চিধা অৰ্থ হ’ল আপোনাৰ শৰীৰটোত কি হৈ আছে আপুনি নিজে জনাটো দৰকাৰ। নিজে নিজৰ ৰোগ বুজি ঔষধ গ্ৰহণ কৰিব নালাগে বুলি পুৰণি কালৰ পৰা এটা কথা প্ৰচলিত আছে। কিন্তু যেতিয়া ডাক্তৰৰ ঔষধকো বিশ্বাসত ল’ব নোৱাৰি তেতিয়া এই প্ৰচলিত কথা মানি নচলাটোৱেই মঙ্গলজনক। প্ৰথমে কেৱল নিজৰ ৰোগটোৰ সম্পৰ্কে জ্ঞান থকা আৱশ্যক। আমি ৰোগ বুজাৰ আৰম্ভণি, পানী লগাৰ পৰাই কৰোঁ।
ছৰ্দি বা পানী লগাৰ লক্ষণ
প্ৰথম দুদিনমান ডিঙিটো সুৰসুৰাই থাকে। দুই-এটা হাঁচি ইয়াৰ পিছত অহৰহ নাকৰ পৰা পানী ওলোৱা। প্ৰথমে শুদ্ধ পানী ওলায়। ফটফটীয়া পানী। এক-দুই দিনৰ ভিতৰতে সেই পানী বিজলুৱা পদাৰ্থলৈ পৰিৱৰ্তন হয়- যাক শেঙুন বুলি কোৱা হয়। নাক বন্ধ হয়। শেঙুনবোৰ ঠিকমতে নোলালে মূৰৰ বিষ, জ্বৰ হ’ব পাৰে। এই শেঙুনবোৰ ওলোৱা কৰিলে বা নাকেৰে উজাই নি গিলিলে কফ জমা হ’ব পাৰে। যিবোৰ উলিয়াই দিবলৈ কাঁহ হয়।
কিয় হয়?
এক প্ৰকাৰৰ ভাইৰাছৰ বাবে আমাৰ এই ৰোগ হয়। এই ভাইৰাছে আমাৰ শ্বাস তন্ত্ৰৰ ওপৰৰ অংশ (Upper Respiratory Tract) আক্ৰমণ কৰে। আৰু এই অংশৰে কোষবোৰত থিতাপি লৈ বংশ বৃদ্ধি কৰে। ফলত এই অংশৰ প্ৰদাহ হয় আৰু ফুলি যায়। ‘মিউকাচ মেমব্ৰেন’ নামৰ এই অংশত থকা কোষবোৰ ধ্বংস হয়। এই কোষবোৰ ধ্বংস হোৱাৰ ফলত এই মৃতকোষ আৰু ৰসবোৰ নাকেৰে বাহিৰলৈ ওলাই আহে। এয়াই নাকৰ পানী বা শেঙুন। কেতিয়াবা এই মৃত কোষৰ সংখ্যা-পৰিমাণ ইমানেই বাঢ়ি যায় যে, ই নাক বন্ধ কৰি দিয়ে। এই সময়ছোৱাত নতুন নতুন কোষৰ জন্ম, ধ্বংসৰ লগতে আমাৰ শৰীৰ নিজা প্ৰতিৰোধী জীৱাণুবোৰেও সংগ্ৰাম চলাই থাকে ভাইৰাছৰ বিৰুদ্ধে। এনে কোষৰ ধ্বংস আৰু কোষৰ ওপৰত পানী আৰু শেঙুনে আৱৰি ৰখাৰ বাবে আমি সাময়িকভাৱে ঘ্ৰাণ শক্তিও হেৰুৱাওঁ।
এয়াই হ’ল ভাইৰাছৰ কথা। কিন্তু এই ভাইৰাছক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি কেৱল ঠাণ্ডাকেই পানী লগাৰ বাবে দায়ী কৰা হয়। হওতে কথাষাৰৰ আধা সত্য। কেৱল ঠাণ্ডাই ছৰ্দি কৰিব নোৱাৰে। দেহত হঠাত হোৱা উত্তাপৰ পৰিৱৰ্তন অৰ্থাত ঠাণ্ডাৰ পৰা হঠাতে গৰম বা গৰমৰ পৰা হঠাতে ঠাণ্ডা পৰিৱেশলৈ আহিলে বা খাদ্যবস্তু গ্ৰহণ কৰিলে সেই পৰিৱৰ্তনৰ লগত খাপ খুৱাবলৈ শৰীৰটোক কিছু সময় লাগে। কবলৈ গলে শৰীৰটোৱে এনেবোৰ পৰিৱৰ্তনৰ লগত হঠাতে সমতা ৰক্ষা কৰিব নোৱাৰে। সেই সময়খিনিত শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায়। ফলত ভাইৰাছৰ আক্ৰমণক প্ৰতিৰোধ কৰিব নোৱাৰাত ছৰ্দি হবলৈ পায়। গতিকে ঠাণ্ডা গৰমৰ সমতা দেহে ৰক্ষা কৰিব নোৱাৰিলেও ছৰ্দিৰ ভাইৰাছে ঢুকি নাপালে ছৰ্দি হব নোৱাৰে। সেইদৰে ছৰ্দিৰ ভাইৰাছে আক্ৰমণ কৰিলেও যদিহে শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা অটুট থাকে তেন্তে ছৰ্দি নহবও পাৰে।
কি কৰিব পানী লাগিলে?
পানী লাগিলে মোহাৰি পেলাওক আক’। এখন ডাঙৰ কাপোৰ লওক আৰু যিমান পানী ওলাই মোহাৰি থাকক। কিন্তু যিহেতু নিৰাময়তকৈ প্ৰতিৰোধ ভাল, গতিকে ৰোগ যাতে নহয় সেয়াহে যত্ন লোৱা উচিত। পৰাপক্ষত এই ৰোগ হব পৰা কাৰক দুটাৰ পৰা আঁতৰত থাকক। প্ৰথমতে বৰ গৰমৰ পৰা আহি ধক ধককৈ চেঁচা পানী নিপিব, গা নুধুব, ফেনৰ বতাহ নলব বা কাপোৰ কানি লগে লগে নুখুলিব। চেঁচা মজিয়া বা পকাত নুশুব। এইবোৰ কাম কৰাৰ আগতে অলপমান পৰিৱেশটোৰ লগত সমতা ৰক্ষা কৰি লোৱা প্ৰয়োজন। দ্বিতীয়তে, এনে যদি অবিজ্ঞানসন্মত কাৰ্য্য অকমান মানসিক দুৰ্বলতাৰ বাবে বা অকণমান শীতলতাৰ লোভত কৰিও পেলায় তেন্তে ভাইৰাছজনিত কাৰকসমূহে যাতে বেমাৰ কৰিব নোৱাৰে তাৰ বাবে চাফ-চিকুণ হৈ থকা দৰকাৰ।
সাৱধানতাৰ পিছতো যদি ছৰ্দি হয় উপায়তো নাই। নাকৰ শেঙুন মচি থাকক। যিমান শেঙুন ওলায় পেলাই দিবলৈ যত্ন কৰক। শেঙুন নাকেৰে উজাই নি গিলি নথব। যিমান পাৰে নাকেৰে শেঙুন উলিয়াওক উজুৱাই নি মুখেৰে নেপেলাব। শেঙুন গিলি থলে সেইবোৰ গিলি থলে সেইবোৰ ভিতৰলৈ গৈ কফ হব আৰু জমা হৈ থাকিব। ফলত ছৰ্দি ৫/৬ দিনৰ মূৰত ভাল হৈ গলেও কাহ আৰু কফে আপোনাৰ শান্তি হৰণ কৰিব। যিহেতু ছৰ্দি লাগিলে শ্বাস নলীত জলীয় পদাৰ্থৰ পৰিমাণ বাঢ়ে। ফলত নাকেৰে সোমোৱা ধূলিকণাৰ সৈতে নানা বীজাণু এই শেঙুনত লাগি ধৰে। এনে শেঙুন গিলি থলে এনে ধূলি মাকতি আৰু বীজাণুৱে খাদ্য নলীৰ বিভিন্ন অংশত ঘাঁ কৰিব পাৰে। বীজাণু পেটলৈ গৈ পাকস্থলী আৰু আন অংশৰ ক্ষতি কৰাৰ সম্ভৱনাও নথকা নহয়। বিছনাত শোওতে ওপৰমুৱাকৈ নুশুই কাটি কৰি শুলে ভাল। ওপৰমুৱাকৈ শুলে শেঙুন পেটলৈ যোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ পিছতো যদি কফ জমা হয় তাক কাঁহ যোগে পেলাই দিয়াই ভাল। গিলি নথব।
শেঙুন উজাই নি মুখেৰে পেলালেও শেঙুনত লাগি থকা নানা বীজাণুৱে মুখ গহ্ববৰত থকা দাত, আলু, জিভা আদিৰ ক্ষতি কৰিব পাৰে। একে কাৰ্য্যই মুখৰ দুৰ্গন্ধও বঢ়ায়।
নাকত শেঙুন বা কফ কন্ঠত জমা হৈ থাকিলে তাত আন ৰোগৰ বীজাণু, বেক্টেৰিয়াও গা কৰি উঠিব পাৰে। সেয়ে ইয়াক জমা হ’বলৈ নিদিব। শেঙুন বা কফ হালধীয়া, সেউজীয়া হ’লে জানিব বীজাণুৰ আক্ৰমণ হৈছে। গতিকে তেতিয়া গৰম পানী ভাপ বা নিস্বাসত ললে সুফল পাব।
কি নেখাব কি খাব?
নোখোৱাৰ ভিতৰত প্ৰথমেই কওঁ- ঔষধ নেখাব। নাকৰ শেঙুন বা পানী উলিওৱাৰ দৰে অস্বস্তিকৰ অৱস্থা এটাৰ হাত সাৰিবলৈ বহুতে ঔষধ খায়। পিচে ই আপোনাক ক্ষতি হে কৰিব। কাৰণ পানী শুকোৱা মানে শেঙুনবোৰ ডাঠ হোৱা। আৰু নাক বন্ধ হোৱা। পিছে ৰোগ প্ৰতিৰোধৰ ক্ষমতা ইহতৰ নাই- বৰং লক্ষণবোৰহে নোহোৱা কৰিব পাৰে। আনহাতে যি তি প্ৰতিৰোধমূলক ঔষধ গ্ৰহণ কৰিলে শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা কমিহে যায় লাহে লাহে, কাৰণ ছৰ্দিৰ ভাইৰাছৰ প্ৰতিৰোধমূলক ঔষধ আজিলৈকে আৱিষ্কাৰ হোৱা নাই। ছৰ্দিৰ সময়ত আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা এই কাৰ্য্যত লাগি থাকে-সেই সময়ত প্ৰতিৰোধমূলক ঔষধ গ্ৰহণ কৰিলে শৰীৰে সেইবোৰৰ বিৰুদ্ধেও যুঁজিব লগা হয়। ফলত শৰীৰ দুৰ্বল হৈ পৰে। এনেবোৰ কাৰণতো ছৰ্দি ভাল হোৱাৰ ক্ষেত্ৰতো পলম হয়। শৰীৰ দুৰ্বল হোৱাৰ ফলত আন ৰোগ হোৱাৰো সম্ভাৱনা থাকে। পিছে যদিহে ছৰ্দি লাগিলে ঔষধ গ্ৰহণ কৰে তেতিয়া বৰং ইয়াৰ ওলোটা ফলহে পোৱা যায়। ছৰ্দি হৈ থাকিলে আন ৰোগ নহয় বুলি বহুলোকে কোৱা শুনা যায়। এই কথা কিছু পৰিমাণে সত্য। কাৰণ যেতিয়া ছৰ্দি লাগে তেতিয়া এই ৰোগ প্ৰতিৰোধৰ বাবে আমাৰ দেহৰ প্ৰতিৰোধ শক্তিয়ে গা কৰি উঠে। শক্তিশালী ছৰ্দিৰ ভাইৰাছৰ বিৰুদ্ধে যুজি আমাৰ দেহৰ প্ৰতিৰোধ শক্তিও গা কৰি উঠে। সেই শক্তি ঔষধ গ্ৰহণ কৰি ধ্বংস কৰিব নালাগে। মাথো অলপ জিৰণিত থাকি নিজৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হবলৈ দিয়াই উচিত।
দ্বিতীয়তে- ধূমপান নকৰিব। এই ধোৱাৰ লগত যোৱা নিকটিন, টাৰ, কাৰ্বন মনোক্সাইড, বেনজ’পাইৰিন আদিবোৰৰ ভালেমান নাকৰ শেঙুনত লাগি থাকে। কফত লাগি থাকে। ফলত সাধাৰণতে ধূমপান কৰিলে হাওঁফাওঁ আৰু কলিজাৰ হোৱা ক্ষতি হ্ৰাস পালেও নাক আৰু শ্বাসনলিত থকা শেঙুন আৰু কফত এইবোৰ লাগি থাকি শ্বাসনলী, নাক, খাদ্যনলীত ঘাৰ সৃষ্টি কৰিব পাৰে। আনকি কেন্সাৰ কৰাৰ সম্ভাৱনাও নথকা নহয়। যদিহে লৰালৰিকৈ সেই ধূমে চুই যোৱা শেঙুন আৰু কফবোৰ উলিয়াই পেলোৱা নহয়।
আনহাতে খোৱাৰ ক্ষেত্ৰত কিমান যে অন্ধবিশ্বাস আছে লাজেই লাগে। কল, কণী, গাখীৰ, মিঠাই, ফল-মূল… উস্ কত কি বস্তুবোৰ যে নোখোৱাৰ নিয়ম নাই। কিন্তু চব অন্ধবিশ্বাস। ছৰ্দি হ’লে প্ৰকৃততে গতানুগতিক গ্ৰহণ কৰা খাদ্যসমূহৰ উপৰিও বেছি পৰিমাণৰ পানী বা জুলীয়া পদাৰ্থ গ্ৰহণ কৰিব লাগে। বহুতৰে ভুল ধাৰণা আছে যে, যিহেতু পানী ওলাইছে নাকেৰে গতিকে জুলীয়া বস্তু বেছিকৈ খোৱাটো বেয়া। আচলতে নাকেৰে পানী ওলোৱাৰ বাবেই বেছি পানী খাব লাগে। নহলে শৰীৰত পানীৰ অভাৱে দেখা দিব পাৰে। আৰু শৰীৰ দুৰ্বল হয়। আনহাতে, ছৰ্দিৰ ফলত মুখ, জিভা লেতেৰা হোৱাৰ বাবে স্বাদ আমি নাপাওঁ, নাক বন্ধ হৈ থকাৰ বাবে গোন্ধ নাপাওঁ, গতিকে খাদ্যৰ প্ৰতি অনিহাৰ সৃষ্টি হোৱাতো স্বাভাৱিক। সেই অনিহাই শেষত গৈ ছৰ্দি হ’লে এসাজ লঘোণ দিব লাগে ধৰণৰ ধাৰণাও কিছু সংখ্যক মানুহৰ মাজত আছে। কিন্তু এনে কাৰ্য্যই শৰীৰ দুৰ্বল কৰি ৰোগ নিৰাময়ত পলমহে কৰে। আনহাতে, ঔষধৰ উপৰিও ভাতৰ সলনি ৰুটি, মৌজোল, তুলসীপাত, জালুক, আদা, তালমিচিৰি, অত্যাধিক জলাৰে ৰন্ধা মাংস আদিবোৰক ছৰ্দি ভাল কৰা খাদ্য হিচাপে গ্ৰহণ কৰা হয়। এয়াও ভুল ধাৰণা। অৱশ্যে শুকান ৰুটি বা ভুজিয়া আদি খহটা খাদ্য গিলিলে কণ্ঠনলীত যি চেৰচেৰনি ভাৱ থাকে সেয়া সাময়িকভাৱে মাৰ যোৱাৰ ফলত অলপ ভাল লাগিব পাৰে। আকৌ জলা আৰু মিঠা বস্তু খালে বেছি পৰিমাণে লালটি ওলাই বাবে কণ্ঠৰ সেই চেৰচেৰনি ভাৱ মাৰ নিয়ায়। গৰম পানীৰে গাৰ্গল কৰিলেও অলপ ভাল লাগে। পিছে ৰোগ ৫-৬ দিন থাকিবই। গতিকে সেইবোৰ আপুনি যিয়েই নকৰক কেইটামান নিৰ্দিষ্ট কাম কৰাতো একান্তই বাঞ্ছনীয়।
১) ছৰ্দি লাগিলে নাকত ৰুমাল লবলৈ নাপাহৰিব। ধূলি-বালি, বীজাণু নাকত নুসুমায় আৰু আপুনি হাঁচি মাৰিলে যাতে আপোনাৰ নাকৰ শেঙুন আনৰ গাত নপৰে। শেঙুন নাকত থাকিলে উলিয়াই পেলাব।
২) ঔষধ নাখাব আৰু আগতে উল্লেখ কৰা মতে কামবোৰ কৰিব।
৩) দৈনন্দিন প্ৰয়োজনীয় সুষম আহাৰ গ্ৰহণ কৰিব আৰু পানী বা জুলীয়া বস্তু বেছিকৈ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। মনত ৰাখিব খাদ্যৰ ছৰ্দি বেছি কৰা বা নিৰাময়ত কোনো ভূমিকা নাই।
৪) সদায় পৰিষ্কাৰকৈ গা ধোৱাতো একান্তই বাঞ্ছনীয়। গা নুধুলে ছৰ্দিতো নকমেই বৰং জ্বৰ উঠা আৰু চৰ্ম ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
ছৰ্দি-পানী লাগিলে সুন্দৰ ভাৱে খাই বৈ, পৰিষ্কাৰকৈ থাকি, অলপ বেছিকৈ বিশ্ৰাম ৪-৫ দিন অতিবাহিত কৰক। আপুনি সম্পূৰ্ণ সুস্থ আৰু আগতকৈ অধিক ৰোগ প্ৰতিৰোধৰ ক্ষমতা আয়ত্ব কৰিব। মিছাতে অশান্তি বুলি ভাবি থাকি ঔষধৰ মৰীচিকাৰ পিছত দৌৰি ফুৰি ৰোগ নিৰাময়ৰ দিন দীঘলীয়া কৰাৰ উপৰিও ভৱিষ্যত জীৱনটো অশান্তিময় কৰি নুতুলিব। শেষত আকৌ কওঁ-পানী লাগিছে? মূৰৰ বিষ? আৰু নাকো বন্ধ?…….৫-৬ দিন অপেক্ষা কৰক।